AXD 212: 18TH MAY - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

AXD 212: 18TH MAY

AXD 212: 18TH MAY

Share This
      অসমীয়াৰ সুখ দুখঃ ২১২তম সংখ্যাঃ ১৮মে’ ২০১৩

আজিৰ বিশেষ 

#ধ্ৰুৱজ্যোতি শইকীয়া ৰ কলমত....পাঁচটা মহা-দুষ্ট পদ্যঃ 


আজিৰ গুজৱ টপ টেনঃ 
(সামাজিক ব্যংগৰে সপোনৰ বাতৰিৰ সন্ধান)


১. অভিষ্ট সিদ্ধিৰ বাবে তিনিচুকীয়াৰ এটা বিখ্যাত মন্দিৰত সেৱা ধৰিলেগৈ জালুকবাৰীৰ যুৱ শৰ্মাইঃ কাম সিদ্ধি হবলৈ কি কি বলি দিবলৈ মনস্থ কৰিছে সেই সম্পৰ্কে সাংবাদিকৰ তুমুল প্ৰশ্নবাণতো উচ্ছাৰণ নকৰিলে এটা শব্দও, ডিঙি বেঁকা কৰি বেঁকা হাঁহি মাৰি গাড়ীত উঠা সময়তে উপস্থিত নিৰাপত্তাৰক্ষীয়ে ক’লে-চাৰৰ ইংগিতেই যথেষ্ট ৷


২. বাইহাটাৰ পৰা বৰপেটালৈকে খেদিলে এন এইচ পি চিৰ ট্ৰাকঃ ট্ৰাক খেদন বিষয়ত বিশ্ব অভিলেখ গঢ়িলে কৃচক মুক্তি চংগ্ৰাম চমিতিয়ে, অচিৰেই লিমকা বুকে দিব চাৰ্টিফিকেট ৷



৩. মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ বুকলেট নচপাই কেইবালাখ বাঁহগছ ৰক্ষা কৰা বাবে ছেৱালৈ বিশ্ব পৰিবেশ সংস্থাৰ আন্তৰ্জাতিক স্বীকৃতিৰ বিৰল সন্মানৰ সুখবৰ ৷


৪. অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীক আকৌ কিয় দিব লাগে অসমীয়া বিষয়ৰ নম্বৰঃ অসমীয়া মাধ্যমত পঢ়াটোৱেই জীৱন যথেষ্ট বুলি সান্ত্বনা দিলে ছেবাৰ পৰিচালকে ৷ ক’লে- অসমীয়া শিশুৰ অসমীয়া পৰীক্ষা লোৱাৰ কোনো মানে নাই, সেয়েইতো মাৰ্কশ্বিতত ছপা কৰি বিতৰণ কৰা হ’ল অনুপস্থিত বুলি ৷

৫. শ্ৰীসান্থৰ সৈতে উঠা ফটোৰে বিকাশ বৰ-বৰুৱাৰ বিশেষ আলোকচিত্ৰ প্ৰদৰ্শনীৰ আয়োজনঃ চিবিআই আৰু বৰুৱাজ ক্ৰিকেট অকাদেমীৰ উদ্যোগত সাত-দিন ধৰি চলিব এই প্ৰদৰ্শনী৷ উচ্চ পদস্থ পুলিচ বিষয়া, ক্ৰিকেট বুকী সকলৰ উপস্থিতিয়ে সৌষ্ঠৱ বঢ়াব বুলি আয়োজকে কৰিলে আশা প্ৰকাশ ৷

৬. নাগৰিক পঞ্জী উন্নীতকৰণৰ সৈতে বিশেষ সাম্প্ৰদায়িক সংঘৰ্ষ উদযাপনৰ আয়োজন কৰিছে বামছু নামৰ সংগঠনেঃ মাইনৰিটীৰ সুৰক্ষাৰ বাবে বাম উকীল স্বৰূপৰূপে কাম কৰিবলৈ জন্ম লোৱা এই ছাত্ৰ সংগঠনটোৰ গঠনত সন্তোষ প্ৰকাশ কৰিলে কাঁটাতাৰ সুৰক্ষা সমিতিয়ে ৷


৭. দহ পইচাৰ ঠাইত মেট্ৰিকৰ ৰিজাল্টৰ এচএমএচত কটা গ’ল দুটকাকৈঃ প্ৰতিবাদী অভিভাৱক সন্থাই এইয়া বিসম্বাদীৰ ষড়যন্ত্ৰ বুলি নিচাদেউ গগৈলৈ দিলে অভিযোগ, মিচিকিয়া হাঁহিৰে নিচাদেউৱে ঘোষণা অন্য এক তদন্ত !


