AXD 210: 16TH MAY 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

AXD 210: 16TH MAY 2013

AXD 210: 16TH MAY 2013

Share This

অসমীয়াৰ সুখ-দুখ

প্ৰথম বছৰঃ ২১০তম সংখ্যাঃ ১৬ মে ২০১৩

সামাজিক যোগসূত্ৰৰ মঞ্চত অসমীয়া জন-জীৱনৰ বাৰ্তাবাহক



বিহুৰ আলোচনীৰ পিডিএফ পাবৰ বাবে নামৰ ওপৰতে ক্লিক কৰক
VIC ASSAMৰ উদ্যোগত Victoria, USA ৰ আলোচনী/স্মৰণিকা
এনাজৰী ২০১৩
আৰু
                       ----------------------------------------------------------------------------------------------
আজিৰ বিশেষ লেখাঃ
অসমৰ জনস্বাস্থ্যলৈ ব্যাপক ভাবুকি অনা এই বিশেষ ৰোগৰ ওপৰত আলোকপাত


এখন গাঁৱৰ আক্ৰান্ত সকল




গুজৱ টপ-টেনঃ
১. অহা বহাগ বিহুত দিল্লীৰ বৰঘৰৰ বাকৰিত অনুষ্ঠিত হব মাৰুতি যুঁজ প্ৰতিযোগিতাঃ মেডামৰ সমুখত হিমু শৰ্মাৰ ৯৮ৰ মাৰুতি জেন আৰু মনেমনে সিঙৰ ৯৬ৰ মাৰুতিৰ মাজত অনুষ্ঠিত হব এই যুঁজ ৷ ইমান শক্তিশালী পদত থাকিও এনে ধৰণৰ পুৰণা গাড়ী সংৰক্ষণ কৰি আদৰ্শ  দেখুৱাৰ বাবে দুয়োলৈ হাইকামাণ্ডে ডিঙিৰ পৰা মুকুতাৰ মালা খুলি দলিয়াব বুলি গোপন সূত্ৰত সম্ভাৱনা প্ৰকাশ ৷

২. সাংবাদিক সকলৰ প্ৰতিবাদী কাৰ্যসূচীত সুখ প্ৰকাশ কৰিলে মনেমনে সিঙেঃ এয়া তেখেতৰ এটা বৃহৎ পাব্লিচিটি ষ্টাষ্ট আছিল আৰু তাত সহযোগ কৰাৰ বাবে ধন্যবাদ জনালে সাংবাদিক সকলক ৷ অচিৰেই সাংবাদিক উন্নয়ন পৰিষদ গঠন কৰি দিয়াৰ বাবে দিলে প্ৰতিশ্ৰুতি ৷

৩. সদীপ্ত সেনতকৈ ভয়াবহ মহাসেনঃ পিছে অসমত নহয় বাংলাদেশক হে অৰ্থনৈতিক ভাৱে ভূ-লুণ্ঠিত কৰিব বুলি প্ৰকাশ পালে সতৰ্কবাণী ৷

৪. জীৱন সুৰক্ষাৰ মালিকে ৰাইজক ক’ব ক’ত পাইছিল আলাউদ্দিনৰ চাকিঃ সেই চাকি বিচাৰি পালেই নিলাম কৰিব বুলি কথা দিলে অসম আৰক্ষীয়ে ৷

৫. অসমত বিসম্বাদী কমি যোৱাত দুখ প্ৰকাশ কৰিলে দিগবিদিক সিঙেঃ কমিচন দিয়া মানুহ কমি যোৱাত খেদ প্ৰকাশ কৰি সংখ্যা বৃদ্ধিত মনোনিৱেশ কৰিবলৈ উৎসাহ দিলে যুৱ দলক!

৬. যোগদল হত্যাকাণ্ডত অভিযুক্তজনৰ সতে ফেচবুকত ফ্ৰেণ্ডশ্বিপ কৰিবৰ বাবে সদায় আহি থাকে নটিফিকেচনঃ তাকে লৈ শংকাত ভূগিছে অসমীয়া ফেচবুকপ্ৰেমী ৷ ৰাতিপুৱাই অভিযুক্তৰ ফটোখন নেদেখাবলৈ ফেচবুকলৈ অনুৰোধ জনোৱাৰ খবৰ!

