AXD 216: 22ND MAY 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

AXD 216: 22ND MAY 2013

AXD 216: 22ND MAY 2013

Share This
প্ৰথম বছৰ ২১৬তম সংখ্যাঃ ২২ মে’ ২০১৩
সামাজিক যোগসূত্ৰৰ মঞ্চত অসমীয়া জন-জীৱনৰ বাৰ্তাবাহক

সুখৰ খবৰঃ
১. পংগুত্বক উপলুঙা কৰি ঝাৰখণ্ডৰ অৰুণিমা সিনহাই জয় কৰিলে বিশ্ব শিখৰ মাউণ্ট এভাৰেষ্টঃ পৰিগণিত হ’ল কৃত্ৰিম ভৰিৰে এই শৃংগ জয় কৰা প্রথমগৰাকী ভাৰতীয় ৰূপে ৷


২. গোৱা চৰকাৰৰ ৰাজহ বিভাগে মাটিৰ জৰীপ আৰু মেপৰ তথ্য ৰাখিবলৈ সাজি লোৱা পৰ্টেলে লাভ কৰিলে এটা আন্তৰ্জাতিক পুৰষ্কাৰ৷ "ধৰ্নাকাশ" নামেৰে ই-গৰ্ভানেন্সৰ ক্ষেত্ৰত সাধাৰণ মানুহে সহজ ব্যৱহাৰযোগ্যকৈ বনোৱা এই পৰ্টেলে জিঅ’স্পেচিয়েল ৱৰ্ল্ড এপ্লিকেচন এক্সেলেন্স এৱাৰ্ড জিকিবলৈ সক্ষম হয়৷ তাৰ বাবে ই বিশ্বৰ বিভিন্ন দেশৰ ২৭০টা মনোনয়নক পৰাজিত কৰি নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে ৷


৩. উৰিষ্যাৰ বলুকা শিল্পী সুদৰ্শন পাটনায়কলৈ আন্ত-ৰাষ্ট্ৰীয় বঁটা "গ্ৰেণ্ড প্ৰাইজ": ডেনমাৰ্কৰ কোপেনহেগেনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বলুকা মহোৎসৱত "গো গ্ৰীণ ছেভ আৰ্থ" শীৰ্ষক ভাস্কৰ্যৰ বাবে লাভ কৰে এই বঁটা ৷

৪. বিশ চেকেণ্ডতে হৈ যাব মোবাইল চাৰ্জঃ ভাৰতীয় মূলৰ আমেৰিকা নিৱাসী তথা হাভাৰ্ডৰ ছাত্ৰী ছাত্ৰী ঈশা খাৰেৰ উদ্ভাৱনী চাৰ্জাৰ ফ’নিক্সত অনুষ্ঠিত ইণ্টেল-ইণ্টাৰ নেশ্বনেল ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং ফেৰায়ত বিক্ৰী হ’ল ২৭লাখ টকাত ৷

৫. আমেৰিকাৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী ডঃ চেলী ৰাইডলৈ যুক্তৰাষ্ট্ৰ খনৰ সৰ্বোচ্চ অসামৰিক সন্মানঃ ১৯৮৩চনত এই নতুন ইতিহাস ৰচনা কৰা মহাকাশচাৰী গৰাকীক এক আদৰ্শৰূপে প্ৰতিষ্ঠাৰ বাবেই মৰণোত্তৰ ভাৱে এই সন্মান প্ৰদান কৰিব বৰাক ওবামাই ৷

৬.দুৰ্নীতিৰ তদন্ত চলোৱা বিষয়াক হেঁচা প্ৰদানৰ বিষয়ত আঠজন শীৰ্ষ আৰক্ষী বিষয়াৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিলে বিশেষ ন্যায়াধীশ, অসমৰ আদালতে ৷

৭. অভিনেতা বিজু ফুকন আৰু চিত্ৰশিল্পী তপন বৰদলৈক প্ৰদান কৰিলে তৰুণ দুৱৰা সোঁৱৰণী অইল ইণ্ডিয়া বঁটাঃ ৰবীন্দ্ৰ ভৱনত হোৱা অনুষ্ঠানত চিত্ৰশিল্পী গৰাকীয়ে ক’লে-অসমৰ চিত্ৰকলাৰ ভিতৰত সত্ৰ তথা নামঘৰ সমূহত থকা পুথি চিত্ৰসমূহ এক অমূল্য সম্পদ স্বৰূপ ৷