৮. প্ৰতিটো বিভাগতে অনুষ্ঠিত হৈছে "টকা মৰা প্ৰতিযোগিতা"- ৰাইজৰ চৰকাৰৰ বৰ্ষপূতি অনুষ্ঠানত বিশেষ সম্পদ আহৰণ কৰাত সফল বিষয়া সকলক কাৰ্যকুশলতাৰ বঁটা প্ৰদান কৰিবলৈ সিদ্ধান্তঃ সকলো বিষয়ালৈ নিজৰ নিজৰ সম্পত্তি বঢ়াই বঢ়াই ৰাজহুৱা কৰিবলৈ প্ৰতিযোগিতাত নমাৰ বাতৰিয়ে উৎফুল্লিত কৰিছে সচেতন মহলক ৷


৯. মেট্ৰিকৰ ৰিজাল্টৰ পাছতে অসমত আৰম্ভ হ’ব এক নতুন প্ৰতিযোগিতাঃ সফল ছাত্ৰ ছাত্ৰী সকলক সম্ভাষণ জনাবলৈ টঙালি বান্ধিছে ৰাইজৰ প্ৰতিটো ছাত্ৰ সংগঠনে ৷ দল-বৰ্ণ-জাতি-জাত-পাত সকলো সংগঠনে চান্দা বহী চপাবলৈ দিয়াৰ সুখৰ খবৰ৷ ৰঙালী বিহুৰ গা-বিষ নমৰোতেই আকৌ ৰাইজৰ কামত নামিবই লগা হ’ল বুলি প্ৰকাশ কৰিলে খেদ ৷ সম্ভাষণ জনোৱাৰ মুঠ সংখ্যাই বিশ্ব অভিলেখ গঢ়াৰ সম্ভাৱনা দেখি অসমত আহি আগতীয়াকৈ বাহৰ পাতিলেহি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ কৰ্মকতাই ৷



১০. যোৰহাটৰ অভিলেখ বৰুৱাই গীনিজ বুক অৱ ৱল্ড ৰেকৰ্ডছৰ এটা শাখা যোৰহাটত খুলিবলৈ জনালে আহ্বানঃ ভৱিষ্যতে আৰু সঘনে বিশ্ব অভিলেখ গঢ়াত অসমীয়াক অনুপ্ৰেৰণা দিবৰ বাবে ই অতি প্ৰয়োজনীয় বুলি প্ৰকাশ কৰি ইয়াত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিলে৷ এইবাৰ বৰুৱাই জুইশলা কাঠি ভাঙি নতুনকৈ অভিলেখ গঢ়াৰ বাবে চলাইছে প্ৰস্তুতি ৷
-------------
আহি আছে 
--------------
শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ গান আৰু জীৱনৰ ওপৰত এক আলোকপাতঃ
শিল্পী আৰু শিল্প শিতানত.... পূৰ্বৰাগত আগবঢ়োৱা হৈছে শৰ্মিষ্ঠাৰ সৃষ্টিৰাজি


------------------------

আজিৰ প্ৰকৃত খবৰঃ

-----------------------
সুখৰ খবৰঃ

১. ভাৰতীয় ভাষাৰ প্ৰথমখন স্বাস্থ্য চিকিৎসা অভিধান প্ৰণয়ন কৰি উলিয়ালে ডঃ বিকাশ বৰুৱাইঃ ধাৰাবাহিক ভাৱে দহ বছৰ শ্ৰমেৰে একক প্ৰচেষ্টাৰে প্ৰায় ১১০০ পৃষ্ঠাত (তাৰে ১০০ পৃষ্ঠা ৰঙীণ) সংকলিত কৰিছে ১৬০০০ শব্দ ৷ ইংৰাজী-অসমীয়া এই বিৰল অভিধানখন অসমৰ ৰাইজলৈ তথা বিজ্ঞান জগতলৈ এক অভিনৱ উপহাৰ স্বৰূপ৷ মূলত এজন ব্যংগ লেখক ৰূপে বিখ্যাত বৰুৱাদেৱৰ এই প্ৰশংসনীয় কৰ্মৰ বাবে অসমীয়া সুখ দুখৰ তৰফৰ পৰাও তেখেতলৈ অভিনন্দন জ্ঞাপন কৰিছো ৷