৭. অসমবাসীয়ে মনেমনে সিঙক হেনো দিলে বিৰল সন্মানঃ ২৬৩টা প্ৰতিশ্ৰুতিৰ ৩টা পূৰণ কৰিও ডেৰ দশক চকুমুদি প্ৰতিনিধিত্ব কৰিবলৈ দিয়াটো অসমৰ জনতাৰ সহনশীলতাৰ পৰিচয় বুলি প্ৰকাশ কৰিলে তীব্ৰ সণ্টুষ্টি ৷

৮. এনৰেগাৰ মজুৰি বৃদ্ধিঃ কাম নকৰাকৈ ঘৰত বহি ধন পোৱাৰ দিনো বৃদ্ধি কৰাৰ বাবে কাতৰ দাবী তুলিলে হিতাধিকাৰী সন্থাই ৷

৯. বুটমাহৰ বিষক্ৰিয়াত আছে বিদেশী শক্তিৰ হাতঃ পৰম্পৰাগত মাহ প্ৰসাদৰ সলনি সকামত পিজ্জা, বাৰগাৰ বিতৰণৰ বাবে আহ্বান জনালে কৰুণ গগৈয়ে৷

১০. দ্ৰুত ন্যায় লাগে যদি ইছলাম ধৰ্ম গ্ৰহণ কৰকঃ বিশেষ আদালতত বিশেষ ধৰ্মৰ প্ৰতি ন্যায়দান আৰম্ভ কৰিবলৈ লৈ ঘৰুৱা মন্ত্ৰীয়ে ৰাইজক জনালে আহ্বান ৷

-----------------------------------------------------------------------
আজিৰ প্ৰকৃত খবৰ
-----------------------------------------------------------------------
সুখৰ খবৰঃ


১. নৈ-পৰীয়া মানুহলৈ অকৃত্ৰিম সেৱাৰ স্বীকৃতি স্বৰূপে মিচিং জনগোষ্ঠীয় তিনি সংগঠনে প্ৰদান কৰিব "ৰিভাৰ পিপল্ বঁটা", অহা ২৬মে’তঃ শিক্ষা তথা সংবাদজগতলৈ বৰঙণিৰ বাবে সুৰেন বড়ি, গ্ৰাম্য আৰ্থ-সামাজিক উন্নয়নৰ কৰ্মৰ বাবে পদ্মকান্ত লইঙ আৰু বানাক্ৰান্ত এলেকাত চিকিৎসা সেৱাৰ বাবে মহুৰামুখ চিকিৎসালয়ৰ চিকিৎসক হেমন্ত বৰাক প্ৰথম বৰ্ষৰ এই বঁটাৰ বাবে বাচনি কৰাৰ সু-খবৰ৷

২. কাইলৈ দিনৰ বাৰ বজাত মুকলি হ’ব মেট্ৰিক আৰু হাই-মাদ্ৰাছা পৰীক্ষাৰ ফলাফলঃ সাতটা ৱেবচাইট, বিনামূলীয়া এচএমএছ আৰু স্কুল সমূহৰ যোগেদি ৰিজাল্ট পোৱাৰ ব্যাপক প্ৰস্তুতি৷ অসমীয়াৰ সুখ দুখৰ পৃষ্ঠাতো উপলব্ধ হব ৰিজাল্ট পোৱা সকলো ৱেবচাইটৰ সূত্ৰ ৷

৩. ইংৰাজী মাধ্যমত পঢ়িলেওতো চিনা নিজৰ বাপোতি-সাহোন কলা-সংস্কৃতিকঃ এই আদৰ্শৰে গুৱাহাটীৰ ডনবস্ক স্কুলত আজিৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত কৰিব অষ্টম বাৰ্ষিক ৰঙালী বিহুৰ উদযাপন ৷ স্কুল কৰ্তৃপক্ষই সফলতাৰে পাতিলে দহদিনীয়া বিহু কৰ্মশালাঃ দুই শতাধিক শিশুৱে কৰিলে অংশগ্ৰহণ৷

৪. চীট ফাণ্ডৰ জালঃ জীৱন সুৰক্ষাৰ সঞ্চালক জীৱন দাসক কলকাতাত গ্ৰেপ্তাৰঃ বিমান বন্দৰ মুখৰিত কৰিলে প্ৰতিবাদী এজেণ্ট আৰু গ্ৰাহকে ৷

৫. চীনৰ প্ৰধানমন্ত্ৰীয়ে দিলে ইংগিতঃ ভাৰতৰ সতে সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত অচিৰেই সলনি কৰিব পলিচি, তেখেত নিজেও আহিব ভাৰত ভ্ৰমণলৈ ৷

৬. অহা জুন মাহৰ পৰা এল.পি.জি চাবচিডিৰ ডাইৰেক্ট ট্ৰেন্সফাৰ সেৱা হ’ব আৰম্ভঃ ২০খন জিলাত প্ৰথমে কৰা হ’ব শুভ আৰম্ভণি ৷

৭. মুদ্ৰাস্ফীতি হ্ৰাস পোৱাৰ লগত ৰিজাৰ্ভ বেংকে সুতৰ হাৰ হ্ৰাস কৰাৰ সম্ভাৱনা লৈ শ্বেয়াৰ মাৰ্কেটত উঠিল জোৱাৰঃ  চেনচেক্স ৪৯১ পইণ্ট বৃদ্ধি ৷