৮. ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ে লাভ কৰিলে তিনিজন নতুন ন্যায়াধীশঃ মানস ৰঞ্জন পাঠক, লানুছুংকাম জমিৰ আৰু নিশিতেন্দু চৌধুৰীক অতিৰিক্ত ন্যায়াধীশ ৰূপে আজি মুখ্য ন্যায়াধীশে শপত গ্ৰহণ কৰাব ৷

৯. আই পি এলৰ স্প’ট ফিক্সিং কেলেংকাৰীৰ নতুন নতুন তথ্য পোহৰলৈঃ বলীউডৰ সৈতে ক্ৰিকেটৰ কংলকিত সম্পৰ্কক উদঙাই গ্ৰেপ্তাৰ বৰণ কৰিলে দাৰা সিঙৰ পুত্ৰ বিন্দুয়ে, ঘৰতে উদ্ধাৰ হ’ল কোটিৰ ঘৰত নগদ টকা ৷

১০. মহানগৰীৰ ৰাজীৱ ভৱনত পালিত হ’ল ৰাজীৱ গান্ধীৰ ২২তম মৃত্যু দিৱস, প্ৰকাশ কৰিলে স্বৰণিকাওঃ তেখেতৰ আদৰ্শক স্মৰণ কৰিলে নেতা-কৰ্মীয়ে৷

চিন্তনীয় খবৰঃ
১. সুন্দৰী আৰু ধনৰ মোহে আসক্ত কৰিছিল ক্ৰিকেটাৰ শ্ৰীসান্থকঃ গ্ৰেপ্তাৰ হোৱাৰ আগেয়ে বান্ধৱীক দিছিল ৪২হাজাৰ টকীয়া মোবাইল উপহাৰ ৰূপে ৷

২. আইপিএলৰ পৰা নিজৰ দল আঁতৰাই নিলে পুনে ৱাৰিৱৰছেঃ ছাহাৰা ইণ্ডিয়াই কৰিলে ঘোষণা, অহা বছৰৰ জানুৱাৰীৰ পৰা তেওঁলোকে নকৰে ভাৰতীয় ৰাষ্ট্ৰীয় ক্ৰিকেট দলক স্প’নছৰ ৷

৩. মেডিকেলৰ নাম ভৰ্তিৰ বাছনি পৰীক্ষাত ৯জনকৈ ভুৱা পৰিক্ষাৰ্থী হৈছিল গ্ৰেপ্তাৰঃ বেলেগ ৰাজ্যৰ পৰা এনে ভুৱা পৰিক্ষাৰ্থী আমজানি চক্ৰ উদঘাটনৰ বাবে সচেতন ৰাইজে তুলিলে দাবী ৷ 

৪. ৰাজ্য সভাৰ প্ৰাৰ্থীত্ব দিয়া তিনিজনৰ মনোনয়ন বৈধ ঘোষণাঃ প্ৰধানমন্ত্ৰীক সন্মান জনাই এআইডিইউএফৰ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ আহ্বান জনালে ভুৱনেশ্বৰ কলিতাই ৷

৫. বহু মহাবিদ্যালয়ত নাই প্ৰয়োজনীয় আন্তঃগাঁথনিঃ পাজ্যৰ ২০০খন মহাবিদ্যালৰ অধ্যক্ষৰ উপস্থিতিত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’ল বৈঠক৷

৬. ওদালবাক্ৰাত বাহৰ পাতি চলাইছিল গুৱাহাটীত ত্ৰাসঃ মহানগৰীত গ্ৰেপ্তাৰ হ’ল ১০জনীয়া ডকাইতৰ দল ৷

৭. গাৰো পাহাৰত উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলীচালনাঃ অসমৰ পাঁচ জনকৈ শ্ৰমিকৰ মৃত্যুৰ বাতৰি ৷ দাৰংদুৰা কয়লাখনিত এই নৃশংস ঘটনাঃ লানি পতাই হত্যা কৰিলে শ্ৰমিকসকলক ৷

