ASD 202: 8TH MAY 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ASD 202: 8TH MAY 2013

ASD 202: 8TH MAY 2013

Share This

অসমীয়াৰ সুখ-দুখ

প্ৰথম বছৰঃ ২০২তম সংখ্যাঃ ৮ মে ২০১৩

সামাজিক যোগসূত্ৰৰ মঞ্চত অসমীয়া জন-জীৱনৰ বাৰ্তাবাহ

JEE MAINS পৰীক্ষাৰ ৰিজাল্টৰ বাবে ইয়াত ক্লিক কৰক


মৌচাক আলোচনীৰ ত্ৰিশ বছৰ হোৱা উপলক্ষে ৰাইজলৈ আগবঢ়াইছে "মৌচাক"ৰ মে’ ২০১৩ সংখ্যা বিনামূলীয়া ই-বুক ৰূপে ৷


মৌচাকৰ ই-বুক ডাউনলোড কৰিবৰ বাবে ইয়াত ক্লিক কৰক ৷

নতুন আৱিস্কাৰৰ মে’ ২০১৩ সংখ্যাৰ ডাউনলোডৰ বাবে ইয়াত ক্লিক কৰক ৷




মহৎলোকৰ মহৎ গ্ৰন্থই দিব আপোনাক মহৎ জীৱনৰ সন্ধান......

মহান লেখকৰ ৰচনা সম্ভাৰ আপুনি ডাউনলোড কৰিলেনে? 


অসমীয়া সুখ-দুখৰ নিৰ্বাচিত ই-কিতাপ পৃষ্ঠাৰ পৰা?
----------------------------------------------------------------------
মেক্সিম গৰ্কী, চেক্সপীয়েৰ, ৰোজা লুক্সেমবাৰ্গ, ৰবাৰ্ট কিয়চাকি, কাৰ্ল মাৰ্ক্স, ফ্ৰেডেৰিক এংগেলচ, মহাত্মা গান্ধী, ৰবীন্দ্ৰ নাথ ঠাকুৰ, ব্ৰাৰ্ট্ৰাণ্ড ৰাছেল, পাবলো নেৰুডাৰ কিতাপৰ ফ্ৰী পিডিএফ লৈ পঢ়িলেনে?

( নিৰ্বাচিত ই-কিতাপৰ পৃষ্ঠাৰ বাবে ইয়াতে ক্লিক কৰক )

অসমীয়া ই-কিতাপৰ সন্ধান তথা ফ্ৰী ডাউনলোডঃ

১. অজয় লাল দত্তৰ উপন্যাস "স্বাধীনতাৰ স্বপ্নগাঁথা"


২. শশীমাই শইকীয়াৰ "অকণিৰ আৰ্হি-পাঠ":

আপোনাৰ কনমানিক অ-আ-ক-খ শিকাবলৈ প্ৰয়োজনীয় হাতপুথি...
(ডাউনলোড কৰিবলৈ অসমীয়া ই-কিতাপৰ পৃষ্ঠালৈ যাবলৈ ইয়াতে ক্লিক কৰক )

-----------------------------------------------------------------------------------------

আজিৰ সুখৰ খবৰঃ

১. বাৰ্ষিক পৰিকল্পনা শিতানত পৰিকল্পনা আয়োগে অসমৰ বাবে মুকলি কৰিব ১২৫০০কোটি টকাঃ বিগত বছৰতকৈ ধনৰ পৰিমাণ বৃদ্ধি কৰিলে ১৯ শতাংশ ৷

২. এইবাৰ চিট ফাণ্ড কেলেংকাৰীত জড়িত মন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ দিলে হাইকামাণ্ডকঃ কঠোৰ প্ৰদক্ষেপ লব নোৱাৰা মুখ্যমন্ত্ৰীয়ে চলালে দুৰ্বলতা ঢকাৰ প্ৰচেষ্টা ৷

৩. বাংলাদেশৰ সৈতে ভূমি হস্তান্তৰকৰণ চুক্তিৰ উত্থাপন প্ৰতিহত কৰিলে অগপইঃ ৰাজ্যসভাত বৈদেশিক মন্ত্ৰীৰ পৰা বিধেয়ক কাঢ়িলে কুমাৰ দীপক দাসে ৷

৪. পহিলা জুনত বাংগালুৰত শংকৰদেৱ বিষয়ক অনুষ্ঠানঃ ভিক্টৰ বেনাৰ্জীয়ে শংকৰদেৱক আখ্যা দিলে বিশ্ব নাগৰিক ৰূপে ৷

