AXD 211: 17TH MAY 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

AXD 211: 17TH MAY 2013

AXD 211: 17TH MAY 2013

Share This

অসমীয়াৰ সুখ-দুখ

প্ৰথম বছৰঃ ২১১তম সংখ্যাঃ ১৭ মে ২০১৩

সামাজিক যোগসূত্ৰৰ মঞ্চত অসমীয়া জন-জীৱনৰ বাৰ্তাবাহ

-------------------------
বিশেষ লেখাঃ

অসমৰ জনস্বাস্থ্যলৈ ব্যাপক ভাবুকি অনা এই বিশেষ ৰোগৰ ওপৰত আলোকপাত

এখন গাঁৱৰ আক্ৰান্ত সকল

-------------------------------------
আজিৰ গুজৱ টপ টেন
-------------------------------------
(হাস্য বংগৰে সপোনৰ বাতৰিৰ  সন্ধান)
১. মেট্ৰিকত ষ্টেণ্ড কৰি বেছি ভাগৰে আশা স্পেছ ইঞ্জিনিয়াৰ হোৱাঃ অসমৰ ভাল ভাল ল’ৰাবোৰ স্পেচলৈ যাবলৈ ওলোৱাত সন্তোষ প্ৰকাশ কৰি নিচাদেউৱে ক’লে-সেয়েইতো অসমখন চলাই খাবলৈ সিপাৰৰ পৰাই কিছু সাধাৰণ জনতাক আমন্ত্ৰণ কৰি আনিছো, মিচা ক’লে কি ডাল হ’ব.. হেঃ হেঃ হেঃ

২. বিসম্বাদীয়ে দেখুৱালে ভাল কামৰ পথঃ নিজৰ লক্ষ্যত সফল হবলৈ বিসম্বাদীক শুভেচ্ছা জনাই, তেখেতৰ বিবেকক বাৰে বাৰে জগাই তোলাৰ বাবে ধন্যবাদ জনালে মুখ্যমন্ত্ৰীয়ে৷

৩. মেট্ৰিকৰ বহী পনৰ গোপনে ভক্ষণ কৰিলে গৰুৱেঃ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰীৰ নাহিল ইংৰাজী কাকতৰ নম্বৰ ৷ জাতীয় বিদ্যালয়ৰ নাহিল অসমীয়াৰ নম্বৰ ৷

৪. নম্বৰ পোৱা সত্বেও বাদ পৰিল ষ্টেণ্ড কৰাৰ লিষ্টৰ পৰা এনিশা চৌধুৰীঃ এই কামত ক্ষমতাকেন্দ্ৰিক ৰাজনীতি জড়িত থকা বুলি প্ৰকাশ কৰিলে শিক্ষা বিভাগে ৷

৫. এচএমএচৰ বেপাৰত তিনিলাখ টকাৰ কমিচন নাপালেও মেট্ৰিকৰ ফলাফলৰ সতে লক্ষ্মী নহাকৈ নাথাকিল শৰ্মাৰ ঘৰলৈঃ গৃহলক্ষ্মীৰ চেনেলে টিআৰপিৰে জিনিলে ১৫কোটিৰ বিজ্ঞাপন!

৬. শংকৰদেৱৰ ভাগিনিয়েক আছিল মাধৱদেৱঃ পাঠ্যপুথি প্ৰণয়ন সমিতিয়ে এই সত্য উদঘাটন কৰি প্ৰত্যাহ্বান জনালে বুৰঞ্জীবিদক ৷


৭. চিৰাং জিলাত উতীৰ্ণৰ হাৰ সৰ্বনিম্ন হোৱাক লৈ সন্তোষ প্ৰকাশ কৰি মন্ত্ৰীয়েঃ এইবাৰ বিশেষ আঁচনিৰে চিৰাঙৰ বাবে কোটি টকাৰ আঁচনি আনিবলৈ পাতিলে পাঙ, বিটিচি প্ৰধানে ক’লে সেই টকা খৰছ কৰিব লাগিব স্বায়িত্ব শাসিত পৰিষদ যোগেহে ৷

