AXD 203: 9TH MAY 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

AXD 203: 9TH MAY 2013

AXD 203: 9TH MAY 2013

Share This

অসমীয়াৰ সুখ-দুখ

প্ৰথম বছৰঃ ২০৩তম সংখ্যাঃ ৯ মে ২০১৩

সামাজিক যোগসূত্ৰৰ মঞ্চত অসমীয়া জন-জীৱনৰ বাৰ্তাবাহ


-------------------------------------------------------------------------

শেহতীয়া প্ৰৱ্ন্ধঃ নিৰ্বাচিত ব্লগ আলোচনা শিতানত

অসমীয়া ৱিকিপিডিয়া কি আৰু ইয়াত কেনেকৈ লিখিব পাৰি?



ই-সাহিত্য পৃষ্ঠাত শেহতীয়া লেখা
#জ্যোতি প্ৰকাশ নাথ
-------------------------------------------------------
                                                 (১)
পাখি মেলা মন.. তিতাবৰৰ দুৱৰি বন…
#ডঃ মাখন লাল দাস
(২)
                             কুকুৰৰ বিষয়ে এখন ৰচনা
                                                  #মাধুৰীমা ঘৰফলীয়া
--------------------------------------------------------------------

JEE MAINS পৰীক্ষাৰ ৰিজাল্টৰ বাবে ইয়াত ক্লিক কৰক

------------------------------------------------------------------------------------------
মৌচাক আলোচনীৰ ত্ৰিশ বছৰ হোৱা উপলক্ষে ৰাইজলৈ আগবঢ়াইছে "মৌচাক"ৰ মে’ ২০১৩ সংখ্যা বিনামূলীয়া ই-বুক ৰূপে ৷

মৌচাকৰ ই-বুক ডাউনলোড কৰিবৰ বাবে ইয়াত ক্লিক কৰক ৷

নতুন আৱিস্কাৰৰ মে’ ২০১৩ সংখ্যাৰ ডাউনলোডৰ বাবে ইয়াত ক্লিক কৰক ৷

মহৎলোকৰ মহৎ গ্ৰন্থই দিব আপোনাক মহৎ জীৱনৰ সন্ধান......

মহান লেখকৰ ৰচনা সম্ভাৰ আপুনি ডাউনলোড কৰিলেনে? অসমীয়া সুখ-দুখৰ নিৰ্বাচিত ই-কিতাপ পৃষ্ঠাৰ পৰা?
----------------------------------------------------------------------
মেক্সিম গৰ্কী, চেক্সপীয়েৰ, ৰোজা লুক্সেমবাৰ্গ, ৰবাৰ্ট কিয়চাকি, কাৰ্ল মাৰ্ক্স, ফ্ৰেডেৰিক এংগেলচ, মহাত্মা গান্ধী, ৰবীন্দ্ৰ নাথ ঠাকুৰ, ব্ৰাৰ্ট্ৰাণ্ড ৰাছেল, পাবলো নেৰুডাৰ কিতাপৰ ফ্ৰী পিডিএফ লৈ পঢ়িলেনে?

( নিৰ্বাচিত ই-কিতাপৰ পৃষ্ঠাৰ বাবে ইয়াতে ক্লিক কৰক )

অসমীয়া ই-কিতাপৰ সন্ধান তথা ফ্ৰী ডাউনলোডঃ

১. অজয় লাল দত্তৰ উপন্যাস "স্বাধীনতাৰ স্বপ্নগাঁথা"

২. শশীমাই শইকীয়াৰ "অকণিৰ আৰ্হি-পাঠ":
আপোনাৰ কনমানিক অ-আ-ক-খ শিকাবলৈ প্ৰয়োজনীয় হাতপুথি...
(ডাউনলোড কৰিবলৈ অসমীয়া ই-কিতাপৰ পৃষ্ঠালৈ যাবলৈ ইয়াতে ক্লিক কৰক )

-----------------------------------------------------------------------------


গুজৱ.কম
(
এই শিতানত কাল্পনিক বাতৰিৰ যোগান ধৰা হয় হাস্য ৰসৰ লগতে এখন সুস্থ সমাজৰ বাবে কিছু সপোনৰ বাতৰিৰ সন্ধান কৰিবলৈ; ওলোটা-অৰ্থ, প্ৰচুৰ তীৰ্যক ব্যংগ আদিক ই বহন কৰে এই খবৰৰ সতে নিজক কোনোৱে সাঙুৰি লে সুখ-দুখ.কম দায়ী নহয় )

