ৰসাল হিতোপদেশ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰসাল হিতোপদেশ

ৰসাল হিতোপদেশ

Share This
জীৱন বিষয়ক ৰসাল হিতোপদেশঃ
১. সদায় নিৰাশাবাদী লোকৰ পৰাও টকা ধাৰলৈ লওক, কাৰণ তেওঁ আপুনি ধন উভতাই দিয়াটোও আশা নকৰে !


২. ষাঠি বছৰত শাল-মইনা ওলাল বুলিয়ে আপুনি অৱসৰ নোলোৱাকৈ থাকিব নোৱাৰে ৷ (ৰাজনীতিত থকা সকলৰ বাবে এই নীতি প্ৰযোজ্য নহয় ৷)

৩. অভিজ্ঞতা বুলি তাকেই কয়, যেতিয়া ধুনীয়া নাৰী এগৰাকীয়ে আপোনাৰ দুৰ্বলতাৰ সুযোগ লয়, আৰু আপুনি একোৱেই বাধা দিব নোৱাৰে ৷ 



৪. সদায়েই সঁচা কথা কবলৈ ধৰিলে মানুহে আপোনাক অচিৰেই মিছলীয়া বুলি প্ৰমাণ কৰিবলৈ দেহেকেহে চেষ্টা কৰিবই ৷

৫. যি আপোনাৰ কথা সপোনতো ভবা নাই, তেওঁৰ কথা ভাবি, টোপনি খতি কৰাতকৈ ফস্তি মাৰি শুৱক, ৰাতিপুৱাতো অন্ততঃ ভাল হব ৷

৬. ভগৱানে হয়তো আমাক উৰি ফুৰাটো বিচৰা নাছিল, নহ’লে আমাক প্লেনৰ টিকট নিশ্চয়কৈ দিলে হেতেন!

৭. কাৰ্টুনেই এটা বস্তু যিয়ে এটা শিশুক ৰখাব নোৱাৰা গতিকো ৰুদ্ধ কৰি, লচৰচ কৰাব নোৱাৰা বস্তুলৈ ৰূপান্তৰিত কৰে ৷

৮. পাকঘৰৰ জঞ্জালৰ পৰা সাত সাৰিব বিচাৰিছে যদি দৈনিক হোটেলতেই খোৱা কৰক ৷

৯. এজন মানুহে কি জানে সেয়া তেতিয়ালৈকে নাজানে, যেতিয়ালৈকে তেওঁ অনুভৱ নকৰে যে আছলতে তেওঁ কি কি নাজানে ৷

১০. বুঢ়া মানুহে ভাল খাদ্য খোৱাৰ প্ৰয়োজন নাই, তেওঁলোকক সেইবোৰ দিয়ক যিবোৰে তেওঁলোকক সংৰক্ষণ কৰি ৰাখিব ৷

১১. ৰাজনীতিত নামিছে যদি নিলাজ হওক, এইটো প্ৰফেশনৰ বাবে ই এটা প্ৰধান অৰ্হতাঃ মিচা কথা ফৰফৰাই কব পৰাৰ অৰ্হতা থাকিলে উন্নতিৰ জখলাও চুটি হৈ পৰিব সেয়া নিৰ্ঘাত৷

No comments:

Post a Comment