৮. এইবাৰ সন্ত্ৰাসবাদী বুলি জেলত বন্দী হৈ থকা মুছলিম যুৱকৰ বাবে হব  ফাষ্ট ট্ৰেক কৰ্টৰ বিশেষ ব্যৱস্থাঃ ইছলামিক সংগঠনৰ এই দাবীৰ প্ৰতি সদয় হৈ ৰাজ্য সমূহক নিৰ্দেশনা দিব বুলি জনালে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ৷

৯. সলনি কৰিলে ভাৰতীয় অলিম্পিক এছোছিয়েছনৰ সংবিধানঃ ৭০বছৰৰ উৰ্ধৰ ক্ৰীড়া সংগঠকে ৰাখিব নোৱাৰিব পদবী, তিনিবাৰকৈ বেছি কাৰ্যকাল থাকিব নোৱাৰিব পদত ৷ সংশোধন হোৱাৰ প্ৰতিশ্ৰুতিৰে পুনৰ আন্তৰাষ্ট্ৰীয় অলিম্পিক সন্থাৰ স্বীকৃতি লাভৰ বাবে চলালে যো-জা ৷

১০. দেশৰ অতি গুৰুত্বপূৰ্ণ নেতা, সামাজিক স্বীকৃতি দিয়াৰ প্ৰয়োজনবোধ হোৱা ব্যক্তিৰ বাবে অচিৰেই দিল্লীৰ যমুনাৰ পাৰত এখন নতুন শ্মশানঘাটঃ কেন্দ্ৰীয় কেবিনেটে তুলি ধৰিলে এই প্ৰস্তাৱ ৷

১১. ডিব্ৰুগড়ত মুকলি হ’ল শিল্পী মহেন্দ্ৰ হাজৰিকাৰ নতুন এলবাম " পক্ষী হোৱা হ’লে"- এম পি থ্ৰী এলবামটোত সন্নিবিষ্ট হৈছে ২১টাকৈ গান৷

চিন্তনীয় বাতৰিঃ

১. চলন্ত ৰেলৰ পৰা স্বামীক পেলাই কণমানি কন্যাসহ পত্নীক অপহৰণৰ ঘটনা গোৱালপাৰাতঃ চাঞ্চল্যকৰ ঘটনাৰ এজাহাৰ ৰুজু হ’ল থানাত ৷

২. বঙাইগাঁৱৰ মানিকপুৰত পুনৰ বুটমাহৰ বিষক্ৰিয়াঃ মাংগলিক অনুষ্ঠানৰ প্ৰসাদ খাই অৰ্ধশতাধিক অসুস্থ হোৱাৰ চিন্তাজনক খবৰ৷

৩. আগমণিতো নামিল "চিনেমা স্পেচিয়েল-২৬"ৰ দৰে ভুৱা বিষয়াৰ দলঃ গ্ৰেপ্তাৰ হ’ল তিনিজনকৈ ভুৱা এনফৰ্চমণ্ট অফিচাৰ ৷

৪. মহিলাক অশ্লীল ইংগিতঃ ধুবুৰীত পৰিবহণ বিষয়াক উত্তম মাধ্যমেৰে শিক্ষা দিলে স্থানীয় ৰাইজে ৷

৫. এন.এইচ.পি.চি য়ে পুনৰ কঢ়িয়াইছে নিৰ্মাণ সামগ্ৰীঃ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নঁগাৱৰ পৰাই খেদিলে ১৪খনকৈ ট্ৰাক ৷

৬. তেজপুৰৰ ধৰ্মীয় স্থানত দুস্কৃতিকাৰীৰ তাণ্ডৱঃ থানৰ খুটাত প্ৰেমিকা আৰু উগ্ৰপন্থী সংগঠনৰ নাম খোদিত কৰাকলৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া ৷

৭. মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰী ৰাজ্যযোৰা আন্দোলনত ৰোগীৰ মাজত ঠায়ে ঠায়ে হাঁহাকাৰ৷

৮. আজি অৰুণাচলত অনুষ্ঠিত হব পঞ্চায়ত নিৰ্বাচনঃ  অসমৰ মাটিতো স্থাপিত হ’ল ৭টাকৈ ভোটকেন্দ্ৰ, অসম চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিলে সংবাদ মাধ্যমে ৷

৯. গুৱাহাটীত প্ৰেমিকাক চুৰীকাঘাতৰ ঘটনাঃ অপৰাধী প্ৰেমিকক জেললৈ ৷

১০. শিশুৰ মৃত্যক কেন্দ্ৰ কৰি গোলাঘাটৰ কুশল কোঁৱৰ চৰকাৰী চিকিৎসালয়ত উত্তেজনাময় পৰিস্থিতি ৷