৮. গুৱাহাটীৰ পল্টন বজাৰ হৈ পৰিছে ক্ৰাইম কেপিটেলঃ  হোটেলত জোৱানৰ আত্মহত্যাৰ দুঃখবৰ ৷ বিহাৰৰ বাসিন্দা শ্ৰমিক যোগনীয়াৰক হোজাইত প্ৰলোভনেৰে কৰিলে অপহৰণঃ দুজন গ্ৰেপ্তাৰ ৷

৯. কলৰ ভূৰত জল-সম্পদ মন্ত্ৰীৰ প্ৰতীকী শৱদেহ উটুৱালে টিএমপিকেইঃ সোৱণশিৰি খহনীয়াত জাহ গ’ল দুই শতাধিক পৰিয়ালৰ ঘৰ-সম্পদ, চৰকাৰী ব্যৰ্থতাত প্ৰকাশ কৰিলে প্ৰৱল ক্ষোভ ৷

১০. মুম্বাইত ধৰা পৰা জাকিৰ-জিনাক অনা হ’ল মহানগৰীলৈঃ চান্দনী হত্যাৰ গোচৰত আৰক্ষীয়ে চলাইছে মাৰাথান জেৰা ৷

ৰাষ্ট্ৰীয় খবৰঃ
১. প্ৰকাশ পালে হেডলাইনচ টুডে আৰু চি-ভোটাৰৰ প্ৰাক-নিৰ্বাচনী সমীক্ষাঃ আজি নিৰ্বাচন হ’লে বিজেপিয়ে পাব ১৩৭খন আসন, বিপৰীতে কংগ্ৰেছৰ বিজয় হোৱাৰ সম্ভাৱনা ১১৬খন আসনতহে ৷

২. উচ্চতম ন্যায়ালয়ে স্প’ট ফিক্সিং কেলেংকাৰীৰ বাবে যদিও আইপিএল প্ৰতিযোগিতাক নিষিদ্ধ কৰিবলৈ অস্বীকাৰ কৰিলেঃ কিন্তু দুৰ্নীতি নিবাৰণত নাকী লগাব নোৱাৰাৰ বাবে বিচিচিআইক কৰিলে কঠোৰ সমালোচনা ৷

৩. চীনা সৈন্যক অকৃত্ৰিম সেৱা আগবঢ়োৱা ডাঃ ডি কোটনিছক সোঁৱৰিলেহি চীনা প্ৰধানমন্ত্ৰীয়েঃ দেখা কৰিলেহি ভাৰত-চীন মৈত্ৰীৰ আদৰ্শ স্বৰূপ সেই মহান চিকিৎসকৰ পৰিয়ালবৰ্গক, মুম্বাইত ৷

৪. শিক্ষক নিযুক্তি কেলেংকাৰীত অভিযুক্ত হোৱা হাৰিয়ানাৰ পূৰ্বৰ মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালালৈ আদালতে দিলে ৰেহাই, মঞ্জুৰ কৰিলে অন্তবৰ্তী জামিন ৷

৫. প্ৰতিৰক্ষা সচিব শশীকান্ত শৰ্মা নিযুক্ত হ’ল দেশৰ নতুন CAG ৰূপেঃ আম আদমী পাৰ্টিৰ হৈ প্ৰশান্ত ভূষণে ক’লে-এই নিযুক্তি অবৈধ আৰু এই দুৰ্বল কেগে মাত্ৰ ৰিলায়েঞ্চ কোম্পানীৰ স্বাৰ্থকহে সুৰক্ষা দিব৷

৬. উত্তৰ প্ৰদেশৰ দলিতৰ নেতাৰ সোঁৱৰণত সজোৱা মূৰ্তিৰ কোটি টকীয়া কেলেংকাৰীক লৈ উত্তপ্ত ৰাজনীতিঃ লোকায়ুক্তৰ মন্তব্যত মুখ্যমন্ত্ৰী অখিলেশ যাদৱে ক’লে- চৰকাৰে ন্যায় ব্যৱস্থাৰ নিয়মকেই পালন কৰিব ৷

