AXD 214: 20TH MAY 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

AXD 214: 20TH MAY 2013

AXD 214: 20TH MAY 2013

Share This
অসমীয়াৰ সুখ-দুখ
প্ৰথম বছৰঃ ২১৪তম সংখ্যাঃ ২০মে’ ২০১৩

আজিৰ বিশেষ
গগগানে গানে পৃষ্ঠাত
"উকি মাৰি গুচি যায়" আৰু "দোলা মোৰ আহিব এদিন" শীৰ্ষক গীতেৰে 
নতুন পৰিচয় গঢ়া

-------------------------------------------------------------
 আৰু

শিল্পী আৰু শিল্প শিতানত

“এখন নেদেখা নদীৰ সিপাৰে” ছবিৰ পৰিচালক বিদ্যুত কটকীৰ
মনৰ জগতৰ এক অন্বেষণ  

"আমেৰিকাৰ ৱাচিংটন ডি চিত অনুষ্ঠিত হোৱা দক্ষিণ এচিয়া বোলছবি মহোৎসৱত (South Asian Film Festival)  শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু শ্ৰেষ্ঠ  অভিনেতাৰ বঁটা কঢ়িয়াই  আনিবলৈ সমৰ্থ হোৱা তথা ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ চূড়ান্ত পয্যায়লৈ  নিৰ্বাচিত হোৱাৰ পিছতো কেৱল হিন্দী সংলাপ থকাৰ বাবেই  জুৰিৰ সদস্যসকলে অগ্ৰাহ্য কৰা ছবি “ এখন নেদেখা নদীৰ সিপাৰে”ৰ নিৰ্মাতা অসম সন্তান বিদ্যুত কটকীৰ সৈতে  দূৰভাষ যোগে হোৱা এটি অন্তৰংগ বাৰ্তালাপ পাঠক সমাজৰ বাবে সঃক্ষিপ্ত  কৰি  আগবঢ়ালোঁ।"
সম্পূৰ্ণ শ্ৰাৱ্য কথোপকথন ৰেডিঅ’ সুখ দুখৰ পৃষ্ঠাত
সূত্ৰৰ বাবে ইয়াতে ক্লিক কৰক

ই-সাহিত্য শিতানত
ধ্ৰুৱজ্যোতি শইকীয়াৰ
১. কবিতাৰে পদ্যাৰেঃ দৰৱ
২. হাস্য ব্যংগ পৃষ্ঠাতঃ পাঁচটা মহ-দুষ্ট পদ্য
--------------------------
আজিৰ সুখ-দুখৰ খবৰ
-----------------------------
সুখৰ খবৰঃ

১. আজি ঘোষিত হ’ব উচ্চতম মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলঃ কলা, বিজ্ঞান আৰু বাণিজ্য তিনিওটা শাখাৰ ফলাফলৰ বাবে ক্লিক কৰক http://ahsec.nic.in ত ৷

২. এনাজৰী.কমৰ উদ্যোগত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱালৈ ১৫০বছৰীয়া জন্মজয়ন্তীত শ্ৰদ্ধাৰ্ঘঃ উন্মোচিত হ’ল তেখেতৰ ৰচনাৱলী তথা জীৱনৰ তথ্যৰে ৱেবচাইট সাহিত্যৰথী.কম

৩. উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপঃ ৫০%তকৈ বেছি অবড়ো লোকৰ বসতি থকা ওদালগুৰি জিলাৰ ৪৩খন গাঁও বিটিএডিৰ পৰা কৰ্তনৰ নিৰ্দেশ দিলে ন্যায়ালয়ে ৷

৪. বন্ধুত্ব প্ৰতিশ্ৰুতি লৈ ভাৰত ভ্ৰমণলৈ আহি পালে চীনৰ প্ৰধানমন্ত্ৰীঃ দক্ষিণ এচিয়াৰ আন্তৰ্জাতিক কূটনৈতিক মহলে ৰাখিছে আশাৰ দৃষ্টি ৷

