AXD 226: 2ND JUNE 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

AXD 226: 2ND JUNE 2013

AXD 226: 2ND JUNE 2013

Share This
অসমীয়াৰ সুখ দুখৰ বতৰা
সুখৰ খবৰঃ
১. নামৰূপত অচিৰেই স্থাপিত হ’ব অসমৰ ভিতৰতে বৃহৎ গেচ ভিত্তিক উদ্যোগ মিথানল প্ৰকল্পঃ অইল ইণ্ডিয়াই বিনিয়োগ কৰিব ৪৯%,  দৈনিক উৎপাদনৰ লক্ষ্য ৫০০টন ৷

২. গ্ৰাম্য বেংকিংত জয়যাত্ৰাঃ ৩৭.১১ শতাংশ লাভ বৃদ্ধিৰে চমকপ্ৰদ অগ্ৰগতি অসম গ্ৰামীণ বিকাশ বেংকৰ ৷

৩. আছুৰ উদ্যোগত অনুষ্ঠিত হ’ল বিশেষ অভিনন্দন অনুষ্ঠানঃ হাইস্কুল শিক্ষান্ত, হাই-মাদ্ৰাছা, উচ্চতৰ মাধ্যমিক পৰীক্ষাত স্থান লাভ কৰা পৰীক্ষাৰ্থীৰ লগতে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত কীৰ্তিমানক জনালে সম্বৰ্ধনা ৷

৪. গুৰুজনাক বিশ্বজনীন কৰিবলৈ শংকৰদেৱ মুভমেণ্টৰ অগতানুগতিক প্ৰচেষ্টাঃ বাংগালুৰুত নিনাদিত হ’ল অপূৰ্ব  শংকৰী কৃষ্টি সংস্কৃতি ৷ কালি সন্ধিয়া অনুষ্ঠিত হ’ল এই বিশেষ অনুষ্ঠানঃ ব্ৰেণ্ড এম্বছাদৰ ৰূপে অংশ গ্ৰহণ কৰিলে অভিনেতা ভিক্টৰ বেনাৰ্জীয়ে ৷

৫. উদযাপিত হ’ল কুকিলকণ্ঠী গায়িকা দীপালী বৰঠাকুৰৰ ৭৮তম জন্মদিন৷

৬. কাইলৈ দামৰাত ৰাভা ছাত্ৰ সন্থাই আয়োজন কৰিছে পৰম্পৰাগত বায়খো উৎসৱৰ ৷

৭. এইবাৰ "জাতীয় সন্মান" প্ৰদান কৰিব সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰছনেঃ প্ৰৱৰ্তন কৰিব "ভাষা সন্মানো"৷

৮. অসম বিজ্ঞান-প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদে কলাইগাঁৱত অনুষ্ঠিত কৰিলে এক বিশেষ বিজ্ঞান কৰ্মশালাৰ ৷

৯. বঙাইগাঁৱতো আয়োজিত হ’ল বিশ্ব ধঁপাত বিৰোধী দিৱসঃ গুৱাহাটীতা সূৰ্য গ্লড চিমেণ্ট কোম্পানীৰ উদ্যোগত ছাত্ৰ ছাত্ৰীৰ মাজত চলিল ধঁপাত বিৰোধী সজাগতা অভিযান ৷

১০. অসম প্ৰীমিয়াৰ লীগ ফুটবলত গ্ৰীণ ভেলি দল প্ৰৱেশ কৰিলে ফাইনেলত৷

১১. আইপিএলৰ চেয়াৰমেন ৰাজীৱ শুক্লাৰ পদত্যাগঃ বিচিচিআইৰ সভাপতি শ্ৰীনিবাসনৰ ভাগ্য নিৰ্ণয়ৰ বাবে আজি চেন্নাইত জৰুৰী বৈঠক হৈছে অনুষ্ঠিত ৷

১২. লক্ষ্য ২০১৪চনৰ নিৰ্বাচনঃ এইবাৰ সংখ্যালঘুৰ বাবে ইউপিএ চৰকাৰে স্থাপন কৰিব পাঁচখনকৈ সংৰক্ষিত বিশ্ববিদ্যালয়৷

১৩. এভাৰেষ্ট বিজয়ী অসমীয়াক তৰুণ শইকীয়া আৰু মনীষ ডেকাক অহা ৬জুনত আদৰণি জনাব অসম চৰকাৰে৷

১৪. উত্তৰ পূৱ শিক্ষাৰ্থীলৈ দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ অস্থায়ী হেল্প ডেস্কঃ ০৯৭০৬১৫৪২৬৫,০৯৫২৭৪৭৯৩৮ নম্বৰত উত্তৰ-পূৱৰ তত্বাৱধায়ক সত্যম শইকীয়াক কৰিব পাৰিব যোগাযোগ ৷

আজিৰ উক্তিঃ
"সাংবাদিকে ক্ষেত্ৰভিত্তিক অধ্যয়নত গুৰুত্ব দিয়া উচিত"- গুৱাহাটী প্ৰেছ ক্লাৱৰ এইমাহৰ অতিথিৰূপে ভাগ লৈ এই কথা ক’লে যশস্বী নৃতত্ববিদ তথা অৰুণাচল বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অন্নদাচৰণ ভাগৱতীয়ে ৷

