অসমীয়াৰ সুখ দুখঃ ২২৪তম সংখ্যাঃ ৩১মে’ ২০১৩ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অসমীয়াৰ সুখ দুখঃ ২২৪তম সংখ্যাঃ ৩১মে’ ২০১৩

অসমীয়াৰ সুখ দুখঃ ২২৪তম সংখ্যাঃ ৩১মে’ ২০১৩

Share This
সুখৰ খবৰঃ

১. ৰাজ্যৰ শৈক্ষিক ইতিহাসত মাইলৰ খুঁটি সৃষ্টি কৰি উত্তৰ লখিমপুৰ মহাবিদ্যালয়ে লাভ কৰিলে বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ পৰা স্বায়ত্ত শাসিত মহাবিদ্যালয়ৰ মৰ্যদাঃ এই মৰ্যদা লাভ কৰা ৰাজ্যৰ প্ৰথমখন মহাবিদ্যালয়ৰ পৰিয়াললৈ অসমীয়া সুখ দুখেও জনাইছে আন্তৰিক অভিনন্দন ৷

২. পঞ্চমবাৰলৈ অসমৰ পৰা ৰাজ্যসভালৈ ডঃ মনমোহন সিং৷ বিপুল ভোটত জয়লাভ কৰিলে দুয়োজন কংগ্ৰেছী প্ৰাৰ্থীয়েঃ থাইলেণ্ডৰ ভাৰতীয় উচ্চায়ুক্তৰ জৰিয়তে নিৰ্বাচনী ফলাফল ল’লে প্ৰধানমন্ত্ৰীয়ে ৷

৩. বিজয়ৰ পাছতে নৱ-নিৰ্বাচিত ৰাজ্য সভাৰ সাংসদ শান্ত উজ কুজুৰে ক’লে- অসমৰ জনগোষ্ঠীয় সমস্যা সমাধানৰ বাবে সদনত তেখেতে সৱল ভাৱে মাত মাতিব ৷

৪. ঘোষিত হ’ল চিবিএছইৰ দশম শ্ৰেণীৰ ফলাফল, গুৱাহাটী মণ্ডলৰ পৰা ৯৩.৫৮% উত্তীৰ্ণঃ ৯৯.৮০ শতাংশৰে উত্তীৰ্ণৰ অভিলেখ গঢ়িলে চেন্নাইয়ে৷

৫. কাইলৈ মহানগৰীৰ ৰবীন্দ্ৰ ভৱনত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠানঃ উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ কৃৰ্তি শিক্ষাৰ্থী আৰু শিক্ষকলৈ যাচিব সন্মান ৷

৫. ভূমিপূত্ৰ সকলক মাটিৰ পট্টা প্ৰদানৰ দাবীৰে ক্ষেত্ৰীত ৭টা ছাত্ৰ সংগঠনে কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধঃ খিলঞ্জীয়ালৈ ভূমি অধিকাৰ প্ৰদানৰ প্ৰসংগত সৃষ্টি কৰিলে এক নতুন প্ৰতিবাদী জোৱাৰ৷

৬. বিদ্ৰোহী দমনত ব্যস্ত পিতৃয়ে অৰণ্যতে পালে পুত্ৰৰ বিজয় বাৰ্তাঃ চিবিএচইত শীৰ্ষ স্থানেৰে উজ্বলিল আইটিবিৰ কামাণ্ডাৰ সন্দীপ খোচলাৰ পুত্ৰ স্বপন ৷

৭. থাইলেণ্ডত প্ৰধানমন্ত্ৰীঃ বন্দী প্ৰত্যপৰ্ণকে ধৰি স্বাক্ষৰ কৰিলে ৭খনকৈ চুক্তিত৷

৮. এইবাৰ টু-জি গোচৰত অনিল আৰু টিনা আম্বানীকো সাক্ষী হিচাবে বিচাৰিলে চিহিআইয়ে ৷

দুখৰ খবৰঃ
১. বাৰটাকৈ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত যশস্বী চলচিত্ৰ পৰিচালক ঋতুপৰ্ণ ঘোষ আৰু নাইঃ হৃদৰোগ জনিত কাৰণত দক্ষিণ কলিকতাত হ’ল মৃত্যু ৷

২. আজি বিশ্ব ধঁপাত বিৰোধী দিৱসঃ প্ৰকাশ পালে তথ্য অসমৰ ৩৯.৩% শতাংশ যুৱ প্ৰজন্মই ধঁপাত আসক্ত আৰু ৫০% কৰ্কট ৰোগীয়েই ধঁপাত সেৱনকাৰী ৷

চিন্তনীয় বাতৰিঃ

১. গেলেকী সীমান্তত দিন দুপৰতে অসমৰ ভূ-খণ্ডত নগা দুৰ্বৃত্তৰ গৃহ নিৰ্মাণঃ হাতে লোটে ধৰিবলৈ পায়ো সুযোগ নললে অসম আৰক্ষীয়ে

২. উগ্ৰপন্থীৰ সতে অগপৰ সম্পৰ্ক, ৰাহুল গান্ধীয়ে ১০০% সঁচা কথা কোৱা বুলি দাবী কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে ৷

৩. সমাজ কল্যানৰ ব্যপক দুৰ্নীতিয়ে কোঙা কৰি পেলালে সংহত শিশু কল্যান আঁচনিঃ লুণ্ঠন বন্ধ নকৰাৰ বাবে চৰকাৰ সমালোচিত৷

৪. এইবাৰ অঞ্জন দত্তৰ নেতৃত্বত মুখ্যমন্ত্ৰীক দাবীঃ লক্ষ্মণ ৰেখা অতিক্ৰম কৰিবলৈ বাকী নাই, অচিৰেই মন্ত্ৰীসভাৰ সালসলনিৰ দাবী তুলিলে পাঁচজনকৈ বিধায়কে ৷

৫. পশ্চিম বংগৰ আৰক্ষীৰ জেৰাত প্ৰাক্তন মন্ত্ৰী মাতংগ সিং আৰু ৰাজেকশ বাজাজঃ স্বীকাৰ কৰিলে সাৰদাৰ পৰা ধন লোৱাৰ কথা ৷

৬. মৰিয়নিত বিধায়ক নিগ্ৰহৰ ঘটনা সন্দৰ্ভত এজনীয়া তদন্ত কমিটি গঠনৰ খবৰ ৷

৭. বহৰি বজাৰত বিধায়ক আত্মীয়ৰ বেদখলঃ স্থানীয় ৰাইজে দিলে আন্দোলনৰ ভাবুকি ৷

৮. নগাঁৱৰ আমতলাৰ গুলীচালনাৰ ঘটনাৰ নিহতৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি ৷

No comments:

Post a Comment