৫. প্ৰণৱ বৰুৱা শিল্পী বঁটা প্ৰদান কৰা হ’ল ডঃ জনক ঝংকাৰ নাৰ্জাৰীকঃ “গান গাব খুজি আঁকিলো ছবি” -তেখেতে প্ৰকাশ কৰিলে জীৱনৰ অনুভৱ ৷

৬. গ্ৰেপ্তাৰ হ’ল ভাৰতীয় সেনাত থাকি পাক চোৰাংচোৱা হৈ কাম কৰা সেনা জোৱান গ্ৰেপ্তাৰঃ দুৰ্ভাগ্যক্ৰমে এইজন সেনা জোৱানৰ ঘৰ অসমত ৷

৭. আমনিত স্থাপিত হোৱা ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সম্প্ৰসাৰণ কেন্দ্ৰক পূৰ্ণ  ৰূপ দিবলৈ কেন্দ্ৰীয় চৰকাৰে দিলে ১২কোটি ৩৩লাখ টকাৰ অনুদানঃ SIRDৰ দৰেই ৰূপ পাব অতি সোনাকালেই ৷

৮. নিকা প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী শপতনামা, চৰকাৰী ৱেবচাইট, বিগত নিৰ্বাচনৰ শপতনামাত বয়সৰ ওলাল ভিন্নতাঃ এই বিষয়ত দেশৰ নিৰ্বাচনী আয়োগলৈ আইনী জাননী জাৰি কৰিলে তেজিন্দৰ সিং পাল বাগ্গা নামৰ ব্যক্তিয়ে ৷

৯. উন্মোচিত আন এক ক’লা বেপাৰঃ মেডকেলৰ নামভৰ্তিৰ পৰীক্ষাত ৰাজ্যত গ্ৰেপ্তাৰ হ’ল নজনকৈ ভুৱা পৰীক্ষাৰ্থী৷সচেতন মহলে কঠোৰ ব্যৱস্থা লবলৈ জনালে আহ্বান ৷

১০. কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত নতুন সংগ্ৰামী চাহ শ্ৰমিক সংগঠনে কৰিলে আত্ম-প্ৰকাশঃ যোৰহাটৰ তিতাবৰৰ বোকাহোলা বাগিচাত জন্ম ল’লে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি ৷


১১. আজি অনুষ্ঠিত হব ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনঃ ২৮টা সমষ্টিত ১৩৮গৰাকী প্ৰাৰ্থীয়ে, ২০০টা ভোটগ্ৰহণ কেন্দৰ ভিতৰত ৯০টাক অতি-স্পৰ্শকাতৰ আৰু ৬০টাক স্পৰ্শকাতৰ ঘোষণা ৷

১২. অহা ২৭মে’ত কটন কলেজৰ ১১২তম প্ৰতিষ্ঠা দিৱসঃ কটন কলেজ একতা সভাৰ প্ৰাক্তন আৰু বৰ্তমানৰ বিষয়ববীয়া সকলৰ সংগঠনৰ উদ্যোগত এই দিৱস উদযাপনৰ চলিছে প্ৰস্তুতি ৷

১৩. আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীৰ জন্মদিৱস উদযাপন কৰিলে মাজুলীবাসীয়ে “সদ্ভাৱনা দিৱস” ৰূপেঃ ৫৫গৰাকী বৰেণ্য ব্যক্তিলৈ প্ৰদান কৰে সংবৰ্ধনা ৷ অনুষ্ঠিত হয় “নৱ-প্ৰজন্মৰ ভৱিষ্যত সম্ভাৱনীয়তাত আধ্যাত্মিক আৰু নৈতিক শিক্ষাৰ প্ৰাসংগিকতা” শীৰ্ষক আলোচনা চক্ৰও ৷


চিন্তনীয় বাতৰিঃ

১. ছেৱাৰ ৰিজাল্ট বিভ্ৰাটঃ শিক্ষামন্ত্ৰীয়ে দোষ জাপিলে চফটৱেৰক ৷ ত্ৰুটিৰ পৰিমানক শতাংশত প্ৰকাশেৰে আভুৱা ভাৰিবলৈ অনুষ্ঠান কৰিলে  টিভি চেনেলত ৷

