পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ চিন্তনীয় খবৰঃ

১. গুৱাহাটীবাসীয়ে উপভোগ কৰিলে বন্ধৰ দিনঃ মুঠএই ৪৯% ভোটদানেৰে ষ্ট্ৰংৰুমত বন্ধ হ’ল পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰাৰ্থীৰ ভাগ্য, ২৪জুনত ঘোষিত হব ফলাফল ৷

২. অহা ২৫জুনত পুনৰ আলফা আৰু চৰকাৰৰ বৈঠকঃ উত্থাপিত হ’ব অনুপ চেতিয়াৰ প্ৰত্যাৰ্পণৰ বিষয়৷

৩. বহুদিন বিৰতিৰ পাছত সংবাদ মাধ্যমেৰে পুনৰ টেলিফোনিক সাক্ষাৎকাৰত পৰেশ অসমঃ পৰাগ দাসৰ হত্যাকাৰীক শাস্তি দিয়া হব বুলি দোহাৰিলে পুনৰ ৷

৪. হিমালয়ৰ হিম-ধুমুহাৰ ফলত উত্তৰাখণ্ড বিধ্বস্তঃ ২০৭মিটাৰলৈকে বৃদ্ধি যমুনৰা গভীৰতা, ৫০০ৰো অধিক লোকৰ প্ৰাণ হানিৰ আশংকা৷ বায়ুসেনাই চলাইছে উদ্ধাৰ অভিযান ৷

৫. তেজপুৰত পুনৰ লজ্জাজনক ঘটনাঃ "উলংগ মানৱ" অন্ধবিশ্বাসৰ বতাহে বিয়পাইছে চাঞ্চল্য৷ বিহগুৰি-বালিশিহাৰ পৰিয়ালৰ সমুখতে ঘটিল ৩জনৰ বৰ্বৰোচিত হত্যা ৷

৬. কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিপক্ষে ক্ষোভিত প্ৰাক্তন সদস্যক লগত লৈ চলোৱা ভাৱমূৰ্তি বেয়া কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰিবলৈ আহ্বান জনালে সভাপতি অখিল গগৈয়ে ৷

৭. আজি ৪৪তম ৰাভা দিৱসঃ মৃত্যু দিৱসৰ পূৰ্বে কলাগুৰু সংগ্ৰহালয়ক লৈ তেজপুৰত জাতীয় সংগঠনৰ অনশনত ভাগ ললে ৰাভাৰ পুত্ৰয়ো ৷

৮. তোষামোদৰ অন্ত নাইঃ ৰাহুল গান্ধীৰ জন্মদিন পাতি কেক কাটিবলৈ নেৰিলে গুৱাহাটীতো৷ দেশজুৰি এজন সাংসদৰ এনেদৰে জন্মদিন উদযাপন অতি বিৰল ঘটনাৰূপে পৰিগণিত হোৱাৰ খবৰ৷

৯. হোজাইত পথ নিৰ্মাণ কোম্পানীৰ কৰ্মচাৰী অপহৰণৰ চিন্তনীয় বাতৰি ৷

১০. এইবাৰ গোলাঘাটত পুনৰ ৰহস্যময়ী নাৰীৰ সংবাদমেলঃ এইবাৰ কৃষক নেতাৰ বিৰুদ্ধে তুলিলে গুৰুতৰ অভিযোগ ৷

No comments:

Post a Comment