পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. প্ৰাইভেট পাব্লিক পাৰ্টনাৰশ্বিপ মডেলত অসমত গঠন হ’ব অসামৰিক যোগান নিগমঃ শ্বিলঙৰ আই আই এমে যুগুতোৱা আঁচনিক বাস্তৱ ৰূপদান কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে নিৰ্দেশ৷ 


২. সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ ১৫০তম জন্মজয়ন্তী উদযাপন উপলক্ষে ভাষা সাহিত্য সন্মিলনী, অসমৰ আয়োজন কৰে এক বক্তৃতানুষ্ঠানৰ৷ বিশিষ্ট চিত্ৰশিল্পী, কৰ্ণেল(অ) জীতেন হাজৰিকাদেৱে সাহিত্যৰথী বেজবৰুৱাৰ তুলিকাত ভাস্বৰ হৈ উঠা শিল্প-ভাস্কৰ্যৰ বিষয়ে আৰু সাহিত্যিক, সমালোচক, অনুবাদক ড°অমৃতজ্যোতি মহন্তদেৱে বেজবৰুৱাৰ জীৱন আৰু কৃৰ্তিৰ বিষয়ে সাৰুৱা বক্তৃতা প্ৰদান কৰে।

৩. অহা ডিচেম্বৰ মাহত অসমৰ প্ৰতিখন জিলাতে বীমা মেলাৰ জৰিয়তে আৰম্ভ হ’ব আম আদমী বীমা আঁচনিঃ সমাজ কল্যানৰ বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰিলে মুখ্যমন্ত্ৰীয়ে, অংগনবাডী কেন্দ্ৰৰ সংখ্যা বৃদ্ধিৰ নিৰ্দেশ, জীৱনজ্যোতি আঁচনিলৈ অতিৰিক্ত পুঁজি মোকোলাই দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণৰ দিলে নিৰ্দেশ৷

৪. দেশৰ ৬৫% স্তন্যপায়ী জীৱ প্ৰজাতিৰে জৈৱ-বৈচিত্ৰ্যৰ অনুপম ভূমি উত্তৰ পূৰ্বাঞ্চলঃ এই সকলো তথ্য সামৰি উন্মোচিত হ’ল গ্ৰন্থ "দ্য মেমেলছ অৱ ইণ্ডিয়া"৷

৫. অ’এনজিচিয়ে এনাড্ৰাকো পেট্ৰ’লিয়াম কৰ্পৰেচনৰ পৰা ক্ৰয় কৰিব দহ শতাংশ অংশীদ্বাৰিত্বঃ সেই উদেশ্যে মোজাম্বিকৰ সাগৰীয় গেচ ফিল্ডত বিনিয়োগ কৰিব ২.৬৪বিলিয়ন ডলাৰ৷

৬. অৰাজনৈতিক পন্থাৰে ভোটাৰক সচেতন কৰাৰ বাবে দেশজুৰি অভিযান চলাব আন্না হাজাৰে আৰু ভি কে সিঙেঃ বিহাৰৰ পৰা আৰম্ভ কৰিব এই অভিযান৷

৭. মেক্সিকোৰ এখন তালিয়া নামৰ গাঁৱৰ ৰাইজে দেখুৱালে আদৰ্শঃ বেপাৰী কোম্পানীক প্ৰত্যাহ্বান  জনাই নিজৰ গাঁৱত স্থাপন কৰিলে নিজা মোবাইল নেটৱৰ্ক, এটা স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত৷

৮. এক দশকৰ পাছত তেজপুৰত আজিৰ পৰা আৰম্ভ হৈছে সোহন লাল ডুগৰ শ্বিল্ড ফুটবলঃ ১৯৫৬চনতে আৰম্ভ হোৱা এই প্ৰতিযোগিতাখন ২০০৩চনৰ পৰা হৈ আছিল বন্ধ, উখলমাখল হৈ উঠিছে পল’ ফিল্ড ফুটবলপ্ৰেমীৰ এক নতুন উদ্যামেৰে৷

