মঙ্গলবৰীয়া ৰসাল হিতোপদেশ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মঙ্গলবৰীয়া ৰসাল হিতোপদেশ

মঙ্গলবৰীয়া ৰসাল হিতোপদেশ

Share This
ফেচবুক সম্পৰ্কীয়  হিতোপদেশ বিশেষ

১. ফেচবুকৰ পখিলা কবি সকলে ভোমোৰা কবি সকলৰ পৰা সাৱধান৷ তাতে আকৌ এই ভোমোৰা শব্দটোৰ ঠাইত "ভোবোৰা কবি"কো সামৰি লোৱাতো ভাল৷

২. আপুনি যদি দেশে বিদেশে সুখত আছে, তেন্তে যি বোৰ ছোৱালীয়ে আপোনাক পাত্তা নিদিলে, সেই সকলক ফটোত টেগ কৰক৷ সিহঁতেও গম পাওক, কোন ৰত্নক তেওঁলোকে মিচ কৰিলে!

৩. আপুনি যদি দামী ৰেষ্টুৰাত এসাঁজ খালেই, লগৰ দহজনক নজ্বলালেই, কিটো কৰিলেহে? খোৱাৰ আগতে ফটো আপলোড কৰি টেগ কৰি দিবলৈ নাপাহৰিব!

৪. আপুনি কাৰোবাৰ ফটো দেখিও লাইক মাৰা নাই, ইফালে আপোনাৰ লাইকলৈ ৰৈ ৰৈ আমনি লাগি আপোনালৈ তেওঁ ফোন কৰিছে, তেন্তে নেট ইমান শ্ল নহয়, ফটো নুখুলেই বুলি টেলিকম কোম্পানীক উধাই মুধাই গালি পৰা আৰম্ভ কৰক ৷

৫. আপুনি যদি মোবাইলেৰে ষ্টেটাছ দিছে, তেন্তে লোকেচনটো অফ কৰি লব, নহ’লে বছ, পত্নী বা মাতৃৰ পৰা ফোন আহিব পাৰে, সাৱধান!

৬. ফেচবুকত চিনাকি, তাৰ পাছত ইনবক্স ইনবক্স, তাৰ পাছত ফোন নং, এইবাৰ এচ এম এচৰ খেল, ৰাতি ৰাতি গা-গৰম কৰা কথা৷ চিন্তা নকৰিব আগবাঢ়ক, টেলিকম উদ্যোগক আগুৱাই নিয়াত নাগৰিক হিচাবে আপুনিও প্ৰভূত অৰিহণা যোগোৱাৰ প্ৰয়োজন আছে৷

৭. ফেচবুকত ফেচ দেখি ৰঙিলী পমিলীৰ পাছ নলব, এইখন ভাৰ্চুৱেল পৃথিৱীৰ ভাৰ্চুৱেল মুখা হোৱাৰ সম্ভাৱনাই অধিক ৷

৮. ধুনীয়া ছোৱালীৰ ফটো দেখি পাছ ল’লে হয়, তাইৰ ঘৰৰ ফটোও ইনবক্স কৰিবলৈ কওক৷ বহুতৰ আকৌ বাহিৰত বৰ চুৰীয়াৰ ফেৰ, ঘৰত ঢকুৱাৰ বেৰ, সেই ফঁকৰাটিলৈ নাপাহৰিব!

৯. "ফেচবুকৰ গ্ৰুপৰ এডমিন কৰো" বুলিলেই ছোৱালী বিয়া নিদিব, সেইটো ফেচবুক কোম্পানীৰ দৰমহা পোৱা চাকৰি নহয় সেই কথা মন কৰক আৰু দহজনকো বুজাওক৷ এই বহাগতে সেই চাকৰিৰ বাহানাতে একুৰি মানে অসমত পাণি গ্ৰহণ কৰাৰ তাজা খবৰ আহিছে, সেই সকল জোঁৱাইৰ হেনো কোম্পানীৰ হেড অফিচ আমেৰিকাত! ঘৰতে বহিও কাম কৰিব পাৰি বোলে, কিবা ৱৰ্ক ফ্ৰম হোম!

১০. নেটটো খুলিলেই নিচাই ধৰে, দিনৰ দিনটো ফেচবুক কৰে, টোপনি ধৰিলেহে আৰাম কৰে৷ এই ৰোগে আক্ৰমণ কৰিছে যদি নেট-পেক বৰ্জন কৰি ওচৰৰ মানসিক চিকিৎসালয়ত এভূমুকি মাৰক৷

১১. কোনোৱে যদি মদ খুৱাক লৈ আপোনাক বৰকৈ গঞ্জনা দিছে, তেন্তে মদৰ বটল, এটা গিলাচ আৰু তন্দুৰী মুৰ্গী এটাৰ ফটো এখনত তেওঁক টেগ কৰি দি লিখক, এইটোৰে হব নে? আকৌ লাগিলে ৰাতি ফোন কৰিবি, মই বেয়া নাপাও!

4 comments:

  1. এই শিতানটো খুবেই ভাল লগা হৈছে ।

    ReplyDelete
  2. হহুৱালে দেই| (y)

    ReplyDelete
  3. আপুনি যদি ফেচবুকৰ আন গোটত পাত্তা পোৱা নাই, আপুনি কৰা ভুলৰ বাবে প্ৰশাসকে আপোনাক টান কথা শুনাইছে তেন্তে চিন্তা নকৰিব৷ গোটটোৰ পৰা ওলাই আহক আৰু ফেক একাউণ্ট এটা খুলি নতুন এটা গোট সৃষ্টি কৰি সেই গোটৰ সদস্যসকলক ভৰ্তি কৰক আৰু দুদিন মান সেই গোটৰ কথাবোৰ টানি আনি তাক ব্যঙ্গ কৰি শেষত নিজেই আঁতৰি যাওক৷ মনে মনে পাৰিলে আপোনাৰ দৰে ভুক্তভোগীৰ সন্ধান কৰি বিসম্বাদ আৰম্ভ কৰি দিয়ক৷ শগুণৰ শাওত বুঢ়া গৰু নমৰিলেও আপোনাৰ কলিজাখন ঠাণ্ডা পৰিব৷

    ReplyDelete
  4. এইটো পৰামৰ্শ নে কটাক্ষ? নে ৰসাল হিতোপদেশৰ সৈতে আৰু যোগ দিছে....
    শগুন হব পাৰিলে ভালেই...অন্ততঃ সাংবাদিকতকৈ...বন-ৰজাৰ মতে!
    আৰু ফেচবুক কোম্পানীৰ গোটৰ বিসম্বাদক লৈ কান কৰা গগৈ ৰজাৰ প্ৰজা ইমান অলপ ধতুৱা নহয়, আমাৰ চাৰে নিজেই...জালুকবৰীয়াৰ দৰে বাঘলৈকে ৰজাই ভয় নকৰে যেতিয়া, প্ৰজাইনো ফকতীয়া কেইজন মানৰ শব্দত বুঢ়া গৰুলৈ হেপাঁহ কৰিবনে? আমাৰ ফালে আহিব, উন্নত জাতৰ চেউৰীকে বিশ্ববেংকৰ ধনেৰে আপোনাসৱলৈ যোগান ধৰিব পৰা যাব...

    ReplyDelete