AXD 219: 25TH MAY 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

AXD 219: 25TH MAY 2013

AXD 219: 25TH MAY 2013

Share This

অসমীয়াৰ সুখ দুখ
প্ৰথম বছৰ ২১৯তম সংখ্যাঃ ২৫মে’ ২০১৩

সামাজিক যোগসূত্ৰৰ মঞ্চত অসমীয়া জন-জীৱনৰ বাৰ্তাবাহক
সুখৰ খবৰঃ

১. এভাৰেষ্টত পুনৰ বিজয়ধ্বজ্জ উৰুৱালে অসমীয়াইঃ এইবাৰ শিখৰ জয় কৰিলে গুৱাহাটীৰ মনীষ কুমাৰ ডেকাই ৷

২. তেজপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’ল একাদশ সমাবৰ্তনঃ অনুষ্ঠানত ভাগ লৈ ৰাজ্যপালে ক’লে-"শ্ৰীমন্ত শংৰদেৱক বাদ দি আধুনিক অসমৰ কথা কল্পনাও কৰিব নোৱাৰি৷"

৩. শিক্ষাক লৈ কৰা ল’ৰা-ধেমালি কৰা নহব সহ্যঃ মেঘালয়ৰ ৰাজ্যপালৰ কঠোৰ স্থিতি, দফাই দফাই আইন ভংগ কৰা চিএমজে বিশ্ববিদ্যালয় ভংগ কৰিব পাৰে যি কোনো মুহূতৰ্তে ৷

৪. আন্নাৰ দুৰ্নীতি বিৰোধী আন্দোলনৰ সুফলঃ এতিয়া দেশত মন্ত্ৰী-বিষয়াই উৎকোচ লবলৈ ভয় কৰিবলৈ লৈছে বুলি দাবী কৰিলে কিৰণ বেদীয়ে, গুৱাহাটীত ৷

৫. সৰ্বশিক্ষাত এবছৰতে ৪৯০কোটি টকাৰ নিৰ্মাণ কেলেংকাৰি, কৃষক মুক্তিয়ে কৰিলে কাৰ্যালয় ঘেৰাওঃ বিচাৰিলে তথ্য জনাৰ অধিকাৰৰ আধাৰত সকলো তথ্য ৷

৬. ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত চিনেমাটোগ্ৰাফাৰ, প্ৰয়াত মৃনালকান্তি দাসৰ চিত্ৰনাট্য "অৰণ্যত বৰষুণ" প্ৰকাশ পালে গ্ৰন্থ ৰূপেঃ অসমীয়া পাঠকে ছবি নিৰ্মাণৰ প্ৰাৰম্ভিক কাম-কাজৰ এক আভাস এই গ্ৰন্থ ৰূপে পাব পাৰিব বুলি আশা প্ৰকাশ কৰিলে উন্মোচক তথা বিশিষ্ট গল্পকাৰ অপূৰ্ব শৰ্মাই ৷

চিন্তনীয় খবৰঃ
১. এইবাৰ পৱন সিং ঘাটোৱাৰৰ প্ৰতিকৃতি জ্বলিল শিৱসাগৰতঃ নিকৃষ্ট ৰাজনীতি বন্ধ কৰিবলৈ আহ্বান জনালে কোঁছ ৰাজবংশী ছাত্ৰ সন্থা ৷

২. ৰাজ্য সভাৰ নিৰ্বাচন, আজমলে নাৰাখিলে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ অনুৰোধঃ এইবাৰ অসণ্টুষ্ট বিধায়কৰে বৈঠক কৰিব, প্ৰদেশ কংগ্ৰেছৰ সহযোগী তত্বাৱধায়ক হাছমীয়ে ৷

৩. ৰাজ্য সভাত ভোটদানৰ পৰা বিৰত থাকিব অগপঃ সৰ্ব সন্মত প্ৰাৰ্থী নথকা বাবেই ল’লে এনে সিদ্ধান্ত ৷

৪. নগা দুৰ্বৃত্তই অপহৰণ কৰি নিয়া দুই শ্ৰমিকৰ খবৰ লবলৈ যাওঁতে অঘটনঃ থানাতে নিৰাপত্তাৰক্ষীয়ে প্ৰহাৰ কৰিলে মৰিয়নিৰ বিধায়কক ৷

৫. কাজিৰঙাত পুনৰ গঁড় নিধন আৰু খৰ্গ কাটি নিয়াৰ ঘটনাই নতুন প্ৰযুক্তিৰে মানৱ বিহীন উৰণীয়া যানেৰে কাজিৰঙাৰ নিৰীক্ষণ প্ৰকল্পলৈ দেখুৱালে বুঢ়া-আঙুলি ৷

৬. লোকপিয়লৰ তথ্যই পুনৰ উদঙালে অনুপ্ৰৱেশৰ ভয়াবহ ছবিঃ ছাত্ৰ সংস্থাই কৰিলে চৰকাৰক সমালোচনা ৷

৭. এইবাৰ ৰাজ্যসভাত হ’ব ক্ৰছভোটিঙঃ তাৰ ফলতেই নিজৰ প্ৰাৰ্থী জয়ী হব বুলি দাবী কৰিলে আজমলদেৱে ৷

৮. ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থা নামৰ ভুৱা কলিকতীয়া এনজিঅ’ই চাকৰিৰ বিজ্ঞাপনেৰে লুটিলে কেইবা লাখ নিৱনুৱাকঃ ভুৱা বিজ্ঞাপন কঢ়িয়াই নিয়া বাতৰি কাকতৰ দ্বায়িত্বক লৈও উঠিল প্ৰশ্ন ৷

৯. ডিমা হাচাওৰ পৰিষদৰ নিৰ্বাচনী ফলাফলঃ ওলোমা পৰিষদৰ সম্ভাৱনা ৷

No comments:

Post a Comment