পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. অৱশেষত বিধান সভাত উত্থাপিত হ’ল গুটখা-ধোঁৱাবিহীন ধঁপাত নিষিদ্ধকৰণ বিধেয়কঃ গৃহীত হ’লেই এনে সামগ্ৰীৰ উৎপাদন, বিজ্ঞাপন-মজুতকৰণ-তথা ব্যৱসায়ৰ বাবে ভৰিব লাগিব বৃহৎ জৰিমনা অথবা যাব লগীয়া হব পাৰে জেললৈকো ৷
এফালে বৰপেটাত উৎপাদিত লোকেল মাছ,
আনফালে মণিপুৰত প্ৰিয়ঙ্কা  চোপ্ৰাৰ লোকেল নাচ......
২. এ আই ইউ ডি এফে বিচৰা "নাগৰিকত্ব আইন সংশোধনী প্ৰস্তাৱ" নাকচ হ’ল বিধান সভাতঃ সেই দলৰ বিধায়কে প্ৰতিবাদত কৰিলে সদন ত্যাগ৷

৩. উত্তৰ পূৱৰ প্ৰকল্পবোৰৰ কাম-কাজ তৰান্বিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত মন্ত্ৰীগোটৰ অনুষ্ঠিত হব বৈঠকঃ উত্তৰ পূৱ পৰিষদৰ পৰিকল্পনা শিতানত এই বৰ্ষৰ বাবে ধাৰ্য হ’ল ৭৭০ কোটি টকা ৷

৪. এন আৰ চি প্ৰসংগত "ডি ভোটাৰক" উচ্চতম ন্যায়ালয়ে দিলে আইনী স্বীকৃতিঃ আসাম পাব্লিক ৱকৰ্চ আৰু অসম সন্মিলিত মহাসংঘৰ দুখন পৃথক ৰাজহুৱা স্বাৰ্থ জড়িত আবেনৰ ভিত্তিত ৰায়দান কৰিলে উচ্চতম ন্যায়ালয়ে৷

৫. ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত নৃগোষ্ঠীয় তথ্য ভাৰত চৰকাৰৰ মহাপঞ্জীয়কক যোগান ধৰাৰ বাবে পৰ্যাপ্তভাৱে অসম চৰকাৰ সাজু হৈ থকাৰ সন্তোষজনক বাতৰি ৷

৬. ৰাজ্যলৈ সুখবৰ কঢ়িয়াই আনিলে বৰপেটাৰ মৎস্য উৎপাদকেঃ বৰ্হিঃ ৰাজ্যলৈ দাবালীয়াপাৰাত উৎপাদিত মাছ ৰপ্তানি কৰিলে দেখুৱালে মীন ক্ষেত্ৰত এক শলাগনীয় আদৰ্শ ৷

৭. মেৰী কমৰ জীৱনক লৈ বলিউদত নিৰ্মাণ হব চলচিত্ৰঃ মেৰী কমৰ শৈশৱ-কৈশোৰ, জীৱন সাধনাৰ সৈতে পৰিচয় হৈ মুখ্য চৰিত্ৰ ৰূপায়নৰ বাবে মনিপুৰৰ জীৱন-সংস্কৃতিৰ আখৰা কৰিলেহি বিশ্ব সুন্দৰী অভিনেত্ৰী প্ৰিয়ঙ্কা চোপ্ৰাই৷

৮. নগাঁও জিলা সাহিত্য সন্মিলনীয়ে প্ৰকাশ কৰিলে সিদ্ধান্তঃ প্ৰণয়ন কৰিব নগাঁও জিলাৰ ইতিহাস ৷

৯. শোণিতপুৰ জিলা সাহিত্য সভাই ল’লে শলাগনীয় উদ্যোগঃ দুশৰো অধিক শিশুৰ অংশগ্ৰহণেৰে বৰঙাবাৰীত অনুষ্ঠিত কৰিলে শিশু কবি সন্মিলন ৷

১০. গুৱাহাটী জজ খেলপথাৰত অহা ২আগষ্টৰ পৰা অনুষ্ঠিত হব ৰাষ্ট্ৰীয় ছ’কাৰ ৭ চেম্পিয়নশ্বিপঃ দেশৰ বিশটা দলে কৰিব অংশ গ্ৰহণ৷ 

১১. দৰঙৰ কৃষি ক্ষেত্ৰত কঠীয়া ৰোৱা যন্ত্ৰৰ সংযোজন, বীজ গাঁও স্থাপেনেৰ আদৰ্শ দেখুৱাইছে নাবাৰ্ডৰ সহযোগত স্বেচ্ছাসেৱী অনুষ্ঠানে ৷

