ASD 197: 3RD MAY 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ASD 197: 3RD MAY 2013

ASD 197: 3RD MAY 2013

Share This


শেহতীয়া লেখাঃ



১. সোঁতৰ বিপৰীতে নিৰ্বাচিত লেখাঃ



ফেচবুকৰ ব্যৱহাৰ আৰু অপব্যৱহাৰ

#প্ৰতিম প্ৰতাপ বৰুৱা



২. বিহু অ’ত, বিহু ত’ত, বিহু ক’তঃ কাটাৰৰ ৰঙালী বিহু
# ডাঃ ভূপেন্দ্ৰ কুমাৰ শইকীয়া


৩. সম্পাদকীয় কলমতঃ শ্ৰমিক দিৱসৰ ইতিহাস আৰু তাৎপৰ্য


নিৰ্বাচিত ই-কিতাপঃ
মে-দিৱসৰ লগত সংগতি ৰাখি বাওঁপন্থী বাংলা কিতাপৰ ফ্ৰী পিডিএফ ডাউনলোড

লেখকঃ কার্ল মার্কস ও ফ্রেডারিক এঙ্গেলস্

১. ডেমোক্রেটিয় ও এপিকিউরিয় প্রকৃতির দর্শনের পার্থক্য, মার্কস ১৮৪১ (Difference Between the Democritean and Epicurean Philosophy of Nature, Marx )
২. অর্থনৈতিক ও দার্শণিক খসড়া, মার্কস ১৮৪৪ (Economic and Political Manuscript, Marx)
৩. প্রথম ভারতীয় স্বাধীনতা যুদ্ধ, মার্কস ১৮৫৩ (First Indian war of Independence, Marx)
৪. সমাজতন্ত্র বৈজ্ঞানিক ও ইউটোপীয় , এঙ্গেলস্ ১৮৮০ (Socialism, Scientific and Utopian, Engels)





     আজি মু্ক্তি পাব অসমীয়া নতুন চিনেমাঃ  


ৰ্সূযাস্ত


পৰিচালনা প্ৰদ্যুত কুমাৰ ডেকাৰ, িচিত্ৰনাট্য সাংবাদিক চন্দন শৰ্মাৰ ৷ একেলগে ৪০টা চিত্ৰগৃহত মুক্তি পাব লগীয়া ছবি খনত শিশুৰ নিজস্ব পৃথিৱীখনৰ অন্বেষণ কৰিবলৈ বিছৰা হৈছে ৷
ছবিখনৰ লগত জড়িত সকলোলৈকে শুভেচ্ছা থাকিল ৷


অসমীয়াৰ সুখ-দুখ

প্ৰথম বছৰঃ ১৯৭তম সংখ্যাঃ ৩মে ২০১৩

সামাজিক যোগসূত্ৰৰ মঞ্চত অসমীয়া জন-জীৱনৰ বাৰ্তাবাহক


সুখৰ খবৰঃ
১. আজি ঘোষণা হ’ব মাধ্যমিক টেট পৰীক্ষাৰ ফলাফল ৷

২. অহা ৩০মে’ত ৰাজ্য সভাৰ দুখন আসনৰ বাবে নিৰ্বাচন, মনোনয়ন দাখিলৰ অন্তিম দিন ২০মে’ : এখন আসনত প্ৰধানমন্ত্ৰী মনমোহন সিঙে কৰিব প্ৰতিদ্বন্দিতা ৷


৩. জুনৰ ভিতৰত মিচিং, সোণোৱাল কছাৰী পৰিষদৰ নিৰ্বাচনৰ প্ৰস্তুতি ৷

৪. দিল্লী বিশ্ববিদ্যালয়ৰ ২০১৩-১৪ শিক্ষাবৰ্ষৰ বাবে নামভৰ্তিৰ ক্ৰমসূচী ঘোষণাঃ সবিশেষ জানিবলৈ http://du.ac.in ত ক্লিক কৰক ৷

৫. লামডিঙত দুই আলোচনী "অগ্ৰ আবিৰ" আৰু "ঠহৰ"ৰ উদ্যোগত ১৯মে’ত আয়োজিত হৈছে ভাষা দিৱসঃ সদৌ অসম ভিত্তিত আয়োজন কৰা ৰচনা প্ৰতিযোগিতাৰ বিষয় হ’ল- "মোৰ আই, মোৰ ভাষা" আৰু "আন্তৰ্জাতিক ভাষা দিৱস-২১ ফেব্ৰুৱাৰী ৷

