AXD 213: 19TH MAY 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

AXD 213: 19TH MAY 2013

AXD 213: 19TH MAY 2013

Share This
অসমীয়াৰ সুখ দুখঃ ২১৩তম সংখ্যাঃ ১৯মে’ ২০১৩

আজিৰ বিশেষ
শিল্পী আৰু শিল্প শিতানত

“এখন নেদেখা নদীৰ সিপাৰে” ছবিৰ পৰিচালক বিদ্যুত কটকীৰ
মনৰ জগতৰ এক অন্বেষণ  

"আমেৰিকাৰ ৱাচিংটন ডি চিত অনুষ্ঠিত হোৱা দক্ষিণ এচিয়া বোলছবি মহোৎসৱত (South Asian Film Festival)  শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু শ্ৰেষ্ঠ  অভিনেতাৰ বঁটা কঢ়িয়াই  আনিবলৈ সমৰ্থ হোৱা তথা ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ চূড়ান্ত পয্যায়লৈ  নিৰ্বাচিত হোৱাৰ পিছতো কেৱল হিন্দী সংলাপ থকাৰ বাবেই  জুৰিৰ সদস্যসকলে অগ্ৰাহ্য কৰা ছবি “ এখন নেদেখা নদীৰ সিপাৰে”ৰ নিৰ্মাতা অসম সন্তান বিদ্যুত কটকীৰ সৈতে  দূৰভাষ যোগে হোৱা এটি অন্তৰংগ বাৰ্তালাপ পাঠক সমাজৰ বাবে সঃক্ষিপ্ত  কৰি  আগবঢ়ালোঁ।"
সম্পূৰ্ণ শ্ৰাৱ্য কথোপকথন ৰেডিঅ’ সুখ দুখৰ পৃষ্ঠাত
সূত্ৰৰ বাবে ইয়াতে ক্লিক কৰক
ই-সাহিত্য শিতানত
ধ্ৰুৱজ্যোতি শইকীয়াৰ
১. কবিতাৰে পদ্যাৰেঃ দৰৱ
২. হাস্য ব্যংগ পৃষ্ঠাতঃ পাঁচটা মহ-দুষ্ট পদ্য
----------------------------
আজিৰ সুখ-দুখৰ খবৰ
----------------------------
সুখৰ খবৰঃ
১. এভাৰেষ্টৰ শিখৰ জয় কৰি অসমৰ ইতিহাসত প্ৰথমজন অসমীয়া ৰূপে নাম উজ্বলালে তৰুণ শইকীয়াইঃ বিৰল সাফল্যৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিলে ২০লাখ টকাৰ পুৰস্কাৰ ঘোষণা ৷

২. এটা দশকৰ পাছত অৱশেষত অনুষ্ঠত হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনঃ ১৯জুনত নিৰ্বাচন আৰু ২৪জুনত ঘোষিত হ’ব ফলাফল, ১০টা ৱাৰ্ড সংৰক্ষিত হ’ব মহিলাৰ বাবে ৷

৩. তৃতীয় বৰ্ষত ভৰি দিলে গগৈ চৰকাৰেঃ সন্ত্ৰাসবাদ দমনত ৭৫% সফলতা দাবী কৰিলে মুখ্যমন্ত্ৰীয়ে ৷

৪. ঘোষিত হ’ল ৰাজ্য সভাৰ দ্বিতীয় খন আসনৰ বাবে প্ৰাৰ্থী, কংগ্ৰেছৰ হৈ প্ৰাৰ্থী হব চাহ জনগোষ্ঠীৰ নেতা শান্তি উজ কুজুৰঃ এ.আই.ডি.ইউ.এফৰ প্ৰাৰ্থী ৰূপে ঘোষিত হ’ল আমিনুল ইছলামৰ নাম ৷

৫. নাগৰিকৰ প্ৰৱল প্ৰতিবাদত বিদ্যুত মাচুলৰ লোক-শুনানি বাতিল কৰিবলৈ বাধ্য হ’ল নিয়ামক আয়োগ ৷

৬. প্ৰয়াত সাংবাদিক প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ আদ্যশ্ৰাদ্ধত উন্মোচিত হ’ল শ্ৰদ্ধাঞ্জলি গ্ৰন্থ "প্ৰফুল্ল চন্দ্ৰ বৰুৱাঃ সুহৃদ সুজন": মৰণোত্তৰ ভাৱে প্ৰদান কৰা হ’ল "সংবাদ প্ৰাণ" উপাধিও ৷

