লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
(হাস্য ব্যংগৰে সত্যৰ সন্ধান)
১. আকাংশলঘী দাম হোৱাৰ ফলত বিৰোধীয়ে যোগান মন্ত্ৰীক কৰিলে থকা-সৰকা৷ যোগান বিভাগে সাধাৰণ জনতাৰ বাবে বজাৰত অচিৰেই জখলাৰ ব্যৱস্থা কৰাৰ বিষয়ে মন্ত্ৰীয়ে দিলে আশ্বাস৷ সেই জখলা বগাই, আকাশলংঘী দামৰ বস্তুও ৰাইজে সহজেই ক্ৰয় কৰিব পাৰিব বুলি নজৰুল চাহাবৰ খানচামাই জনাইছে৷

২. মধ্যাহ্ন ভোজন খাই ২৩টাকৈ শিশু নিধন হোৱাৰ পাছত এইবাৰ মিড-ডে মিল খাবলৈ অস্বীকাৰ কৰিলে শিশুসকলে৷ বিহাৰত মধ্যাহ্ন ভোজন প্ৰথমে প্ৰধান শিক্ষকে খায়  টেষ্ট কৰিব লাগিব বুলি নিতীশ কুমাৰ নিৰ্দেশৰ পাছত, ভয়ত পদৰ পৰা অব্যাহতি বিচাৰিলে ২৫হাজাৰ প্ৰধান শিক্ষকে৷ তাৰ সলনি সহকাৰী শিক্ষকৰ পদলৈ অৱনমিত কৰি জীৱন-সংসাৰ বচোৱাৰ নিশ্চিতি দিবলৈ তৰিলে মানৱ অধিকাৰ আয়োগত গোচৰ ৷

৩.বিধান সভাত ইমান বেছি প্ৰশ্ন কৰি অভিলেখ স্থাপন কৰিলে আমগুৰি দত্তই৷ দত্তক অহাবাৰ ছেবাৰ প্ৰশ্নকাকত প্ৰস্তুত কমিটিৰ দ্বায়িত্ব দি অলপ ব্যস্ত কৰি ৰাখি সকাহ পাবলৈ শিক্ষা মন্ত্ৰীয়ে সপোন দেখাৰ খবৰ৷

৪. নিবিদা অবিহনে ঘনিষ্ট ঠিকাদাৰক ৩৯কোটিৰ কাম বিতৰণ কৰি কনমানি বৰাই৷ সেই উপলক্ষে ঘনিষ্ট টিকাদাৰ সন্থাই ব্ৰহ্মপুত্ৰ অশোকত পাৰ্টি দিয়াৰ খবৰ৷ ঘনিষ্ট সকলৰ কাম নকৰাকৈ দেশৰ দহৰ কাম কৰিবলৈ যোৱাতো মুৰ্খামী আৰু এনে মুৰ্খামি বৰা চাৰে কদাপি নকৰে বুলি ঠিকাদাৰ গগৈয়ে কৰিলে মন্তব্য ৷

৫. ৰাষ্ট্ৰসংঘত ভাষণ শুনি মালালালৈ চিঠি পঠালে তালিবানিয়ে৷ তালিবানিৰ দুখ লাগি চকুলো বৈ বৈ আফানিস্তানত বানপানী অহাৰ খবৰ৷ চকুৰ পানীৰ বানত বহুতো বোমা-বাৰুদ পাকিস্তানৰ ফালে উটি যোৱাৰ চিন্তাজনক খবৰ ৷

৬."বজাৰত দস্যু মানৱ", চৰাদামক লৈ সৰ্বানন্দৰ একাঙ্কিকা নাট৷ এইবাৰ মঞ্চত অতিথি শিল্পী ৰূপে অভিনয় কৰিব ৰসাল গগৈ আৰু নজৰুল চাহাবে৷ ভ্ৰাম্যমানেও এই নাট প্ৰযোজনা কৰিবলৈ হেতা-উপৰা লগোৱা বুলি সূত্ৰত প্ৰকাশ৷

৭. ৰাষ্ট্ৰৰ তালিকাত নাই ৮৫৫ ছহিদৰ নাম৷ আৰ টি আইৰ তথ্যক লৈ বেয়া নাপাবলৈ কেন্দ্ৰীয় তথ্য আয়োগে আহ্বান জনালে অসমবাসীক৷ ৰাষ্ট্ৰ সন্ত্ৰাসত লাখে লাখে মানুহ মৰিয়েই আছে, সেয়ে মাত্ৰ ৮৫৫ জন মানুহৰ হিচাব ৰাখি "চিকা মাৰি হাত গোন্ধোৱা" কাম চৰকাৰে নকৰে বুলি বিজ্ঞপ্তিত প্ৰকাশ৷

৮. মাছৰ ছিণ্ডিকেট ৰোধিবলৈ বিধায়ক সকল ঐক্যমতত উপনীত৷ প্ৰতিটো বিধান সভা সমষ্টিলৈ অন্ধ্ৰ প্ৰদেশৰ মাছ আমদিনা কৰিব প্ৰতিজন বিধায়কে৷ লোকেল বাসভৱন সমুখত লগাব মাছ কটা চাঙী৷ আকাশ কুসুম আনি দিব নোৱাৰিলেও সমষ্টিবাসীক অন্ততঃ কম দামত চালানী মাছ খুৱাব পাৰিব বুলি বিধায়ক সকলে প্ৰকাশ কৰিলে দৃঢ়মত!

৯. ব্ৰহ্মপুত্ৰ বৰ্ড, মাজুলী আৰু অগপক অসমৰ পাঠ্যপুথিত বুৰঞ্জী বিষয়ত অন্তভুক্ত কৰিবলৈ সচেতন নাগৰিক সন্থাই তুলিলে দাবী৷ সদায় বাতৰি কাকতৰ শিৰোনামাত দেখি থকাতকৈ বুৰঞ্জীতে স্থায়ীভাৱে স্থান দিলে সঠিক হব বুলি কৰিলে মত প্ৰকাশ৷ 

১০.  কংগ্ৰেছে জনগন্নাথ মন্দিৰত নৰেন মোদীক সত-বুদ্ধি দিবলৈ কৰিলে প্ৰাৰ্থনা৷ ইমান দিনে ৰাহুলৰ বুদ্ধিবৃত্তি বিকাশ কৰিবলৈ ভগৱানক, আল্লাক খাটনি কৰি কৰি ভাগৰি, এইবাৰ কংগেছ কৰ্মী সকলে হতাশ হৈহে নৰেনৰ হৈ প্ৰাৰ্থনা কৰা বুলি সূত্ৰই জনাইছে৷

No comments:

Post a Comment