৭. মমতা বেনাৰ্জীৰ ঘৰৰ সমীপত প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যক ৰেলী কৰিবলৈ অনুমতি নিদিলে পশ্চিমবংগ আৰক্ষীয়েঃ সৰ্বত্ৰ প্ৰতিক্ৰিয়া ৷

৮. জম্মু-কাশ্মীৰত এচএচবিৰ জোৱানে শিবিৰতে চলালে গুলীঃ নিহত হ’ল সহকৰ্মী দুজন জোৱান৷

৯. বিদেশলৈ যদি ফুৰিবলৈ যায়, তেন্তে ভৰিব লাগিব অধিক টকাঃ মুদ্ৰাস্ফীতিয়ে চুলে নতুন সীমা, এক ডলাৰৰ দাম ৫৫.৪১টকা ৷

১০. সোণৰ দাম ২১মাহৰ ভিতৰত নিম্ন সীমাৰ পৰা এইবাৰ উঠিল অলপ ওপৰলৈঃ প্ৰতি ১০গ্ৰামৰ দামত ৬৮০টকাৰ মূল্যবৃদ্ধি ৷
---------------------------------
ৰসাল হিতোপদেশঃ

১. সহনশীলতাৰ পাঠ আওৰাব খুজিছে যদি, গুৱাহাটীৰ অটোষ্টেণ্ডলৈ যাওঁক, তাত ভাড়াক লৈ দৰদাম কৰাৰ অভ্যাস কৰিলে সহনশীলতা আপোনা-আপুনি গঢ় লৈ উঠিব ৷

২. মোক হেণ্ডচাম বুলি ঘৃণা নকৰিব, আপোনাৰ বান্ধৱীয়ে যে মোৰ কথাও ভাবে তাকে লৈ ঘৃণা কৰিব পাৰে!

৩. আপোনাক চাবলৈ দৰা আহিছে, আপোনাৰ বিয়া হবৰ মন নাই, তেন্তে দৰাঘৰৰ মানুহ বহা কোঠাটোৰ দুৱাৰ মুখলৈ আহি পৰ্দাৰ সিপাৰে তেওঁসৱে শুনাকৈ "বাই ডাৰ্লিং মুৱ্বাহ, মই অলপ নাটক কৰি আহো আৰু ৰবা, কল ইউ লেটাৰ" বুলি "সংলাপ" দিয়ক৷ তাৰ পাছৰকন সহায় আপোনাক দৰাঘৰে নিজেই কৰিব!

৪. বিয়া আচলতে শ্ৰীমতীয়ে কৰিবলৈ কোৱা সকলো কাম নিৰ্বিঘ্নে সমাপন কৰিবলৈ পোৱা এক অনন্য স্বাধীনতাহে!

৫. মল্লযুদ্ধ বোৰ প্ৰকৃততেই একোখন নাটকহে, সেই ডব্লিউ এফ এফ বোৰ ৷ কাৰণ তেওঁলোকে সেই বেল্টডালক লৈয়ে যুঁজি থাকে, অথচ সেইবোৰ মানুহে পেণ্টেই নিপিন্ধে!

৬. লোকৰ কথাত বেছিকৈ নুঠিব, মনত ৰাখিব, কাৰণ পৰিলে আপুনি মজিয়াতেই পৰিব!

৭. ধৰা নপৰালৈকে একোৱেই হেনো অবৈধ নহয়!

৮. ৰাতিপুৱা ভাতৰ লগত কি খালো মনত নাথাকে, মোক আকৌ আত্ম-জীৱনী লিখিবলৈ কয়!

৯. "এলজেব্ৰাক" কব, "এক্স" বোৰ বিচাৰি ফুৰি লাভ নাই, আন ৰঙিলী পমিলী পৃথিৱীত ধেৰ আছে!

