পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ 
১. ইটালীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৭৬বছৰীয়া চিলভিঅ’ বাৰ্লুচিনি, কম বয়সীয়া বেশ্যাক উপভোগৰ বাবে ধন দিয়া কাৰ্যৰ বাবে দোষী সাব্যস্তঃ পদৰ অপব্যৱহাৰৰ অভিযাগত সাত বছৰৰ জেল আৰু গোটেই জীৱনৰ বাবে ৰাজহুৱা অফিচৰ দ্বায়িত্ব লোৱাটো সেই দেশৰ ন্যায়ালয়ে কৰিলে নিষিদ্ধ৷

২. দক্ষিণৰ দানঃ তামিলনাডুৰ ডিএমকে দলেও উত্তৰাঞ্চলৰ প্ৰাকৃতিক দুৰ্যোগৰ আক্ৰান্তলৈ আগবঢ়ালে সহায় ৰূপে ২৫ লাখ টকা ৷

৩. দুদিনত আৰ্জন ২০কোটিঃ ধনুষ আৰু সোনম কাপুৰ অভিনীত "ৰাঞ্জা" নামৰ ছবিয়ে উৰালে সফলতাৰ ধ্বজ ৷

৪. ভাৰতীয় ক্ৰিকেট দলৰ চেম্পিয়নচ ট্ৰফী বিজয়ঃ ধোনীৰ নেতৃত্বত পালে অন্য এক সফলতা ৷

৫. তিহাৰ জেলৰ কয়দী সকলেও আগবঢ়ালে উত্তৰাঞ্চলৰ সাহাৰ্য পুঁজিলৈ ১০লাখ টকা ৷

৬. কম বাজেটৰ সুলভ গৃহ নিৰ্মাণ কোম্পানীলৈ বিদেশী ঋণৰ ক্ষেত্ৰত নীতিত শিথিলতা আনিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে ৷

৭. মোবাইল গ্ৰাহকলৈ সু-খবৰ, ভাৰতী এয়াৰটেলে ৪-জি সেৱাৰ দৰ হ্ৰাস কৰিলে ৩১ শতাংশঃ এতিয়া ৩জিৰ দৰতে আগবঢ়াব ৪-জিৰ সেৱা ৷

৮. আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰত ভাগ লবলৈ এইবাৰ লণ্ডনলৈ ওলাল মুখ্যমন্ত্ৰী তৰুণ গগৈঃ ২৭জুনত ভাগ লব এই আলোচনা চক্ৰত ৷

৯. এইবাৰ অইল ইণ্ডিয়াৰ চুপাৰ-৩০: দুখীয়া ছাত্ৰ-ছাত্ৰীক অভিযান্ত্ৰিক পৰীক্ষাৰ বাবে সাজু কৰিবলৈ "অইল" ৰ বিনামূলীয়া পাঠ্যক্ৰম ৷

১০. সংগীত নাটক অকাডেমীৰ সহযোগত গুৱাহাটীৰ "বা" নাট্যদলৰ "আহাৰৰ এদিন": মঞ্চস্থ কৰা হব কাইলৈ সন্ধিয়া, গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত ৷

১১. গ্ৰীষ্মৰ বন্ধত সাংস্কৃতিক কৰ্মশালাঃ ৰত্ন ওজা সনাতন কলাপীঠৰ বৰগীত আৰু হোলীগীতৰ কৰ্মশালা, অহা পাঁচ জুলাইৰ পৰা ৷ "আঁৰ কাপোৰ"ৰ উদ্যোগত শিশুনাট কৰ্মশালাৰ আয়োজন ২-১৬জুলাইলৈ, গুৱাহাটীত ৷

১২. অহা ছেপ্তেম্বৰত দুধনৈত অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশনঃ আঠ বছৰৰ পাছত নেতৃত্বৰ সলনিৰ সম্ভাৱনাক লৈ আশাবাদী হৈছে ছাত্ৰ সন্থাৰ বহু জ্যেষ্ঠ কৰ্মী ৷

১৩. গুৱাহাটীৰ জেবি ল’ কলেজত থকা "ইনষ্টিটিউট অৱ ইউনাইটেদ নেশ্বনছ ষ্টাডিজ"ত ৰাষ্ট্ৰসংঘৰ পাঠক্ৰমঃ আজিৰ পৰা হব প্ৰ-পত্ৰ বিতৰণ ৷

১৪. জেইই(এডভান্স) পৰীক্ষাৰ ফলাফলত সমগ্ৰ অসমৰ পৰা সফলতা পালে ১১০জন ছাত্ৰ ছাত্ৰীয়ে ৷

১৫. পৌৰ সভাৰ নিৰ্বাচনত কংগ্ৰেছৰ সৰ্বাধিক আসনৰ বিপৰীতে অতি কম সংখ্যাৰ ব্যৱধানত বিজেপিৰ চমকলগা সফলতা ৷

