পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰ
১. অসম সাহিত্য সভাৰ প্ৰশংসনীয় পদক্ষেপঃ সাহিত্যৰথীৰ ডেৰশ বছৰীয়া জন্ম-জয়ন্তীৰ অনুষ্ঠান অনুষ্ঠিত কৰিব নতুন দিল্লীতোঃ উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনালে ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক ৷

২. ডাইনী সন্দেহত হত্যা তথা কু-সংস্কাৰৰ বিৰুদ্ধে জোৰদাৰ হব অভিযানঃ আশ্ৰয় গৃহ আৰু কুটীৰ শিল্পৰ কেন্দ্ৰ গঢ়িবলৈ "মিছন বীৰুৱালা"লৈ দুধনৈত জিলা প্ৰশাসন আগবঢ়ালে পাঁচ বিঘা মাটি৷

৩. প্ৰৱাসী ভাৰতীয়ই আমেৰিকাত উদযাপন কৰিব ভাৰতৰ স্বাধীনতা দিৱসঃ আন্না হাজাৰেক গান্ধীবাদৰ প্ৰচাৰ তথা বাখ্যাৰ বাবে জনালে আমন্ত্ৰণ, অংশ গ্ৰহণ কৰিব বাৰ্ষিক ভাৰতীয় পেৰেডটো ৷

৪. গঠিত হ’ল অসম সাহিত্য সভাৰ আগন্তুক কলিয়াবৰ অধিৱেশনৰ আদৰণী সমিতি ৷

৫. সমাজ কল্যাণ বিভাগে গ্ৰহণ কৰিব পদক্ষেপঃগঠন হব মহিলা সভা, সাপ্তাহিক বৈঠকত প্ৰশিক্ষণ দি উপাৰ্জনমুখী কৰ্মত নিয়োজিত কৰিব গাঁৱৰ মহিলা সকলক ৷

৬. ভাষা আন্দোলনৰ শ্বহীদ সূৰ্য বৰাৰ সোঁৱৰণত বিশ্বনাথ চাৰিআলিত আয়োজিত হৈছে সদৌ অসম ভিত্তিত একাংকিকা নাট প্ৰতিযোগিতাৰঃ ৮-১০ নৱেম্বেৰলৈ হব লগা প্ৰতিযোগিতাৰ পাণ্ডুলিপি জমা কৰাৰ শেষ দিন অহা ৩১আগষ্ট ৷

৭. পঞ্চাশজন কৃষকক তাই আহোম উন্নয়ন পৰিষদৰ পুঁজিৰে পাৱাৰ টিলাৰ বিতৰণ কৰি কৃষি মন্ত্ৰীয়ে কৰিলে ঘোষণাঃ অসমৰ কৃষি উৎপাদন বৃদ্ধি পাইছে ৬.৬১ শতাংশ ৷

৮. ৰাজপত্ৰত "বঙাইগাঁও" নামৰ উৎপত্তিৰ বিকৃতকৰণ সন্দৰ্ভত সমাধান সূত্ৰ তথা সত্যতাৰ সন্ধানত বঙাইগাঁৱ জিলা ছাত্ৰ সন্থাই আয়োজন কৰে আলোচনাচক্ৰৰ ৷

৯. জাঁজীত কৃষক ন্যাসৰ বঁটা প্ৰদান অনুষ্ঠানঃ জামুগুৰি নাট্য সমাজলৈ পাঁচ লাখ টকাৰ অনুদান ঘোষণা কৰিলে বিধায়ক অঞ্জন দত্তই৷

১০. চীনে দেখুৱাইছে মৈত্ৰী আৰু ব্যৱসায়িক সম্ভাৱনাওঃ অন্ধ্ৰ প্ৰদেশত চীনে বিনিয়োগ কৰিব ১৬০বিলিয়ন ডলাৰ ৷

১১. এইবাৰ আহি আছে শিক্ষা খণ্ডত পাব্লিক-প্ৰাইভেট পাৰ্টনাৰশ্বিপ মডেলৰ বিদ্যালয়ঃ চৰকাৰৰ সৈতে হাত মিলাই বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে বিভিন্ন বাণিজ্যিক সংস্থা ৷

১২. ৰাজ্যৰ মুছলিম সমাজক একত্ৰিত কৰাৰ উদ্দেশ্যে আত্মপ্ৰকাশ কৰিলে অসম মুছলিম যুৱ ছাত্ৰ পৰিষদে ৷

চিন্তনীয় খবৰঃ
১. মাত্ৰ চাৰি হাজাৰ টকাৰ বাবে মৰিয়াই মৰিয়াই এজনক হত্যাঃ বেলতলা জয়ানগৰৰ ঘটনা ৷

২. চিকিৎসকৰ বাংলোৰ চাৰিবেৰত আছিল বিদ্যুতঃ বিদ্যুতপৃষ্ঠ হৈ মৃত্যু হোৱা কিশোৰৰ মৃতদেহ পৰিয়ালে লোৱা নাই চজমি, আমগুৰি টিফুক চাহি বাগিচাত বিৰাজ কৰিছে চেপা-উত্তেজনাই৷

৩. লখিমপুৰত সকামৰ জলপান খাই আক্ৰান্ত হ’ল ১৬জনঃ পকা কঠাল, ভজা পিঠাগুৰিআৰু মহৰ গাখীৰ গ্ৰহণ কৰিছিল প্ৰসাদৰূপে ৷

৪. কেগৰ প্ৰতিবেদনে উদঙালে তথ্যঃ ডিফুৰ যুটীয়া স্বাস্থ্য সঞ্চালকে কৰিলে ১.৯৯কোটিৰ কৰ্তৃত্বহীন ব্যয়৷

৫. লাডাখত পুনৰ সীমাৰ ভিতৰলৈ সোমাই আহিল চীনা বাহিনীঃ আক্ৰমণৰ হুংকাৰ পায় ভাৰতেও কৰিছে সমৰ প্ৰস্তুতি ৷

৬. বিসম্বাদ ৰোধ তথা মন্ত্ৰী সভাৰ সাল-সলনিৰ দাবীৰে নতুন দিল্লীলৈ যাব ৩৫জনকৈ জ্যেষ্ঠ বিধায়কঃ আঠজন বিধায়কৰ প্রথমটো দলে লগ কৰিব হাইকামাণ্ডক৷

৭. চিৰাঙত পুনৰ ব্যৱসায়ীক অপহৰণঃ ধনদাবী-অপহৰণৰ বিৰুদ্ধে আজি বাঙালী ফেডেৰাশ্যনৰ প্ৰতিবাদ চিৰাং-কোকৰাঝাৰ-বঙাইগাঁৱত ৷

৮. পশ্চিমবংগত পঞ্চয়ত নিৰ্বাচনক লৈ উত্তপ্ত পৰিস্থিতিঃ ১০০ঘৰ ধ্বংসস্তুপত পৰিণত, নিহত ১৩জন৷

৯. গোৱালপাৰাস্থ শিশুগৃহত শিশুক অত্যাচাৰৰ বাতৰিঃ শিশুৰ পলায়নৰ ঘটনাৰ পাছত বৰ্খাস্ত হ’ল দুই কৰ্মচাৰী ৷

১০. নগাঁৱত ১৭৪ টা বেগত লুকুৱাই ৰখা বুজন পৰিমানৰ চিলিকন উদ্ধাৰঃ ৯লাখ টকাৰ চিলিকন সহ চোৰাং ব্যৱসায়ীও গ্ৰেপ্তাৰ ৷

No comments:

Post a Comment