২. ফলাফল উৰ্ধমুখীঃ ৭০.৭১ সাফল্যৰ হাৰেৰে অসমৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে গঢ়িলে অন্য এক অভিলেখ ৷

৩. উত্তীৰ্ণৰ হাৰত প্ৰথম স্থানত ধেমাজি, দ্বিতীয়ত নলবাৰী, তৃতীয়ত স্থান পালে শিৱসাগৰেঃ সংঘৰ্ষজৰ্জৰ চিৰাঙত সফলতাৰ হাৰ সৰ্বনিম্ন ৷

৪. অসমৰ শিক্ষাজগতৰ অন্যতম প্ৰাণকেন্দ্ৰ পাঠশালা পুনৰ উজ্বলিলঃ পাঠশালা শিক্ষাপীঠৰ ইজাজ আহমেদ মেট্ৰিকৰ শীৰ্ষস্থানত ৷ দশমত আনন্দৰাম একাডেমীৰ অৰিন্দমঃ বৃহত্তৰ বজালী অঞ্চলৰ ৰাইজৰ মাজত আনন্দৰ বন্যা ৷

৫. তেজপুৰৰ পৰা সৰ্বাধিক আঠজনে লাভ কৰিলে প্ৰথম দহটা স্থানত ঠাইঃ মেধাৰ সমাহাৰেৰে উজলি উঠিল তেজপুৰৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা ৷

৬. হাই-মাদ্ৰাছাত উত্তীৰ্ণৰ হাৰ ৭০.০৮: শীৰ্ষত নগাঁৱৰ ফাৰজিন আৰু তেজপুৰৰ ৰাইছুল ৷

৭. দ্বিতীয় স্থানত গৌৰিকা বঙ, সপ্তমত ৰিধি লাহনঃ ডিব্ৰুগড়লৈ কঢ়িয়ালে সফলতাৰ ধ্বজ ৷

৮. চাৰিটা স্থান দখলেৰে উজ্বলিল শিৱসাগৰঃ পিংগল, প্ৰিয়ংকা, পৰিতোষ আৰু শুভমৰ সফলতাক লৈ উল্লাসিত হ’ল শিৱসাগৰবাসী ৷

৯. চাৰি কৃৰ্তিমানক লৈ গৌৰৱান্বিত হ’ল নগাঁওঃ ৰিপুনিকা-অভিৰূপ-ৰাহু আৰু অনুপমে কঢ়িয়ালে স্থানপ্ৰাপ্তিৰে সাফল্য ৷

১০. মহানগৰীৰ পৰা উজ্বলিল তিনি গৰাকীঃ মানস, এনিশা কলিতা আৰু এনিশা চৌধুৰীয়ে মফচলীয় চহৰৰ পৰিক্ষাৰ্থীৰ সমুখত বচালে গুৱাহাটীৰ নাম ৷

১১. দশম স্থানেৰে লখিমপুৰ, মৰিগাঁও আৰু ডিফুলৈ গৌৰৱ কঢ়িয়ালে তিনি মেধাৱী বিদ্যাৰ্থীয়ে ৷ সাফল্যৰ হাঁহি মাৰিলে ধেমাজিৰ গোগামুখৰ ভাৰ্গৱ পাঠকেঃ লাভ কৰিলে চতুৰ্থ স্থান ৷

১২. তিৱা স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত ৩০টা সমষ্টিত আগবঢ়াব এম্বুলেঞ্চ সেৱাঃ ৰহাৰ জৰাবাৰীত এই সেৱা আৰম্ভ হোৱাৰ সুখবৰ ৷

১৩. সদৌ অসম ভিত্তিত শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় সমূহৰ ভিতৰত অনুষ্ঠিত বৃত্তি পৰীক্ষাত ঢকুৱাখানা শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ ছাত্ৰ মাণিক মোহন পাতিৰে দ্বিতীয় স্থান অধিকাৰ কৰি কঢ়িয়ালে গৌৰৱ ৷

১৪. নগাঁৱৰ ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ বৰালৈ চলিত বৰ্ষৰ শিক্ষা বিভাগৰ কৃৰ্তি শিক্ষকৰ বিশেষ বঁটাঃ বৰাদেৱে নগাঁও জিলাৰ প্ৰথমখন জাতীয় বিদ্যালয় স্থাপনত মুখ্য ভূমিকা পালন কৰিছিল ৷