৫. মাজুলী ৰক্ষাৰ বাবে পি.আই.এল কৰিলে মাজুলীৰ যুৱক মনোজ বৰাইঃ ৩মাহৰ ভিতৰত মাজুলীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আদালতে নিৰ্দেশ দিলে ব্ৰহ্মপুত্ৰ বৰ্ডক ৷

৬. উন্মোচিত হ’ল ভ্ৰাম্যমান থিয়েটাৰৰ জনক অচ্যুত লহকৰৰ ইংৰাজী জীৱনী গ্ৰন্থ এলেক্স ফিগোৱে লিখা "Mobile Theatre" ৷

৭. উন্মোচিত হ’ল উৰিয়া ভাষাৰ পৰা জীৱনকৃষ্ণ পাত্ৰই অনুবাদ কৰা ডঃ কাৰ্তিকেশ্বৰ পাত্ৰৰ ধৰ্মমূলক উপন্যাস "মৎস্যগন্ধা সত্যৱতী" ৷

৮. অত্যাধুনিক বৈদ্যুতিক চিতা নিৰ্মাণ কৰিব উলুবাৰী শ্মশান সমিতিয়ে ৷

৯. ডবকাত হাতী-মানুহৰ সংঘাত ৰোধিবলৈ বন বিভাগৰ নতুন আঁচনিঃ ৰোপন কৰিব হাতীৰ প্ৰিয় খাদ্য ঔ-টেঙাৰ দহ হাজাৰ গছ ৷

১০. অসম বিজ্ঞান সমিতিৰ নতুন কাৰ্যনিৰ্বাহক গঠনঃ সভাপতি ৰূপে নিৰ্বাচিত হ’ল ডঃ অৱনী কুমাৰ ভাগৱতী ৷

১১. কাৰ্বি ৰজাই গাঁও ভাঙি মুকলি কৰি দিলে হাতী তথা বন্যপ্ৰাণীৰ বিচৰণ ক্ষেত্ৰঃ ১৯টা পৰিয়ালক পৰম্পৰাগত কাৰ্বি গৃহ বনাই দি আন ঠাইত সংস্থাপিত কৰিব ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াই ৷

চিন্তনীয় খবৰঃ

১. নামতিত জনস্বাস্থ্য বিভাগৰ খোৱাপানীৰ টেপৰ পৰা ওলাল সুৰা ৷

২. কাজিৰঙাত চোৰাং চিকাৰী ৰোধত ব্যৰ্থ হৈ বনকৰ্মীয়ে অৱশেষত চলাইছে নিৰীহক অত্যাচাৰ ৷

৩. চিণ্ডিকেটৰ পৰা এজন কেবিনেট মন্ত্ৰীয়ে লয় প্ৰতিমাহে ৫৮লাখ টকাকৈঃ একালৰ সতীৰ্থই তুলিলে ৰাজহুৱা অভিযোগ ৷

৪. ডাঃ মুকুল হাজৰিকাই ডাঃ অভিজিৎ অসমনেঃ কোনো তথ্য নাই আৰক্ষীৰ হাতত ৷

৫. দিল্লীত ক’লে মুখ্যমন্ত্ৰীয়েঃ চৰকাৰতকৈ টিভি চেনেলৰ হাততহে থাকে অধিক তথ্য ৷

৫. বেলতলাৰ শান্তিগ্ৰামৰ হত্যাকাণ্ডৰ গোচৰে সলাইছে পাকঃ ঘাতকক লৈ সন্দিহান আৰক্ষী ৷

৬. চৰকাৰৰ বৰ্ষপুতিঃ সফলতাৰ খতিয়ানৰ বাবে প্ৰতিজন মন্ত্ৰীক তলৱ কৰিলে মুখ্যমন্ত্ৰীয়ে ৷

৭. অনুমোদনৰ অভাৱতেই পুঁজি নহ’ল ব্যৱহাৰ বুলি দায়সৰা মন্তব্য কৰিলে ৰাজ্যৰ বিত্ত সচিবে ৷

৮. ১৫ মে’ৰ পূৰ্বে ঘোষত নহয় এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷

৯. ৰাজ্যিক বিজেপিত অভিযোগৰ দলাদলিঃ ব্ৰজেন বৰাক টিকেট দি মীৰা বৰঠাকুৰে ধন লোৱা বুলি তুলিলে অভিযোগ ৷

