ASD 195: 1ST MAY 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ASD 195: 1ST MAY 2013

ASD 195: 1ST MAY 2013

Share This


অসমীয়াৰ সুখ-দুখ

প্ৰথম বছৰঃ ১৯৫তম সংখ্যাঃ ১মে ২০১৩
সামাজিক যোগসূত্ৰৰ মঞ্চত অসমীয়া জন-জীৱনৰ বাৰ্তাবাহক


সুখৰ খবৰঃ
১. দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সৰ্বাধিক ৪.৫% হ্ৰাস পাব পেট্ৰ’লৰ মূল্যঃ প্ৰায় তিনি টকাকৈ কমিল প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম, ইণ্ডিয়ান অইল কৰ্পৰেচনে কৰিলে ঘোষণা ৷

২. এইবাৰ কমিব এল পি জি গেছৰ চিলিণ্ডাৰৰ দামঃ ৰাজ সাহাৰ্য নোহোৱা চিলিণ্ডাৰৰ দাম ৫৪টকাকৈ হ্ৰাস কৰাৰ সুখবৰ ৷

৩. দেশৰ জনসংখ্যাই চুলে ১২১কোটিৰ সীমাঃ নাৰীৰ সংখ্যা বৃদ্ধিৰ হাৰ পুৰুষতকৈ বেছি হোৱাৰ সুখবৰ ৷

৪. উচ্চতম ন্যায়ালয়ে ক’লে- চিবিআইক কাৰ্যপালিকাৰ হস্তক্ষেপৰ পৰা আঁতৰ কৰাৰ সময় আহিল ৷

৫. এইবাৰ জিন থেৰাপীৰে ৰোধ কৰিব হাৰ্ট ফেইলঃ ইঞ্জিনীয়াৰড ভাইৰাচ ব্যৱহাৰ কৰি ডিএনএত পৰিবৰ্তন অনাৰ এই পদ্ধতিৰ ক্লিনিকেল ট্ৰায়েলৰ বাবে সাজু হৈছে লণ্ডন আৰু গ্লাছগ’ৰ গৱেষক চিকিৎসক সকল ৷

৬. এইবাৰ ডিভিডি স্কেনাৰ ব্যৱহাৰেৰে কৰিব পৰা যাব তাৎক্ষণিক ভাৱে HIVৰ টেষ্টঃ গৱেষকে গঢ়ি তুলিছে কম খৰচী এই নতুন পদ্ধতিটো ৷

৭. ডিপ্থেৰিয়া তথা সৰু আইৰ সতে যুঁজিবলৈ দেশৰ ১৮৪খন হাই-ৰিস্ক জিলাত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিলে বিশেষ প্ৰতিষেধক সপ্তাহৰ ৷

৮. পৰ্যটন তথ্য বিষয়াৰ নিযুক্তিত অনিয়ম সন্বৰ্ভত অসম লোকসেৱা আয়োগক জৰিমনা বিহিলে উচ্চ ন্যায়ালয়ে ৷

৯. অন্য এক অভিলেখঃ অলেখ বিতৰ্কৰ মাজত অৰুণ গোস্বামীৰ ১০হাজাৰ পূষ্ঠাৰ ৬০,০০০টকীয়া গ্ৰন্থ "অগ্নিশিখা"ৰ উন্মোচনঃ চন্দ্ৰ প্ৰকাশৰ এই গ্ৰন্থ হব পাৰে বিশ্বৰ বৃহৎ কলেবৰৰ গ্ৰন্থ!

১০.  "এন আৰ্ডেণ্ট পেট্ৰিয়ট-দীনেশ গোস্বামী" নামেৰে সাংসদ কুমাৰ দীপক দাস সম্পাদিত গ্ৰন্থত সংকলিত হ’ল গোস্বামী দেৱে ভাগ লোৱা সংসদৰ বিভিন্ন বিতৰ্কৰ ভাষণ সমূহঃ দিল্লীত গ্ৰন্থখন উন্মোচন কৰি উপ-ৰাষ্ট্ৰপতি হামিদ আনছাৰিয়ে ক’লে- "দেশত আমূল নিৰ্বাচনী সংস্কাৰৰ প্ৰয়োজন আছে" ৷

১১. প্ৰসংগঃ কৃষিভূমিক অনা-কৃষিভূমিলৈ ৰূপান্তৰ, মুখ্যমন্ত্ৰীয়ে গঠন কৰিলে কেবিনেট উপ-সমিতি ৷

১২. আজি মে দিৱসঃ সকলো শ্ৰমজীৱি ৰাইজলৈ মে দিৱসৰ শুভেচ্ছা ৷

চিন্তনীয় খবৰঃ

১. বিশ্বনাথ চাৰিআলিৰ বাঘমাৰীত পাৱাৰগ্ৰীডৰ প্ৰকল্পত প্ৰতিবাদী জনতাৰ ওপৰত আৰক্ষীৰ গুলীচালনাঃ এজন নিহত, আহত ১৭ ৷ ৰাইজৰ আক্ৰমণত আহত হ’ল আৰক্ষী বিষয়া, জোৱান, চি আৰ পি এফ ৷

২. গোৱালপাৰাত উত্তেজনা অব্যাহত, তাৰ মাজতে শিথিল হ’ল সান্ধ্য আইন ৷

৩. ১৫০কোটি টকা সংগ্ৰহ কৰা ধেমাজিৰ ৰোজভেলীত আছে মাত্ৰ ২০লাখ টকাঃ গ্ৰাহকৰ হুলস্থুল, তিনি জ্যেষ্ঠ কৰ্মচাৰী আৰক্ষীৰ জিম্মাত ৷

৪. বৰপথাৰত হত্যাকাণ্ডঃ মৰিয়াই মৰিয়াই মাৰি মৃতদেহ বস্তাত ভৰাই পেলাই দিলে ধনশিৰিত ৷

৫. দিল্লীৰ নিৰ্দেশ পালেহে চলিব চিবিআইৰ তদন্তঃ সাৰদাকাণ্ডৰ সন্দৰ্ভত বিআইইঅ’ আৰু চি আই ডিৰে ৰু্দ্ধদ্বাৰ বৈঠকত বহিল চিবিআই ৷

৬. যোৰহাটত চাঞ্চল্যঃ ডনবস্ক’ স্কুলৰ সন্ধানহীন ছাত্ৰ হাত-ভৰি বন্ধা অৱস্থাত হাবিত উদ্ধাৰ হোৱাৰ চিন্তাজনক খবৰ ৷

ৰাষ্ট্ৰীয়ঃ
১. ১৯৮৪চনৰ দিল্লীৰ শিখ বিৰোধী ৰায়তৰ গণ-হত্যাৰ গোচৰত সজ্জন কুমাৰক ন্যায়ালয়ে কৰিলে দোষমুক্ত, আন পাঁচজন দোষী সাব্যস্তঃ প্ৰতিবাদত কঁপিছে শিখ সম্প্ৰদায়, ভুক্তভোগীৰ পৰিয়ালৰ লোকে ন্যায়াধীশলৈ দলিয়ালে জোতা ৷

২. ইউপিএ-২ দেশৰ ইতিহাসৰ নিকৃষ্টতম চৰকাৰ আখ্যা দিলে বিৰোধী দলপতি সুষ্মা স্বৰাজেঃ বিৰোধী একত্ৰিত হৈ দাবী কৰিলে চৰকাৰ ভংগৰ দাবী ৷

৩. কয়লা কেলেংকাৰীৰ গোচৰৰ সন্দৰ্ভত এইবাৰ কেন্দ্ৰ চৰকাৰৰ আইন বিষয়া সকলৰ মাজত প্ৰৱল ধুমুহাঃ এখনৰ পাছত বাহিৰ হৈছে আন একোখন বিস্ফোৰক চিঠি ৷

৪. উচ্চতম ন্যায়ালয়ে কৰিলে চিবিআইক ভৎসৰ্নাঃ তুলিলে চিবিআইয়ে বিশ্বাস ভংগ কৰাৰ অভিযোগ ৷

৫. নাগপুৰত আম আদমী পাৰ্টিয়ে নাৰী নিৰ্যাতনৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

৬. চীট ফাণ্ড কোম্পানী সাৰদাৰ দৰে আন আনবোৰত ধন থৈ সৰ্বশ্ৰান্ত হ’ল কেইবাখনো ৰাজ্যৰ লোকঃ অসমৰ লগতে পশ্চিমবংগতো, উৰিষ্যা, ঝাৰখণ্ডৰ বিনিয়োগকাৰীৰ মাজত হাঁহাকাৰ ৷

৭. ভাৰতত নিৰ্বাচন আয়োগত পঞ্জীভূত পাৰ্টিৰ সংখ্যা ১৪০০: ইমান পাৰ্টি কিয়? তাকে লৈ গৱেষণাত নামিছে কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ গৱেষক ৷

৮. সজ্জন কুমাৰক দোষমুক্ত কৰাৰ বিৰুদ্ধে পুনৰ আবেদনৰ পক্ষত বিজেপি আৰু শিৰোমণি আকালি দল ৷

৯. বিজেপিয়ে নকৰে কোনো কথাতে ইউপিএ-২ চৰকাৰৰ সতে সহযোগঃ বিৰোধীৰ অসহযোগে টোপনি হৰিছে কেন্দ্ৰীয় চৰকাৰৰ ৷

আন্তঃৰাষ্ট্ৰীয়ঃ

১. পাকিস্তানৰ আদালতে জাৰি কৰিলে পাৰভেজ মুছাৰফৰ ওপৰত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা ৷

২. কূটনৈতিক বিশেষজ্ঞই প্ৰকাশ কৰিলে আশংকাঃ পূৰ্বোত্তৰ লাডাখ চীনে অতি সোনকালে খালী কৰাৰ নাই কোনো সম্ভাৱনা ৷

৩. চিৰিয়াৰ গৃহযুদ্ধৰ সন্দৰ্ভত সুক্ষ্ম পৰ্যবেক্ষণ ৰাখিছে আমেৰিকাইঃ বৰাক ওবামাই বিচাৰিছে এই সন্দৰ্ভত সকলোৰে ঐক্যমত ৷

৪. আফগানিস্তানৰ ৰাষ্ট্ৰপতিয়ে প্ৰকাশ কৰিলে তথ্যঃ বিগত দহ বছৰে আমেৰিকাৰ চিআইএৰ পৰা পাই আছে গোপন ধনৰ যোগান ৷

৫. এক সমীক্ষাই তুলি ধৰিলে তথ্যঃ বিশ্বৰ চাৰিভাগৰ তিনিভাগ ইছলাম ধৰ্মী লোকে বিচাৰে শ্বৰিয়া আইন ৷

৬. বাংলাদেশৰ সংসদৰ অধ্যক্ষৰ পদত নাৰীঃ প্ৰথমগৰাকী অধ্যক্ষা ৰূপে দ্বায়িত্ব ল’লে শিৰীণ শ্বাৰমিন চৌধুৰীয়ে ৷

৭. পাকিস্তানৰ মটৰ চাইকেলত বোমাঃ চাৰিজন নিহত ৷

প্ৰযুক্তিঃ

১. উচ্চতম ন্যায়ালয়ে তথ্য প্ৰযুক্তি আইন ৱেব চাইটত প্ৰযোজ্য কৰাৰ সন্দৰ্ভত কৰিব বিবেচনাঃ অন লাইন চেন্সৰশ্বিপ সন্দৰ্ভত জাৰি কৰিব নিৰ্দেশণা ৷

২. চুইডেনৰ গৱেষকে এইবাৰ পানীৰ সহায়ত মবাইল চাৰ্জ কৰাৰ প্ৰযুক্তি তৈয়াৰ কৰাৰ সুখবৰঃ বিজুলী অবিহনেও চাৰ্জ হব বেটেৰী ৷

৩. ২০ বছৰীয়া হ’ল ৱেবৰ দুনীয়াঃ পৃথিৱীৰ প্ৰথমটো ৱেবপেজক পুনৰ অনলাইন কৰি উদযাপনৰ প্ৰস্তুতি ৷

৪. আহি আছে বেণ্ড কৰিব পৰা স্মাৰ্ট ফোনঃ ভাৰতীয় মূলৰ গৱেষকে বনাই উলিয়ালে প্ৰট’টাইপ ৷

৫. গৱেষকে কৰিলে পৃথিৱীৰ ১.৯মিলিয়ন বৰ্ষৰ আগৰ ৰূপৰ পুনঃনিৰ্মাণঃ প্ৰকাশ কৰিলে ধাৰণা, তেতিয়া ঘোলাকণীৰ দৰে গোন্ধাইছিল পৃথিৱী ৷


অসমীয়া সুখ দুখৰ 


     ANDROID মবাইল বাবে apps 

No comments:

Post a Comment