Monday, May 27, 2013

সোমবাৰৰ মহাদুষ্ট পদ্য

মনে মনে…
#ধ্ৰুৱজ্যোতি শইকীয়া

মনেমনে দাদাৰ আগমন শুনি,
মহা চিন্তা জাপানৰ,
খোজৰ গতিত খোজ মিলালে,
কি হবগৈ কামৰ…

বহিল বিজ্ঞানী আৱিস্কাৰক সকলো,
তৎপৰ হ'ল সকলো বিভাগ,
ভাৰতৰ টাইমত লাহে ধিৰে চলিলে,
প্ৰগতিত পৰিব প্ৰভাৱ ৷

ৰঙা লাইট লগা লানি লানি গাড়ী
গোটেই ৰাষ্টাক কৰি ব্লক,
জাপানৰ ৰাষ্টাত ব্যষ্টতাৰ দৌৰ,
দিন ৰাতি ৰাওণ্ড ডা ক্লক৷

দিহা কৰা হ'ল ৰবট ৱাকাৰ,
ৱাক ফাষ্ট ৱৰ্ক ফাৰ্ষ্ট,
ৰভাঘৰ মাইকো লগোৱা নহ'ল,
অপব্যয় কৰা নহয় বৰদাষ্ট৷

মনেমনে দাদা বহিবলৈ বনালে,
মাইণ্ড ৰিডাৰ ৰবটিক চকী,
বহিলেই হ'ল মনৰ কথাবোৰ
স্পিকাৰে থাকিব বকি ৷

এনেয়ে দাদাৰ অগাধ বিশ্বাস,
আন্তৰ্জাতিক তেওঁৰ ট্ৰাষ্ট,
ভাৰতৰ বাদে যলৈকে নাযাওক,
কৰি লয় এডজাষ্ট ৷

ইমান দিনে বুতামত চলি,
নাই বুতাম চলোৱা অভ্যাস,
জাপানৰ প্ৰপেৰেশ্বন শুনি সেয়ে বাঢ়িছে
মনত এক অজান ত্ৰাস ৷

No comments:

Post a Comment