২. এনডিএফবিৰ ধন দাবীত অতীষ্ঠ ৰাইজঃ চিৰাঙত ওলাল বিশাল প্ৰতিবাদী সমদল ৷

৩. গোসাঁইগাৱত দিন-দুপৰতে চুৰি কৰিলে লক্ষাধিক টকাৰ সোণৰ অলংকাৰঃ আইন-শৃংখলা ব্যৱস্থালৈ দেখুৱালে বুঢ়া আঙুলি ৷

৪. অগ্নিৰ সতে নৃত্য পৰিবেশন কৰিবলৈ গৈ ফৰকাটিঙৰ যুৱক অগ্নিদগ্ধ হ’ল বিহু মঞ্চতঃ গোলাঘাটত হ’ল চিকিৎসাধীন ৷

৫. সাংগঠিক পৰ্যালোচনাৰ বাবে যোৱা অগপ নেতা ৰোষত পৰিল স্থানীয় নেতা কৰ্মীৰ, ভগামুখৰ ঘটনা ৷

৬. শিৱসাগৰৰ চৰকাৰী চিকিৎসালয়ত অৰাজকতাঃ ২৯চিকিৎসক-৬০ নাৰ্ছেও আগবঢ়াব পৰা নাই উপযুক্ত সেৱাঃ ব্যক্তিগত চেম্বাৰলৈহে চিকিৎসক দৌৰি দৌৰি যোৱাৰ খবৰ!

৭. বোকাখাতৰ পৰা অস্ত্ৰসহ দুজন চোৰাং চিকাৰীক আটক কৰিলে কাজিৰঙাৰ নিৰাপত্তা কৰ্মীয়ে ৷

৮. পুনৰ যৌতুকজনিত কাৰণত মহিলা হত্যাৰ বাতৰি চামগুৰিতঃ হত্যাকাৰীৰ ঘৰ লণ্ডভণ্ড কৰিলে উত্তেজিত ৰাইজে, স্বামী, শহুৰসহ তিনি দুৰ্বৃত্তক গ্ৰেপ্তাৰ ৷

৯. ধৰা পৰা ভুৱা পৰীক্ষাৰ্থীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী তুলিলে আছুৱেঃ লগতে এভাৰেষ্ট জয় কৰা তৰুণ শইকীয়ালৈ জনালে অভিনন্দন ৷
১০. মেট্ৰিকত প্ৰথম স্থান পোৱা ইজাজৰ ঘৰত উপস্থিত হ’লগৈ শিক্ষামন্ত্ৰীঃ ক’লে দুবছৰৰ ভিতৰতহে দূৰ হ’ব ছেবাৰ বিসংগতি ৷

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়ঃ

১. ছত্তিশগড়ত মাওবাদী নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ, নিহত ৯ জন ৷

২. ধুমধামকৈ চলালে প্ৰচাৰঃ এতিয়া নিৰ্ভয়া ন্যাস থমকি ৰৈছে ৰঙাফিটাৰ মেৰপেচত ৷ স্থিৰেই হোৱা নাই মহিলাৰ সুৰক্ষা তথা সৱলীকৰণৰ ১০০০কোটিৰ ন্যাসৰ দ্বায়িত্ব লব লগা মন্ত্ৰণালয় ৷

৩. পাৰাস্তম্ভই কৰিলে অভিলেখঃ নাগপুৰত ৪৭ডিগ্ৰীৰ উষ্ণতাই পৰিগণিত কৰিলে দেশৰ আটাইতকৈ গৰম চহৰ ৰূপে ৷

৪. পাকিস্তানত ইমৰাণ খানৰ জ্যেষ্ঠ নেত্ৰীক গুলীয়াই হত্যা ৷

৫. পাকিস্তানৰ পৰা স-সন্মানে স্ব-নিৰ্বাসন লব পাৰিব পাৰভেজ মুছাৰফেঃ নতুন চৰকাৰ গঠনৰ আগতেই দেশ এৰি যাব বুলি প্ৰকাশ পালে বাতৰি ৷

৬. উত্তৰ কোৰিয়া কৰিছে নতুন মিছাইল পৰীক্ষণঃ তাকে লৈ ৰাষ্ট্ৰসংঘৰ সচিব বেন-কী-মুন উদ্বিগ্ন হোৱাৰ বাতৰি ৷

