পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
বৰপেটা ৱৰ্ল্ড হেৰিটেজ দাবী সমিতিৰ স্মাৰক
পত্ৰ গ্ৰহণ কৰিছে অসমৰ ৰাজ্যপালে৷
সংবাদ পত্ৰত ইউবিৰ ফটো
সুখৰ খবৰঃ
১. ৩৬তম মৃত্যু দিৱসত সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাক সোঁৱৰিলে গুণমুগ্ধইঃ আধুনিক অসমৰ এজন খনিকৰ স্বৰূপ বৰুৱাৰ কৰ্ম, আদৰ্শ আৰু জীৱনীক স্কুলীয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ বাবে তুলিলে দাবী৷

২. ৰাজ্যৰ সকলো শিল্পী কলা-কুশলীৰ ব্যক্তিগত তথ্য অনলাইন উপলব্ধ কৰিবলৈ মহানগৰীৰ সাংস্কৃতিক অনুষ্ঠান ৰংঘৰে গ্ৰহণ কৰিছে শলাগনীয় উদ্যোগঃ ৰংঘৰ.অৰ্গ নামৰ ৱেবচাইটো উন্মোচন কৰিলে বিশিষ্ট নাট্যকাৰ, পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যই, গুৱাহাটী প্ৰেছ ক্লাৱত ৷

৩. নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক সন্মিলন উপলক্ষে অনুষ্ঠিত হব সদৌ অসম ভিত্তিক প্ৰগতিশীল চিন্তাধাৰাৰ গল্প, প্ৰৱন্ধ, কবিতা আৰু নাটকৰ প্ৰতিযোগিতাঃ লেখা সমূহ ৰাজ্যিক কাৰ্যালয়লৈ ৩০ অক্টোবৰৰ ভিতৰত পঠিয়াব পাৰিব বুলি বিজ্ঞপ্তিত প্ৰকাশ ৷

৪. ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু সুৰ সন্ধানৰ উদ্যোগত উজান বজাৰৰ শ্বহীদ ন্যাস ভৱনত ভূপেন্দ্ৰ সংগীত আৰু জয়ন্ত হাজৰিকাৰ গীতৰ এক কৰ্মশালা হৈছে আয়োজিতঃ ২৩-১৫জুলাইলৈ ৷

৫. ফকৰুদ্দিন আলী আহমেদ স্মৃতিৰক্ষা সমিতিলৈ মুখ্যমন্ত্ৰীয়ে  ২৫লাখ টকাৰ অনুদান প্ৰদানৰ সুখবৰ ৷

৬. "উচ্চ শিক্ষাত জীৱনজোৰা শিক্ষাৰ প্ৰাসংগিকতা"ক লৈ বজালী কলেজত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰৰ আয়োজনঃ শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি অহা ৫,৬ছেপ্তেম্বৰত অনুষ্ঠিত হব এই অনুষ্ঠান ৷

৭. ৪. অহা ১৭জুলাইত বিবেকানন্দ কেন্দ্ৰ, গুৱাহাটীত অনুষ্ঠিত হব "উত্তৰ-পূৱ ভাৰতৰ বৈচিত্ৰপূৰ্ণ ঐক্যঃ প্ৰসংগ মিজোৰাম" শীৰ্ষক বক্তৃতানুষ্ঠানঃ বক্তৃতা প্ৰদান কৰি মিজোৰাম বিশ্ববিদ্যালয়ৰ ডঃ লিয়েনজেলাই ৷ 

৮. উত্তীৰ্ণৰ হাৰ উন্নত হোৱাৰ বাবেই পোৱা নাই কলেজত আসনঃ চৰকাৰে দুটা চিফটত নাম ভৰ্তি কৰিবলৈ ব্যৱ্স্থা কৰিবলৈ গঠন কৰি দিলে জিলা ভিত্তিক কমিটি, নিৰ্দেশনা-গাইডলাইন জাৰি কৰিলে, উচ্চ শিক্ষা বিভাগে ৷

৯. ডি ভোটাৰ প্ৰসংগত উত্তপ্ত বিধান সভাঃ নিয়ম নমনা এ আই ইউ ডি এফৰ সকলো বিধায়কক মাৰ্শ্বাল লগাই কৰিলে বহিস্কাৰ ৷