১০. ছোৱালীবোৰে নিজৰ সৌন্দৰ্যক লৈ যিমান সচেতন, নিজৰ বুদ্ধিমত্তাক লৈ সিমান নহয়৷ কাৰণ তেওঁলোকে জানে, ল’ৰাবোৰ মুৰ্খ হব পাৰে, কিন্তু অন্ধ নহয় ৷

(সুখ দুখৰ ২০০তম সংখ্যা উপলক্ষে বিশেষ ৰহঘৰাৰ বাবে ইয়াত ক্লিক কৰক)
-------------------------------------------------------------------------------------------
বিশেষ সংযোজন
গগগানে গানে পৃষ্ঠাত
"উকি মাৰি গুচি যায়" আৰু "দোলা মোৰ আহিব এদিন" শীৰ্ষক গীতেৰে 
নতুন পৰিচয় গঢ়া

-------------------------------------------------------------
 আৰু

শিল্পী আৰু শিল্প শিতানত

“এখন নেদেখা নদীৰ সিপাৰে” ছবিৰ পৰিচালক বিদ্যুত কটকীৰ
মনৰ জগতৰ এক অন্বেষণ  


বিশেষ ৰাজনৈতিক বিশ্লেষণ
ক’ত শেষ হব "পলিটিকেল ক্লাছ" আৰু "সাধাৰণ মানুহ"ৰ মাজৰ সেই বৃহৎ ব্যৱধান

#অনিল কুমাৰ
ৰাষ্ট্ৰীয় পৰ্যবেক্ষক, সুখ-দুখ.কম 

আজিৰ তাৰিখত আমাৰ দেশে ৰাজনৈতিক অনুষ্ঠান সমূহৰ পৰা যিটো বৃহৎ প্ৰত্যাহ্বান গ্ৰহণ কৰিব লগা হৈছে সেয়া আচলতে দুৰ্নীতি নহয়, ই হ’ল এক শক্তিশালী বিৰোধীৰ অভাৱহে ৷ দেশত বহু-দলীয় কৰ্মী জড়িত থকা কেলেংকাৰীবোৰ যেন এটা ধাৰাবাহিক পৰিঘটনালৈহে পৰিবৰ্তিত হৈছে৷ যেতিয়া কংগ্ৰেছে দেশক ডকাইতি কৰা মন্ত্ৰী কালমাদী, খুৰশ্বিদ, বানচাল বা অশ্চিনী কুমাৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাকৈ থাকিবলৈ পাৰ্যমানে চেষ্টা চলায়, সেইদৰে বিজেপিৰো একেই প্ৰচেষ্টা, গাডকাৰী আৰু য়েড্ডুৰাপ্পাৰ ক্ষেত্ৰত ৷ তেতিয়াই সাধাৰণ জনতা বাধ্য হয় "বেয়া" আৰু "অতি বেয়া"ৰ মাজৰ পৰা নিৰ্বাচন কৰাৰ দৰে কাম বলপূৰ্বক ভাৱে কৰিবলৈ৷ আজিৰ তাৰিখত যেন বিৰোধী দলে একো নকৰাকৈয়ে "এক বিকল্পহীন বিজয়" (By default) প্ৰাপ্ত কৰিছে ৷ এইটো যেন প্ৰতিটো পাঁচ বছৰৰ মূৰ মূৰে ঘটিব লগা এক নিয়মমাফিক ঘটনাহে!

এটা কেচ ষ্টাডিৰ ৰূপত বিগত কৰ্ণাটকৰ বিধান সভাৰ নিৰ্বাচনৰ কথাকে বিবেচনা কৰিবলৈ যোৱা যাওক৷ ২২৩খন বিধান সভাৰ আসনত বিধায়ক হোৱা ৩৯জনৰ বিৰুদ্ধেই গুৰুতৰ অপৰাধী গোচৰ (Criminal Charge) ৰুজু হৈ আছে ৷ যদি কোনোবাই ভুলতো ভাবিছে যে, এই শ্ৰেণীৰ মানুহে দেশ আৰু জনতাৰ সেৱা কৰিবলৈ আহিছে, সেয়া প্ৰকৃততেই এক মহাভুল! এতিয়া শৈক্ষিক অৰ্হতাৰ কথালৈ অহা যাওক, এই নিৰ্বাচিত সকলৰ এক তৃতীয়াংশই স্নাতক মহলাৰ দেওনা চুই নোপোৱা লোক৷ (তাৰ অৰ্থ হ’ল যি সকল চৰকাৰী চাকৰিৰ বাবে কোনোপধ্যেই বিবেচিত হোৱাৰ যোগ্যতা নাই, তেওঁলোকে আকৌ চৰকাৰকে চলাব!)

