ASD 199- 5TH MAY 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ASD 199- 5TH MAY 2013

ASD 199- 5TH MAY 2013

Share This
আজিৰ নিৰ্বাচিত ই-কিতাপ শিতানতঃ

জীৱনত লাগে অৰ্থনৈতিক সাক্ষৰতাঃ তাৰ প্ৰথমটো খোজ দিবলৈ
১. ব্যক্তিগত অৰ্থনীতি (Personal Finance)ৰ ক্ষেত্ৰত অন্যতম শ্ৰেষ্ঠ কিতাপৰ চিৰিজ Rich Dad Poor Dad ৰ এখন গ্ৰন্থৰ ফ্ৰী পিডিএফৰ বাবে ইয়াত ক্লিক কৰক ৷

২. Rich Dad Poor Dad ৰ দৰ্শনঃ এক চমু যাত্ৰা ৷
৩. Rich Dad Poor Dad অনলাইন পঢ়িবলৈ ইয়াত ক্লিক কৰক ৷

মেক্সিম গৰ্কীৰ গ্ৰন্থাৱলীৰ ফ্ৰী পিডিএফ ডাউনলোডঃ
১. উপন্যাস "মা"ৰ ইংৰাজী সংস্কৰণ Mother ৰ বাবে ক্লিক কৰক ৷

২. Creatures That Once Were Men Creatures That Once Were Men
৩. The Man Who Was AfraidThe Man Who Was Afraid
৪. Twenty-Six and One and Other StoriesTwenty-Six and One and Other Stories

শেহতীয়া সম্পাদকীয়ঃ

পুথিভঁৰালৰ বাবে "অগ্নিশিখা": কিয় গৰজি উঠিল পুথি প্ৰকাশক সংস্থা?

কিতাপৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ সময়ত সদায়েই মনলৈ আহে অসমৰৰ এজন যুক্তিবাদী লেখক, সমালোচক ৰিপুঞ্জয় গগৈৰ "নষ্ট নীতি-বাগিশ"ৰ এটা লেখাত অৱতাৰণা কৰা এটা প্ৰশ্নলৈ ৷ সেয়া হ’ল, গগৈদেৱে লেখক সকললৈ প্ৰশ্ন কৰিছে, "আপোনাৰ লেখাৰ উদ্দেশ্য কি?"

যোৱা ত্ৰিশ এপ্ৰিলত অসম বিধান সভাৰ অধ্যক্ষ প্ৰণৱ গগৈদেৱৰ কৰকমলেৰে উন্মোচিত হ’ল অৰুণ গোস্বামী ৰচিত আৰু প্ৰণতি গোস্বামী সম্পাদিত গ্ৰন্থ "অগ্নিশিখা" ৷ এয়া এক সৰু বাতৰিয়েই হ’লহেতেন, কিন্তু এই গ্ৰন্থৰ লগত জড়িত হোৱা কিছু কথাই ইয়াক এক বিশেষ গুৰুত্ব প্ৰদান কৰিলে ৷

প্ৰথমটো ইয়াৰ কলেৱৰ...




শেহতীয়া লেখাঃ

ই-সাহিত্য শিতানত 





#মাধুৰীমা ঘৰফলীয়া

২. মিচা ক’লে কি ডাল হব শিতানতঃ



#অজয় লাল দত্ত


অসমীয়াৰ সুখ-দুখ

প্ৰথম বছৰঃ ১৯৯তম সংখ্যাঃ ৫ মে ২০১৩

সামাজিক যোগসূত্ৰৰ মঞ্চত অসমীয়া জন-জীৱনৰ বাৰ্তাবাহ




সুখৰ খবৰঃ
১. গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান প্ৰতিৰোধ তথা জলাশয় সংৰক্ষণৰ বাবে কেইবাকোটি টকীয়া আঁচনিৰ উদ্বোধন ৷

২. বিত্তীয় প্ৰতিষ্ঠানত বিনিয়োগকাৰীৰ সুৰক্ষাৰ বাবে চৰকাৰে বনালে বিধেয়কঃ অনুমোদনৰ বাবে পঠালে ৰাজ্যপাললৈ ৷

৩. জলাশয়ৰ ভূমি বেদখলমুক্ত কৰিবলৈ চৰকাৰে আনিব নতুন বিধেয়ক ৷

৪. ৯০লাখ উৎকোচ লওতে চিবিআইৰ জালত পৰিল কেন্দ্ৰীয় ৰেল’ মন্ত্ৰীৰ আত্মীয়ঃ বানচালৰ মন্ত্ৰীত্ব সন্দৰ্ভত বিচাৰৰ বাবে আজি হাইকামাণ্ডৰ বৈঠক ৷

৫. বৰ্ণ সংকৰ ধান খেতিত গুৰুত্ব দিছে কৃষি বিভাগেঃ  অনাগত বৰ্ষত ৫৫লাখ মেট্ৰিকটন ধান উৎপাদনৰ বাবে ধাৰ্য কৰিলে লক্ষ্য ৷

