পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ

১. আই আই টি-জে ই ই ৰ পৰীক্ষাত সফল হ’ল ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীৰ সাতজনকৈ শিক্ষাৰ্থী ৷

২. বঙাইগাঁৱত বন্ধকালীন লোক আদালতত ৭৮১টা গোচৰ নিষ্পত্তিঃ বিশেষকৈ আৱকাৰী আৰু যান-বাহন আইনৰ গোচৰ সমূহক নিষ্পত্তিৰ বাবে গ্ৰহণ কৰিলে উদ্যোগ ৷

৩. এইবাৰ গাৰো জনগোষ্ঠীয় লোকৰ বাবে গাৰো উন্নয়ন পৰিষদ গঠন কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে ৷

৪. যোৰহাটৰ এ পজিটিভ মেডিয়াই বনাব ১০০খন তথ্যচিত্ৰ, সাহাৰ্য কৰিব সাংস্কৃতিক সঞ্চালকালয়েঃ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামীৰ জীৱনভিত্তিক তথ্যচিত্ৰ "মোৰ ইতিহাস, মোৰ ভৱিষ্যত" উন্মোচন কৰিলে সাংস্কৃতিক মন্ত্ৰীয়ে ৷

৫. অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ উদ্যোগত অহা ২৯জুনত উদযাপিত হব ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস ৷

৬. শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ১৫০জন সেৱকৰ ৰক্তদানঃ ডিব্ৰুগড়ত সাতখন জিলাৰ স্বেচ্ছাসেৱকে কৰিলে এই মহান দানত অংশ গ্ৰহণ ৷

৭. গুৱাহাটীৰ টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সৰ স্থায়ী চৌহদ নিৰ্মাণৰ হ’ব জালুকবাৰীৰ তেতেলিয়াত ৷

৮. ৰাষ্ট্ৰীয় চাব জুনিয়ৰ সাতোঁৰত তৃতীয় দিনা অসমে জিনিলে দুটাকৈ পদক ৷

৯. আজি অলিম্পিক দিৱসঃ অসমতো গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত উদযাপনৰ আয়োজন কৰিছে অসম অলিম্পিক সন্থাই ৷

১০. চাৰ্টাৰ্ড একাউটেণ্ট প্ৰতিষ্ঠানৰ সভাত মুখ্যমন্ত্ৰীয়ে ক’লেঃ যোৱা ১২ বছৰত ৰাজ্যৰ আৰ্থ-সামাজিক অৱস্থাৰ উন্নতি ঘটিছে ৷

১১. অচিৰেই ছয়খন জিলাত স্থাপিত হব "মাওবাদী বিৰোধী কোষ": নখন জিলাত মাওবাদীৰ কাৰ্যকলাপলৈ লক্ষ্য ৰাখি আৰক্ষীৰ শীৰ্ষ বিষয়াৰ দুদিনীয়া বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷

১২. বিসম্বাদ ৰোধৰ বাবে মুখ্যমন্ত্ৰীৰ নতুন কৌশলঃ এইবাৰ এতোৱা মুণ্ডালৈ সংসদীয় সচিবৰ পদ ৷

১৩. অৱশেষত নগাঁৱত গ্ৰেপ্তাৰ হ’ল স্বয়ম্ভু চিকিৎসক মুন্নীবাই মনোৱাৰা ৷

চিন্তনীয় বাতৰিঃ

১. লোকসভা নিৰ্বাচনৰত কোকৰাঝাৰৰ লগতে মঙলদৈতো প্ৰাৰ্থী দিব হাগ্ৰামাইঃ এইবাৰ বিপিএফৰ এই পৰিকল্পনাৰ কথা সদৰী কৰিলে সংবাদ মাধ্যমে ৷

২. আৰক্ষীয়ে ৫০টকাতে এৰি দিছে গাড়ীঃ কামাখ্যা ধামৰ নিৰাপত্তালৈ আৰক্ষীৰ গাফলতিয়ে ভাবুকি আনিব পৰা সম্ভাৱনা প্ৰকাশ ৷

৩. জাৰ্মানীত যৌন আতিশয্যৰ বলি হ’ল মহিলা শ্বুটাৰঃ ভাৰতীয় দলৰ দুজন জুনিয়ৰ খেলুৱৈক নিলম্বন ৷

৪. বিলাসীপাৰাত জব্দ হ’ল বিটিএডিলৈ পঠোৱা ৫০খন তৰোৱাল জব্দঃ শিক্ষক সহ আটক হ’ল দুজন ৷ 

৫. অম্বুবাচীত ভক্তৰ সমাগমত উখল মাখল কামাখ্যাধামঃ নাইজেৰিয়া-হংকং-ভূটানৰ পৰাও আহিছে সাধু ৷

৬. আজি কাৰামুক্ত হব ৰঞ্জন দৈমাৰী ৷

৭. দেশৰ ভিতৰত প্ৰসূতিৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত শীৰ্ষ স্থান পালে অসমেঃ একলাখ প্ৰসূতিৰ ৩৯০গৰাকী মৃত্যুৰ হাৰ এতিয়াও অপৰিবৰ্তিত ৷

৮. প্ৰেমত হতাশা, বৃদ্ধি পাইছে পৰীক্ষা-ভীতিঃ এবছৰতে ২০% বৃদ্ধি আত্মহত্যাৰ ঘটনা ৷

৯. সুন্দৰীৰ জালত পৰিলে অইলৰ জ্যেষ্ঠ চিকিৎসকঃ অন্ধ প্ৰেমৰ ফলত জেল’লৈ যাবলৈ লগা হোৱাৰ লজ্জাজনক ঘটনা ৷

১০. উত্তৰাখণ্ডত এহাজাৰ লোকতকৈ অধিক লোক নিহত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিলে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে ৷

No comments:

Post a Comment