৮. নলবাৰীত চিনাক্ত হোৱা পাঁচজন বাংলাদেশীক আবৰ্ত ভৱনত দিলে থাকিবলৈ ঠাইঃ নাগৰিকত্ব সন্দৰ্ভত আপীল কৰিব বিচৰাত সেই ৰায়দান নোহোৱা পৰ্যন্ত ৰজাঘৰৰ অতিথি হৈ থকাৰ বাবে আৰু এইকেইজনক পৰ্যটক ৰূপে গণ্য কৰিবলৈ পৰ্যটন বিভাগে ল’লে বিশেষ উদ্যোগ ৷

৯. দ্বিতীয় বৰ্ষপুতি পাতিব ৰাইজৰ চৰকাৰেঃ বিশস্ত মন্ত্ৰী, অতি বিশেষ বিশস্ব মন্ত্ৰী আদি পুৰস্কাৰ প্ৰদানেৰে নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰি লবলৈ নিচাদেউৱে ল’লে বিশেষ "মন্ত্ৰীজ্যোতি আঁচনি"

১০. সৰ্বাধিক পাছ কৰাৰ সংখ্যাৰে শীৰ্ষত ধেমাজিঃ মাত্ৰ নদীতেই নহয় হাইস্কুলত পাছ কৰাতো উজান উঠে বুলি জলসম্পদ বিভাগে প্ৰকাশ কৰিলে সন্তোষ ৷



----------------------------------------------------------
আজিৰ সুখ-দুখৰ প্ৰকৃত খবৰ
----------------------------------------------------------
সুখৰ খবৰঃ

১. উচ্চতম ন্যায়লয়ে দিলে নিৰ্দেশনা সকলো ৰাজ্যলৈঃ জ্যেষ্ঠ পুলিচ প্ৰশাসনিক বিষয়াৰ পৰা অনুমতি নোলোৱাকৈ, চচিয়েল নেটৱৰ্কিং চাইটত কৰা আপত্তিজনক পোষ্ট সম্বন্ধীয় গোচৰত কৰিব নোৱাৰিব গ্ৰেপ্তাৰ ৷



২. আজি মেট্ৰিক আৰু হাইমাদ্ৰাছাৰ ফলাফল ঘোষণা, দিনৰ বাৰ বজাতঃ প্ৰায় তিনিলাখ শিক্ষাৰ্থীয়ে জীৱনৰ স্কুলীয়া শিক্ষাৰ দেওনা পাৰ কৰাৰ খবৰৰ বাবে কৰিছে আগ্ৰহেৰে অপেক্ষা ৷ আগ্ৰহী পাঠকে অসমীয়া সুখ দুখৰ পাতত উপলদ্ধ সূত্ৰ অনুসৰণ কৰিও পাব পাৰিব ফলাফল ৷

৩. মুখ্যমন্ত্ৰীৰ সতে আছু নেতৃবৃন্দৰ গুৰুত্বপূৰ্ণ আলোচনাঃ যুদ্ধকালীন তৎপৰতাৰে ৰাজ্যৰ সকলো জিলাতে একেসময়তে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম আৰম্ভ কৰিবলৈ জনোৱা আহ্বানত মুখ্যমন্ত্ৰীয়ে পোষণ কৰিলে সহমত ৷

৪. অহা ২০মে’ত ঘোষিত হ’ব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলঃ একেদিনাই কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমুখী শাখাৰ ফলাফল ঘোষণাৰ প্ৰস্তুতি সম্পন্ন কৰিছে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ৷


৫. ফটোগ্ৰাফীৰ আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিলে অসমৰ প্ৰতিভাবান ফটো সাংবাদিক মানস পৰাশেঃ নেচনেল ফটোগ্ৰাফাৰ এচোছিয়েচনে আগবঢ়োৱা ইণ্টৰনেচনেল নিউজ ছিংগল শিতানত শ্ৰেষ্ঠত্ব অৰ্জন কৰিলে, গুৱাহাটীত ২০১২ চনৰ ৭ জানুৱাৰীত নাহৰফুটুকীয়ে এজন লোকক কৰা আক্ৰমণৰ মুহুৰ্তৰ ফটোগ্ৰাফে ৷

৬. এভাৰেষ্টৰ এডভান্স বেচ কেম্প পালেগৈ অসমৰ পৰ্বতাৰোহী তৰুণ শইকীয়া আৰু মনীষ কুমাৰ ডেকাঃ বতৰে বিধি পথালি নিদিলে আজি আৰোহণ কৰিব মাউণ্ট এভাৰেষ্ট ৷

