AXD 219: 26TH MAY 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

AXD 219: 26TH MAY 2013

AXD 219: 26TH MAY 2013

Share This
সুখৰ খবৰঃ

১.গ্ৰাম্যপথৰ দীৰ্ঘতম দলং উন্মোচনঃ বিটিচিত আই নদীৰ ওপৰত চিৰাঙত চাপাগুৰি আৰু মালভিটাৰ ওপৰত নিৰ্মিত পকা দলং উন্মোচন কৰি মুখ্যমন্ত্ৰীয়ে কৰিলে মন্তব্য-"বিটিচিৰ উন্নয়ন হ’লে মই আটাইতকৈ আনন্দিত হওঁ"৷


২. উন্মোচিত হ’ল ডঃ লক্ষ্যহীৰা দাসৰ ৰচনা সমগ্ৰঃ "তেখেতৰ কবিতাই পঢ়ুৱৈৰ মনত কাব্য-ব্যঞ্জনা জগাই তোলে" বুলি মন্তব্য কৰিলে ডঃ হীৰেণ গোহাঁইদেৱে৷

৩.ডিমা হাচাও নিৰ্বাচনত কংগ্ৰেছ একক সংখ্যা গৰিষ্ঠ দল ৰূপে পৰিগণিতঃ ২৮খন আসনৰ ভিতৰত কংগ্ৰেছেই দখল কৰিলে ১০খন আসন৷

৪. গুৱাহাটীক সুন্দৰকৈ গঢ়াৰ প্ৰতিশ্ৰুতি দি ওলাইছে বিজেপিঃ অগপয়ো প্ৰকাশ কৰিলে মহানগৰীৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা ৷


৫.ব্যতিক্ৰম মাছডোৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হ’ল প্ৰতিবন্ধীৰ বাবে বিশেষ নিযুক্তি মেলাঃ অংশ ল’লে প্ৰায় ৫০০জনে, তাৰে ৩০০জনে নিজৰ শিক্ষাগত অৰ্হতাৰে নিযুক্তি পাব বুলি জনালে উদ্যোক্তাই৷

৬. ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ নতুন উদ্যমঃ পলিটেকনিক বা আইটিআইয়ে সামৰি নোলোৱা আন ৫০ ট্ৰেডৰ বাবে ৫০০০ যুৱক যুৱতীক বাচনি কৰি আগবঢ়াব বিশেষ বৃত্তি ৷ তাৰে ভিতৰত ৩০০গৰাকী বৃত্তি লাভ কৰিব বিশেষ পাৰদৰ্শী অথচ শাৰিৰীক ভাৱে প্ৰত্যাহ্বান লাভ কৰা সকলে ৷


চিন্তনীয় খবৰঃ

১. বৰপেটাত ক’লে প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তইঃ অসম চুক্তিৰ সঠিক ৰূপায়ন নোহোৱা বাবেই ৰাজ্যত জনবিস্ফোৰণ ৷


২. মাথাউৰি প্ৰতিৰোধৰ বাবে নহ’ল কোনো ব্যৱস্থাঃ এইবাৰ ভয়াবহ বানত পৰিব ৰাজ্য, এই শংকা ব্যক্ত কৰিলে জলসম্পদৰ ঠিকাদাৰ সকলে ৷

৩. পাণ্ডুৰ মাতৃ-পুত্ৰ হত্যা ঘটনাৰ আততায়ী গ্ৰেপ্তাৰঃ প্ৰেমিকসহ ধৃত পত্নী, ডেৰলাখ টকা দি স্বামী-শাহুক হত্যা কৰাইছিল সুজাতাই ৷

৪. খিলঞ্জীয়া ছাত্ৰ সংগঠনে জ্বলালে যোৰহাটত পৱনসিং ঘাটোৱাৰ আৰু ৰাজু চাহুৰ প্ৰতিমূৰ্তিঃ জনগোষ্ঠী বিৰোধী নাতি প্ৰত্যাহাৰ কৰিবলৈ সঁকিয়ালে দুয়োকে ৷



৫. ৰাজহ বিভাগত চলিছে মণ্ডলৰাজ আৰু কমিচন ৰাজঃ ২১বছৰে নকৰিলে গুৱাহাটীত পুনঃ বন্দৱস্তিৰ কোনো কাম৷ প্ৰয়াত ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তৰ পুত্ৰৰ নাম উঠিল একেখন পট্টাত৷
প্ৰয়াত ৰাষ্ট্ৰপতি জীৱিত নে মৃত খবৰ ৰখা নাই ৰাজহ বিভাগে!

৬. ৰাজপত্ৰিত অধিসূচনা প্ৰকাশ নোহোৱাকৈ কিয় পাতিবলৈ লৈছে গুৱাহাটী মহানগৰীৰ পৌৰ নিগমৰ নিৰ্বাচনঃ তাকে লৈ ৰাজ্যিক নিৰ্বাচনী আয়োগলৈ উঠিল সন্দেহৰ আঙুলি ৷


ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়ঃ


ছট্টিশগড়ত বৃহৎ মাওবাদীৰ আক্ৰমণঃ প্ৰদেশ কংগ্ৰেছৰ সভাপতিসহ ২৭জন নিহত ৷ আহত, কংগ্ৰেছৰ নেতা ভি.চি শুক্লাক বিমানেৰে গুৰগাঁৱলৈ ৷

আইপিএলৰ ফিক্সিং কেলেংকাৰীঃ এইবাৰ দাবী উঠিল বিচিচিআই প্ৰধান শ্ৰীনিবাসনৰ অপসাৰণৰ, পিছে পদত্যাগ নকৰি চকী খামুচি থাকিবলৈ মন কৰিছে বুলি খবৰে পালে সংবাদ শিৰোনামা ৷


ক্ল’জ চাৰ্কিট কেমেৰাত ওলালঃ শ্ৰীসান্থে উপহাৰ, ছোৱালী আৰু বুকীৰ সৈতি কি কি কৰিছিল৷ ক্ৰিকেটৰ জগত উত্তপ্তঃ বিন্দু দাৰা সিঙে ক’লে-আন্তৰ্জাতিক ক্ৰিকেটতো জুৱাত ভাগ লয় তেওঁ৷


দিল্লীৰ অনাগত নিৰ্বাচনঃ বহুতেই বিচাৰে আম আদমী পাৰ্টিৰ শাসন, আকৌ বহুতেই নাজানে এইটো কি পাৰ্টি, সমীক্ষাত প্ৰকাশ পালে তথ্য৷ আম আদমি পাৰ্টিয়ে যুগুতালে ৪৪টা সমষ্টিৰ সাম্ভাব্য প্ৰাৰ্থীৰ তালিকা৷

No comments:

Post a Comment