১০. টীয়কত পায়স খাই ৩০জন অসুস্থঃ গুৰুতৰ অৱস্থাৰ কেইজন প্ৰেৰণ কৰিলে যোৰহাটলৈ ৷

১১. ৪৬বিঘা মাটিৰ বেদখলে অস্তিত্বৰ প্ৰতি ভাবুকি আনিছে কোবাইকটা সত্ৰলৈঃ সচেতন মহলে দাবী কৰিলে চৰকাৰী হস্তক্ষেপৰ ৷

১২. উচ্চ শিক্ষা সঞ্চালকৰ উপস্থিতিত সভা বহিল দৰঙ মহাবিদ্যালয়তঃ অৱশেষত শিক্ষক গোটৰ প্ৰতিবাদত নতশিৰ হ’ল অধ্যক্ষ ৷

১৩. লখিমপুৰত পৰি আছে টাৰ্বাইনঃ NHPCৰ হাজাৰ কোটিৰ যন্ত্ৰাংশত লাগিছে মামৰ ৷ৰাজহুৱা উদ্যোগৰ সম্পদৰ এনে দুৰৱস্থাত শংকিত হৈছে সচেতন ৰাইজ ৷


ৰাষ্ট্ৰীয়-আন্তঃ ৰাষ্ট্ৰীয়ঃ

১. প্ৰতিবেদনত প্ৰকাশ পালে ভাৰতীয় স্বাস্থ্য খণ্ডৰ উলংগ স্বৰূপঃ এবছৰতে ৩লক্ষ নৱজাতকৰ অস্বাভাৱিক মৃত্যু ৷

২. হাইকামাণ্ডক মেনেজ কৰাৰ বাবে ফলাফলৰ আগতেই দিল্লী পালেগৈ কৰ্ণাটকী নেতা ৷

৩. পাৰমানৱিক প্ৰকল্পলৈ সেউজ সংকেতঃ এইবাৰ উচ্চতম ন্যায়ালৰ ৰায়ৰ বিৰুদ্ধে যুঁজিবলৈও সংকল্পবদ্ধ হ’ল কুডানকুলামবাসীয়ে ৷

৪. ফিলিপাইনছত জ্বালামুখীৰ ৰুদ্ৰৰূপঃ নিহত ৫ পৰ্বতাৰোহী ৷

৫. প্ৰকাশ কৰিলে আংশকাঃ এইবাৰ চৰিব গৰম, দহিব উত্তৰ ভাৰতক ৷

আজিৰ সতেজ গুজৱ খবৰঃ

১. ১৫মে’ৰ পৰা অসমত প্ৰৱল ভাল দিন অহাৰ ভৱিষ্যতবাণীঃ ধনৰ প্ৰৱল বৰষুণ এজাকত উপচি পৰিব বিসম্বাদীৰ ঘৰৰ চৌহদ ৷ 

২. মেট্ৰিকত প্ৰথম বিভাগ পোৱা সকলো অসমীয়া ছাত্ৰক সাৰদা কোম্পানীয়ে নিজৰ ব্ৰেণ্ড এম্বেচেদৰ ৰূপে কৰিব চুক্তিবদ্ধঃ দুটা বৰ্ষৰ বাবে ধুবুৰীৰ ফেক্টৰীৰ পৰা দিব বিনামূলীয়া বিস্কুট, আঁচনি উন্মোচন কৰিব শিক্ষা তথা স্বাস্থ্য সেৱা ৰজাই ৷

৩. মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন পিছুৱাই দিয়াৰ সুখবৰঃ সকলো তদন্তও পিছুৱাই দিবলৈ দাবী তুলিলে বৰ্তমানৰ কাম চলাই থকা পৰিষদে ৷

৪. অহাবাৰ কাজিৰঙাত বাংলা মুকলি বিহু উন্মোচন কৰিবলৈ আহিব বাংলাদেশী সাংস্কৃতিক মন্ত্ৰীঃ সাংস্কৃতিক আগ্ৰাসন প্ৰমোচনৰ বাবে এই অনুষ্ঠানলৈ স্পনচ’ৰ আগবঢ়োৱাৰ কথা জনালে বাংলা বৈদেশিক মন্ত্ৰীয়ে ৷