৭. দেশৰ প্ৰতিবন্ধী ছাত্ৰ-ছাত্ৰীৰ বাবে বৃত্তি আঁচনিৰ(ন্যাস পুঁজি) অধীনত এহাজাৰৰ সলনি ডেৰ হাজাৰলৈ বৃদ্ধি কৰা হ’ল বৃত্তিৰ হাৰঃ এতিয়া সকলো ধৰণ প্ৰতিবন্ধী শিশুলৈ লেপটপ আগবঢ়োৱাৰ বাবেও ল’লে সিদ্ধান্ত ৷

৮. আদ্যশ্ৰাদ্ধৰ সোঁৱৰণঃ জীৱন কৃৰ্তিক সামৰি ১৮মে’ত উন্মোচিত হ’ব "প্ৰফুল্ল বৰুৱাঃ সুহৃদ সৃজন" নামৰ শ্ৰদ্ধাঞ্জলি গ্ৰন্থ ৷

৯. উন্নয়ন-শান্তি প্ৰতিষ্ঠা চৰকাৰৰ অন্যতম সফলতা বুলি দাবী কৰি শক্তিমন্ত্ৰী বৰদলৈয়ে জনালে- ৰাজ্যসবাৰ নিৰ্বাচনৰ পাছতেই অনুষ্ঠিত হব গগৈ চৰকাৰৰ দ্বি-বৰ্ষপূৰ্তিৰ অনুষ্ঠান ৷

১০. সাংসদ পুঁজিৰ ৯০ শতাংশ ধনৰ সদ-ব্যৱহাৰ কৰি অন্য এক অভিলেখ গঢ়িলে অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ তথা দেশৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে ৷

চিন্তনীয় বাতৰিঃ

১. "মহাসেন"ক লৈ অসমত বৈদ্যুতিন মাধ্যমে বেছিকৈ বিয়পাইছে শংকাঃ ঢাকাৰ পৰা ২১জনৰ প্ৰাণ হানিৰ খবৰ, অসমতো জাৰি হৈছে ৰেড এলাৰ্ট ৷

২. গুৱাহাটী আৰু ৰাঁচীত সমান্তৰালকৈ চলি অভিযানঃ একেটা পৰিয়ালৰে দুই মাওবাদী সদস্য গ্ৰেপ্তাৰঃ মাওবাদী নেতা অনুকূল নস্কৰৰ পত্নী কবিতা ৰাভাক গ্ৰেপ্তাৰ কৰাক লৈ সৃষ্টি হৈছে ৰহ্স্যৰ ৷

৩. প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীত কোনে দিলে সাংবাদিকক বাধাঃ মুখ্যমন্ত্ৰীয়ে দিলে তদন্তৰ নিৰ্দেশ৷

৪. প্ৰধামন্ত্ৰীৰ ৰাজ্যসভাৰ সদস্য পদৰ বাবে মনোনয়ন দাখিলৰ দিনাই দিশপুৰত বৃদ্ধি পালে বিসম্বাদী তৎপৰতাঃ ৰাজনৈতিক মহলৰ ভিতৰত চলিছে ভিতৰুৱা বতাহ ৷

৫. জীৱন সুৰক্ষাৰ পৰিচালন সঞ্চালকক কটকটীয়া নিৰাপত্তা প্ৰদান কৰি এজেণ্টৰ ক্ষোভৰ সন্মুখীন হোৱাৰ পৰা বচালে অসম আৰক্ষীয়েঃ পত্নীসহ ধৃত চন্দন দাসক ১৪দিনৰ বাবে চি আই ডি জিম্মালৈ প্ৰেৰণ কৰিলে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশে ৷

৬. সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে নলবাৰীত সন্দেহত আটক কৰা পাঁচজন পুৰুষ-মহিলাক আজি আদালতে বাংলাদেশী বুলি চিনাক্ত কৰে ৷

৭. বিজনীত জুবিনৰ সাংস্কৃতিক সন্ধিয়াত জনসমুদ্ৰঃ মাজতে দুস্কৃতিকাৰীয়ে চলালে তাণ্ডৱ, ভাঙিলে ৫০০চকী, নষ্ট কৰিলে ১০০খনমান টিনপাত ৷