. লখিমপুৰত মামৰে ধৰিছে এন.এইচ.পি.চিৰ সামগ্ৰীঃ অচিৰেই সেইবোৰ নি জলবিদ্যুত প্ৰকল্প ৰূপায়নেৰে ৰাজহুৱা ধনৰ অপচয় ৰোধ তথা নামনি সোৱনশিৰি অঞ্চল পোহৰাই তোলাৰ বাবে জোৰদাৰ প্ৰচাৰ আৰম্ভ কৰিলে দেশপ্ৰেমৰ পূজাৰী বাইদেৱে

. তাংগুটি খেলক অলিম্পকত সন্নিবিষ্ট কৰাৰ প্ৰস্তাৱ দিছে অসমীয়া অলিম্পিক সন্থাইঃ দিছপুৰৰ ক্ষমতাকেন্দ্ৰিক তাংগুটি খেলৰ অভিজ্ঞ লোকসকলক এক জগতসভাত নিজৰ প্ৰতিভা দেখুৱাবৰ বাবে সুযোগ দিব বুলি কৰিলে মত প্ৰকাশ

. জেং বিহু মাৰিব নোৱাৰিব বিবাহিতা মহিলাই, অসমীয়া বিহু বিচাৰক সন্থাই কৰিলে ঘোষণাঃ বিবাহিতা মহিলা সংঘই এইবাৰ তুলিলে দাবী, আৰম্ভ কৰক মিচেচ বিহুৰাণী, মিচেচ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা সুন্দৰী প্ৰতিযোগিতাত বিবাহিতাৰ বাবে সুযোগ থাকিলে কিয় পিছ পৰি ৰব বিহুতলীঃ তেখেত সকলে তুলিলে প্ৰশ্ন

. বিদ্যুত বৰদলৈৰ নতুন ভিচিডি "গগৈচাৰ এতিয়া কিমান ৰাতি?" বিহুৰ বজাৰত সৰ্বাধিক বিক্ৰী হোৱাৰ খবৰঃ "বিজুলী আহিলে জৰুৰ জৰুৰ ভিচিডিখন যে চলিবই" শীৰ্ষক গীতটি চুপাৰ-ডুপাৰ হিট!

. সুৰাপায়ী সকলৰ বাবে ভাল খবৰঃ আৰম্ভ লাওপানী.কমঃ বিভিন্ন ধৰণৰ স্থানীয়, জনজাতীয়, পৰম্পৰাগত পানীয় ক্ৰয় কৰিব পাৰিব অনলাইন৷ নিম্নতম এটা কলহ কিনিলে হোম-ডেলিভাৰী ফ্ৰী

. মহন্তৰ চিন মাহনিত, পেট চলাৰ চিন বাঁহনিতঃ বাৰিষা হাইজাৰ সময়ত গণস্বাস্থ্য বিভাগে আমদানিকৃত চেনিটেৰী নেপকিনৰ বিনামূলীয়া বিতৰণৰ বাবে লব ব্যৱস্থা আগতীয়াকৈ ঠিকা প্ৰদানেৰে জালুকবৰীয়া সাজু

. অসমীয়া সাহিত্য সভাই ৰাজ্যজুৰি পৰিদৰ্শন কৰিব অসমীয়া বিদ্যালয় সমূহঃ কি কাৰণে সাহিত্য সভাৰ বিষয়ববীয়াই নিজৰ সন্তানক তাত নপঢ়াই তাৰ বাবে বিচাৰি উলিয়াব উপযুক্ত যুক্তি

. দিশপুৰত হব ভাগ্যলক্ষ্মী লটাৰীঃ অভিজ্ঞ লটাৰী মাফিয়াৰ প্ৰত্যক্ষ তত্বাৱধানত হব লগা এই লটাৰীত নিৰ্ণয় হব কোনে লব মাছ, কোনে লব কণী সম্পদৰ সম-বিতৰণৰ ক্ষেত্ৰত কঠোৰ হৈছে কৰুণ নিচাদেউ

. টিভিৰ নিউজমতে আলফাৰ সভাপতি আছে লণ্ডনতঃ জেৰা কৰিবলৈ যাবলৈ অসমীয়া আৰক্ষীৰ হেতা-উপৰা পৰিয়ালসহ যোৱাৰ বাবে নিৰ্লজ দণ্ড-খৰিয়ালত লিপ্ত হৈছে বহু কেইজন জ্যেষ্ঠ বিষয়া

১০. কৰ্মচাৰী সংঘৰ বিষয়-ববীয়াই কামত উপস্থিত থাকিব লগাটো নহব বাধ্যতামূলকঃ জনসেৱাৰ বাবে পূৰ্ণ সময় ব্যৱহাৰ কৰি মাফতে লব পাৰিব দৰমহা চৰকাৰী ঘোষণাত অতিশয় সণ্টুষ্টি প্ৰকাশ কৰিলে বিষয়-ববীয়া সংঘই
(২০০তম সংখ্যা উপলক্ষে আগবঢ়োৱা বিশেষ ৰহঘৰাৰ বাবে ইয়াত ক্লিক কৰক)

আজিৰ সুখ-দুখৰ খবৰঃ

সুখৰ খবৰঃ

১. অহা ৮ জুলাইৰ ভিতৰত নাগৰিকপঞ্জীৰ কাম আৰম্ভ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰঃ সময়সীমা উলংঘা কৰিলে ন্যায়ালয়ৰ পৰ্যবেক্ষণত আৰম্ভ হ’ব কাম ৷ 

২. প্ৰধান মন্ত্ৰীক আমন্ত্ৰণ জনালে পুনৰ অসমৰ পৰা ৰাজ্যসভালৈ প্ৰতিনিধিত্ব কৰিবলৈঃ মনমোহন সিঙে গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱ ৷

৩. প্ৰধানমন্ত্ৰী তথা ছোনিয়া গান্ধীৰে বৈঠকত মুখ্যমন্ত্ৰীয়ে তুলিলে দাবীঃ বিদেশী ন্যায়াধীকৰণৰ সংখ্যা বৃদ্ধি কৰক ১০০খনলৈ ৷

৪. এনেকৈ নচলিব নাটকঃ পুংখানুপুংখ আৰু মান বিশিষ্ট কৈ কয়লা ক্ষেত্ৰ আবণ্টন কেলেংকাৰীৰ পুনৰ তদন্ত কৰিবলৈ চিবিআইক নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে ৷ ন্যায়ালয়ৰ অনুমতি অবিহনে লব নোৱাৰিব চৰকাৰৰ শ্ৰুতলিপি ৷


৫. ডিব্ৰুগড়ৰ ৰাজগড়ত মুকলি হব সুধাকণ্ঠৰ প্ৰতিমূৰ্তিঃ উপস্থিত থাকিব চাৰ্ক মৈত্ৰী সমাজৰ প্ৰতিনিধিৰ লগতে পৰিয়ালৰ বহুজন ৷ অহা ১৩মে’ত হব লগা এই কাৰ্যসূচীত প্ৰদৰ্শিত হব বৰপেটাৰ পৰম্পৰাগত আতচবাজীও ৷

৬. তিতাবৰত আৰম্ভ হব "হলিডে কৰ্ট": ১১মেতে মুকলি হব আইন সেৱা কেন্দ্ৰও ৷

৭. গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হ’ল নাৰী মুক্তিৰ বাণীৰে ডঃ দীপালী শৰ্মাৰ নৱতম গ্ৰন্থ "ৱ’মেনছ ইমানচিপেশ্বন" নামৰ গ্ৰন্থ ৷ 

৮. ডিব্ৰুগড়ত ইস্কনৰ উদ্যোগত "ভক্তি শাস্ত্ৰী"ৰ তিনিমহীয়া পাঠ্যক্ৰমঃ চাৰিখন শাস্ত্ৰৰ তত্ব-মূলক বিশ্লেষণৰ দিয়া হব পাঠ ৷

৯. ছিপাঝাৰৰ শিল্পী কুলদীপ চহৰীয়ালৈ কেন্দ্ৰীয় চৰকাৰৰ যুৱ শিল্পী বৃত্তিঃ শ্ৰীমন্ত শংকৰদেৱৰ ভাওনা আৰু দৰঙীয়া খুলীয়া ভাউৰীয়াৰ পাৰ্থক্য বিচাৰি চলাই আছে অধ্যয়ন ৷

১০. চীট ফাণ্ডৰ সকলো গোচৰৰ চূড়ান্ত শুনানি ২১জুনতঃউচ্চ ন্যায়লয়ৰ মুখলৈ  আশাৰে বাট চাইছে লুণ্ঠিত গ্ৰাহকে ৷