চিন্তনীয় খবৰঃ
১. আফগানিস্তানৰ ৰাষ্ট্ৰপতি ভৱনৰ ওপৰত তালিৱানৰ আক্ৰমণঃ কাবুলত ৰাষ্ট্ৰপতিৰ প্ৰাসাদ চৌহদত বিস্ফোৰণ আৰু ব্যাপক গুলীচালনাৰ ঘটনা হয় আজি পুৱা ০৬৩০বজাত ৷ আমেৰিকাৰ নেতৃত্বত তালিবানৰ সৈতে আলোচনাৰ বিৰোধিতা কৰি ৰাষ্ট্ৰপতি হামিদ কাৰজাইয়ে আফগানৰ-নেতৃত্বত শান্তি আলোচনাৰ প্ৰস্তাৱ দিয়াৰ পাছতে এই আক্ৰমণে বিশেষ ইংগিত বহন কৰিছে ৷

২. পুনৰ প্ৰৱল বৃষ্টিপাত আৰু পাহাৰৰ ভূমিস্খলনে উত্তৰাখণ্ডত উদ্ধাৰ অভিযানত পেলাইছে যতিঃ এতিয়াও আৱদ্ধ হৈ আছে প্ৰায় ৮০০০লোক ৷ আৰু বেয়া বতৰৰ আশংকা প্ৰকাশ কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই ৷

৩. ডাইনী সন্দেহত অসহায় দম্পতীক কুঠাৰেৰে ঘপিয়াই হত্যাঃ গোসাঁইগাঁও মহকুমাৰ কচুগাঁৱৰ ঘটনাত পূৰ্ব-পৰিকল্পিত ষড়যন্ত্ৰৰ সন্দেহ ৷

৪. কালি শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৭জন সেনা যোৱান নিহতঃ তথাপি নিশ্চিদ্ৰ নিৰাপত্তাৰ মাজত আজি শ্ৰীনগৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মনমোহন সিঙ আৰু ইউপিএৰ অধ্যক্ষা ছোনিয়া গান্ধীয়ে ৷

৫. চলমান খানৰ ন্যায়ালয়ে নিদিলে ২০০২চনৰ ফুটপাথত গাড়ীৰে মহতিওৱা কেচত ৰেহাইঃ এইবাৰ ধাৰা ৩০৪ৰ অধীনত গোচৰ চলাবলৈ দিলে নিৰ্দেশ, হব পাৰে ১০বছৰ পৰ্যন্ত কাৰাবাস ৷

৬. জিয়া খান আত্মহত্যা কাণ্ডঃ সূৰয পাঞ্চালীক ক্লীন-চিট দিবলৈ আহিল প্ৰাক্তন প্ৰেয়সী, ক’লে- সূৰযে কাকো অত্যাচাৰ কৰিব নোৱাৰে ৷

৭. অভিজাত মৌৰ্য শ্বেৰাটন হোটেলত স্প’ট ফিক্সিং কেলেংকাৰীত অভিযুক্ত শ্ৰীসান্থক তিনি ঘণ্টা দুৱাৰ মাৰি কথা পাতি জেৰাৰ নাম দিলে বিচিচিআইৰ দুৰ্নীতি নিবাৰক শাখাইঃ শ্ৰীসান্থে ওলাই আহি প্ৰকাশ কৰিলে স্বস্তি৷

৮.গাৰোপাহাৰত অসমৰ ৮ শ্ৰমিকক হত্যাঃ সংঘৰ্ষৰ আশংকাত অসম-মেঘালয় সীমান্তত জাৰি হ’ল ৰেড এলাৰ্ট ৷

৯. গুৱাহাটী পৌৰ নিগমৰ ফলাফলঃ বিপৰ্যয় মূৰ পাতি নিঃচিহ্ন হোৱাৰ পথত ভৰি দিলে অসম গণ পৰিষদে ৷

১০. ৰাহুল গান্ধীয়ে কৰিলে দেৰাডুনকে ধৰি প্ৰাকৃতিক দুৰ্যোগত আক্ৰান্ত অঞ্চলৰ ভ্ৰমণঃ বিজেপিৰ সমালোচনাৰ দিলে যোগ্য প্ৰত্যুত্তৰ৷

আজিৰ উক্তিঃ

জনাকীৰ্ণ জয়মতী পথাৰত অখিল গগৈয়ে ক’লে-"মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাই উলংগ মানৱ-ডাইনী"

আছুৱে ক’লে- "সীমান্তৰ জৰীপৰ প্ৰতিবেদন ৰাজহুৱা কৰক"৷

দেৱেন দত্তই ক’লে-"তৰুণ গগৈয়ে লাচিত আৰু অসমীয়াক চূড়ান্ত অপমান কৰিছে" ৷

কৃষক মুক্তিৰ ঘোষণা-"সমুজ্জ্বল ভট্টাচাৰ্যৰ নেতৃত্বত আঞ্চলিকতাবাদী শক্তি গঢ় লৈ উঠিলে সমৰ্থন জনাব কৃষ মুক্তি সংগ্ৰাম সমিতিয়ে"৷

No comments:

Post a Comment