১৫. ৰহাৰ বগলীপাৰাত ১৯৮৩চনৰে পৰা শিক্ষাৰ পোহৰ বিলাই থকা বগলীপাৰা প্ৰাথমিক বিদ্যালয়ত এচলীয়া টিনপাতৰ ৰভাৰ তলত এতিয়াও তিনি শিক্ষক শিক্ষয়িত্ৰীয়ে শিক্ষা দি আছে ৯৩গৰাকী ছাত্ৰ-ছাত্ৰীকঃ স্থানীয় যুৱ কংগ্ৰেছে এইসকল শিশুৰ মাজত বহী,কলম, কাঠ-পেঞ্চিল আদি শৈক্ষিক সামগ্ৰী বিতৰণ কৰি ৰাইজৰ পৰা পালে প্ৰশংসা ৷

চিন্তনীয় খবৰঃ

১. মেট্ৰিকৰ ফলাফলত বিভিন্ন বিসংগতিঃ ছেবা আৰু শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহকে ধৰি বিভিন্ন প্ৰতিবাদত মুখৰ হ’ল ৰাজ্য ৷

২. নুখুলিল ৱেবচাইট, সময়মতে উত্তৰ নাহিল এচএমএচ সেৱাৰঃ অভিযোগে উত্তাল কৰিলে সংবাদ মাধ্যম,  বুকলেট বিহীন মেট্ৰিকৰ ফলাফলৰ নতুন পদ্ধতিক লৈ প্ৰৱল সমালোচনাৰ জোৱাৰ৷

৩. বহু কেইখন বিদ্যালয়ত নাহিল অসমীয়া বিষয়ৰ নম্বৰঃ হতাশা আৰু কান্দোনত ভাগি পৰিল পৰীক্ষাৰ্থী ৷

৪. গুৱাহাটীৰ অসম জাতীয় বিদ্যালয়ৰ এনিশা চৌধুৰীয়ে লাভ কৰিছিল দশম স্থানৰ নম্বৰঃ পিছে ছেবাৰ তালিকাত নাহিল নাম ৷

৫. বঙাইগাঁৱত গুৰুদ্বাৰত চোৰে তুলি নিলে দান পাত্ৰঃ ধৰ্মীয় অনুষ্ঠানত বৰ্ধিত চুৰি-লুটপাতৰ ঘটনাত চিন্তা প্ৰকাশ কৰিলে সচেতন মহলে ৷

৬. জুৰীয়াত আজমলৰ দল এৰি খহনীয়া কৰিলে আঞ্চলিক পঞ্চায়তৰ সদস্য সদস্যাইঃ যোগদান কৰিলে কংগ্ৰেছত ৷

৭. নলবাৰীৰ বাঁহজনীত চাৰি বছৰেও সম্পূৰ্ণ নহ’ল দহকোটি টকীয়া শ্লুইছগেটঃ বিষয়াৰ ছত্ৰছায়াত ঠিকাদাৰৰ লুণ্ঠনৰ অভিযোগ আনিলে নলবাৰীৰ কৃষক সভাই ৷

৮. বাইহাটাৰ কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে কমলপুৰত বিজেপিয়ে উলিয়ালে প্ৰতিবাদী সমদল ৷

৯. অৰুণাচল পুলিচৰ গাড়ীৰ খুন্দাত নিহত এজনঃ ধেমাজিত অৰুনাচলীৰ গাড়ীৰ অতপালি বন্ধ কৰিবলৈ ধেমাজিবাসীয়ে কৰিলে ৰাষ্ট্ৰীয় পথ অৱৰোধ ৷

১০. ৰঙিয়াত বন্ধ হ’ল চিত্ৰলেখা চিত্ৰগৃহঃ দশৰ্কৰ অভাৱে জুৰুলা কৰা এই ছবিগৃহৰ ছয় কৰ্মচাৰীৰ পৰিয়ালৰ জীৱনলৈ নামিল অন্ধকাৰ ৷

ৰাষ্ট্ৰীয় খবৰঃ

১. বেজৰ নাকতে খৰঃ কয়লা ক্ষেত্ৰ আবণ্টনৰ তদন্তকাৰী দুজন চিবিআই বিষয়াই ৭লাখ টকা ঘোঁচ লৈ থকা অৱস্থাতে গ্ৰেপ্তাৰ হ’ল দিল্লীত ৷