৮. ১৯৯১-৯৯চনৰ ভিতৰৰ শিক্ষকৰ নিযুক্তিক অবৈধ ঘোষণা কৰি মনোহৰণ কমিটিয়ে দিয়া পৰামৰ্শৰে শিক্ষকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ বাবে দিয়া উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ ক্ষেত্ৰত পুনৰ আপীল কৰিব ৰাজ্য চৰকাৰে৷

৯. মেঘালয়ৰ চি.এম.জে বিশ্ববিদ্যালয় ডিগ্ৰীৰ বৈধতাঃ এক সপ্তাহৰ ভিতৰতে ৰাজ্য চৰকাৰে স্পষ্ট কৰিব নিজৰ স্থিতি ৷

১০. পেনেলত এতিয়া বাকী আছে মাত্ৰ দুজনৰ নামঃ দুই-এদিনতে চূড়ান্ত হ’ব ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ বাবে প্ৰাৰ্থী ৷

১১. মহাসেন ঘূৰ্ণীৰ সম্ভাৱনাত অহা তিনিদিনলৈ অসমত নিষিদ্ধ হ’ল ফেৰী তথা নাওসেৱা ৷

১২. ভূমি-বিবাদক কেন্দ্ৰ কৰি মাণ্ডাকাটাত লোমহৰ্ষক হত্যাকাণ্ডঃ স্থানীয় ৰাইজে জ্বলাই দিলে অভিযুক্তৰ ঘৰ ৷

ৰাষ্ট্ৰীয় খবৰঃ

১. আই.পি.এল ক্ৰিকেটত পুনৰ অঘটনঃ স্পট ফিক্সিঙ কেলেংকাৰীৰ অভিযোগত ৰঙা ঘৰলৈ ভাৰতীয়া দলত খেলা শ্ৰীসান্থকে ধৰি তিনিজন ক্ৰিকেটাৰঃ সমগ্ৰ ভাৰতৰ ক্ৰিকেট প্ৰেমীয়ে দিলে ধিক্কাৰ ৷

২. অৱশেষত ১৯৯৩চনৰ মুম্বাইৰ ধাৰাবাহিক বোমা বিস্ফোৰণ সম্বন্ধীয় গোচৰত নিজকে আত্মসমৰ্পণ কৰিলে অভিনেতা সঞ্জয় দত্তেঃ বাকী থকা তিনি বছৰ ছমাহ খাটিব লাগিব কাৰাবাস ৷ জেলত পূৰ্ণ সুৰক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতি দিলে জেল প্ৰশাসনে ৷

৩. বিহাৰক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰিলে ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ জৰিয়তে অৰ্থনৈতিক উন্নতিৰ পথ প্ৰশস্ত হ’ব বুলি আশা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী নিতীশ কুমাৰে ৷

৪. গিৰ ৰাষ্ট্ৰীয় উদ্যানত ঘাতক ভাইৰাছে সিংহ সমূহক আক্ৰমণ কৰাৰ খবৰক নুই কৰিলে গুজৰাটৰ ৰাজ্য চৰকাৰে ৷

৫. পাঁচ বছৰৰ পাছতো নোলাল আৰুচি হত্যাকাণ্ডৰ মূল অভিযুক্তঃ ন্যায় আৰু প্ৰশাসন ব্যৱস্থাক ধিক্কাৰ জনালে সচেতন মহলে ৷

৬. চিবিআইয়ে ভি.ভি.আই.পি হেলিকপ্তাৰ কিনা কেলেংকাৰীৰ সন্দৰ্ভত জেৰা কৰিলে দেশৰ বায়ুসেনাৰ উচ্চ-পদাধিকাৰীক ৷

৭. কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীয়ে ২৫জনকৈ মন্ত্ৰী বাচনিৰে মন্ত্ৰীসভা গঠন কৰিবলৈ ওলাইছে ৷

৮. এনজিঅ’লৈ বিদেশৰ পৰা বৰঙণি বিষয়ক আইন বনোৱাক লৈ এয়া "ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ"ৰ নামান্তৰ বুলি অভিহিত কৰিলে ৭০০টা এনজিঅ’ৰ যৌথ মঞ্চ "ইণ্ডিয়ান চচিয়েল একচন ফ’ৰামে" ৷

৯. অসম ৰাইফলচ আৰু ইণ্ডো-টিবেটান বৰ্ডাৰ পুলিচৰ নিয়্ন্ত্ৰণ লাগে গৃহ মন্ত্ৰনালয়কঃ এই বিষয়ত কেবিনেট সচিবে ল’ব সিদ্ধান্ত, অহা ৫জুনত ৷