যদি ঘোষিত সম্পত্তিৰ কথা বিবেচনা কৰো, ইয়াৰে ৯৫% শতাংশতকৈ অধিক লোক কোটিপতি, আৰু এটা গড়মান উলিয়ালে সি ২০-২৫ কোটিৰ অৰ্থ সম্পদৰ সীমা পায়গৈ ৷ মই এইটো কথা স্পষ্ট কৰি দিব খুজিছো যে, এই সংখ্যা সকলো পাৰ্টি আৰু প্ৰতিটো পাৰ্টিৰ ক্ষেত্ৰতে সমবিতৰণৰ পাছতহে পোৱা গৈছে৷ তথাপিও, এটা দেশজোৰা এক বৃহৎ আন্দোলন (আন্নাৰ নেতৃত্বত) হৈ যোৱাৰ পাছতো দেশত এক নিকা ৰাজনৈতিক চিষ্টেম গঢ়াৰ বাবে কোনো ৰাজনৈতিক দলেই একো নিৰ্ভৰযোগ্য পদক্ষেপ হাতত নল’লে ৷ যিটো অতিকৈ পৰিতাপৰ কথা ৷

কর্ণাটকৰ বিগত নিৰ্বাচনত কংগ্ৰেচে ১২১খন আসন লাভ কৰিলে ৩৬% ভোট লাভ কৰি ৷ বিজেপিয়ে ৪০টা চীট নিজৰ দখললৈ আনিলে ২০% ভোটাৰৰ সমৰ্থন আদায় কৰি ৷ য়েড্ডুৰাপ্পাৰ কৰ্ণাটক জনতা পাৰ্টিয়ে ১০% ভোট লাভ কৰিলে ৷ সেয়ে আমি ২% ক্ৰছ ভোটিঙৰ সম্ভাৱনাকো বিবেচনা কৰিব লাগিব, (কাৰণ নতুনকৈ গঠিত য়েড্ডুৰাপ্পাৰ কৰ্ণাটক জনতা পাৰ্টিৰ সমৰ্থকে বিজেপিক হৰুৱাবলৈ কংগ্ৰেছক ভোট দিছে, আৰু কৰবাত বিজেপিক হৰুৱাবলৈ কংগ্ৰেছী সমৰ্থকেও কেজিপিক ভোট দিছে ৷)  যদি নিৰ্বাচনৰ আগতে বিজেপি কৰ্ণাটকত দ্বি-খণ্ডিত নহ’লহেতেন তেন্তে বিজেপিৰ খাটালৈ ৩২% ভোটেই আহিলহেতেন৷ তেতিয়া কংগ্ৰেছৰ হাতত থাকিব লগা ৩৪% ভোটেৰে প্ৰকৃততে ৯০-১০০ আসনহে হস্তগত কৰিবলৈ সক্ষম হ’লহেতেন (আৰু সংখ্যাগৰিষ্ঠ হোৱাৰ সীমাৰ পৰা যথেষ্ট দূৰতে থাকিব লগা হ’লহেতেন আৰু বিজেপিয়েও ৭০-৮০খন আসন লাভ কৰিলেহেতেন৷

আচলতে মই কবলৈ বিচৰা কথাটো হ’ল যে বিজেপি চৰকাৰৰ সীমাহীন দুৰ্নীতি, ইমান অপ-শাসন আৰু প্ৰতিষ্ঠানবিৰোধী ঢৌৰ পাছতো কিন্তু কোনোপধ্যেই জনতাই কংগ্ৰেছৰ পক্ষত সমৰ্থনৰ ঢৌ সৃষ্টি কৰা নাই ৷ কংগ্ৰেছৰ এই বিজয় মাত্ৰ এক "বিকল্প-বিহীন বিজয়" (By Default)হে ৷ প্ৰকৃততে মই বাখ্যা কৰিব বিচৰা দিশটো এয়ে যে সাধাৰণ জনতাই প্ৰকৃততে এই দুয়োটা দলৰ মাজত যে কিবা এটা পাৰ্থক্য আছে তাক বিচাৰি পোৱাত অক্ষম হৈ পৰিছে ৷ কাৰণ দুয়োটা দলেই সমানেই দুৰ্নীতিগ্ৰস্ত!