১১. ২০১৪চনৰ পৰা মুকলি হব গুৱাহাটীৰ কাছাৰী আৰু উত্তৰ গুৱাহাটী সংযোগী ৰজ্জু পথঃ ২৮কোটি টকা কৰিছে খৰছ ৷

১২. অহা ১০,১১ আৰু ১২মে’ত গুৱাহাটী চিনে ক্লাৱে কৰিব চলচ্চিত্ৰ প্ৰদৰ্শন লক্ষ্মীৰাম বৰুৱা সদনত এই কাৰ্যসূচীৰ আৰম্ভ হব গৌতম বৰাৰ তথ্যচিত্ৰ "OLD MAN RIVER" ৰ প্ৰদৰ্শনেৰে ৷ এমুঠি চুটিছবি, তথ্যচিত্ৰ আৰু এনিমেচন ছবিৰ প্ৰদৰ্শনৰ বাবে এই আয়োজন ৷


দুখৰ খবৰঃ

১. দুৰ্নীতিত লুটুৰী-পুতুৰী ৰাজনেতা, ৰাইজৰ হাতত নাই বিকল্পঃ কৰ্ণাটকী ৰাইজে তুলি দিলে বিজেপিৰ পৰা কাঢ়ি কংগ্ৰেছৰ হাতত ৷

২. প্ৰখ্যাত কবি অভিনেতা বিৰিঞ্চি ভট্টাচাৰ্যৰ দেহাৱসানঃ পৰিয়ালে তুলিলে ভুল চিকিৎসাৰ অভিযোগ ৷

৩. বাৰিষা আহি পোৱাই নাইঃ গুৱাহাটী মেডিকেল কলেজে জলমগ্ন হোৱাৰ খবৰে পালে সংবাদ মাধ্যমৰ শিৰোনাম ৷

৪. হাৰমতী বাগিচাত ডাইনী সন্দেহত বৃদ্ধা প্ৰহৃতঃ অৱশেষত সাৱতি ল’লে মৃত্যুক ৷


৫. ডিব্ৰুগড়ত এনকেফেলাইটিছত মৃত পাঁচজন, আক্ৰান্ত ত্ৰিশজন চিকিৎসালয়ত ভৰ্তি ৷

চিন্তনীয় খবৰঃ

১. বাংলাদেশৰ সতে চৰকাৰৰ ভূমি হস্তান্তৰ চুক্তিঃ ৰাজ্যজুৰি অগপৰ প্ৰতিবাদ ৷

২. ৰাইজৰ ৪০০কোটি লুণ্ঠনঃ জীৱন সুৰক্ষাৰ নামত চলি আছে ব্যক্তিগত টিভি চেনেল, আৰক্ষী সঞ্চালকপ্ৰধানৰ শপতনামাত উল্লেখ হ’ল তথ্য ৷

৩. কেবিনেটে নিয়মীয়া কৰা হাজাৰ হাজিৰ শিক্ষকক অবৈধ ঘোষণা কৰিলে আদালতেঃ চাকৰিৰ পৰা বৰ্খাস্তৰ নিৰ্দেশ ৷ 


৪. সুলভ দামত সূতা, শিপিনীৰ সুৰক্ষা আৰু থলুৱা বস্ত্ৰ শিল্পক ট্ৰেডমাৰ্ক দিয়াৰ দাবীৰে গুৱাহাটী কঁপালে নাৰী মুক্তি সংগ্ৰাম সমিতেয়ে ৷

৫. বিহুৰ চান্দাক লৈ উতপ্ত পৰিবেশঃ বৰহোলাত যুৱকে ফুটালে গুলী ৷

৬. চৌদিশে যদিও ভুৱা বিত্তীয় প্ৰতিষ্ঠানক লৈ চলি আছে জোৱাৰ, তথাপি শিৱসাগৰত চলি আছে ৰমৰমীয়াকৈ এনে ব্যৱসায় ৷

৭. ওদালগুৰিত অভাৱৰ বাবেই জীৱন ত্যাগ কৰিলে দুই ভগ্নীয়ে ৷


৮. দিল্লী, মুম্বাইকে ধৰি মেট্ৰ চহৰত চিকিউৰী গাৰ্ডৰ ৰূপত  ৫ লাখ অসমীয়া যুৱকঃ উদ্যোগ মন্ত্ৰীয়ে প্ৰকাশ কৰিলে তথ্য ৷

(আপডেট চলি আছে)



No comments:

Post a Comment