৭. ডাক বিভাগ নে সংৰক্ষণ বিভাগঃ ৩১বছৰৰ মূৰত হাতত দিলেহি বন্ধুৱে প্ৰেৰণ কৰা পত্ৰ গুজৰাটৰ ছুৰাটত ৷

৮. পশ্চিমবংগৰ কৃষি মন্ত্ৰীৰ ও পৰিয়াললৈ আহিল হত্যাৰ ভাবুকিঃ নতুন সন্ত্ৰাসবাদী সংগঠনৰ আত্মপ্ৰকাশ শংকিত কৰিছে পশ্চিমবংগক ৷
                              --------------------------------
(হাস্য ব্যংগৰ দৈনিক খোৰাক
------------------------------------

ৰসাল হিতোপদেশঃ

১. হোষ্টেলত আপোনাৰ কাষৰ ৰূমত উৎপাত চলি আছে, হৈ-হাল্লা, আপুনি পঢ়িব লাগে, তেন্তে দুযোৰ হাই-হিল চেণ্ডেল আপোনাৰ দুৱাৰৰ সমুখত ৰাখি থৈ কাষৰ ৰূমত ছোৱালী গেষ্ট আহিছে বুলি কৈ থৈ আহক৷ (পিছে এযোৰ চেণ্ডেল ৰাখিলে হিতে বিপৰীত হ’ব পাৰে, যেনে- আপোনাৰ ৰুমৰ যি কোনো বিন্ধাত সন্দেহী-চকুৰে ৰাইজে কৰিব পাৰে বিচৰণ...)

২. আজি শ্ৰীমতীয়ে ৰন্ধা মাংসৰ আঞ্জা যদি বেছি সোৱাদ লগা হৈছে, তেন্তে শ্ৰীমতীৰ মাকৰ ঘৰত চলি থকা যি কোনো সমস্যাৰ সমাধান কৰাৰ বাবে কি কৰা যায়, সেই লৈ খোৱা টেবুলত আলোচনা কৰক৷ উভৈনদীকৈ মাংস আপোনাৰ ঠালত পৰিব সেয়া খাটাং৷

৩. শ্ৰীমতীয়ে যদি পুৱাৰে পৰা কিবা দামী বস্তু কিনি দিয়াৰ বাবে আব্দাৰ ধৰি আছে আৰু আপোনাৰ দিবলৈ মন নাই, তেন্তে কিবা এটা বাহানাত পাকঘৰলৈ এপাক মাৰক, তেওঁ আপোনাৰ মনজয় কৰিবলৈ ৰন্ধা আঞ্জাত মাত্ৰ দুচামুচ নিমখ দি আহক৷ ভাতৰ পাতত তেতিয়া আপুনি “তোমাৰ মন মাত্ৰ বজাৰত” বুলি বুকু দাঠি দমদমাব পাৰিব!

৪. অফিচলৈ গৈ কাম হোৱা নাই, কাষৰে পৰা কাৰোবালৈ মোবাইলত ফোন কৰাৰ দৰে কৰি কওক- “ঠিক আছে অখিলদা, মই কামটোৰ ডিটেইলচ আপোনালৈ আজিয়ে ৰাতিৰ বাচত পঠাই আছো”৷ অলপ পাছত দেখিব, কৰ্মচাৰীয়ে খিল খিলকৈ হাঁহি আপোনাক মাতি নি কাম কৰি দিছে!

৫. বজাৰত নেমুৰ দাম বেছি, চিন্তা নকৰিব ৷ লগৰ ল’ৰাৰ পৰা গিলাচৰ পৰা কেই টোপালমান সুৰাৰ টোপাল চোলাত চটিয়াই ঘৰলৈ আহক, শ্ৰীমতীয়ে নেমুৰ কথা মনতেই নেপেলাব!

