মহাদুষ্ট পদ্য - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

মহাদুষ্ট পদ্য

Share This
শনিবৰীয়া ৰাতি শক্তিপীঠত শৰ্মা, পদ্যত আহিল সেই 
দুৰ্দান্ত বাৰ্তা…#ধ্ৰুৱজ্যোতি শইকীয়া

দূৰ্দান্ত দাদাৰ মহা চিন্তাৰ সময়,
বহুদিন ধৰি নিমাত,
সপৰিবাৰে এইবাৰ ৰাজনীতিত নামি,
খাব খুজিছে ৰাজপাট ৷

বুলো কিমানদিন আৰু মন্ত্ৰী হৈ চলিব,
আছে যেতিয়া ৰাজযুগ,
দূৰ্দান্ত দাদাই সেয়ে কামাখ্যা দেৱীক,
আগবঢ়ালে পূজা ভোগ ৷

আশিষ ললে হাঁহি ককাইদেউক,
আঁতৰাই বঢ়িব চকীত ,
যজ্ঞৰ আহুতিত মন্ত্ৰ পাঠ কৰিলে,
বিলীন হৈ মাৰ ভকতিত ৷

মেনেজ হব পাৰে আই কামাখ্যা,
পূজা ভাগি ভক্তিৰে পাই,
দেবী আইত আছে অগাধ ভকতি,
আইৰ মান শক্তি কাৰো নাই ৷

আই অসমীৰ মৰমৰ সন্তান
জয় আই অসমৰ বাণী,
পপুলাৰিটিৰ কোব দেখি অমুকাক
হাতে ধৰি আনিলে টানি ৷

ভাষণৰ বল মুখৰ ফুটনি
এক কৰি কওঁ দহ,
মোৰে কথাৰে গুণমুগ্ধ এচামে,
নিতৌ কৰে উঠ বহ ৷

ধন মানেই পুৰুষৰ হাতৰ মলি,
মলিয়ন কৰিছো হাত,
লেতেৰা হাতেৰে সোনৰ চামুচত
সেয়ে খাবলৈ শিকিছে ভাত ৷

বৰ জ্বলে দুই এক ঘৰ বিভীষণ,
নিজে কৰিব পৰা নাই একো
হাইকমাণ্ডক পিঙাইছে পিন্ধাইছে,
মই ভয় নকৰো কাকো ৷

দেবী আইৰ আশিষ শিৰত লৈছো,
চকী হবই হব মোৰ,
বাপ বেটাৰ প্লেন নিদিওঁ হবলৈ,
মই জীয়াই থাকোঁতে পূৰ ৷...

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages