AXD 206: 12 MAY 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

AXD 206: 12 MAY 2013

AXD 206: 12 MAY 2013

Share This

অসমীয়াৰ সুখ-দুখ

প্ৰথম বছৰঃ ২০৬তম সংখ্যাঃ ১২  মে ২০১৩

সামাজিক যোগসূত্ৰৰ মঞ্চত অসমীয়া জন-জীৱনৰ বাৰ্তাবাহ
------------------------------------------------------------------------------------------------

ANDROID অপাৰেটিং চিষ্টেম থকা মোবাইলৰ বাবে "সুখ-দুখ এপচ"

অসমীয়া সুখ দুখৰ 


     ANDROID মবাইল বাবে apps 
                                      ডাউনলোডৰ বাবে ইয়াতে ক্লিক কৰক ৷ 

সুখৰ খবৰঃ

১. এমাহৰ ভিতৰত ১.৩০লাখ দৰিদ্ৰ ছাত্ৰীলৈ বিতৰণ কৰিব চাইকেল ৰাজ্য চৰকাৰেঃ মেট্ৰিকত ৫০% পালেই লাভ কৰিব কম্পিউটাৰ ৷ শিক্ষা বিভাগৰ জনপ্ৰিয় আঁচনি উন্মোচন কৰি একে মঞ্চত বহুদিনৰ মূৰত শিক্ষা মন্ত্ৰীক প্ৰশংসা কৰিলে মুখ্যমন্ত্ৰীয়ে ৷

২. আছুৰ সতে আলোচনাত বহিল প্ৰধানমন্ত্ৰীঃ আছুৱে জনালে অসমৰ জলন্ত সমস্যাৱলী, দাবী কৰিলে খিলঞ্জীয়াৰ বাবে সাংবিধানিক সুৰক্ষা কৱচ ৷

৩. ঢকুৱাখনাত চাৰিকড়ীয়া নৈকাষৰীয়া মহঘূলি চাপৰিত অনুষ্ঠিত হৈছে ফাট বিহুঃ দ্বিতীয় দিনা অনুষ্ঠিত হ’ল সকলো জনগোষ্ঠীৰ হুঁচৰি প্ৰতিযোগিতা, উন্মোচিত হ’ল স্মৰণিকা "বিহুৱান" ৷ অন্তিম দিনাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসম সাহিত্য সভাৰ সভাপতি, কেন্দ্ৰীয় মন্ত্ৰী তথা স্থানীয় সাংসদ ৰাণী নৰহ, এদিনৰ সংবাদ কাকতৰ সম্পাদক অদীপ কুমাৰ ফুকনকে ধৰি গণ্যমান্য ব্যক্তিয়ে ৷ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব অভিনেত্ৰী মৃদুলা বৰুৱাই ৷

৪. "মাছ"ৰ শ্বহীদ দিৱসত গুৱাহাটীৰ ৰাজগড় ৰোডত অনুষ্ঠিত হব "পৰাগ স্মৰণ অনুষ্ঠান" অহা ১৭মে’তঃ পৰাগ দাসৰ আদৰ্শক জীয়াই ৰখাৰ বাবে গুণমুগ্ধই ল’ব সংকল্প ৷

৫. ডঃ দীপাংকৰ চহৰীয়াৰ নেতৃত্বত আন্তঃ ৰাষ্ট্ৰীয় সংস্থা "টেৰী"ৰ উদ্যোগত আৰু চানৰাইজ সংস্থাৰ সহযোগত ছয় হাজাৰ উন্নত জাতৰ অমৃত সাগৰ আৰু জাহাজী কলৰ পুলি বিতৰণ ভেৰগাঁৱতঃ কলখেতিৰে স্বাৱলম্বী হোৱাৰ পথ গ্ৰহণ কৰিবলৈ নৱ-প্ৰজন্মলৈ জনালে আহ্বান ৷

৬. তেজপুৰত অনুষ্ঠিত হ’ল অসম ভিত্তিক মুকলি বিহু প্ৰতিযোগিতাঃ প্ৰথম শ্ৰেষ্ঠ দল নলবাৰী কৃতাঞ্জলি বিহুৱা দলক ৫০,০০১টকাৰে পুৰস্কৃত, শিৱসাগৰৰ জাঁজীপৰীয়া দ্বিতীয় শ্ৰেষ্ঠ ৷