৭. উদীয়মান প্ৰতিভাৰ সন্ধানৰ লক্ষ্যৰে অনুষ্ঠিত হব "আকাশবাণী সংগীত প্ৰতিযোগিতা ২০১৩", আবেদনৰ শেষ তাৰিখ ১৪জুনঃ আকাশবাণী গুৱাহাটীৰ সংগীত বিভাগৰ সতে কৰিব পাৰিব যোগাযোগ ৷

৮. ৰাছিয়াত বৰ্ষটোৰ প্ৰথমটো আন্তঃ ৰাষ্ট্ৰীয় পদক জিকিলে শিৱ থাপাই, ব্ৰঞ্জৰ পদকঃ ৰেফাৰীৰ পক্ষপাতিত্বৰ অভিযোগ তুলিলে ভাৰতীয় প্ৰশিক্ষকে ৷

৯. মুম্বাইত চলি থকা কোকা কোলা কাপ চাপ জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত অসমৰ সুন্দৰ আৰম্ভণিঃ মধ্যপ্ৰদেশক পৰাভূত কৰিলে প্ৰথমখন খেলত ৪-১ গ’লৰ ব্যৱধানত ৷

১০. মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে গুৱাহাটীৰ ৰাজগড়ত অনুষ্ঠিত কৰিলে শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ স্মৃতিচাৰণঃ নৱ-প্ৰজন্মৰ মাজত পৰাগদাৰ আদৰ্শৰ চৰ্চা অব্যাহত ৰাখিবলৈ প্ৰকাশ কৰিলে দৃঢ়তা ৷

চিন্তাজনক খবৰঃ

১. মেট্ৰিকত অসমীয়া বিষয়ত শূণ্য নম্বৰ প্ৰদান কৰা ঘটনাৰ আঁৰত পৰিকল্পিত ষড়যন্ত্ৰ থকাৰ সন্দেহ প্ৰকাশ কৰিলে অসম সাহিত্য সভাই ৷

২. ছেবাৰ বিসংগতি আৰু চৰকাৰী বিদ্যালয়ৰ ফলাফল, এই দুয়োটাতে অসণ্টুষ্টি প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে ৷

৩. নলবাৰীৰ সুবাদীত শোকাবহ পথ দুৰ্ঘটনাত নিহত দুজনঃ আহত পাঁচজন ৷

৪. বাংলাদেশক ভূমি হস্তান্তৰৰ বিৰোধিতাৰে বিজেপিয়ে দিলে লাষ্টগেটত ধৰ্মঘটঃ দলবিৰোধী কাৰ্যৰ বাবে ধুবুৰীত বহিস্কাৰ কৰিলে ১৬জনক ৷

৫. আমোলা বিষয়াৰ অৱহেলাই হৈছে কালঃ বাজেটৰ ঘোষণাৰ কাৰ্যকৰীকৰণৰ বাবে বিভাগলৈ পঠোৱা নাই নিৰ্দেশনা, চৰকাৰৰ একাধিক গুৰুত্বপূৰ্ণ আঁচনি অসাৰ হোৱাৰ পথত৷

৬. মেট্ৰিকৰ ফলাফলত বিশৃখংলতাৰ প্ৰতিবাদত জাঙুৰ খাই উঠিল আছু, কৃষক মুক্তি, এছ এফ আই, বিদ্যাৰ্থী পৰিষদকে ধৰি অসমৰ বেছিভাগ ছাত্ৰ সংগঠনঃ শিক্ষামন্ত্ৰী আৰু শান্তিকাম হাজৰিকাৰ পুত্তলিকা দাহৰ খবৰ ৷

৭. যোৱা তিনিমাহে সন্ধান নাই মহানগৰীত নিৰুদিষ্ট ছাত্ৰ দেৱজিতৰঃ তদন্তৰ বাবে ওলোটাই পৰিয়ালৰ পৰা আৰক্ষীয়ে ধন লোৱাৰহে উঠিল অভিযোগ ৷

৮. স্প’ট ফিক্সিঙৰ ফলত মেলিল ফাঁটঃ বিয়া ভাগিল শ্ৰীসান্থ আৰু অংকিতৰ ৷

৯. প্ৰেম প্ৰত্যাখানঃ বিলাসীপাৰাত নৱম শ্ৰেণীৰ ছাত্ৰীক চুৰিকাঘাতৰ ঘটনাই অভিভাৱক সমাজক কৰিলে শংকিত ৷

১০. অভয়াপুৰীত বিদ্যালয়ৰ পৰা চুৰি হ’ল পাঁচটাকৈ কম্পিউটাৰঃ সচেতন নাগৰিকে দিলে গৰিহণা ৷

ৰসাগাৰঃ
ৰসাল হিতোপদেশঃ
১. দুশ টকা বেছিকৈ দি হোটেলত এচি ৰুম লৈ ঠাণ্ডাত থকাতকৈ, সেই পইচাৰে দুটা বীয়েৰ পান কৰি গেলা গৰমত পৰি থকাই ভাল!