১১. উচ্ছেদ অভিযানক লৈ শিৱসাগৰৰ ৰেলৱে’ ষ্টেচন চৌহদত উত্তেজনা ৷


১২.ডকমকাত প্ৰধান শিক্ষকক কে পি এল টিৰ ধনদাবীঃ প্ৰতিবাদত ৰাজপথত নামিল ছাত্ৰ-ছাত্ৰী ৷

১৩. বাঁহজনীত ভঠেলী উৎসৱৰ নামত চলিছে জুৱা-তীৰ খেলৰ ব্যাপক পয়োভৰঃ বিজ্ঞ সমাজ চিন্তিত, আৰক্ষী নিৰ্বিকাৰ ৷

ৰাজ্যৰ ৰাজনীতিঃ

১. প্ৰধানমন্ত্ৰী মনমোহন সিঙে দিলে পঞ্চমবাৰৰ বাবে অসমক ৰাজ্য সভালৈ প্ৰতিনিধিত্ব কৰাৰ বাবে মনোনয়ন পত্ৰঃ নিলগাই ৰাখিলে সংবাদ মাধ্যমক ৷

২. বিধান সভাৰ চৌহদলৈ সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰাকলৈ প্ৰতিবাদ জনালে সাংবাদিক সকলেঃ অৱশেষত প্ৰতিবাদী সাংবাদিকৰ কাষলৈ খোজকাঢ়ি আহিল প্ৰধানমন্ত্ৰী ৷

৩. বৰঝাৰত বিসম্বাদীৰ সৈতে বহিল দিগবিজয় সিঙঃ এই বৈঠকক লৈ ৰাজনৈতিক মহল উৎকণ্ঠিত হোৱাৰ খবৰ ৷

৩. প্ৰধানমন্ত্ৰীৰ মনোনয়ন দাখিলৰ সময়ত আছু অভিনৱ প্ৰতিবাদঃ ছহিদ ন্যাসত ১৫গৰাকী যুৱকে প্ৰধানমন্ত্ৰীৰ বেশ-ভূশা-মুখা পিন্ধি স্বীকাৰ কৰিলে নিজৰ ব্যৰ্থতা!

৪. প্ৰধানমন্ত্ৰী পত্নীৰ আছে ১৫তোলা সোণৰ অলংকাৰঃ ৯৬চনৰ মাৰুতি গাড়ীৰ মালিক বুলি শপতনামা দিলে প্ৰধানমন্ত্ৰীয়ে ৷ লগতে কৰিলে ঘোষণা ৩কোটি টকাৰ আছে ফিক্সড ডিপ’জিট ৷

৫. সোণাপুৰত আমৰি কাৰ্বি জাতীয় পৰিষদৰ বাৰ্ষিক অধিবেশনৰ সফল সামৰণি ৷

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

১. নৌ সেনা বিষয়াই পত্নীক সতীৰ্থৰ সতে সহবাসৰ বাবে কৰালে বাধ্যঃ এই অভিযোগ লৈ এইবাৰ পত্নী কাষ চাপিল প্ৰতিৰক্ষা মন্ত্ৰীৰ৷ নৌ-সেনা বিষয়াৰ যৌন আচৰণক লৈ সঘন বাতৰিয়ে নৌ-সেনাক কৰিলে লজ্জানত ৷

২. ৰাহুল গান্ধীৰ সমষ্টি আমেথিত মনৰেগা আঁচনিৰ নামত চলিছে লুণ্ঠনঃ পুঁজি আত্মসাতৰ বাতৰিয়ে পালে ৰাষ্ট্ৰীয় কাকতৰ শিৰোনামত স্থান ৷

৩. মহাৰাষ্ট্ৰৰ পাঠ্যপুথিত অৰুণাচলক কৰিলে ভাৰতৰ পৰা বহিস্কাৰঃ ছয় বাৰকৈ প্ৰুফ চাই ছপাবলৈ দিয়া ১৭লাখ কিতাপত অলেখ ভুল-ত্ৰুটিৰ বাতৰিয়ে অভিভাৱক সকলৰ লগতে শিক্ষাবিদ সকলৰ চকু কপালত তোলাৰ বাতৰি ৷

৪. পুণ্যনগৰী হৃষিকেশৰ পৰা আন্না হাজাৰেই আৰম্ভ কৰিলে দুৰ্নীতি আঁতৰাই নিকা সমাজ গঢ়াৰ উদ্দেশ্য জনতন্ত্ৰ আন্দোলন ৷
--------------------------------------------------------------------------------------

------------------------------------------------------------------------------------------------

ANDROID অপাৰেটিং চিষ্টেম থকা মোবাইলৰ বাবে "সুখ-দুখ এপচ"

No comments:

Post a Comment