৬. বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ বশিষ্ঠ শৰ্মালৈ শ্ৰীশ্ৰী মথুৰাদাস বুঢ়া আতা বঁচা, বৰজুলি সত্ৰৰ সত্ৰাধকিৰা হৰেকৃষ্ণ মহন্তলৈ সত্ৰভূষণ উপাধিঃ বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজে প্ৰবৰ্তন কৰিলে এই বঁটা ৷

৭. কমলপুৰ এম ভি স্কুলৰ ডেৰশ বছৰীয়া জয়ন্তীৰ শুভাৰম্ভ ৷

৮. এইবাৰ ভিন্ন ভিন্ন পেকেটত জৰ্দা আৰু শিখৰ পান মছলাঃ পেকেট বদলাই গুটখাৰ ব্যৱসায়ৰ নতুন পদ্ধতিৰ আৱিস্কাৰ কৰি চৰকাৰক ব্যৱসায়ীয়ে দেখুৱালে বুঢ়া আঙুলিঃ প্ৰতি-ব্যৱস্থাৰ দাবী কৰিলে সচেতন মহলে ৷

৯. দেশৰ ৭৪%ৰ বিপৰীতে অসমত সাক্ষৰতাৰ হাৰ ৭৩%, সংবাদমেলত তথ্য দিলে শিক্ষা আয়ুক্তই ৷

১০. গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচীঃ পেইড চীট বন্ধ কৰা, শিক্ষাৰ ব্যক্তিগতকৰণ ৰোধ, খোৱাপানী, ইণ্টাৰনেটৰ সুবিধা আদি মৌলিক সমস্যাক লৈ উপাচাৰ্যৰে বহিল আলোচনাত ৷

১১. আৰ্বান ইনফৰমেচন চীষ্টেম প্ৰকল্পৰ বাবে মেঘালয়ৰ জেনিতা মেৰী নংকানৰিলৈ ইছৰোৰ যুৱ বিজ্ঞানী বঁটা ৷


চিন্তাজনক খবৰঃ

১. হতাশাত ভূগিছে নতুন প্ৰজন্মঃ ছাত্ৰ-ছাত্ৰীৰ মাজত বৃদ্ধি পাইছে আত্মহত্যাৰ প্ৰৱণতা, সমীক্ষাত প্ৰকাশ পালে তথ্য- প্ৰত্যেক দিনাই গড়ে ২০জনে চলায় আত্মহত্যাৰ চেষ্টা ৷

২. ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা এজন দুৰ্ধৰ্ষ কয়দীৰ পলায়নৰ খবৰ ৷

৩. ক্ষুদ্ৰ চাহ খেতিয়কে উত্তাল কৰিলে সীমান্তঃ নগাৰ তাণ্ডৱ প্ৰতিৰোধ নকৰিলে  শাঘ্ৰে অসম-নগালেণ পথ বন্ধ কৰাৰ দিলে ভাবুকি ৷

৪. বেচৰকাৰী সংস্থা গ্ৰীণ পীচৰ প্ৰতিবেদনে উদঙাই তুলিলে চিন্তাজনক ছবিঃ পুনৰ নৱীকৰণযোগ্য শক্তি উৎপাদনতো বিফল হৈছে অসম ৷

৫. শ্বাহৰুখৰ সতে ছবি সংক্ৰান্তীয় গোচৰত বিকাশ বৰুৱাৰ অন্তবৰ্তী জামিন মঞ্জুৰঃ ২১মে’ত কেচ ডায়েৰী দাখিলৰ নিৰ্দেশ ৷

৬. অবড়ো সুৰক্ষা সমিতিয়ে কৰিলে ৰঙিয়াত বিশাল গণ সমাবেশঃ পঞ্চাশ শতাংশতকৈ অধিক অবড়ো গাঁও কৰ্তনৰ বাবে তুলিলে দাবী ৷

৭. মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মৰে সুবাসিত বট’দ্ৰৱাৰ ঐতিহাসিক শান্তি বিলৰ ভূমি বেদখল সংক্ৰান্ত জৰীপ চলাবলৈ যোৱা মণ্ডলক আক্ৰমণ কৰি আহত কৰিলে ভূমি বেদখলকাৰী দুষ্কৃতিকাৰীৰ দলে ৷

৮. এইবাৰ চীট ফাণ্ডৰে বিৰোধীৰ সনা-পিটিকাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীয়ে ক’লে- অগপ, বিজেপি, আলফাই পদত্যাগ দাবী কৰাৰ নৈতিক অধিকাৰ নাই ৷

৯. ৰাক্ষসিনী হত্যাকাণ্ডৰ প্ৰতিবাদত বিভিন্ন সংগঠনে আজি ঘোষণা কৰিছে গোৱালপাৰা বন্ধৰ ৷

১০. শ্বিলংৰ চিএমজে বিশ্ববিদ্যালয়ৰ সকলো ডিগ্ৰী বাতিল কৰিলে মেঘালয়ৰ ৰাজ্যপালেঃ শিক্ষাৰ্থীৰ মাজত হাঁহাকাৰ, ঘেৰাও কৰিলে গুৱাহাটীৰ জিইএ শিক্ষানুষ্ঠান ৷

১১. বিত্ত বিভাগে কৰিছে বাজেট অনুমোদনত হেমাহিঃ ৰাজ্যৰ চাৰি লক্ষাধিক কৰ্মচাৰীৰ এপ্ৰিল মাহৰ দৰমহাত অনিশ্চয়তা ৷

১২. পলাশবাৰীত খহনীয়া প্ৰতিৰোধ সজাগতা সভাত উত্তপ্ত পৰিস্থিতিঃ অভিযন্তাৰ পলায়ন ৷

১৩. মদ-জুৱাৰ পয়োভৰে বিঘ্নিত কৰিছে দৰঙীয়া দৌল উৎসৱৰ ঐতিহ্য ৷

১৪. জিলা সমিতিৰ বিৰোদ্ধে বিষোদগাৰ কৰি ঢকুৱাখনাত শতাধিক অগপ কৰ্মীৰ দলত্যাগ ৷

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়ঃ

১. পাকিস্তানত ন্যায় ব্যৱস্থা আৰু কূটনীতিৰ গিনিপিগ হৈ অৱশেষত চিৰদিনৰ বাবে নীৰৱ হ’ল সৰৱজিত সিঙঃ দেশজুৰি এই হত্যাৰ তীব্ৰ প্ৰতিক্ৰিয়া ৷ বিশেষ বিমানযোগে মৃতদেহ পঠোৱা হ’ল ভাৰতলৈ ৷ ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপ দাবী কৰিলে মানৱ অধিকাৰ সংগঠনে ৷

২. যুৱ শক্তিৰ ওপৰত নিৰ্ভৰ কৰিছে দেশৰ ভৱিষ্যতঃ বৰুণ গান্ধীক প্ৰশংসা কৰিলে ৰাজনাথ সিঙে ৷

৩.  সজ্জন কুমাৰক খালাচঃ শিখ সম্প্ৰদায়ৰ লোকৰ প্ৰতিবাদ অব্যাহত, দিল্লীত স্থবিৰ কৰিলে মেট্ৰ’ চলাচল, ছোনিয়া গান্ধীৰ বাসভৱনৰ সমীপতো প্ৰতিবাদ ৷

৪. চীনৰ আগ্ৰাসনঃ ভাৰতে ৭৫০বৰ্গ কিল’মিটাৰ ভূমি হেৰুৱাব লগীয়া হোৱাৰ আশংকা প্ৰকাশ ৷

৫. নাৰীৰ বিৰুদ্ধে অপৰাধ ৰোধৰ বাবে মধ্য প্ৰদেশ আৰক্ষীয়ে গঠন কৰিলে বিশেষ টাস্ক ফৰ্চ ৷

৬. সজ্জন কুমাৰ বিৰুদ্ধে সাক্ষী দিওতালৈ ৪৫কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিলে আমেৰিকাৰ শিখ ফৰ জাষ্টিচ নামৰ সংগঠনে ৷


No comments:

Post a Comment