AXD 209: 15TH MAY 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

AXD 209: 15TH MAY 2013

AXD 209: 15TH MAY 2013

Share This

অসমীয়াৰ সুখ-দুখ

প্ৰথম বছৰঃ ২০৯তম সংখ্যাঃ ১৫ মে ২০১৩

সামাজিক যোগসূত্ৰৰ মঞ্চত অসমীয়া জন-জীৱনৰ বাৰ্তাবাহক



বিহুৰ আলোচনীৰ পিডিএফ পাবৰ বাবে নামৰ ওপৰতে ক্লিক কৰক
VIC ASSAMৰ উদ্যোগত Victoria, USA ৰ আলোচনী/স্মৰণিকা
এনাজৰী ২০১৩
আৰু
-------------------------------------------------------------------------------------------------------------------------
গুজৱ টপ টেনঃ

১. শংকৰদেৱ(স্বাধীন) বঁটা প্ৰৱৰ্তন কৰিব পৰেশ স্বাধীন সংস্থাইঃ তৃতীয় এখন দেশত অনুষ্ঠিত কৰিব বঁটা প্ৰদান অনুষ্ঠানঃ শৰ্মিলা ঠাকুৰক ঔপনিবেশিক শংকৰদেৱ বঁটা প্ৰদান কৰাক লৈ ক্ষোভিত হৈ ল’লে এই উদ্যোগ ৷


২. অসমত বিৰোধীতকৈ ভাল বিসম্বাদীঃ মুখ্যমন্ত্ৰীৰ সঠিক কামত যেনে মেট্ৰিকৰ sms বিনামূলীয়া কৰা, মাছৰ ছিণ্ডিকেট ভঙা আদি কামত বিবেকেৰে কাম কৰোৱাবলৈ বিসম্বাদীসকলে বাধ্য কৰাক লৈ প্ৰশংসাৰে উপচাই পেলালে সচেতন মহলে ৷

৩. কেঁচা চাহপাত চিঙা প্ৰতিযোগিতাত বিজয়ী হ’ল ৰংজুলি চাহ বাগিচাৰ চামেলীঃ চীট ফাণ্ড কোম্পানীৰ চাহ বাগিচাত চাকৰি দিয়াৰ বাবে প্ৰতিশ্ৰুতি দিলে বিত্ত মন্ত্ৰীয়ে ৷

৪. প্ৰধান মন্ত্ৰীক ইমান সুৰক্ষা দিয়াতকৈ কাজিৰঙাৰ গঁড়ক নিদিয়া কিয় বুলি গৰজি উঠিল মনেমনে সিঙঃ সিঙৰ এনে প্ৰতিবাদত সুখী হ’ল সচেতন মহল ৷

৫. এইবাৰ লোকসভা নিৰ্বাচনত বিশেষ ভূমিকা ল’ব ফেচবুকেঃ মাৰ্ক জুকাৰবাৰ্গক ৰাইবেৰেলীত নিৰ্বাচনী প্ৰচাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় অতিথি কৰি মাতিবৰ বাবে হাতোৰা পাৰ্টিৰ হাইকামাণ্ডৰ বৰঘৰত চলিছে বৰ বৰ আলোচনা ৷

৬. Cheat ফাণ্ডক লৈ বেংগলত নতুন চিনেমাৰ গান হিটঃ "গভীর জলের ফিছ বাবা, গভীর জলের ফিছ, পাব্লিকটাই নাম দিয়েছে খোকা ৪২০" গীতটোক অস্কাৰৰ বাবে মনোনয়ন দিব লাগে বুলি ক’লে কৰুণ গগৈয়ে ৷

৭. অসমতো আৰম্ভ হ’ব বেংগলৰ দৰে বিগ বছৰ অনুষ্ঠানঃ বেংগলৰ বিগ বছ মিথুনৰ দৰে অসমত বিগ বছ ৰূপে ভাও দিব জালুকবৰীয়া শৰ্মাই ৷

৮. কংগ্ৰেচে আৰম্ভ কৰিলে বিশেষ বিজ্ঞাপনেৰে নিৰ্বাচনী প্ৰচাৰৰ চিনেমাঃ বক্স অফিচত বিজেপিৰ "ফীল গুড" চিনেমাৰ দৰেই ঠেকেচা খাব বুলি চিনেমা সমালোচকে দিলে মন্তব্য ৷