৭. হাপানি ৰোগ সম্পৰ্কে সজাগতাৰ বাবে নগাঁৱত উদযাপিত হ’ল হাপানি মাহঃ সম্পূৰ্ণ ৰূপে নিৰাময়ৰ দৰৱ নথকা এই ৰোগৰ ক্ষেত্ৰত বৰ্দ্ধিত বায়ু প্ৰদূষণে সৃষ্টি কৰিব জটিলতা ৷ জন-সচেতনতা বৃদ্ধিৰ বাবে ঔষধ কোম্পানী "চিপলাই" মুকলি কৰিব বিনামূলীয়া ৱেবচাইট ৷

৮. নতুন ভূমি নীতিত সন্দেহজনক লোকক ভূমিপট্টন প্ৰদানৰ পৰা বাৰণ কৰা নিয়ম অন্তৰ্ভুক্তিৰ দাবী জনালে জনজাতি স্মৃতি জাগৰণ সমিতিয়ে, গুৱাহাটীত ৷

৯. অসম সাহিত্য সভা, শিলচৰ শাখাই দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিলে ৰঙালী বিহু সন্মিলনৰঃ বিশাল সাংস্কৃতিক শোভাযাত্ৰাত প্ৰদৰ্শিত হ’ল বৰ্ণিল জন-গোষ্ঠীয় কলা-সংস্কৃতিৰ ৷

১০. নলবাৰীৰ বাঁহজনীত আৰম্ভ হ’ল এনৰেগা আঁচনিৰ জবকাৰ্ডপ্ৰাপ্ত শ্ৰমিকৰ মজুৰি "স্মাৰ্ট কাৰ্ড" যোগে প্ৰদানৰ আঁচনিঃ ইয়াৰ দ্বাৰা এনৰেগাত দুৰ্নীতিৰ ক’লা অধ্যায়ৰ শেষ কৰি এনৰেগা শ্ৰমিকক মৰ্যদা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিলে উন্মোচক স্থানীয় বিধায়কে ৷


১১. ভুৱা ডিগ্ৰী প্ৰদানৰ বেহাঃ চি এম জে বিশ্ববিদ্যালয়ক লৈ কঠোৰ স্থিতি মেঘালয়ৰ ৰাজ্যপালৰ,  উপ-পঞ্জীয়কক গ্ৰেপ্তাৰ, উপাচাৰ্যৰ আগতীয়া জামিন নাকচ হোৱাত তেখেত পলাতক!
চিন্তনীয় খবৰঃ


১. দুৰ্গম স্থানত পুতি ৰখা অৱস্থাত মৰণাস্ত্ৰ উদ্ধাৰ হোৱাৰ বাতৰিঃ কাৰ্ব পাহাৰত পুনৰ নতুন উগ্ৰপন্থী জন্ম হোৱাৰ খবৰে চিন্তিত কৰিলে সাধাৰণ জনতাক ৷

২. কেন্দ্ৰই পঠাব মাওবাদীক পৰাভূত কৰাৰ বাবে বিশেষ বেটেলিয়ানঃ সেই উদ্দেশ্যে মাওবাদীৰ তথ্য বিচাৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৷

৩. মহানগৰীত দুখ জনক মৃত্যুক সাৱতিলে পিতা-পুত্ৰইঃ কুঁৱা চাফ কৰিবলৈ নামি অক্সিজেনৰ অভাৱত ঘটিল এই দুখজনক ঘটনা ৷

৪. নলবাৰীত এন এছ ইউ আইৰ অবৈধ ধন সংগ্ৰহ অভিযানঃ সম্পাদকৰ বিৰুদ্ধে ৰুজু হ’ল গোচৰ ৷

৫. পাহাৰৰ ভূমিস্খলন হৈ পৰিছে মহানগৰীৰ কৃত্ৰিম বানৰ মূল কাৰণঃ ভূমি সংৰক্ষণ বিভাগৰ নিস্কৰ্মা ৰূপত ক্ষোভিত হৈছে জনসাধাৰণ ৷

৬. বিসম্বাদীয়ে পাতিলে নীতি-বৰ্হিভূত সভাঃ নলবাৰী কংগ্ৰেছ উত্তাল ৷

৭. তেজপুৰত অস্ত্ৰোপচাৰৰ সময়ত ধনদাবী কৰি তেজপুৰৰ চিকিৎসকে লাভ কৰিলে বাতৰি কাকতৰ শিৰোনামত স্থান ৷

৮. মুৰ্মুষ অৱস্থাত উদ্ধাৰ হ’ল প্ৰাক্তন মহিলা ক্ৰিকেটাৰঃ নগাঁৱত চাঞ্চল্য ৷

৯. গুৱাহাটীত শ্ৰমিক সংগঠন সমূহে কৰিলে যৌথ প্ৰতিবাদঃ মুখ্যমন্ত্ৰীলৈ দিয়া স্মাৰক পত্ৰত দিলে অভিযোগ, গংগাৰাম ক’ল হত্যা গোচৰত এতিয়াও চিবিআইক দিয়া হোৱা নাই আনুষ্ঠানিক পত্ৰ ৷

১০. ৰাজ্য সভাৰ দ্বিতীয়খন আসনৰ বাবে মুখ্যমন্ত্ৰীয়ে বাৰজন প্ৰাৰ্থীত্ব প্ৰয়াসীৰ তালিকা সঁপিলে হাইকামাণ্ডকঃ বিসম্বাদী শিবিৰে নিৰ্ণায়ক ভূমিকা লব বুলি চলিছে খবৰ ৷

১২. ধেমাজি তিনিআলিত আজি সন্ধিয়া চৰ্ট চাৰ্কিটৰ ফলত হ’ল অগ্নিকাণ্ডঃ জাহ গ’ল ধাবা, তিনিখন লেপ তুলিৰ দোকান ৷

১৩. চতিয়াত ৰাইফল সহ গ্ৰেপ্তাৰ হ’ল চোৰাং চিকাৰী ৷

১৪. মাজুলীত সমাজ কল্যাণ বিভাগৰ চাৰি কুইণ্টল পচা চাউল জব্দৰ খবৰ ৷

১৫. ক্ষুদ্ৰ চাহ খেতিয়কে তুলিলে পুঁজিপতি গোষ্ঠীৰ শোষণৰ অভিযোগঃ গুৱাহাটী চাহ নিলাম কেন্দ্ৰত আশাপ্ৰদ বিক্ৰীৰ পিছতো উচিত মূল্যৰ পৰা বঞ্চিত হৈছে ক্ষুদ্ৰ চাহ খেতিয়ক ৷

১৬. কলগাছিয়াৰ মইনবড়ি বজাৰত কেজিত ২-৩টকা দৰত বিক্ৰী হৈছে কেঁচা জলকীয়াঃ উচিত মূল্য নাপাই জুৰুলা হৈ পৰিছে কৃষক৷ কৃষি বিপনন পৰিষদৰ অসাৰতাক ধিক্কাৰ দিলে সচেতন জনতাই ৷


১৭. ইতিমধ্যে বন্ধ হ’ল ১৮টাকৈ অসম চৰকাৰৰ ৰাজহুৱা খণ্ডৰ উদ্যোগঃ বাকী থকা ১৭টাতো তলা ওলমোৱাৰ বাবে প্ৰস্তুতি সম্পন্ন কৰিলে বুলি উদ্যোগ বিভাগলৈ অভিযোগৰ আঙুলি ৷

১৮. শিলচৰত ৪০লাখ টকাৰ হেৰ’ইন সহ গ্ৰেপ্তাৰ হ’ল দুজন ড্ৰাগচ সৰবৰাহকাৰী ৷

১৯. গুৱাহাটীৰ ৰাজপথত সাৰদাৰ এজেণ্টৰ প্ৰতিবাদী সমদলঃ কোম্পানীৰ সম্পত্তি বিক্ৰী কৰি ধন ঘূৰাই দিয়াৰ বাবে জনালে দাবী ৷

২০. দক্ষিণ কামৰূপৰ বঙৰাত জনসভাত ক’লে অখিল গগৈয়ে- বহিৰাগত ব্যৱসায়ীয়ে অসমৰ কৃষিভূমিলৈ কঢ়িয়াই আনিছে ভাবুকি ৷

ৰাষ্ট্ৰীয়ঃ


১. ৰেলৱে মন্ত্ৰালয়ৰ দ্বায়িত্ব পথ পৰিবহন মন্ত্ৰী চি পি যোশীলৈঃ আইন মন্ত্ৰালয়লৰ অতিৰিক্ত দ্বায়িত্ব ল’লে কপিল ছিৱালে ৷

২. সমুদ্ৰত জাহ যাবলৈ ওলাইছে ভাৰতৰ এক মাত্ৰ ক্ষেপনাস্ত্ৰ উৎক্ষেপণ কেন্দ্ৰটোঃ হুইলাৰ আইলেণ্ডৰ প্ৰৱল খহনীয়াই চিন্তিত কৰিছে প্ৰতিৰক্ষা বিভাগক ৷

৩. মধ্যপ্ৰদেশত অনুষ্ঠিত হব দেশৰ প্ৰথমখন ফেচবুক পঞ্চায়তঃ নেচনেল ইণ্ডিয়ান ট্ৰাইবেল যুৱ শক্তি নামৰ পেজৰ যোগেদি সংগঠিত জনজাতীয় যুৱকে ৰাইজৰ সমস্যা তথা আশা আকাংখ্যাক লৈ ১৬মে’ত অনুষ্ঠিত কৰিব জনজাতীয় যুৱকৰ এখন বৃহৎ সন্মিলন, অংশগ্ৰহণ কৰিব কেইবাখনো ৰাজ্যৰ সচেতন যুৱকে ৷

৩. আজি প্ৰতিৰক্ষা মন্ত্ৰীয়ে নৌ-সেনা বাহিনীক অৰ্পণ কৰিলে মিগ-১৯ কে যুঁজাৰু বিমান ৷

৪. ছোনিয়া গান্ধীৰ সমুখত তল পৰিল প্ৰধান মন্ত্ৰীৰ ব্যক্তিত্বঃ মন্ত্ৰী অপসাৰণত নিস্ক্ৰিয়তাক সচেতন ৰাইজে কৰিলে সমালোচনা ৷

৫. মনিপুৰে আনিব নতুন কঠোৰ আইনঃ ড্ৰাগচ আসক্তৰ ওপৰত লব ব্যৱস্থা ৷

আন্তঃৰাষ্ট্ৰীয়ঃ


১. তালিবানৰ বোমা-বাৰুদৰ ধোঁৱাৰ মাজতে গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে দলে বলে ওলাই আহিল সাধাৰণ নিৰ্বাচনত ভোট দিবলৈঃ নিহত হ’ল ১৭জন ৷ ভোট গণণা আৰম্ভ, নৱাজ শ্বৰীফৰ বিজয় ৷

২. চীনে ক’লে- ভাৰতৰ বৈদেশিক মন্ত্ৰীৰ ভ্ৰমণে দুই দেশৰ সম্পৰ্কক দিলে সুস্থিৰতা ৷

৩. কেলিফ’ৰ্নিয়া বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ স্নাতক হৈ অভিলেখ গঢ়িলে ভাৰতীয় মূলৰ ৰিতাংকৰ দাসে ৷


৪. চিৰিয়ান সীমান্তৰ সমীপত কাৰ বোমাৰ বিস্ফোৰণত টুৰ্কীত ৪৩জন নিহত ৷
৫. দক্ষিণ ইৰাণত ৬.২ ৰিখটাৰৰ ভূমিকম্পঃ ১জন নিহত আৰু ১৭জন আহত হোৱাৰ খবৰ ৷

৬. পাকিস্তানত জামাত-ই-ইছলামীয়ে কৰিলে ৰিগিংৰ অভিযোগঃ নিৰ্বাচন কৰিলে বয়কট ৷

-----------------------------------------------------------------

গুজৱ খবৰঃ
(এই শিতানত সামাজিক ব্যংগৰ মাজেৰে সপোনৰ খবৰৰ সন্ধান কৰা হয়, কোনোৱে নিজকে সাঙুৰি ল’লে সুখ-দুখ.কম দায়ী নহয় )

১. একেখন ঠালীতে ভাত খালে গগৈ আৰু শৰ্মাইঃ বৰ্ণ-বিদ্বেষৰ বিৰুদ্ধে হাইকামাণ্ডে পঢ়ালে পাঠ, উৰালে জাত-পাত বিহীন সমাজৰ ধ্বজ ৷

২. দুখীয়া ছাত্ৰী সকলৰ ঘৰে ঘৰে আহিব ছোনিয়া মাৰ্কা ছাইকেলঃ বিসম্বাদী শিবিৰে অহা নিৰ্বাচনত চাইকেল চিনত থিয় কৰাব প্ৰাৰ্থী ৷

৩. গুৱাহাটীত চৰকাৰী খৰছত বনাই দিব চাঙঘৰঃ সমতলত বাস কৰা সকললৈ নতুন আঁচনি ৷

৪. জ্ঞানজ্যোতি আঁচনিৰ অধীনত সাৰদাৰ মুখ্য কাৰ্য্যালয়লৈ নিব ছাত্ৰ-ছাত্ৰীৰ দলকঃ চীট ফাণ্ডৰ পৰা দূৰৈত থাকিবৰ বাবে দিব নীতিশিক্ষাৰ পাঠ ৷

৫. চিকিৎসক সকলে অস্ত্ৰোপচাৰ কক্ষলৈ পিন্ধি যাব লাগিব হেলমেটঃ অস্ত্ৰোপচাৰৰ আগত ধন দাবী কৰা চিকিৎসকক প্ৰহাৰৰ ঘটনাৰ পাছত বিভাগে জাৰি কৰিলে জাননী ৷

৬. হাতীয়ে এতিয়াও চলাই আছে গাঁৱত উপদ্ৰৱঃ সেয়ে পঞ্চায়ত সমূহ হাতীমুক্ত কৰাৰ বাবে আহ্বান জনালে বন বিভাগে ৷ 


৭. চোৰাং চিকাৰী সন্থাই দাবী কৰিলে সুৰক্ষাঃ কাজিৰঙাত বাংলাদেশীৰ পৰা লুকাবলৈ ঠাই নোহোৱাৰ বাবে ব্যৱসায়ত যতি পৰাত প্ৰকাশ কৰিলে উদ্বেগ ৷

৮. চীনৰ পৰা আহিব চাউলঃ পচা চাউলৰ সলনি কৃত্ৰিম প্লাষ্টিকৰ চাউল বিতৰণৰ বাবে দাবী তুলিলে সমাজ কল্যান হিতাধিকাৰী সংস্থাই ৷

৯. সৰ্ব শিক্ষাত ২০০কোটিৰ কেলেংকাৰীৰ খবৰত উৎসাহিত হৈ পৰিছে যুৱ বিধায়ক সকলঃ দুপৰীয়াৰ খানাৰ বাবে মাছ চাপ্লাই আৰু ভাত বনাবলৈ কয়লা যোগানৰ জড়িয়তে ছিণ্ডিকেট নাশৰ পাছত ভাত মোকোলাই দিবলৈ জনালে গোহাৰি ৷

১০. আৰম্ভ হব সাংবাদিকতাৰ স্কৰ কাৰ্ডঃ চৰকাৰৰ সু-খবৰ বিতৰণৰ জড়িয়তে হাউচিঙৰ ঘৰ পোৱাৰ বাবে আৰম্ভ হব "হালধীয়া সাংবাদিকতা আঁচনি": সাধাৰণ নিৰ্বাচনৰ ঠিক আগে আগে এইখন উন্মোচন কৰাৰ বাবে প্ৰেছ উপদেষ্টাই দিলে প্ৰতিশ্ৰুতি ৷

(অসমীয়াৰ সুখ দুখৰ দুশতম সংখ্যা উপলক্ষে প্ৰকাশিত বিশেষ ৰহঘৰা পঢ়িবলৈ ইয়াত ক্লিক কৰক )

(আপডেট চলি আছে)

No comments:

Post a Comment