১২. জনজাতিকৰণৰ দাবী প্ৰসংগঃ আলোচনাত বহা আলফাৰ পদক্ষেপক আদৰণীয় বুলি মন্তব্য কৰিলে আক্ৰাছুৰ সভাপতিয়ে৷

১৩. ছেপ্তেম্বৰত ডঃ মনমোহন সিঙক সাক্ষাৎ কৰিব নৱ-নিযুক্ত পাকিস্তানী প্ৰধান মন্ত্ৰীয়েঃ ভাৰত-পাক মিত্ৰতাক লৈ শ্বৰীফে দেখুৱালে আগ্ৰহ ৷

চিন্তনীয় খবৰঃ

১. মুম্বাইত ২০০৫চনৰ পৰা বন্ধ হৈ থকা ডেন্স বাৰ সমূহ পুনৰ খোলাৰ অনুমতি দিলে উচ্চতম ন্যায়ালয়ে ৷

২. ঝাৰখণ্ডত ছাত্ৰী নিৱাসৰ পৰা উঠাই নিয়া চাৰি কিশোৰীক দলবদ্ধ বলাৎকাৰৰ ঘটনাই দেশৰ শিৰ কৰিলে লজ্জ্বানত ৷

৩. বিহাৰত এইবাৰ মধ্যাহ্ন ভোজনৰ বিষক্ৰিয়াৰ ঘটনাঃ ১৬জন শিশুৰ মৃত্যু, বহুতো শিশু গুৰুতৰ ভাৱে আক্ৰান্ত হৈ চিকিৎসাধীন হোৱাৰ চিন্তনীয় খবৰ৷

৪. সেনাৰ বিস্ফোৰক তথ্যঃ দেশক ৰক্তাক্ত কৰাৰ লক্ষ্যৰে সীমান্ত বিচৰণ কৰিছে মৌলবাদীয়ে ৷

৫. কেগৰ ৰিপৰ্টে পুনৰ উদঙালে গ্ৰামোন্নয়নৰ ফোপোলা স্বৰূপঃ এনৰেগাত দুৰ্নীতিৰ পয়োভৰ, হিচাববিহীন ভাৱে চলিছে চৰকাৰী আঁচনি, মাত্ৰ ৯.০৩% শতাংশ লোকেহে পাইছে কামৰ নিশ্চিতি ৷

৬. এইবাৰ এনৰেগাৰ দুৰ্নীতিক লৈ সৰৱ হৈ উঠিল গ্ৰামোন্নয়ন মন্ত্ৰীঃ অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হব বুলি জনালে সংবাদ মাধ্যমক৷

৭. বিটিএডিত ধনদাবীৰ বাতৰিক লৈ ক্ষুদ্ধ বিটিচি প্ৰধান হাগ্ৰামা মুহিলাৰীঃ গৃহ বিভাগক প্ৰত্যাহ্বান জনাই মাতিলে বিটিএডিলৈ, কোনে ধন দাবী কৰিছে দেখুৱাই দিব বুলি কৰিলে মন্তব্য ৷

৮. জল-সম্পদ বিভাগৰ কাম-কাজক লৈ অসন্তষ্টি প্ৰকাশ কৰিলে বিধান সভাৰ অধ্যক্ষইঃ কেৱল আশ্বাসেৰে কাম নচলিব বুলি কৰিলে মন্তব্য ৷

৯. লখিমপুৰত এনফৰ্চমেণ্ট পৰিদৰ্শক আৰু হোমগাৰ্ডক গণ প্ৰহাৰঃ ধন দাবীত অতীষ্ঠ হৈ উত্তেজিত টেম্প’ চালকে ঘটালে এনে ঘটনা ৷

১০. সমবায় বিভাগত দুশ কোটি টকাৰ কেলেংকাৰী হোৱাৰ খবৰে লাভ কৰিলে সংবাদ শিৰোনামাঃ কাৰ জেপত সোমাল কেন্দ্ৰৰ আবণ্টিত ধন, তাকে লৈ সচেতন মহলে তুলিলে প্ৰশ্ন ৷

১১. এইবাৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীলৈ আলফা(স্বাধীন)ৰ চিঠিঃ অপৰাধীৰ বিনিময়ত অনুপ চেতিয়াক ভাৰতলৈ প্ৰত্যাৰ্পণ নকৰিবলৈ আহ্বান জনোৱাৰ খবৰে পালে সংবাদ শিৰোনামা৷

১২. গংগাৰাম ক’ল হ্ত্যাকাণ্ড গোচৰত বিধায়ক ৰাজু চাহুক এক আগষ্টৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিলে সদৌ আদিবাসী চাহ জনজাতি জাগৰণ সন্থাই ৷

No comments:

Post a Comment