৬. কাৰিকৰী সঞ্চালকালয়ৰ উদ্যোগঃ ৰাজ্য বা বাহিৰৰ প্ৰতিষ্ঠানে নিয়োগ বিনিময় কেন্দ্ৰ যোগেহে কৰিব পাৰিব নিযুক্তি ৷

৭. ছিণ্ডিকেটৰ নায়ক ধ্ৰুৱ আৰু মাইনাক নতুন গোচৰত ন্যায়িক জিম্মাতে পুনৰ গ্ৰেপ্তাৰ ৷

৮. কাশ্মীৰৰ জেলত মুৰ্মুষ পাক কয়দীঃ সাতদিনৰ আৰক্ষী জিম্মালৈ আক্ৰমণকাৰী বিনোদ ৷

৯. জনসংখ্যাৰ সন্দেহজনক বিস্ফোৰণৰ কাৰণ বিদেশীঃ ১৪খন জিলাত তদন্ত চলাই কাৰক নিৰ্ধাৰণ কৰিবলৈ দাবী তুলিলে ৰাজ্যিক বিজেপিয়ে ৷

১০.অৰুণাচল প্ৰদেশৰ ম্যানমাৰৰ সতে সীমান্তবৰ্তী জিলা লুংডিংৰ পৰাই পৰীক্ষা দি ভাৰতীয় লোকসেৱা আয়োগত সফলতা কঢ়িয়ালে নিক্যা গোহাঁইয়ে ৷

১১. ইন্দিৰা মিৰিৰ নামত মহিলা বিশ্ববিদ্যালয়ৰ নামাকৰণ কৰিবলৈ দাবী তুলিলে অসমীয়া সাহিত্য সন্মিলনীয়ে ৷

১২. দৈনিক জনমভূমিৰ প্ৰাক্তন সম্পাদক, সাংবাদিক প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ চিকিৎসা ব্যয় বহন কৰিব বুলি জনালে অসম চৰকাৰেঃ ইণ্টাৰনেচনেল হস্পিচতেলত হৈ আছে চিকিৎসাধীন ৷


চিন্তনীয় খবৰঃ

১. বিশ্ব জিনিবলৈ যোৱা আৰ্চাৰ প্ৰতিমা বড়ো ঘুৰি আহিল কফিনতঃ সন্দেহ আবৰ্তত মৃত্যৰ ঘটনা, ক্ৰীড়ানুৰাগীয়ে জনালে শ্ৰদ্ধাঞ্জলি ৷

২. বকোত শৰাইঘাট এক্সপ্ৰেছ ট্ৰেনে মহতিয়ালে টাটা ডিআই গাড়ীঃ তিনিজন শ্ৰমিকৰ শোকাবহ মৃত্যু ৷

৩. এইবাৰ পাল অসমীয়া সোণৰ গহণাৰঃ নকল গহণাৰ পয়োভৰে কঢ়িয়ালে ভাবুকি, নগাঁৱত উত্তেজনাপূৰ্ণ পৰিস্থিতি, ১১জনক গ্ৰেপ্তাৰ ৷

৪. অসম জ্যোতিকেন্দ্ৰ শিক্ষাকৰ্মী সংস্থাৰ প্ৰতিবাদত উত্তাল কাহিলীপাৰাঃ তথাপি কোনো কান দিয়া নাই শিক্ষামন্ত্ৰীয়ে ৷

৫. ভেটাপাৰাত অচল হৈ পৰি আছে শতাধিক এম্বলেঞ্চঃ মৃত্যুমুখী হৈছে মৃত্যুঞ্জয় সেৱা ৷

৬. পথ নিৰ্মাণৰ লেহেমীয়া গতিত ক্ষুদ্ধ হৈ পৰিছে মুখ্যমন্ত্ৰী ৷

৭. গোলাঘাট চিভিল হস্পাতালত তেজৰ বেহাঃ স্বেচ্ছাসেৱী সংগঠনে বিনমূলীয়াকৈ সংগ্ৰহ কৰা তেজ বিক্ৰী হাজাৰ হাজাৰ টকাত ৷

৮. তেজপুৰত বলিয়া কুকুৰ মাৰিবলৈ বুলি মাতি নি ভায়েকে হত্যা কৰিলে ককায়েকক ৷

৯. ডিব্ৰুগড়ত ১৩০কেজি ড্ৰাগছ জ্বলাই দিলে আৰক্ষীয়ে ৷

১০. চিএমজে বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে তদন্তঃ ডিগ্ৰী লোৱা শিক্ষকৰ বিৰুদ্ধেও তথ্য সংগ্ৰহ কৰিলে মেঘালয় আৰক্ষীয়ে ৷

১১. পৰস্ত্ৰীৰ সতে অবৈধ সম্পৰ্কঃ ৰঙাঘৰলৈ যাব লগা হ’ল জনপ্ৰিয় নাট্যকাৰ ৷

No comments:

Post a Comment