চিন্তনীয় খবৰঃ
১. এতিয়াও সম্পূৰ্ণ ৰূপে অচল হৈ আছে নুমলীগড় শোধনাগাৰ ৷

২. প্ৰব্ৰজনকাৰী বাংলাদেশীক লৈ পৃথক "ইছলামিক ষ্টেট" গঠনৰ ভয়ংকৰ পৰিকল্পনা কৰিছে মৌলবাদীয়েঃ সংবাদ মাধ্যমে পোহৰলৈ অনা এই তথ্যৰ লগতে উঠিল অভিযোগ, আমছু-এবিএমএছু-এআইডিইউএফৰ সহযোগত অসমত সংঘৰ্ষৰ সৃষ্টি কৰিছে বাংলাদেশীয়ে৷

৩. শিক্ষা বিভাগত বৈষম্য, পদ নিয়মীয়াকৰণত আসোঁৱাহঃ উচ্চ ন্যায়ালয়ে চৰকাৰক বান্ধি দিলে চাৰি সপ্তাহৰ সময়সীমা৷

৪. বঙাইগাঁৱত এতিয়াও চলি আছে ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ অবাধ লুন্ঠন, সৰ্বত্ৰ প্ৰতিক্ৰিয়াঃ ২কোটি টকা লৈ উধাও হ’ল ৰিয়েল ৱে ইণ্ডিয়া গ্ৰুপ ৷

৫. বৈঠালাংচুত চলি আছে হাতী আৰু মানুহৰ সংঘাতঃ ত্ৰাসত গঞা ৰাইজে পাৰ কৰিছে নিদ্ৰাহীন নিশা, হস্তীৰ আক্ৰমণত শেহতীয়াকৈ প্ৰাণ গ’ল এজনৰ ৷

৬. ডিমাপুৰৰ পৰা অপহৃত শিশু উদ্ধাৰ হ’ল চাপৰমুখতঃ সঘন ঘটনাত সচেতন মহল উদ্বিগ্ন ৷

৭. ওৰাং থানাত বৰমতা আৰক্ষীঃ থানাতে মৰিয়াই মূৰ ফালিলে মহিলাৰ ৷

৮. এইবাৰ গুৱাহাটীৰ ভেটাপাৰাৰ এগৰাকী চিআইডি পৰিদৰ্শক ভৱানীধৰ শৰ্মাৰ ঘৰত হঠাতে তালাচী চলালে বন বিভাগে৷

৯. হঠাত হুৱাদুৱা লাগিল বৰঝাৰ বিমানবন্দৰতঃ উদ্ধাৰ হ’ল বিস্ফোৰক সদৃশ সামগ্ৰী ৷

ৰাজ্যৰ ৰাজনীতিঃ
১. "মন্ত্ৰীসভাত আছে আলফা সদস্য বুলি" কোৱা প্ৰাক্তন ৰাজ্যপাল  এছ কে সিনহাক এইবাৰ গৰজি উঠিল তিনিমন্ত্ৰী প্ৰদ্যুত-ৰকিবুল-হিমন্তইঃ পালে সংবাদ শিৰোনামাত স্থান ৷

২. বনমন্ত্ৰীয়ে ক’লে- অসমৰ ৰাইজে মহন্তক পাহৰিছে ৷

৩. শক্তিমন্ত্ৰী প্ৰদ্যুত বৰদলৈয়ে ক’লে- আলফা অগপৰ পোষ্যপুত্ৰ ৷

৪. হিমন্ত বিশ্ব শৰ্মাই অৱশেষত সাৰদাৰ সুদীপ্ত সেনৰ বিৰুদ্ধে ৰুজু কৰিলে এটা মানহানিৰ গোচৰ ৷

৫. আমছু-এবিএমছুক নিষিদ্ধ কৰাৰ দাবী তুলিলে সদৌ অসম ট্ৰাইবেল সংঘইঃ সংঘৰ্ষৰ আঁৰত এই দুই সংগঠনৰ হাত বুলি তুলিলে অভিযোগ৷

৬. সংখ্যাগৰিষ্ঠ হৈও নিজকে বিক্ৰী কৰা এআইডিইউএফৰ সদস্যৰ বাবেই ধুবুৰী জিলা পৰিষদত পৰাজিত এআইডিইউএফঃ কংগ্ৰেছে দখল কৰা জিলা পৰিষদত উঠিল হৰ্ছ ট্ৰেডিংৰ অভিযোগ ৷

৭. চূড়ান্ত হ’ল গুৱাহাটী পৌৰ নিগমৰ প্ৰাৰ্থী তালিকাঃ ১৭০জন কাউন্সিলৰ আৰু ৩৫৯জন প্ৰাৰ্থীয়ে অৱতীৰ্ণ হব ভোটৰ প্ৰতিযোগিতাত৷

No comments:

Post a Comment