২. আপোনাৰ প্ৰেয়সীজনী অতিপাত ধুনীয়াঃ তাইক কপি কৰি মোৰ ফেচবুকৰ ৱালত পেষ্ট কৰি দিয়ক!

৩. চিৰ যৌৱন ধৰি ৰাখিবলৈ বিচাৰিছে নেকিঃ প্ৰথমে দুজনী বিয়া কৰাওক, তাৰ পাছত ৰজা যযাতিৰ দৰে পুৰু নামৰ পুত্ৰৰ যৌৱন ধাৰলৈ লওক ৷

৪. ৰাতি ৰাতি সপোন নাহে যদি দেৱীচৰণ কলেজৰ সন্মুখলৈ যাওক, স্বপ্ন অথবা দুঃস্বপ্ন যি কোনো এটা খাটাং আহিবই!

৫. প্ৰেমত পৰা নাই? চিন্তা নকৰিব প্ৰেম বাহাদুৰ ছেত্ৰী আপোনাৰ চহৰলৈ আহি আছে, তেওঁৰ গাত এবাৰ হেলান দি পৰিবৰ বাবে তেওঁৰ ৰেট মাত্ৰ পাঁচ টকা ৷ ছাত্ৰী সকলৰ বাবে বিশেষ ৰেহাইৰ সুবিধা আছে ৷

৬. ঘৰত পানী নাই, মিনাৰেল ৱাটাৰ কিনাৰ বাবে পইচা নাইঃ কাষৰ ফ্লেটৰ কলিংবেলত হাত দিয়ক, পানীৰ সৈতে এটা মিঠা হাঁহি ফ্ৰী পাব!

৭. আপোনাৰ কেৱল টিভি নাই, চিন্তা নকৰিব, দেশৰ বেছিভাগ মানুহৰ ঘৰতে ৰেডিঅ’ও নাই ৷ আপুনি বহুত ভাগ্যৱান, সন্ধিয়া বৰলা পাৰ্টি এটা কৰিব পাৰে!

৮. সন্ধিয়া ঘৰলৈ যাবলৈ মন নাযায়, চিন্তা নকৰিব তাইৰ ঘৰৰ ফালেই এপাক মাৰক, জেওৰাখন দেখিলেও মনটো প্ৰফুল্ল লাগিব, সেয়া খাটাং৷

৯. দেওবাৰে তাইক লগ কৰাৰ কথা, বৰষুণ আহিলঃ কথা নাই ছাতি দলিয়াই লগ কৰক, বেছি ফুৰ্তি লাভৰ সম্ভাৱনা ই প্ৰৱল কৰে!


১০. বেমাৰ হৈছে, চিন্তা নকৰিবঃ দহজনক ফোন কৰি কথাষাৰ জনাওক, পইচা ধাৰলৈ খোজক, ই আপোনাক মানুহ চিনাত সহায় কৰিব!
---------------------------------------------
আহি আছে... শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ গান আৰু জীৱনৰ ওপৰত এক আলোকপাত
শিল্পী আৰু শিল্প শিতানত.... পূৰ্বৰাগত আগবঢ়োৱা হৈছে শৰ্মিষ্ঠাৰ সৃষ্টিৰাজি

"জীৱন চুটি ছবি মহোৎসৱত" প্ৰদৰ্শিত তথা প্ৰশংসিত,
 প্ৰথমটো মিউজিক ভিডিঅ’: "উকি মাৰি গুচি যায়"

শৰ্মিষ্ঠাৰ নৱতম মিউজিক ভিডিঅ’- "দোলা মোৰ আহিব এদিন"


মনৰ কথা আৰু mp3ৰ বিনামূলীয়া ডাউনলোড সেৱা ১৯ মে’ৰ আবেলিৰ পৰা... অসমীয়াৰ সুখ দুখত..

No comments:

Post a Comment