আজি পলিটিকেল ক্লাছ আৰু সাধাৰণ জনতাৰ মাজত আচলতে এক  বিশাল দূৰত্বহে বিৰাজ কৰিছে৷ সাধাৰণ জনতাই প্ৰতিবাদ প্ৰদৰ্শণৰ মাধ্যমেৰে এই কথাকেই বাৰে বাৰে সোঁৱৰাই দিছে যে, তেওঁলোকে এই ৰাজনীতিৰ এক সুদূৰ প্ৰসাৰী পৰিবৰ্তন বিচাৰে, কিন্তু সেই দাবীলৈ ৰাজনৈতিক মহলে কান নিদিয়ে বা দিব খোজা নাই৷  চিৰদিন একেধৰণৰ নেতাই দলীয় টিকট লাভ কৰি আহিছে বা জিকি আহিছে, পৰিবৰ্তন যদি হৈছে সেয়া হ’ল নেতাজনে সলনি কৰা দলহে!

তেন্তে আমি কেনেকৈ আশা কৰিছো যে তেওঁলোকৰ চৰিত্ৰ সলনি হব? তাৰ উত্তৰ হ’ল- তাৰ বাবে মানুহৰ সমুখত কিবা এটা নতুন বিকল্প থাকিব লাগিব৷ এটা নতুন দল যি সাধাৰণ জনতাই গঢ় দিব লাগিব আৰু তেওঁলোকৰ উদ্দেশ্য হ’ব লাগিব, দেশৰ সাধাৰণ জনতাৰ সেৱা কৰাহে৷ মনত ৰাখিব, এজন অশিক্ষিত, অপৰাধী ব্ৰেকগ্ৰাউণ্ডৰ কোটিপতিয়ে কেতিয়াও মানুহৰ বাবে কাম নকৰে৷ তেওঁ প্ৰকৃততেই ৰাজনীতিলৈ নামিছে তেওঁৰ সম্পত্তিক কম আয়াসতে কেইবা সূচকাংক বৃদ্ধি কৰিবলৈহে ৷

আপুনি যদি এটা পাৰ্টিৰ "পাৰ্টি অফিচ"লৈ যায়, তাত আপুনি সৰু-সুৰা লাভালাভৰ বাবে দলৰ লগত ঘূৰিবলৈ অহা সৰু সৰু নেতা-কৰ্মীকেই লগ পাব, যি সকলে শাসকৰ লগত মিতিৰালি কৰি থাকি ৰাস্তাৰ-ৰেলৰ-কয়লা আদিৰ ঠিকা সৰকাই দেশক লুটিবলৈহে তাত গোট খাইছে৷ তাৰ অৰ্থ হ’ল একোজন সৰু দলীয় কৰ্মীও আচলতে তেওঁৰ ব্যক্তিগত স্বাৰ্থসিদ্ধিৰ বাবেহে তাত সমবেত হৈছেহি ৷ তেনেকুৱা এটা দুৰ্বল ফাউণ্ডেচনৰ ওপৰত আপুনি কি এটা নিকা পাৰ্টি খাড়া কৰিব? 

কৰবাত এনে এটা পাৰ্টি আছেনে, য’ত এনে উদেশ্যৰে দলীয় কৰ্মীৰূপে সদস্য হোৱাৰ পৰা বাৰণ কৰি ৰখা হয় আৰু কোৱা হয় যে মাত্ৰ মানুহক বা দেশৰ সেৱাৰ বাবেহে এই দলত যোগদান কৰিব পাৰিব৷ আপুনি ভাবেনে কোনোবা এজন সৎ নেতা বা ব্যক্তিয়ে তেওঁৰ দলৰ পাৰ্টিৰ সদস্যক দুৰ্নীতি কৰিবলৈ এৰি দিব? আমাক প্ৰকৃততে শক্তিশালী বিবেকেৰে পৰিচালিত এক শক্তিশালী মৰেল ফাউণ্ডেচনৰ ওপৰত থিয় হোৱা এটা দল লাগে ৷ ভাৰতীয় জনতাই এনে এক এৰাব নোৱাৰা বিকল্পৰ সন্ধান পাবনে নেপায়, সেয়া সময়েই উত্তৰ দিব ৷




No comments:

Post a Comment