AXD 207: 13TH MAY 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

AXD 207: 13TH MAY 2013

AXD 207: 13TH MAY 2013

Share This

অসমীয়াৰ সুখ-দুখ

প্ৰথম বছৰঃ ২০৭তম সংখ্যাঃ ১৩ মে ২০১৩
সামাজিক যোগসূত্ৰৰ মঞ্চত অসমীয়া জন-জীৱনৰ বাৰ্তাবাহক
------------------------------------------------------------------------------------------------
ANDROID অপাৰেটিং চিষ্টেম থকা মোবাইলৰ বাবে "সুখ-দুখ এপচ"

অসমীয়া সুখ দুখৰ  ANDROID মবাইল বাবে apps xukhdukh.apk 

                                      ডাউনলোডৰ বাবে ইয়াতে ক্লিক কৰক ৷ 


সুখৰ খবৰঃ

১. এহাজাৰ শিক্ষাৰ্থীৰ পৰা দুৰ্নীতি নকৰাৰ প্ৰতিশ্ৰুতি ল’লে প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালামেঃ এন. আই. টি শিলচৰৰ সমাবৰ্তনত অংশ লৈ তেখেতে ক’লে- দেশত কাৰিকৰী উন্নতি হ’লেহে অৰ্থনৈতিক উন্নতি সম্ভৱ হ’ব ৷

২. তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত আনুষ্ঠানিক ভাৱে আৰম্ভ হ’ল নিযুক্তি প্ৰক্ৰিয়া ৷ ১৯০টা চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে অনুষ্ঠিত হ’ল পৰীক্ষাঃ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰচিটি অৱ হেলথ ছায়েন্সৰ অধীনতে অহা ১৯মে’ত অনুষ্ঠিত হ’ব তৃতীয় বৰ্গৰ চাকৰিৰ বাবে নিয়োগৰ বাচনি পৰীক্ষা ৷

৩. চীনৰ পৰা উভতি আহি ক’লে বৈদেশিক মন্ত্ৰীয়েঃ অতি সোনকালেই ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মাণ কাৰ্যত চলিব ভাৰত-চীনৰ যৌথ তথা দ্বি-পাক্ষিক ব্যৱস্থাপনা ৷

৪. ঢকুৱাখানাৰ ম’হঘূলি চাপৰিৰ ফাট বিহুৰ থলীত জনসমুদ্ৰঃ ফাটবিহুক ৰাষ্ট্ৰীয় মঞ্চলৈ নিয়াৰ আহ্বান জনালে অসম সাহিত্য সভাৰ সভাপতি ইমৰাণ শ্বাহে ৷

৫. প্ৰধান মন্ত্ৰীৰ গ্ৰাম চড়ক যোজনাৰ দ্বিতীয় পৰ্য্যায়ৰ আঁচনিৰ কামত অনুমোদন কৰিলে কেন্দ্ৰীয় কেবিনেটেঃ অসমত নিৰ্মাণ হব ১৭৩০ কিল’মিটাৰ গ্ৰাম্য পকী পথ ৷

৬. আজি গুৱাহাটীত ৰাষ্ট্ৰপতিঃ শ্ৰীমন্ত শংকৰদেৱ বঁটা আৰু অসম ৰত্ন বঁটা প্ৰদান কৰিব ক্ৰমে অভিনেত্ৰী শৰ্মিলা ঠাকুৰ আৰু মৰণোত্তৰ ভাবে ডঃ মামণি ৰয়ছম গোস্বামীক ৷

৭. অভয়াপুৰীৰ লেংটিচিঙাত ভুৱা বিক্ৰীকৰ বিষয়াক ৰাইজে শোধালে উত্তম মাধ্যম ৷

৮. ৰাজ্য সভাৰ দ্বিতীয়খন আসনৰ বাবে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ বাবে চলিছে তৎপৰতাঃ এ.ইউ.ডি.এফে থিয় কৰাব পাৰে প্ৰাৰ্থী, বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীক সমৰ্থন দিয়াৰ বাবে পাঁচজনীয়া সমিতি গঠন কৰিলে অ.গ.পয়ো ৷

৯. ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ বাবে তৰুণ গগৈদেৱৰ নতুন উদ্যোগঃ মুখ্যমন্ত্ৰীয়ে আলোচনাৰ বাবে আমন্ত্ৰণ জনালে আছু নেতৃবৰ্গক ৷

১০. অতি শীঘ্ৰে গুগোলত উপলব্ধ হ’ব অসমীয়া ভাষাঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ভাষা প্ৰযুক্তি বিকাশ পৰিষদৰ সতে হোৱা আলোচনাত প্ৰতিশ্ৰুতি দিলে গুগোল, ইণ্ডিয়াৰ বিষয়া গৌতম গান্ধীয়ে ৷ 

১১. শ্ৰীমন্ত শংকৰেদৱ সংঘৰ উদ্যোগত ন-দিনীয়া কাৰ্যসূচীৰে কামপুৰত কেন্দ্ৰীয়ভাৱে উদযাপিত হ’ল ৰঙালী বিহু ৷ যোৰহাটত হোৱা বিশ্ব অভিলেখৰ বাবে খোলবাদনৰ বাবে সংঘক আনুষ্ঠানিক ভাৱে প্ৰমাণপত্ৰ প্ৰদান কৰিলে এচিষ্ট ৱৰ্ল্ড ৰেকৰ্ডচে ৷

১২. "কৰুণাধাৰা"ই অৰ্জন কৰিছে জনসাধাৰণৰ আস্থাঃ সহযোগ কৰা সকলৰ স্বীকৃতিৰে পাতিলে "বিশেষ পৃষ্ঠপোষক সন্মান" প্ৰদান অনুষ্ঠান ৷

১৩. পোন্ধৰ দিনৰ ভিতৰত হিচাব দাখিল কৰি নজিৰ ৰাখিলে অভ্যৰ্থনা সমিতিয়েঃ অসমীয়া সাহিত্য সন্মিলনীৰ হিচাব দাখিল ৷


১৪. শ্ৰীমাতা বৈষ্ণুদেৱী শ্ৰাইন’ বৰ্ডৰ ৰূপালী জয়ন্তী উপলক্ষে ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰচলন কৰিব বিশেষ পাঁচ টকীয়া মুদ্ৰা ৷

চিন্তাজনক খবৰঃ

১. বন্ধুৰ ষড়যন্ত্ৰৰ বলিঃ হাউৰাঘাটৰ যুৱকৰ নৃশংস হত্যা উৰিষ্যাত, আৰক্ষীৰো সন্দহজনক ভূমিকা ৷

২. গুৱাহাটীৰ নাৰেংগীৰ লালবস্তিত সুৰাপায়ী স্বামীক ৰেপি ৰেপি হত্যা কৰিলে ৰীণা হাজৰিকা নামৰ পত্নী গৰাকীয়েঃ দীৰ্ঘদিনৰ মানসিক-শাৰিৰীক অত্যাচাৰৰ ফলতেই এই ঘটনা বুলি সূত্ৰত প্ৰকাশ ৷

৩. মাত্ৰ ৭২ঘণ্টাৰ ভিতৰত তিনিবাৰকৈ কৃত্ৰিম বানত ডুব গ’ল গুৱাহাটী মহানগৰঃ কেৱল চাফাই, নৰ্দমা পৰিস্কাৰৰ নামতে তিনিবছৰত খৰচ কৰিলে ৪০০কোটি ৷ ভৰলুত স্থাপন নকৰিলে প্ৰস্তাৱিত চাৰিটা পানী নিস্কাশন পাম্প ৷

৪. কামৰূপ গোৱালপাৰাক সামৰি মেঘালয়ৰ সংগঠনে কৰিলে গাৰো ৰাজ্যৰ দাবীঃ অসমৰ পৰা নিবিছাৰে বিছিন্নতা, গাৰো নেচনেল কাউন্সিলে কৰিব খোজে গাৰো-ভূমিৰ পৰিচয় উদ্ধাৰ ৷

৫. এইবাৰ পৰেশপন্থী আলফাই কৰিলে অভিযোগঃ আৰক্ষীৰ সহযোগত পৰেশপন্থীৰ নামত চলি আছে ভুৱা ধন সংগ্ৰহ অভিযান ৷

৬. কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগ দিলে অ.গ.পৰ প্ৰাক্তন বিধায়ক তথা সংখ্যালঘু নেতা আব্দুল আজিজে ৷

৭. ভূমিস্খলনৰ বিপদঃ সুৰক্ষিত নহয় মুখ্যমন্ত্ৰীৰ বসতিস্থল কইনাধৰা পাহাৰো ৷

৮. যোৰহাটত পুনৰ চিগিল ভোগদৈ মথাউৰি ৷

৯. একৈশ দিন ধৰি বন্ধ ডিব্ৰুগড়ৰ কানহা চাহ বাগিচাঃ অনাহাৰে-অনিদ্ৰাৰে দিন কটাব লগা হৈছে পাঁচ শতাধিক শ্ৰমিক পৰিয়ালে ৷


১০. হাটশিঙিমাৰীত ধুমহুহাৰ কৱলত পৰি ২০খন ইঞ্জিনচালিত নাওঁ বুৰ গ’ল লুইততঃ এক কোটিৰ সম্পদৰ লোকচান, আহত এজন ৷

১১. স্বাস্থ্য মন্ত্ৰীৰ কথাত জাঙুৰ খাই আহিল শোণিতপুৰৰ ৰাইজঃ বহু আবেদনৰ পাছতো পোৱা নাই অসম চৰকাৰৰ আৰোগ্য নিধিৰ ধন ৷


১২. গঁড় হত্যাৰ নৈতিক দ্বায়িত্ব লৈ বন মন্ত্ৰীয়ে কৰিব লাগে পদত্যাগঃ এই দাবী তুলিলে অৰণ্য সুৰক্ষা সমিতিয়ে ৷

১৩. বট’দ্ৰৱাত ৰাজহুৱা ভূমি বেদখলকাৰীক সুৰক্ষা দিয়াৰ প্ৰতিবাদ জনালে হিন্দু যুৱ ছাত্ৰ পৰিষদে ৷

১৪. জীৱন শিল্পী আদ্য শৰ্মাক মন্ত্ৰীৰ প্ৰতাৰণাঃ স্বাস্থ্যৰ বুজ লবলৈ ঘৰলৈ আহিব বুলি মোতয়ন হ’ল আৰক্ষী, পিছে ধূলি উৰুৱাই গুচি গ’ল স্বাস্থ্যমন্ত্ৰী ৷

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়ঃ

১. লোকসভাত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীৰ বিস্ফোৰক ভাষ্যঃ মাওবাদীয়ে নিজৰ কাৰখানাত তৈয়াৰ কৰে হেণ্ড-কৰকেট প্ৰপেল্ড গ্ৰেনেড ৷দেশত মাওবাদীৰ উত্থানে ভয়াবহ ৰূপ ধাৰণ কৰিব বুলি কৰিলে শংকা প্ৰকাশ ৷

২. পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী ৰূপে ১৩ভচৰৰ বিৰতিত শপত ল’ব নৱাজ শ্বৰীফেঃ ঐতিহাসিক নিৰ্বাচনত জয়লাভ কৰি তালিবান, দুৰ্নীতি আৰু বিধ্বস্ত অৰ্থনীতিৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ হ’ল সাজু ৷

৩. সমগ্ৰ বিশ্বত উলহমালহেৰে উদযাপিত হ’ল মাতৃ দিৱসঃ এইবাৰ ই-বিশ্বই কঢ়িয়ালে মাতৃ দিৱসৰ শুভেচ্ছাৰ জোৱাৰ ৷

৪. ইৰাণত চলিছে ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে কুচ-কাৱাজ ৷