১০. আকৌ সুবিধা বাঢ়িব মন্ত্ৰী বিধায়কৰঃ বিধায়কৰ সা-সুবিধা সম্পৰ্কীয় কমিটিয়ে দিলে প্ৰস্তাৱত অনুমোদন৷ ভাট্টা, বানচ, তেল আদি সকলো সুবিধা বৃদ্ধি কৰাৰ বাতৰিঃ বিশেষ কামৰ বাবেও বছৰি ৫লাখ টকা ধাৰ্য ৷

১১. অহা ২০২০ চনলৈ অসমৰ সকলোবোৰ ৰেলৱে ক্ৰছিং হৈ পৰিব ৰখীয়া যুক্তঃ  পৰ্যায়ক্ৰমে উন্নীতকৰণৰ চলি আছে বুলি জনালে ৰেল’ৱেৰ জন-সম্পৰ্কৰক্ষী বিষয়াই ৷

১২. নিৰাপত্তা বিষয়ক আলোচনাচক্ৰত অৰুণাচলৰ ৰাজ্যপালে কৰিলে মন্তব্যঃ ভাৰত-চীন সীমা সমস্যা আলোচনাৰ মাজেৰেই সম্ভৱ হব সমাধান ৷

১৩. খাদ্য সুৰক্ষা বিধেয়কক লৈ সন্দিহান হৈ আছে ইউপিএৰ অধ্যক্ষাঃ বিধেয়কৰ গুণাগুণ নিৰ্ধাৰণৰ বাবে দিলে সাতজনক বিশেষ দ্বায়িত্ব ৷

১৪. জনজাতি উন্নয়নৰ বাবে অসমলৈ ৬২.৩৩কোটি টকাৰ অনুমোদন দিলে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়ে ৷

১৫. এন আৰ চিৰ কামত বাধা দিয়া সকলেই এ আই ইউ ডি এফৰ বিধায়ক হৈছে বুলি মন্তব্য কৰিলে মন্ত্ৰী ৰকিবুল হুছেইনেঃ কংগ্ৰেছে এনআৰচিৰ কাম কৰি দীৰ্ঘদিনৰ সমস্যা এটা সমাধান কৰিবলৈ ওলোৱা বুলিও কৰিলে মন্তব্য ৷

চিন্তনীয় খবৰঃ
১. এয়া বিধান সভাত দিয়া চৰকাৰী তথ্যঃ দহ বছৰত ৬০১ টা মন্ত্ৰী, বিধায়ক নেতাৰ প্ৰতিমূৰ্তি দাহৰ ঘটনা অসমত ৷

২. এইবাৰো বিধান সভাত উত্থাপিত নহ’ল গুটখা বিৰোধী বিধেয়কঃ সচেতন মহলে প্ৰকাশ কৰিলে অসণ্টুষ্টি ৷

৩. গুৰগাঁৱৰ বাৰত অসংযত অৱস্থাত পুলিচে আটক কৰিলে ১৫০ গৰাকী কিশোৰ-কিশোৰীঃ নৱ-প্ৰজন্মৰ স্খলন দেখি সচেতন মহল উদ্বিগ্ন ৷

৪. লখিমপুৰত জাপানীজ এনকেফেলাইটিজ মৃত্যু সাত জনৰঃ ২৩জন আক্ৰান্ত হোৱাৰ চিন্তাজনক খবৰ ৷

৫. সাংবাদিকেই পোৱা নাই পাৰিশ্ৰামিকঃ নিউজ চেনেলৰ বিৰুদ্ধে আদালতে জাৰি কৰিব লগা হ’ল চমন৷

৬. অগপৰ নাম সলনি কৰাৰ বাবে বুদ্ধিজীৱিয়ে দিয়া প্ৰস্তাৱ নাকচ কৰিলে প্ৰফুল্ল কুমাৰ মহন্তই ৷

৭. মহানগৰীত দিল্লী আৰক্ষীয়ে চলালেহি অভিযানঃ ছয়মাইলত গ্ৰেপ্তাৰ হ’ল মিজোৰামৰ মুখ্য সচিবৰ চালক হত্যাকাৰী ৷

৮. ডিফুৰ ঝংকাৰ শইকীয়া হত্যাৰ গোচৰঃ ২৯জুলাইৰ ভিতৰত আহিব তদন্তৰ প্ৰতিবেদন, তদন্তৰ আওতালৈ আহিব আৰক্ষীৰ নৈতিক স্খলনৰ প্ৰসংগও ৷

No comments:

Post a Comment