১০. হাৰিয়ানাৰ হিছাৰত ৰিয়েল ইষ্টেট ডীলাৰৰ মৰণাস্ত্ৰৰ চলিল ভূলক্ৰমে গুলীঃ দুৰ্ঘটনাক্ৰমে কাষতে থকা আইতাক হ’ল নিহত ৷

আন্তঃৰাষ্ট্ৰীয়ঃ

১. নেপালত পুনৰ বিমান দুৰ্ঘটনাঃ আঠজন জাপানী নাগৰিক সহ আহত ২১জন ৷
২. ৰাচিয়াই ক’লে- প্ৰস্তাৱিত চিৰিয়া বৈঠকত ইৰাণে অংশগ্ৰহণ কৰাৰ প্ৰয়োজন আছেঃ টুৰ্কীয়ে বৰাক ওবামাৰ চাবিকাঠি হিচাবে চিৰিয়া সংঘাতৰ মৰিষণত কাম কৰাৰ পূৰ্ণ সম্ভাৱনা প্ৰকাশ৷

৩. পাকিস্তানৰ প্ৰধানমন্ত্ৰী ৰূপে নৱাজ শ্বৰীফৰ এইবাৰ কাৰ্যকালেই আটাইতকৈ ভাগ্যশালী আৰু ফলদায়ক হ’ব বুলি প্ৰকাশ কৰিলে ৰাজনৈতিক পৰ্যবেক্ষকে ৷

৪. ইৰাকত চুন্নী মছজিদত আক্ৰমণৰ ঘটনাই শংকা আৰু উত্তেজনা বৃদ্ধি কৰাৰ খবৰঃ হিংসাত্মক ঘটনাত ২৫জনৰ প্ৰাণহানি ৷

৫. মহাসেন ঘুৰ্ণী বতাহক লৈ উত্তৰ-পূৱতো সষ্টম হৈ থকাৰ সতৰ্কবাণীঃ বাংলাদেশত প্ৰৱেশৰ পাছতে ইয়াৰ প্ৰকোপ কমিছে বুলি বাতৰিত প্ৰকাশ ৷

৬. পাকিস্তানৰ নতুন শাসন লবলৈ যোৱাৰ আগতেই প্ৰকাশ পালে সম্ভাৱনাঃ এইবাৰ আফগান সন্ত্ৰাসবাদৰ বলি হব পাকিস্তান, ভাৰতৰ সৈতে হব মৈত্ৰীৰ সম্পৰ্ক৷ আঘাত-প্ৰাপ্ত ইমৰাণ খানক দেখা কৰিবলৈ যোৱাৰ বাবে নৱাজ শ্বৰীফক পাকিস্তানী জনগণে কৰিলে প্ৰশংসা ৷

৭. ভাৰতীয় বংশোদ্ভৱ টিভিৰ সূত্ৰধাৰ গ্ৰেপ্তাৰ হ’ল গুৱেনাতঃ সাত বছৰীয়া শিশুক ধৰ্ষণৰ জঘন্যতম গোচৰত ৷

৮. চৌদিৰ পৰা উভতিব লাগিব ১লাখ ভাৰতীয় শ্ৰমিকঃ নতুন শ্ৰমিক আইন বলবৎ হোৱাক লৈ এতিয়াও চলি আছে ভাৰতীয় শ্ৰমিকৰ মাজত চাকৰি যোৱাৰ শংকা ৷

৯. আমেৰিকাৰ লছ এঞ্জেলছৰ কাষৰ মণ্টেৰি পাৰ্ক নামৰ ঠাইত স্কুলত গুলীবৰ্ষণৰ ভাবুকিৰ ফোন কল পাই স্কুল জৰুৰীভাৱে সকলো স্কুল খালী কৰিলে পুলিচে ৷

১০. সমকামীৰ ৰেলী বন্ধ কৰিলে ৰাচিয়াৰ মস্কো প্ৰশাসনেঃ সকীয়ালে অবৈধ ভাৱে ৰেলী কৰিলে লব কঠোৰ পদক্ষেপ ৷

(গুজৱ টপ টেনৰ বাবে অপেক্ষা কৰক.....)

No comments:

Post a Comment