৬. আপোনাৰ ঘৰলৈ আহিবলৈ খুজি কোনোৱে যদি ফোন কৰিছে- তেন্তে সৰু মাতেৰে ফুচফুচাই কওক- “আজি আমাৰ মন-মেজাজ অলপ বেয়া”, সিমূৰলৈ সঠিক বাৰ্তাটো নিজে নিজেই যাব ৷

৭. পেঞ্চনৰ কাম হোৱা নাই, শিক্ষা বিভাগৰ স্থানীয় কাৰ্যালয়ত খবৰ কৰক, ঘৰতে কৰি দি যোৱা দালাল পাব; খৰচ চেক যোগে দিয়াৰো ব্যৱস্থা আছে ৷

৮. জীয়েকৰ মতি গতি ঠিক দেখা নাই, মোবাইল ফোনটো এদিনৰ বাবে লুকুৱাই ৰাখক, জানটো, সোনটো বুলি দিয়া এচএমএচ বোৰ ভালকৈ পঢ়ক৷ বেলেগৰ হতুৱাই সেই নম্বৰত ফোন কৰাই ল’ৰাই কি কৰে খবৰ লওক৷ পইচা থকা ল’ৰা হ’লে ছোৱালীক উৎসাহ যোগাওক!

৯. মেট্ৰিকত আপোনাৰ ল’ৰাই ভাল ফল দেখুৱাব পৰা নাই, ৰহাৰ শুকানমাছ হাজৰিকাৰ লগত যোগাযোগ কৰক৷ তেওঁৰ সেত চিণ্ডিকেট ব্যৱস্থাপনাৰ পাঠ্যক্ৰমত যোগ দিয়াব পাৰিলে ল’ৰাৰ ভৱিষ্যত উজ্জবল হবই ৷

১০. চৰকাৰী বেংকৰ পৰা ঋণ লাগে যদি প্ৰথমেই এটা তেলী হাঁহ বিচাৰক৷ তাৰ পাছত কিবা বাহানা মাৰি বেংকৰ মেনেজাৰ আৰু লোণ বিষয়াক ঘৰলৈ ভাত খাবলৈ মাতক, দেখিব, সঠিক দৰদামত ঋণ চেংচন হৈ গৈছে ৷
--------------------------------------------------
আজিৰ মহা-দুষ্ট পদ্য
--------------------------------------------------
#ধ্ৰুৱজ্যোতি শইকীয়া

বতৰৰ ফল…

ৰিজাল্ট পঁকিল ৰিজাল্ট সৰিল,
ৰিজাল্ট বতৰৰ ফল,
মিঠা টেঙা তিতা নানা সোৱাদৰ,
ৰিজাল্টৰ নামিছে ঢল৷

সৰু বৰ ভুল এৰাই চলিবা,
বতৰৰ ফলত লগা পোক,
মেত্ৰিকৰ ভুল নহয় গুৰুতৰ,
পুৱাৰ পেপাৰে কলে মোক৷

কোনো কোনো জনে ঠিয়হৈ খালে,
দিলালৈকে আছিল ৰস,
ফেচবুকেৰে জগতত জনালে,
তেৰাসবৰ নাম যশ৷

চকুচৰহাৰ চকুত পৰিল,
লেপটপৰ বৰশী টোপ,
বছৰটো পঢ়াৰ শেষত,
ফলাফলৰ টেক্ন' ৰূপ৷

বাৰু আহিল কিমান গ'ল কিমান,
কোনে ৰাখিছে খৰচ,
বোলো ৰাইজৰ ধন ৰাইজক মিলিছে,
কাৰ পৰিছে গৰজ৷

কিমানত আহিল কিমান দেখুৱালে,
কোনে বাৰু কৰে মন,
ৰাইজৰ কষ্টৰ সামান্য অংশ,
যাক বোলে চৰকাৰী ধন৷

লগনীয়াই ফুচফুচাই শুনালে,
দামত বস্তু নাম্বাৰ ওৱান,
কামত কেনেকৈ কাৰ কি আহে,
সেই কথা বুজা টান৷

শিক্ষাৰ মিশ্যনত কমিশ্যন নহলে,
কম্পিটিশ্বন কৰা টান,
পাওঁতাই পাইছে খাওঁতাই খাইছে,
ৰাইজেই কৰিছে দান৷


No comments:

Post a Comment