লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
(হাস্য ব্যংগৰে সত্যৰ সন্ধান)
১. "বাৰিষাত মাথাউৰি মেৰামতিঃ ধন-লক্ষ্মী আৰ্জনৰ বাবে হাতপুথি" প্ৰকাশ কৰিব ৰাজ্যৰ বান নিয়ন্ত্ৰণ বিভাগে৷ বিধান সভাৰ অধ্যক্ষই কৰা প্ৰৱল সমালোচনাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি বান মন্ত্ৰীয়ে ঠিকাদাৰ সন্থাৰ কল্যানৰ বাবে নিজৰ বিধায়ক পুঁজিৰ ধনেৰে এই হাতপুথি প্ৰকাশ কৰিবলৈ প্ৰতিজ্ঞা কৰাৰ খবৰ আহিছে৷ এই হাতপুথিত বাৰিষাত মাথাউৰি বনালে কিমান লাভ হয়, আৰু প্ৰচুৰ লাভ কৰিবলৈ কি কি উপায় লব লাগিব, সকলো বিশদ ভাৱে লিখি উলিয়াব বুলিও জানিবলৈ দিয়ে৷ 

মন্ত্ৰীয়ে কয় যে লোহাৰ বেপাৰ কৰি থকাতকৈ চাৰৰ ল’ৰায়ো উজনিৰ ফালে লুইতৰ পাৰতে সোণোৱালী গাঁৱতে মাথাউৰিৰ কামত হাত দিয়াই ভাল আৰু তাত উদগনিমূলক সহায় আগবঢ়াবলৈ তেওঁৰ বিভাগ সদায়েই তৎপৰ হৈ থাকিব৷ আন আন অসমীয়া যুৱককো এই লাভজনক ব্যৱসায়টো পেশাৰূপে গ্ৰহণ কৰিবলৈকো মন্ত্ৰীয়ে আহ্বান জনায়৷

২. জন প্ৰতিনিধি এ.চি নহ’লে থাকিবই নোৱাৰে, অথচ মাথাউৰিতে থাকে ৰাজ্যৰ একলাখ পৰিয়াল৷ এই তথ্য প্ৰকাশ কৰি অসমীয়া ৰাইজৰ সহনশীলতাৰ ভূয়সী প্ৰশংসা কৰিলে ভূইপেন বৰাই৷ মাথাউৰিতে বছৰ বছৰ থাকিছে অথচ এখন স্থায়ী ঘৰৰ সপোন নেদেখা এই সকল অসমীয়াৰ "লোভ-বিহীন জীৱনধাৰা"ক আদৰ্শ ৰূপে গ্ৰহণ কৰিবলৈ বৰাই বিধায়ক সকলক আহ্বান জনায়৷ বিধায়কৰ দা-দৰমহা, তেল আদি বৃদ্ধিৰ শুভক্ষণতে এনে মন্তব্য কৰা বাবে অৱশ্যে, ৰাজ্যৰ প্ৰতিভাহান যুৱ বিধায়ক সকলে বৰাক সমালোচনাও কৰিছে৷ নৈ-পাৰত কলগছৰ ভূঁইটো তেল ভৰাব নালাগে, মাথাউৰিত ফিৰ-ফিৰীয়া বতাহ মাৰিয়েই থাকে, তাত আকৌ এচিৰ প্ৰয়োজন কি বুলিও তেওঁলোকে প্ৰতিপ্ৰশ্ন তুলিছে বুলি আমাক সাংবাদিকে জনাইছে৷

৩. চন্দন নামৰ এজন চৰকাৰী জনপ্ৰতিনিধিয়ে ৫৮ বিঘা মাটি মাটি মাত্ৰ ৫০হাজাৰ টকাত ক্ৰয় কৰি এক নতুন অভিলেখ স্থাপন কৰিছে ৷ তেওঁ আচলতে এবছৰৰ বাবে মাটি খিনি গৰাকীৰ পৰা ভাড়ালৈ লৈ তাত নিজে নিজে গজি উঠা ঘাঁহ বেছি পোৱা ধনেৰেই পিছৰ বছৰ গোটেই খিনি মাটি ক্ৰয় কৰি লবলৈ সক্ষম হয়৷ জনপ্ৰতিনিধিৰ এনে আদৰ্শ তথা স্বাৱলম্বনৰ আদৰ্শ গোটেই দেশ কিয় বিশ্বতে বিৰল বুলিও সংবাদ মাধ্যমত শিৰোনামা প্ৰকাশ পাইছে৷

৪. লুইতৰ খহনীয়াৰ পৰা ৰক্ষা পাবলৈ গহপুৰৰ ডিপৰাত পূজা অৰ্চনাৰ খবৰ৷ সদাশয় ৰাইজে গোটেই অসম প্ৰদেশতে ভেকুলী বিয়া পতা কাৰ্যক নিষিদ্ধ ঘোষণা কৰিবৰ বাবে দাবী তোলে, আৰু দেশৰ ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ দাবী কৰি উপায়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰও প্ৰেৰণ কৰাৰ খবৰ আহিছে ৷ স্থানীয় ৰাইজ সকলে কয় যে বান-নিয়ন্ত্ৰণ বিভাগে একো খহনীয়া ৰোধ কৰি নিদিলে বা কৰিও দিব বুলি আশা নাই৷ সেয়ে ৰাইজক বাচবৰ বাবে ওপৰৰ হেড-অফিচতে আবেদন বা প্ৰাৰ্থনা জনোৱাৰ বাবেই এই পূজা অৰ্চনাৰ আয়োজন কৰা হৈছে ৷ সেই উপলক্ষে "বৰুণ পূজা"ৰ বাবে নৈ-পৰীয়া ৰাইজলৈ বিশেষ ছুটি বা বন্ধৰ দিন ঘোষণা কৰাৰো দাবী তুলিছে৷ এতিয়া বৰুণ দেৱতাৰ কৃপাইহে বানৰ পৰা ৰক্ষা কৰিব বুলি কোৱা বিবৃতিৰ লগতে গুৱাহাটী মহানগৰ বাসী সচেতন সন্থায়ো সহমত ব্যক্ত কৰিছে, আৰু মহানগৰী বাসীৰ বাবে এই বন্ধ মাজে মাজে দি থাকিবলৈ কাতৰ আহ্বান জনাইছে৷

৫. কইনাধৰা পাহাৰৰ ৰাজা গগৈক সাক্ষাৎ কৰিলেশিৱ থাপাই৷ এছিয়ান চেম্পিয়নশ্বিপত স্বৰ্ণজয়ী থাপাক বিশ্বজয়ৰ বাবে ৰজাই প্ৰেৰণা দিয়াৰ লগতে প্ৰতিপক্ষক বগৰাবলৈ ১০১ টা টিপচো প্ৰদান কৰে৷ দীৰ্ঘ ৰাজনৈতিক জীৱনত কি কি টেকনিক ব্যৱহাৰ কৰি কাক কাক দুৰ্বল ক্ষণত দুৰ্বল ঠাইত আঘাত কৰি বগৰাই পেৱাইছে, তাৰে কিছু কথা ৰাজা গগৈয়ে শিৱক প্ৰেৰণা দিবৰ বাবে ব্যক্ত কৰে৷ ৰাজা গগৈৰ টিপচ পাই বিশ্ব-বিজয় কৰাৰ বাটত শিৱ থাপা অতিশয় আত্ম-বিশ্বাসী হৈ পাহাৰৰ পৰা নামি অহা বুলি সূত্ৰই প্ৰকাশ কৰিছে৷

No comments:

Post a Comment