৯. আমি ক’লৈ গৈ আছো, কি কৰি আছো, নিজকে সুধিবলৈ ক’লে ৰাষ্ট্ৰপতিয়েঃ কিশোৰসকলক সোধাত এই প্ৰশ্ন সোধাত উত্তৰ দিলে- পঢ়ি শুনি আমি ডাঙৰ ডাঙৰ কেলেংকাৰী কৰিবলৈকে গৈ আছো ৷ কোটি কোটি টকাৰ দুৰ্নীতি কৰি বিদেশী বেংকত ধন ভৰাই পিতৃ-মাতৃক গৌৰাৱান্বিত কৰিব বুলি শপত খালে কিশোৰ সকলে ৷

১০. কণীলগা মাছ খাবলৈ কলিয়াবৰলৈ আহিবলৈ অনুৰোধ জনালে স্থানীয় ৰাইজেঃ কণীৰ সৈতে উভয়নদী হোৱা মাছৰ ভক্ষণক এক পৰ্যটনৰ ৰূপ দিবলৈ বনমন্ত্ৰীক দিলে স্মাৰক পত্ৰ ৷


------------------------------------------------------------------------

আজিৰ প্ৰকৃত খবৰঃ
------------------------------------------------------------------------


সুখৰ খবৰঃ

১. ৱাশ্বিংটন ডি চি চাউথ এছিয়ান ফিল্ম ফেষ্টিভেল’ত শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু শ্ৰেষ্ঠ অভিনেতাৰ বঁটা কঢ়িয়ালে অসমীয়া ছবি পৰিচালক বিদ্যুত কটকীৰ "এখন নেদেখা নদীৰ সিপাৰে" নামৰ চলচ্চিত্ৰইঃ মাজুলীৰ মনোৰম প্ৰাকৃতিক পৰিবেশৰ মাজত দৃশ্যগ্ৰহণ কৰা তথা "অপহৃত এজনৰ সন্ধানৰ" কাহিনীৰে প্ৰেৰিত ঘটনাৰাজিৰে অসমৰ সংন্ত্ৰাসজৰ্জৰ সমাজৰ এক বিশ্লেষাণাত্মক প্ৰতিচ্ছবি দাঙি ধৰিছিল তথ্যচিত্ৰ নিৰ্মাণৰ বাবে আগতেই ৰাষ্ট্ৰীয় বঁটাৰে অলংকৃত হোৱা এই ছবি পৰিচালক গৰাকীয়ে ৷ হিন্দী আৰু অসমীয়া দুয়োটা ভাষাতে মুক্তি দিয়া ছবি খনত ভিক্তৰ বেনাৰ্জিৰ দৰে বয়োজ্যেষ্ঠ অভিনেতাৰ লগতে কালি শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰ বাবে নিৰ্বাচিত হোৱা সঞ্জয় সুৰীৰে কৰিছিল অপূৰ্ব অভিনয় ৷ অসমীয়াৰ সুখ দুখৰ পৰিয়াল তথা পাঠক সমাজৰ পৰাও ছবি নিৰ্মাতা তথা সকলো শিল্পীলৈ জনাইছো অভিনন্দন ৷

২. বিনামূলীয়া এছএমএছ যোগে পাব মেট্ৰিকৰ ফলাফলঃ মুখ্যমন্ত্ৰীৰ ৰঙাচকুত সিদ্ধান্ত সলালে শিক্ষামন্ত্ৰীয়ে ৷ দুপৰীয়া বাৰ বজাৰত মুকলি হব ফলাফল সকলো পৰীক্ষা কেন্দ্ৰত আৰু বিদ্যালয় সমূহত ৷ ৱেবচাইটযোগেও চাব পাৰিব ফলাফল, পাব প্ৰমাণপত্ৰও ৷

৩. অসম বিশ্ববিদ্যালয়ত সমাবৰ্তন অনুষ্ঠানত উপস্থিত থাকিল দেশৰ ৰাষ্ট্ৰ্পতি, বিশিষ্ট কবি গুজাৰৰ সঞ্চালনাত অনুষ্ঠিত হ’ল মনোজ্ঞ অনুষ্ঠান ৷ দেশত ঘটি থকা সঘন নাৰীৰ শ্লীলতা হানিৰ ঘটনাত ৰাষ্ট্ৰপতিয়ে প্ৰকাশ কৰিলে উদ্বিগ্নতা ৷