৯. বলাৎকাৰ এক সামাজিক অপৰাধঃ অভিযুক্তৰ প্ৰতি সহমৰ্মিতা নেদেখুৱাই কঠোৰ শাস্তি বিধান কৰিবলৈ আদালত সমূহলৈ নিৰ্দেশ জাৰি কৰিলে উচ্চতম ন্যায়ালয়ে৷

১০. যোৰহাটত অনুষ্ঠিত হব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিপুল মহন্ত সোঁৱৰণী সদৌ অসম একাংকিকা নাট প্ৰতিযোগিতা, অহা ২০-২২ছেপ্তেম্বৰতঃ গঠিত হ’ল শক্তিশালী অভ্যৰ্থনা সমিতি৷

১১. ডিব্ৰুগড়ৰ লেপেটকটাত নিৰ্মাণৰত গেছ ক্ৰেকাৰ প্ৰকল্পত এশ শতাংশ থলুৱা নিযুক্তিৰ দাবীত ৰাষ্ট্ৰীয় পথ অ/ৰোধ কাৰ্যসূচীঃ গেচ ক্ৰেকাৰৰ অচলাৱস্থা দূৰ কৰা, স্থানীয় আৰ্থ সামাজিক উন্নতিৰ বাবেও দাবী তুলি প্ৰদান কৰিলে স্মাৰক পত্ৰ৷

১২. আম আদমী পাৰ্টিয়ে দিলে কিৰণ বেদীলৈ দিল্লীৰ মুখ্যমন্ত্ৰীত্বৰ পদৰ প্ৰাৰ্থী হিচাবে থিয় কৰোৱাৰ প্ৰস্তাৱঃ অনাগত দিনত বেদীৰ ৰাজনৈতিক ক্ষেত্ৰলৈ পদাপৰ্ণৰ সম্ভাৱনীয়তা ক্ৰমাত হৈ পৰিছে উজ্জ্বল৷

১৩. শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে চতিয়াৰ হেজাৰীমলত পৰম্পৰাগত বোকা খেল, জন্ম যাত্ৰা আৰু নন্দোৎসৱ আয়োজনঃ ভক্তপ্ৰাণ ৰাইজে অতি উলহমালহেৰে উৎসৱটো পালন কৰিছে আজি৷

১৪. অসম মেঘালয় সীমান্তৰ পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ অধীনত মাটাইখাৰৰ সমীপৰ ১৬খন গাঁৱক সামৰি লব পৰাকৈ স্থাপিত হব প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰঃ ছেপ্তেম্বৰৰ পৰা ১০২ সেৱাৰে আৰম্ভ হব গুৱাহাটী চিকিৎসামহাবিদ্যালয়লৈ ৰেফাৰ কৰা ৰোগী নিয়া ব্যৱস্থাও, স্থানীয় ৰাইজে আদৰণি জনালে স্বাস্থ্য বিভাগৰ ভূমিকাক৷

১৫. শ্ৰীলংকাৰ তামিলৰ সমস্যাক লৈ নিৰ্মিত জন আব্ৰাহমৰ চিনেমা "মাদ্ৰাছ কাফে" ক্ৰমান্বয়ে গতি কৰিছে ব্যৱসায়ীক সফলতাৰ দিশেঃ চাৰি দিনত ২৪কোটি টকাৰ টিকেট বিক্ৰীৰ তথ্য প্ৰকাশ কৰিলে প্ৰযোজকে৷

১৬. মিজোৰাম সীমান্তৰ কাছাৰ জিলাৰ ইছলামাবাদ গাঁৱত চিআৰপিএফৰ বৃহৎ সাফল্যঃ উদ্ধাৰ কৰিলে এক কুইণ্টল ৫কেজি নিচাযুক্ত টেবলেট৷

১৭. ভাদমাহৰ পবিত্ৰ একাদশীত পালিত হোৱা চাহ জনগোষ্ঠীৰ আদিবাসীসকলৰ "ঝুমইৰ উৎসৱ"ৰ আয়োজন চলিছে মৰাণ চাহ বাগিচাতঃ লগতে আয়োজিত হৈছে কুইজ আৰু আকস্মিক বক্তৃতাৰ প্ৰতিযোগিতাও৷