২. চিবিআইক "ফাংচনেল অট’নমি" দিয়াৰ বাবে মন্ত্ৰীগোটে কাম কৰিব বুলি সংবাদ মাধ্যমক জনালে বিত্তমন্ত্ৰী পি চিদাম্বৰমে ৷

৩. ৰাহুল গান্ধীৰ ৰাজনৈতিক তৎপৰতাঃ কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ কংগ্ৰেছী নেতা সকলৰ সৈতে বহিল বৈঠকত ৷

৪. উৰিষ্যাৰ চীট ফাণ্ড কেলেংকাৰীৰ ক্ষেত্ৰত বিজেপিয়ে দাবী কৰিলে ন্যায়িক তদন্তঃ তাৰ বিপৰীতে চিবিআই তদন্ত দাবী কৰিলে কংগ্ৰেছে ৷

৫. শ্ৰীসান্থ আৰু দুজন খেলুৱৈয়ে সৈ কাঢ়িলে স্পট ফিক্সিঙত জড়িত থকাৰ কথাঃ আন আন ক্ৰিকেটাৰৰ ওপৰতো কাঢ়া নজৰ ৰাখিছে তদন্তকাৰী সংস্থাই ৷

৬. সাত বছৰীয়া ছাত্ৰৰ মূৰ আফলিয়াইছিল বেৰতঃ ছাত্ৰৰ মৃত্যুৰ ফলশ্ৰুতিত এতিয়া পশ্চিমবংগত ৰঙাঘৰলৈ যাব লগা হ’ল এজন শিক্ষক ৷

৭. পোন্ধৰ বছৰ পাছত চিপিএম নেতাক হ্ত্যাৰ গোচৰত বিহাৰৰ এমএলএ পাপ্পু যাদৱক হাইকৰ্টে বেনিফিট অৱ ডাউটত কৰি দিলে মুকলি ৷

৮. টেক্স ফাঁকিৰ বাবে চোৰাংকৈ অহা হামাৰ গাড়ী ব্যৱহাৰৰ অভিযোগ মানি, অৱশেষত সেই গাড়ী চিবিআইক জমা দিলে তামিলনাডুৰ নেতা ষ্টেলিনৰ পুত্ৰই ৷

৯. ভাৰত আৰু চীনা সামৰিক বিষয়াৰ মাজত চিকিমৰ সীমা ব্যৱস্থাপনাক লৈ চলিব আলোচনা ৷

১০. বিজেপিৰ প্ৰতিবাদক অগ্ৰাহ্য কৰিও ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত পূৰ্বৰ উচ্চতম ন্যায়ালৰ ন্যায়াধীশ যোচেফক স্থান দিবই বুলি চৰকাৰে প্ৰকাশ কৰিলে দৃঢ়তা ৷

আন্তঃৰাষ্ট্ৰীয়ঃ

১. আছাদ বাহিনীৰ সমৰ্থনত ৰাছিয়াৰ পৰা পঠোৱা হৈছে অত্যাধুনিক মৰণাস্ত্ৰঃ চিৰিয়াৰ পৰিস্থিতিক ই আৰু গুৰুতৰ কৰি তুলিব বুলি সমালোচনা কৰিলে আমেৰিকাই ৷

২. মছজিদৰ ওচৰত বোমা বিস্ফোৰণৰ ঘটনাঃ পাকিস্তানত কমেও ১৩জন নিহত হোৱাৰ দুখজনক খবৰ ৷

৩. ইৰাকত চুন্নী এলেকাত আক্ৰমণৰ ঘটনাঃ বোমা বিস্ফোৰণত কমেও ৭০জন নিহত হোৱাৰ খবৰ দিলে ভইচ অৱ আমেৰিকাই ৷

৪. ম্যানমাৰৰ ৰাষ্ট্ৰপতি যাব আমেৰিকালৈঃ বিদেশী বিনিয়োগৰ সম্ভাৱনীয়তাৰ কৰিব সন্ধান ৷

৫. ঘাতক ঘূৰ্ণীয়ে কঁপাই গৈছে চীনকঃ প্ৰৱল বৰষুণত কমেও ৫৫জন নিহত হোৱাৰ বাতৰি ৷

No comments:

Post a Comment