৪. দিল্লীত ক’লে বৈদেশিক মন্ত্ৰীয়ে বাংলাদেশী ভূমি হস্তান্তৰণ প্ৰক্ৰিয়া সকলো দলৰ সৰ্বসন্মতি ক্ৰমেহে কৰা হব আৰম্ভ ৷

৫. . পঞ্জাৱৰ সন্তান, অসমৰ গুৱাহাটীৰ সৰুমটৰীয়াৰ ডঃ হেমপ্ৰভা শইকীয়াৰ ভাড়াতীয়া ডঃ মনমোহন সিঙ আজি অসমলৈঃ দাখিল কৰিব ৰাজ্যসভাৰ আসনৰ বাবে মনোনয়ন ৷

৬. মৰণোত্তৰ দেহদানেৰে আদৰ্শ দেখুৱালে বৰপেটাৰ বহৰিৰ ৩৫বছৰীয়া নাৰী নীলিমা খাতুনেঃ কু-সংস্কাৰৰ জাল ফালি আদৰ্শ দেখুৱাই যোৱা নীলিমাৰ দেহ "ইলোৰা বিজ্ঞান মঞ্চ"ৰ জড়িয়তে বৰপেটা মেডিকেল কলেজ কৰ্তৃপক্ষক প্ৰদান কৰা হয় ৷

৭. বেলি ওলোৱাৰ আগে আগে প্ৰতিদিনে, ষষ্ঠ শ্ৰেণীৰ পৰাই চাইকেলেৰ বিলাইছিল বাতৰিকাকতঃ বাংগালুৰৰ এন শিৱকুমাৰে জীৱনৰ যুঁজত নামি IIM,কলকাতাত পঢ়িবৰ বাবে নিজৰ যোগ্যতা প্ৰতিপন্ন কৰি দেখুৱালে আদৰ্শ ৷

৮. নিজৰ দুয়োটা স্তন অস্ত্ৰোপচাৰেৰে আঁতৰাই স্তনৰ কেঞ্চাৰ ৰোগৰ সম্ভাৱনা নাশ কৰি বিশ্বক অন্য এক আদৰ্শ দেখুৱালে হলিউদৰ মোহময়ী অভিনেত্ৰী এঞ্জেলীনা জ্বলিয়ে ৷ এই আলমতে আন নাৰী সকলেও এনে সাহসী পদক্ষেপ গ্ৰহণৰ বাবে অনুপ্ৰেৰণা পাব বুলি মত ব্যক্ত কৰিলে বিশ্বৰ বিভিন্ন বিশেষজ্ঞ তথা চিন্তাবিদ সকলে ৷

৯. মুম্বাইৰ গোৰাগাঁৱৰ এজন আৰক্ষী বিষয়াৰ হেৰাইছিল পোহনীয়া কুকুৰঃ পাছত তাৰ সন্ধান পালে ফেচবুকৰ জড়িয়তে ৷ ফেচবুক প্ৰেমীৰ এনে সহায়ৰ বাবে আৰক্ষী বিষয়াই কৃতজ্ঞতা প্ৰকাশ কৰা বাতৰিয়ে শিৰোনাম পালে টাইমচ অৱ ইণ্ডিয়াৰ ৷

১০. দেশত মুদ্ৰাস্ফীতিৰ হাৰ নামিল ৪.৮%লৈঃ ই বিগত তিনি বছৰৰ ভিতৰত সৰ্ব নিম্ন হোৱাৰ তথ্য ৷ বেংকৰ ঋণৰ সুতৰ হাৰ কমাৰ সম্ভাৱনা প্ৰকাশ কৰিলে অৰ্থনীতিবিদ সকলে ৷

চিন্তনীয় খবৰঃ

১. বিটিএডিত নতুনকৈ গাঁও অন্তভুৰ্ক্তিৰ বাবে নতুন দিল্লীত হব লগা ত্ৰি-পাক্ষিক বৈঠক পিছুৱালে ২৪মে’ পৰ্যন্তঃ ৰাজ্য সভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ বাবে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বাবেই এই সালসলনি ৷

২. এইবাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰশাসন কঠোৰ হ’ল চৌহদ নিবাসী কুকুৰৰ প্ৰতিঃ নিৰ্বাসন অভিযানৰ কৰিলে আৰম্ভণি ৷