৫. এতিয়াৰ পৰা দুপৰীয়াৰ আহাৰত প্ৰতি বিদ্যালয়ত দিয়া হব চিপচ, কুৰকুৰে আৰু পেপচীঃ বহুজাতিক কোম্পানীৰ ব্যৱসায়ক উৎসাহ দিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব এই বিশেষ ব্যৱস্থা ৷ স্কুলৰ প্ৰাৰ্থনা সভাৰ পাছতে দিয়া হব একোটাকৈ ডায়েৰী মিল্ক চকলেটঃ ভোকাতুৰ শিশু সংস্থাই জনালে আদৰণি ৷


৬. ভাৰতীয় লোকসেৱা আয়োগৰ চাকৰিত স্বায়ত্ব শাসিত পৰিষদৰ দ্বাৰা মনোনীত প্ৰাৰ্থীৰ বাবে থাকিব লাগিব সংৰক্ষণঃ এইবাৰ দাবী তুলিলে কেইবাটাও সশস্ত্ৰ সংগঠনে ৷

৭. হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ পোৱা সকললৈ এইবাৰ বাইক প্ৰদান কৰিব চৰকাৰেঃ নিৰ্বাচনী সমদলত যোগদান আৰু যুৱ কংগ্ৰেচৰ সদস্যপদ হব বাধ্যতামূলক ৷ উদণ্ড যুৱকৰ পিতৃ-মাতৃ সংস্থাই তুলিলে দাবীঃ চাব-চিডীত আন সকলকো দিয়া হওক বাইক ৷

৮. বিহু সম্ৰাজ্ঞীলৈ ফেমিনা মিচ ইণ্ডিয়াত যোগদানৰ সুযোগঃ প্ৰতিভা বিকাশৰ এনে বিৰল সুযোগ প্ৰদান কৰাত সুখ প্ৰকাশ কৰিলে সদৌ অসম নাচনী সংঘই ৷

৯. এইবাৰ আৰৱৰ পৰা আহিব ধনঃ জৰা-ফুকা পানীৰ বটলিং প্লেণ্ট স্থাপনেৰে জনকল্যান  আঁচনিৰ উদ্বোধন কৰিবলৈ মাতিব ষ্টিফেন হকিঙক, পৰিকল্পনাৰ কথা হোজাইৰ প্ৰকাশিত প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ ৷

১০. হাতী দাঁতৰ ব্যৱসায়ত নমা ছাত্ৰলৈ বন বিভাগৰ বিশেষ আঁচনিঃ শিক্ষা-বন ৰত্ন সন্মানেৰে বিশেষ পাৰদৰ্শিতাৰ বঁটা প্ৰদানৰ বাবে শৰ্মা আৰু হুছেইন হ’ল একমত ৷ হাজোতৰ পৰা পোনে পোনে ছিণ্ডিকেট.কমৰ সহায়ক পদত মকৰলৰ বাবে দিলে প্ৰতিশ্ৰুতি ৷




অসমীয়া সুখ-দুখৰ ২০০তম সংখ্যা উপলক্ষে বিশেষ ৰহঘৰাঃ
গুজৱ গুজৱঃ
দিছপুৰতঃ

১. শিক্ষা আৰু স্বাস্থ্যৰ ঠিকা বিতৰণৰে যথেষ্ট ধন আহৰণ কৰিব নোৱাৰি শৰ্মা নামৰ এজন ৰাজনৈতিক ব্যৱসায়ীয়ে জ্যোতিষ বিদ্যাৰ চৰ্চাত হাত দিয়া বুলি প্ৰকাশ ৷

২. সংখ্যালঘুৰ সভাত চেণ্ডেল দলিওৱা অনুষ্ঠান অতি কম পৰিমানৰ চেণ্ডেল গোট খোৱাক লৈ দুখ প্ৰকাশ কৰিলে ৰক হুছেইনেঃ এইবাৰ সংখ্যাগুৰুৰ সভাত বেছি চেণ্ডেল গোটাই অনাৰ বাবে ল’লে শপত ৷

৩. বহাগ বিহুৰ বতৰত চোৰাং চিকাৰীয়ে গঁড় বধ সাময়িক ভাৱে স্থগিত ৰখাৰ বাতৰিঃ বহাগী বিদায়ৰ পাছতে আগতীয়া কমিচন পহোচাই কামলৈ ঘুৰি অহাৰ আশ্বাস দিলে চিকাৰী সংঘই ৷

(বাকী অংশৰ বাবে ইয়াত ক্লিক কৰক)


No comments:

Post a Comment