জুতি লগা আখল - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জুতি লগা আখল

জুতি লগা আখল

Share This
আলু আৰু বিলাহীৰ সৈতে গাহৰি মাংস
*অৰূপজ্যোতি সন্দিকৈ

উপকৰণ
গাহৰি মাংস- ৫০০ গ্ৰাম, 
আলু- ৩টা (এটা আলু চাৰিফালকৈ কাটি ল’ব) 
বিলাহী- ৪টা (মিহিকৈ কটা)
মিঠাতেল- ৫০ গ্ৰাম,( নিজৰ স্বাদ অনুসৰি তেল ব্যৱহাৰ কৰিব পাৰিব) পিয়াজ- ২-৩টা (মিহিকৈ কটা), 
কেঁচা জলকীয়া- স্বাদ অনুসৰি (মিহিকৈ কটা) আদা নহৰুৰ বটা- ৩ চামুচ (নিজে ঘৰত বটা হ’লে ভাল )
গৰম মচলা- আধা চামুচ গুৰি জলকীয়া, নিমখ, হালধি স্বাদ অনুসৰি ল’ব ।

ৰন্ধন প্ৰণালী— ১) গাহৰি মাংসখিনি প্ৰথমে প্ৰেজাৰ কুকাৰত অলপ নিমখ দি ৩টা হুচেইল দি বইল কৰি ল’ব । আৰু কাটি থোৱা আলু খিনিও আধা বইল কৰি ল’ব । ২) এতিয়া কেৰাহিত মিঠাতেল গৰম কৰি লৈ তাত কাটি থোৱা পিয়াজ, আদা-নহৰুৰ বটা, মিহিকৈ কাটি লোৱা জলকীয়া, হালধি(স্বাদ অনুসৰি)দি ক্ষন্তেক সময় ভাজি লওক । ভজাখিনি অলপ ৰঙচুৱা হোৱাৰ পাছত মাংসখিনি দি দিয়ক । এতিয়া কেৰাহিত স্বাদ অনুসৰি নিমখ আৰু গুৰি জলকীয়া দি গোটেইখিনি ভালদৰে লৰাই কেৰাহিৰ ঢাকোন দি কিছু সময় ভাজক। ৩) এতিয়া মাজে মাজে কেৰাহিৰ ঢাকোন ওদিয়াই মাংসখিনি লৰাই থাকিব । মাংসখিনি যদি কেৰাহিৰ তলিত লগা যেন অনুমান হয় তেতিয়া কাটি থোৱা বিলাহী খিনি আৰু আধা বইল কৰা আলুখিনি দি দিয়ক । এতিয়া আপুনি যোগাৰ কৰি থোৱা গৰম মচলা খিনিও দি মাংসখিনি ভালদৰেই লৰাই আকৌ কেৰাহিৰ ঢাকোন মাৰি ১৫-২০ মিনিট মান সিজাওক । ৪) মাজে মাজে ঢাকোন ওদিয়াই চাই থাকিব, মাংসখিনি কেৰাহিত লগা যেন অনুমান হ’লে ওপৰত অলপ পানি ছটিয়াই দিব । ৫) ১৫-২০ মিনিট সিজোৱাৰ পিছত নিমখ, জলকীয়া হৈছে নে নাই এবাৰ পৰীক্ষা কৰক । ৬) যদি সকলো ঠিকে আছে তেন্তে এতিয়া আপোনাৰ মাংসখিনি খাবৰ বাবে সাঁজু হৈ গ’ল, গতিকে ইয়াক গৰমে গৰমে ভাত বা ৰুতিৰ লগত পৰিবেশন কৰক ।(ৰুটিৰ লগত এইবিধ ৰেচিপি খাই বেছি ভাল পাব) • অ কথা এটা মনত ৰাখিব মাংসখিনি ৰান্ধি থাকোতে আপোনাৰ ধুনীয়া হাঁহিটো মাৰিবলৈ নাপাহৰিব, তেতিয়াহে আচল সোৱাদটো পাব ।

No comments:

Post a Comment