৩. গড়কাপ্তানি(গৃহ)ত ভয়ংকৰ অনিয়ম সংঘটিত হোৱাৰ উঠিল অভিযোগঃ গোপনে দুৰ্নীতিগ্ৰস্ত সহকাৰী অভিযন্তাক পদোন্নতিৰ চলিল চেষ্টা ৷

৪. অধীক্ষক আৰু অভিযন্তাই চলাইছে ব্যাপক লুণ্ঠনৰাজঃ লখিমপুৰ জনস্বাস্থ্যত ১.৫কোটিৰ এল অ’চি কেলেংকাৰী সংঘটিত হোৱাৰ খবৰে পালে সংবাদ শিৰোনামত স্থান ৷

৫. এইদৰেই চলিছে শ শ কোটি টকাৰ নিৰ্মাণঃ এইবাৰ যোৰহাটত খহি পৰিল ষ্টেডিয়ামৰ গেলেৰী ৷

৬. ঠিকাদাৰী কোম্পানী আই-এম-আৰ-আইৰ সতে কৰ্মচাৰীৰ সংঘাতঃ ১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰী সকলে গ্ৰহণ কৰিলে ৰাজ্যজোৰা আন্দোলনৰ কাৰ্যসূচী ৷

৭. সাৰদাৰ মালিক সুদীপ্ত সেনৰ সম্পত্তিৰ পৰিমাণ ১০০০কোটিৰো অধিকঃ দেশৰ অসম বংগকে ধৰি দেশৰ ২০০ঠাইত মাটি থকাৰ তথ্য প্ৰকাশ পালে সংবাদ মাধ্যমত ৷

৮. দৰং জিলাত হীৰাপাৰাত বুটমাহত বিষক্ৰিয়াঃ ডেৰ শতাধিক আক্ৰান্ত হোৱাৰ দুখৰ খবৰ ৷

৯. সংবাদ মেলত জাঙৰ খাই উঠিল অতুল বৰাঃ প্ৰশ্ন তুলিলে যোগদল হত্যাকাণ্ডত প্ৰধান অভিযুক্ত হৈও সমাজ কল্যাণৰ মন্ত্ৰী কি দৰে হৈ আছে অকণ বৰা ৷

১০. শিৰোনামত আকৌ অমিয় কুমাৰ দাস মহাবিদ্যালয়ঃ টেণ্ডাৰ অবিহনেই দিলে ইনড’ৰ ষ্টেডিয়ামৰ ঠিকা ৷

দুখৰ খবৰঃ

১. দেশৰ আগশাৰী সমাজকৰ্মী আছগৰ আলী ইঞ্জিনীয়াৰৰ বিয়োগ ৷

২. নলবাৰীৰ সৰিয়হতলীত ডিঙি ৰেপি এজনক হত্যাঃ মৰাণতো অকলশৰীয়া অৱস্থাত পাকঘৰতে ডিঙি ৰেপি হ্ত্যা কৰিলে বৃদ্ধাক ৷

৩. গুৱাহাটীত পুনৰ দুজনকৈ ছাত্ৰৰ আত্মহননৰ বাতৰিয়ে বঢ়ালে সচেতন মহলৰ উদ্বিগ্নতাঃ সন্তানৰ মানসিক স্বাস্থ্যৰ যতনক লৈ সচেতন হোৱাৰ আহ্বান অভিভাৱক সকললৈ ৷

৪. বৰপেটাৰ বহৰিত যৌন নিৰ্যাতন চলাই ৬বছৰীয়া শিশুক হত্যাঃ ৰাইজে কৰিলে থানা ঘৰাও ৷
---------------------------------------------------


------------------------------------------------------------------------------------------------

ANDROID অপাৰেটিং চিষ্টেম থকা মোবাইলৰ বাবে "সুখ-দুখ এপচ"

অসমীয়া সুখ দুখৰ  ANDROID মবাইল বাবে apps xukhdukh.apk 


                                      ডাউনলোডৰ বাবে ইয়াতে ক্লিক কৰক ৷ 
--------------------------------------------------------------------------

4 comments:

  1. Writing good articles for website content is not necessarily a problem of inspiration; it is a problem of research, structure and quality of information that is transmitted. It is nothing abnormal to write and article in 2-3 hours, although the goal of a ghostwriter is to write as fast as possible.
    Bengali Shayari 2019
    Happy New Year Quotes

    Thank you for sharing the most awesome article.

    Job in Assam
    Government Job in Assam

    ReplyDelete