১৮. গুৱাহাটীত পুলিচৰ বৃহৎ সাফল্যঃ এক দিনাই ধৰিলে প্ৰায় তিনি কুৰি চোৰ-ডকাইত৷

চিন্তনীয় বাতৰিঃ
১. দেশত টকাৰ মূল্যই চুলে সৰ্বনিম্ন স্তৰঃ এক ডলাৰ বিপৰীতে ই হ্ৰাস পালে ৬৭.৪৫ টকালৈ৷ দেশত অৰ্থনৈতিক সংকটৰ জোৰা মাৰিবলৈ ৫০০টন সোণ বন্ধকত ৰখাৰ ইংগিত দিলে বাণিজ্য তথা উদ্যোগ মন্ত্ৰী আনন্দ শৰ্মাই৷

২. অক্টোবৰৰ পৰা বৃদ্ধি হব ৰে’লৰ মালভাৰাঃ লিটাৰত পাঁচ টকাকৈ বাঢ়িব ডিজেলৰ দামো৷

৩. খেলুৱৈৰ কাণ্ডই জোকাৰিছে ক্ৰীড়া প্ৰেমীকঃ খেলত অষ্ট্ৰেলিয়াৰ লগত হাৰি ৰাতি অভেলৰ ক্ৰিকেট পিটছত মূত্ৰ বিসৰ্জন কৰা ইংলেণ্ডৰ খেলুৱৈৰ কৰ্মকাণ্ডই চকু থিয় কৰাৰ সময়তে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামক কলংকিত কৰি দুই ফুটবল দলৰ খেলুৱৈৰ মাজত হতাহতিৰ ঘটনা৷

৪. লোকসভাত জনালে গৃহ মন্ত্ৰীয়ে- দেশত সক্ৰিয় ৬৫টা সন্ত্ৰাসবাদী সংগঠনঃ ৩৪টাৰে শীৰ্ষত মণিপুৰ, অসমত সক্ৰিয় এঘাৰটাকৈ উগ্ৰপন্থী গোট৷

৫. ৰাজ্য সভাই পাচ কৰিলে ৰিপ্ৰেজেণ্টেচন অৱ পিপলছ আইনৰ সংশোধনীঃ জেলৰ পৰাও নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা ব্যৱস্থাক বাহাল ৰখাৰ বাবে কৰিলে মত পোষণ৷

৬. কেন্দ্ৰীয় চৰকাৰে বৰ্তমানে কোনো নতুন ৰাজ্য গঠনৰ প্ৰস্তাৱ বিবেচনাত ৰখা নাই বুলি গৃহ বিভাগে লোকসভাত কৰি দিলে স্থিতি স্পষ্টঃ অসমৰ তিনিখন পৃথক ৰাজ্যৰ দাবী কৰা সংগঠনে প্ৰকাশ কৰিলে প্ৰতিবাদী প্ৰতিক্ৰিয়া৷

৭. উৰিষ্যাত পুনৰ মাওবাদীৰ ভয়াবহ আক্ৰমণৰ ঘটনাঃ চাৰিজনকৈ বিএছএফ জোৱান নিহত হোৱাৰ দুখৰ খবৰ৷

৮. সহজ হব নাৰীয়ে বিচৰা বিবাহ বিচ্ছেদ প্ৰক্ৰিয়া, স্বামীৰ স্থাৱৰ সম্পত্তিৰো লাভ কৰিব অংশঃ এই বিষয়ক বিধেয়কত অনুমোদন দিলে ৰাজ্য সভাই৷

৯. অনিল আম্বানীৰ কোম্পানী ৰিলায়েঞ্চ কেপিটেল এইবাৰ নামিব বেংক ব্যৱসায়তঃ লাইচেন্স পালেই তিনি বছৰৰ পাছতে আইপিঅ’ৰে ৰাইজৰ পৰা ধন সংগ্ৰহ কৰিব বুলি কৰিলে তথ্য প্ৰকাশ৷

১০. ৰাজ্যত ভয়াবহ ৰূপ লৈছে ডেংগুৱেঃ জিএমচিত চিকিৎসাধীন ২২ গৰাকী৷

No comments:

Post a Comment