ৰসাল হিতোপদেশ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰসাল হিতোপদেশ

ৰসাল হিতোপদেশ

Share This
জীৱনৰ অংক বিশেষ

১. পাথৰে যদিও নাজানে একো, পণ্ডিতে জানে অংক; দুৰ্বলতাৰ উমান ল’য়েই কৰে জংক পংক ৷

২. দেখাত হেণ্ডচাম, হেণ্ডচাম চাকৰি বা ব্যৱসায়, ধুনীয়া গাড়ী থকা ল’ৰাবোৰৰ কিয় একোহাল মাক-বাপেক আৰু বিয়া দিবলৈ দুজনীকৈ ভনীয়েক থাকে, সেইটোৱেই ধুনীয়া ছোৱালীৰ মাথা বেয়া কৰা আটাইতকৈ ডাঙৰ অংক৷

৩. বিয়াৰ পাছতে অতি সোনকালে জীয়াৰীক কেনেকৈ বেলেগ কৰি নি খাবলৈ দিব পাৰে, জীৱনত অংক বেয়া পোৱা মাকবোৰেই সেই অংকটোক হঠাত ভাল পাবলৈ ধৰে৷

৪. "ম’ল মাহ" পৰিছে বুলি পঞ্জীকাত দেখি ফুৰ্তি নকৰিব, আজি-কালি মহানগৰীত "ম’ল মাহ মানে ছেল ছেল ছেল লিখা মাহজোৰা ম’লৰ শ্বপিং কাৰ্নিভেলহে" সেই কথা পাহৰি নাযাব ৷

৫. দীঘল, গভীৰ সম্পৰ্ক একোটাৰ ফলাফল শেষত শূণ্য হ’লে দুখ নকৰিব, মনত ৰাখিব শূণ্যৰ পৰাই আৰম্ভণি, নতুনকৈ জীৱনৰ সৰল নেওতাখন আৰম্ভ কৰক৷

৬. সংখ্যালঘুৰ অংক বোৰেই সহজ, ৰাজীনীতিৰ পৰীক্ষাত এইকেইটা লঘু লঘু অংক কৰিয়ে পঢ়াত কেঁচা নেতাইও, দশক দশক ধৰি শাসন জমাই আছে৷

৭. বাটে পথে খোজকাঢ়োতে, গাড়ী চলাওতেও জীৱনৰ অংক কৰি নাযাব, নহ’লে কোনোবা মুহুৰ্তত হঠাত বিয়োগাত্মক ফলাফল ওলোৱাৰেই সম্ভাৱনা অধিক ৷

৮. আপোনাৰ "হাত" শূণ্য, তেন্তে পূৰণ, হৰণত নালাগিব, "ৰাজহুৱা ধনৰ অক্ষয় পাত্ৰ থকা হাত"ৰ সতে যোগ দিয়ক৷ দেখিব সোনকালেই আপোনাৰ হাতৰ পৰা শূণ্যতো বিয়োগ হৈ গৈছে৷

৯. কোনোবা অফিচত পইচাৰ বৰষুণ হৈছে, বাৰাণ্ডাৰ কাষতে কাণ উনাই এচাৰকণিৰ আশাত ৰওক৷ RTI নামৰ চাটিটো ওলোটাকৈ মেলিব পাৰিলে চাটি ভৰাই সেই পইচাৰ ভাগ বুটলিব পাৰিব সেই কথা নিশ্চিত থাকক ৷

১০. শ্ৰীমতীৰ চকু বন্ধ, টোপনিত, কিন্তু হঠাত স্বামীয়ে যে পিঠি দিছে সেই কথা কেনেকৈ গম পায়, সেই অংকটোৰ উত্তৰ ওলোৱাটোও এটা দুৰূহ কাম ৷

বৃহস্পতিবাৰৰ ফেচবুক বিশেষ-২ ৰসাল হিতোপদেশৰ বাবে ইয়াত ক্লিক কৰক
বুধবৰীয়া "জালুকবাৰী বিশেষ" ৰসাল হিতোপদেশৰ বাবে ইয়াত ক্লিক কৰক৷
মঙ্গলবৰীয়া "ফেচবুক বিশেষ" ৰসাল হিতোপদেশৰ বাবে ইয়াত ক্লিক কৰক৷
সোমবাৰৰ "গাভৰু বিশেষ" ৰসাল হিতোপদেশৰ বাবে ইয়াত ক্লিক কৰক৷

1 comment: