AXD 204: 10TH MAY 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

AXD 204: 10TH MAY 2013

AXD 204: 10TH MAY 2013

Share This

অসমীয়াৰ সুখ-দুখ

প্ৰথম বছৰঃ ২০৪তম সংখ্যাঃ ১০  মে ২০১৩

সামাজিক যোগসূত্ৰৰ মঞ্চত অসমীয়া জন-জীৱনৰ বাৰ্তাবাহ

KMSSৰ গণ প্ৰতিবাদ 

সুখৰ খবৰঃ
১. গ্ৰামোন্নয়নৰ ৩৩১জন বিষয়াৰ ওপৰত অভিযান চলাব মুখ্যমন্ত্ৰীৰ তদাৰকী কোষেঃ ৬বছৰে সা-সম্পত্তিৰ তালিকা দাখিল নকৰিলে গ্ৰামোন্নয়নৰ ৮৩০জন বিডিঅ’ আৰু কনিষ্ঠ অভিযন্তাই; আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৭জন বিষয়াক, ১৫জনৰ বিৰুদ্ধ চাৰ্জচীট দাখিল ৷

২. ভূ-মাফিয়াক গ্ৰেপ্তাত, ভূমিহীনক ভূমি আৰু পট্টনকে ধৰি ১৯দফীয়া দাবীৰে গুৱাহাটীৰ উপায়ুক্ত কাৰ্য্যালয় চৌহদ কঁপালে কৃষক মুক্তি সংগ্ৰাম সমিতিয়েঃ চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে ভূ-মাফিয়াৰ মাটি কাঢ়ি ভূমিহীনক বিলাই দিয়াৰ ভাবুকিৰে দিলে সকিয়নী ৷

৩. দোষীক দিয়া হ’ব কঠোৰতম দণ্ডঃ চীট ফাণ্ড কেলেংকাৰীৰ লগত জড়িত মন্ত্ৰী-বিষয়াই নাপাব ৰেহাই, দোহাৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে ৷


৪. উন্মুত্ত মেনহলত পৰি কৰুণ মৃত্যুক সাৱতি লোৱা বিনয় মোহন দাসৰ পৰিয়াললৈ ১০লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিলে অসম মানৱ অধিকাৰ আয়োগে ৷


৫. অহা ১৭মে’ত ঘোষিত হব মেট্ৰিকৰ ফলাফলঃ ৱেবচাইট আৰু এছএমএছ যোগেদিও চাব পাৰিব ফলাফল ৷ অসমীয়াৰ সুখ-দুখৰ পৃষ্ঠাতো উপলব্ধ হব মেট্ৰিকৰ অনলাইন ফলাফলৰ সূত্ৰ ৷

৬. অহা ২০মে’ত ঘোষিত হব অসমৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ৷

৭. ৰাজ্যৰ অসামৰিক যোগান বিভাগৰ ব্যৰ্থতা উদঙালে কেন্দ্ৰীয় চৰকাৰেঃ ৫০-৬০% চোৰাং বজাৰলৈ ওলাই যোৱাত অসণ্টুষ্ট হৈ কেইবাহাজাৰ মেট্ৰিক টনৰ খাদ্য সামগ্ৰীৰ আবণ্টন হ্ৰাস কৰি বিহিলে শাস্তি ৷ 

৮. ১৫মে’ত মনোনয়ন দাখিলৰ বাবে অসমলৈ আহিব মনমোহন সিঙঃ দ্বিতীয়খন আসনৰ বাবে হাইকামাণ্ডক প্ৰাৰ্থীত্ব দাবী কৰা সকলৰ তালিকা দিব আজি মুখ্যমন্ত্ৰীয়ে ৷ 

৯. আজি ৪১৬তম দামোৰদেৱৰ তিৰোভাৱ তিথিঃ জীৱন-দৰ্শনৰ আলোচনাৰে ৰাজ্যৰ ভিন্ন স্থানত উদযাপনৰ প্ৰস্তুতি ৷

১০. অসমৰ সমাজ জীৱনলৈ অৰিহণাৰ স্বীকৃতি স্বৰূপে দেৱেন দত্ত দেৱক GITয়ে প্ৰদান কৰিলে “চম্পাৱতী বঁটা”


চিন্তাজনক খবৰঃ

১. প্ৰতিবাদৰ মাজতে ওলাল খবৰঃ বিটিচিত সোমাব নতুনকৈ আৰু ৯১খন গাঁও ৷

২. চৰকাৰী বীজঃ গোমধানৰ নালাগিল এটাও গুটি, ক্ষোভিত কৃষকে জ্বলালে বিদেশ ভ্ৰমি কৃষি সংস্কাৰ সাধিবলৈ যোৱা কৃষি্ মন্ত্ৰীৰ প্ৰতিমূৰ্তি ৷

৩. অৱশেষত কৰুণ মৃত্যুক সাবতি ল’লে জেলতে আক্ৰমণৰ বলি হোৱা পাকিস্তানী নাগৰিক ছানাউল্লা ৰঞ্জয়েঃ পাকিস্তানলৈ পঠালে মৃতদেহ ৷

৪. মাওবাদীৰ কেন্দ্ৰীয় নেতা অনুকূল লস্কৰৰ গ্ৰেপ্তাৰ শিলছৰৰ নিকটবৰ্তী গাঁৱৰ পৰাঃ আৰক্ষীয়ে দাবী কৰিলে সফলতা ৷




৫. বিগত বাৰ বছৰত বানত উটি গ’ল ১২হাজাৰ কোটিঃ ৩৯১৮ কিঃ ম্যাদ উকলা মাথাউৰিৰে বানলৈ সাজু জলসম্পদ বিভাগ ৷

দুখৰ খবৰঃ

১. অসম আন্দোলনৰ অগ্ৰণী নেতা নলীন বৰাৰ বিয়োগ ৷

২. পঞ্চভূতত মিলিত হ’ল কবি বিৰিঞ্চি ভট্টাচাৰ্যঃ নৱগ্ৰহত শতাধিক গুণমুগ্ধই জনালে শ্ৰদ্ধাঞ্জলি ৷

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়ঃ

১. নতুন শ্ৰমিক নীতি "নিকাকট আইন"ৰ বলবৎ: চাকৰি হেৰুৱাই চৌদি আৰৱৰ পৰা স্বদেশলৈ ঘূৰিব লাগিব ১৮০০০ ভাৰতীয়, লাগিছে হাঁহাকাৰ ৷

২. জেললৈ যাবই লাগিব জগনমোহন ৰেড্ডীঃ অৱশেষত উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জামিন আবেদন ৷

৩. অনলাইন সমীক্ষাই চলালে ছানোনাইঃ বিগত এশ বছৰৰ আটাইতকৈ জনপ্ৰিয় ছবি ৰূপে পৰিগণিত হ’ল “দিলৱালে দুলহনিয়া লে জায়েংগে”

৪. পাকিস্তানত অপহৃত হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী গীলানিৰ পুত্ৰঃ নিৰ্বাচনী সভাৰ পৰা মূৰত বন্দুক লগাই অপহৰণ কৰাৰ চাঞ্চল্যকৰ খবৰ ৷

৫. বাংলাদেশৰ বস্ত্ৰ কাৰখানাত পুনৰ দুৰ্ঘটনাঃ নিহত আঠজন ৷

৬. হিমাচলত ব্যাস নদীত পৰিল বাচঃ ৪২জন নিহত হোৱাৰ খবৰ ৷

৭. মাত্ৰ ১৩বছৰ বয়সতে জেইইৰ প্ৰাৰম্ভিক পৰীক্ষাত সফলতা লভি অভিলেখ গঢ়িলে বিহাৰৰ সত্যমে ৷

৮. অৱশেষত জল্পনা কল্পনাৰ ওৰ পেলাই দুদিনীয়া কাৰ্যসূচীৰে চীনত উপস্থিত হ’লগৈ চলমান খুৰশ্বিদ ৷

৯. মুম্বাইত মুকলি হ’ল প্ৰথমখন শ্বৰিয়া আদালতঃ বৈবাহিক আৰু দেৱানী গোচৰৰ মীমাংসা হব ইছলামধৰ্মী সকলৰ ৷ এই উদ্যোগ অল ইণ্ডিয়া মুছলিম পাৰ্ছনেল বৰ্ডৰ ৷

------------------------------------------------------------------------
গুজৱ/গাজা.কম
(এই শিতানৰ উদ্দেশ্য সামাজিক ব্যংগহে, নিজকে সাঙুৰি ল’লে সুখ-দুখ.কম দায়ী নহয় )

১. অসমক The Organised State ৰ মৰ্যদা প্ৰদান কৰিলে ৰাষ্ট্ৰ সংঘইঃ ৰাজ্য চৰকাৰৰ পৰা পোৱা পঞ্জীকৃত সংগঠনৰ সংখ্যাই ৰচিলে এই অভিলেখ, অপঞ্জীকৃত সংগঠনৰ চান্দাৰ ৰছিদৰ সংখ্যা গণিলে বৰাক ওবামাৰো মুখ মেল খাই যাব বুলি কৰুণ নিচাদেউৰ উক্তি ৷

২. মহন্ত চাৰে  নকৰে মৰম চেনেহঃ মহিলা গোটে এৰিলে আঞ্চলিকতাবাদী পৰিষদ ৷


৩. আমবাৰীত এইবাৰো নুফুলিল আমঃ দাঢ়িৱালা মখাই এনেয়ে কৈ আছে পকিলে খাম, পকিলে খাম !

৪. অখিলক গগৈয়ে দিলে গুৰুত্বঃ জালুকপিচাত সহায় কৰিবলৈ জনালে আহ্বান ৷


৫. বান-নিয়্ন্ত্ৰণ বিভাগক জল-সম্পদ বুলি সঠিক নামাকৰণঃ নিয়ন্ত্ৰণ নোহোৱা বানত জলৰ বলতে হাজাৰ হাজাৰ কোটি উটি আহি বিভাগীয় মন্ত্ৰী, বিষয়া, ঠিকাদাৰক সম্পদশালী কৰা কামক এতিয়াহে দিয়া হৈছে প্ৰকৃত স্বীকৃতি ৷

৬. অসমৰ হত্যা, আত্ম-হত্যা, মৃত্যুৰ হাৰে বাতৰি চানি থকাক লৈ মুকলি হ’ল বিয়োগ.কমঃ বাতৰিয়ে হেঁচা মাৰি ধৰাত সম্পাদকৰ নিজৰে প্ৰাণবায়ু যাওঁ যাওঁ অৱস্থা  েহোৱাৰ খবৰ ৷

৭. শান্তিপূৰ্ণ ডিভোৰ্চ আৰু দ্বিতীয় বিবাহৰ নিশ্চিতকৰণৰ বাবে চৰকাৰে খুলিব চিংগল উইনড’ সেৱাঃ সেই সন্দৰ্ভে বিশেষ এজনীয়া বিশেষজ্ঞ কমিটিৰ দ্বায়িত্ব বৰখলানী নাথলৈ ৷

৮. বহাগতে পাতি যাওঁ বিয়াঃ এইবাৰ ছোৱালী পলুৱাই নি বেলেগ হোৱা সকললৈ "বহাগী আঁচনি", পাব IAYৰ ঘৰ, বিনামূলীয়া গেচ আৰু প্ৰেচাৰ কুকাৰ ৷ আবেদনৰ বাবে ব্লকে ব্লকে পঞ্জীয়ন কৰক ৷


৯. মেট্ৰিকৰ ৰিজাল্ট SMSত দিব বুলি ৰাইজে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়াঃ অহাবাৰৰ পৰা এডমিট কাৰ্ডৰ লগতে একোটা মোবাইল আৰু চীমকাৰ্ড প্ৰদানৰ বাবে তুলিলে দাবী৷

১০. চিঠি দি চৰ খালে যুৱকেঃ SMSৰ দিনত প্ৰেমৰ চিঠি দিবলৈ যোৱাৰ দৰে মূৰ্খ এটাই যোগ্য প্ৰত্যুত্তৰ পালে বুলি আধুনিক যুৱতী সন্থাই প্ৰকাশ কৰিলে সণ্টুষ্টি ৷


(অসমীয়া সুখ দুখৰ ২০০তম সংখ্যা উপলক্ষে প্ৰকাশ হোৱা বিশেষ ৰহঘৰা পঢ়িবলৈ ইয়াত ক্লিক কৰক)





(আপডেট চলি আছে)

No comments:

Post a Comment