পলকতে সুখ দুখৰ খবৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ খবৰ

পলকতে সুখ দুখৰ খবৰ

Share This
সুখৰ খবৰঃ
১. মানাহৰ দাঁতিতে গঢ় লৈ উঠিব বিশ্বৰ প্ৰথমখন মুগা অভয়াৰণ্যঃ মুগাক বিশ্ব সভালৈ নিয়াৰ উদ্দেশ্যে এই শলাগনীয় পদক্ষেপ গ্ৰহণ কৰিছে বিটিচিৰ ৰেছম বিভাগে ৷

২. কামাখ্যাক ধঁপাতমুক্ত কৰিব ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ বিভাগেঃ অহা অম্বুবাচী মেলাত দেখা নাযাব পাৰে ধোঁৱা খোৱাত মগন সন্যাসী ৷

৩. ক্ৰমাৎ উজ্জ্বল হৈ পৰিছে অনুপ চেতিয়াৰ প্ৰত্যাৰ্পণঃ কাছিমপুৰ জেললৈ স্থানান্তৰৰ খবৰ ৷

৪. বৰাকত বাংলাদেশক ভূমি হস্তান্তৰৰ তীব্ৰ বিৰোধিতা বিজেপিৰঃ আজি লাঠিটিলা-ডুমাবাৰীত সমদল কৰি উৰুৱাব ত্ৰিৰংগ পতাকা ৷

৫. ভুৱা বিত্তীয় প্ৰতিষ্ঠান ৰাংঢালীৰ বিৰুদ্ধে চি আই ডিৰ তদন্ত হৈছে ক্ষীপ্ৰঃ কাৰ্যবাহী সঞ্চালক ৰীণা মজুমদাৰক গ্ৰেপ্তাৰ ৷

৬. এ আই চি চিৰ বৈঠকঃ মহিলাৰ ৫০% প্ৰতিনিধি বিচাৰিলে ৰাহুল গান্ধীয়ে, নৱ-নিযুক্ত সাধাৰণ সম্পাদক সকলক ৰাজ্য সমূহত মনোনিৱেশ কৰিবলৈ জনালে আহ্বান ৷

৭. আজি অসমৰ মুখ্য সচিব ৰূপে দ্বায়িত্ব গ্ৰহণ কৰিব পি পি বাৰ্মাইঃ নৱ কুমাৰ দাসে গ্ৰহণ কৰিছে অৱসৰ ৷

৮. দেশৰ পৰৱৰ্তী মুখ্য নায়াধীশ ৰূপে কাৰ্যভাৰ লব ন্যায়াধীশ পি সাথাশিৱমে ৷

৯. ডিব্ৰুগড় বিশ্ব-বিদ্যালয়ৰ স্নাতক পৰীক্ষাৰ ফলাফল ঘোষণাঃ ৰিকিমণি গগৈ কলা শাখাৰ শ্ৰেষ্ঠ  স্নাতক ৷

১০. বৰলুইত নিবেদিত জীনা ৰাজকুমাৰীৰ কণ্ঠত লোকগীতৰ এলবাম "এনাজৰি" উন্মোচিত হ’ল গুৱাহাটী প্ৰেছ ক্লাৱত ৷

১১. অসমৰ এজন চিন্তাশীল লেখক তথা মানৱ অধিকাৰ আয়োগৰ প্ৰাক্তন সদস্যলৈ শ্ৰদ্ধাঞ্জলিঃ আজি উন্মোচন হব "শৰৎ মহন্তৰ জীৱন-ব্যক্তিত্ব", আদ্যাশ্ৰাদ্ধৰ দিনাই ৷

চিন্তনীয় খবৰঃ
১. জেল’ৰ পৰা ওলায়েই পুনৰ ছিণ্ডিকেট আৰম্ভ কৰিলে নানকাইঃ ১৩দিনত পানৰ ছিণ্ডিকেটে সংগ্ৰহ কৰিলে ৩৯ লাখ টকাৰ গুণ্ডাকৰ৷

২. বানৰ কৱলত মাজুলীৰ ৫০খন গাঁওঃ উটুৱাই নিলে কালভাৰ্ট, খহিল কোটিটকীয়া বান্ধ ৷

৩. সংহত শিশু কল্যানলৈ সামগ্ৰী যোগানৰ নামত সমাজ কল্যানত লুণ্ঠনঃ সাত গুণ দামেৰে চাপ্লাই কৰি লুটিলে ৫৮কোটি ৷

৪. প্ৰফুল্ল মহন্তৰে বৈঠকৰ ইচ্ছা নাই পদত্যাগী নেতাৰঃ ৰকিবুল হুছেইনে ক’লে কংগ্ৰেছৰ দুৱাৰ খোলা আছে ৷

৫. কমলা কলিতাৰ কটাক্ষঃ অগপৰ অফিচ বিবাহ বাহৰ হ’লে পুৰোহিত হ’ব হিমন্ত!

৬. আন্দোলনৰ অজুহাত লৈ পেট্ৰ’লিয়াম মন্ত্ৰালয়ৰ ষড়যন্ত্ৰঃ বন্ধ হব পাৰে ডিগবৈ শোধনাগাৰ, পালে সংবাদ শিৰোনামা ৷

৭. পুত্ৰ বোৱাৰীৰ নিৰ্যাতন সহিব নেৱাৰি গুৱাহাটীৰ সম্ভ্রান্ত পৰিয়ালৰ পিতৃ-মাতৃ ৰাজথতঃ পালে সংবাদ শিৰোনামাত স্থান ৷

৮. হায় শিক্ষা বিভাগঃ সমস্যা সমাধানৰ দাবীত বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনি শোণিতপুৰৰ পৰা গৈ কৰিলে গুৱাহাটীত প্ৰতিবাদ ৷

No comments:

Post a Comment