৫. ম্যানমাৰত ঘূৰ্ণী বতাহৰ বাবে সৰ্তকবাণী জাৰি কৰিলে বতৰ বিজ্ঞান বিভাগে ৷

৬. কংগ্ৰেছ কাৰ্য্যালয়ত গৃহমন্ত্ৰী চিদাম্বৰমৰ লগত বহিল বিহাৰৰ মুখ্যমন্ত্ৰী নিতীশ কুমাৰঃ শিবিৰ সলনিৰ ইংগিতত গৰম হৈছে ৰাষ্ট্ৰীয় ৰাজনীতি ৷

৭. চৰকাৰৰ ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে বিজেপিয়ে চলাব দেশজোৰা "জেল’ ভৰো" আন্দোলনঃ সভাপতি ৰাজনাথ সিঙে কৰিলে ঘোষণা ৷

৮. পাকিস্তানত নৱাজ শ্বৰীফৰ বিজয়ক লৈ উল্লাসঃ বাজপেয়ীৰ দিনৰ সম্পৰ্কৰ পাছৰচোৱা বাট মুকলি কৰিবলৈ প্ৰধানমন্ত্ৰী হৈয়ে ভাৰতলৈ আহিব বুলি প্ৰকাশ কৰিলে নৱাজ শ্বৰীফে ৷

৯. শ্বাহৰুখ খানলৈ "শিৱাজী বঁটা" প্ৰদান কৰিলে কামাল হাছানেঃ প্ৰখ্যাত ছবি নিৰ্মাতা শিৱাজী গণেশনৰ স্মৃতিত এই বঁটা প্ৰবৰ্তন কৰিছে বিজয় টিভিয়ে ৷

১০. চিয়াচিনত দুৰ্ঘটনাত পতিত হ’ল বায়ু সেনাৰ হেলিকপ্টাৰঃ দুয়োজন পাইলটৰ জীৱন সুৰক্ষিত থকাৰ খবৰ ৷

১১. বিজেপিয়ে দাবী কৰিলে অপসাৰিত কেন্দ্ৰীয় মন্ত্ৰীৰ গ্ৰেপ্তাৰঃ বিপৰীতে পৱন বানচালে ক’লে অচিৰেই চিবিআইৰ পৰা তেওঁ লাভ কৰিব নিৰ্দোষিতাৰ প্ৰমাণপত্ৰ ৷

গুজৱ টপ টেনঃ

(এই শিতানৰ লক্ষ্য সামাজিক ব্যংগৰে সপোনৰ বাতৰিৰ সন্ধান, কোনোৱে ইয়াৰ লগত নিজক সাঙুৰি ল’লে সুখ-দুখ.কম দায়ী নহয়)


১. ধিঙত সুলভ মূল্যৰ সামগ্ৰী সম্পৰ্কত অনুষ্ঠিত হ’ল সজাগতা শিবিৰঃ ক’লা বজাৰত চেনী, চাউল উভৈনদী কৰাৰ বাবে সুলভ মূল্যৰ বেপাৰী সন্থালৈ ধন্যবাদ জ্ঞাপন কৰিলে সচেতন নাগৰিক সন্থাই ৷

২. নিৰ্মাম সম্পূৰ্ণ নহওতেই দেৱালত মেলিলে ফাঁট চিৰাকুটি মিনি হস্পিটেলতঃ শৰ্মাচাৰে যোৰহাটৰ মেডিকেল কলেজৰ উদাহৰণ দি নিৰৱতা ৰক্ষা কৰিবলৈ ৰাইজলৈ জনালে আহ্বান ৷

৩. মৰিগাঁৱত মীন বিভাগৰ মীন আইন সজাগতা সভাঃ চিণ্ডিকেটৰ পৰা কেনেকৈ বিধায়কক বাৰণ কৰিব পাৰি তাৰ বিষয়ে দফাই দফাই পাঠ পঢ়ালে ৰাইজক ৷

৪. চংচকী হাইস্কুলত শিক্ষক ৰাইজৰ মাজত হতাহতিঃ বিচাৰকৰ ৰূপত হুইচেল লৈ পৰবৰ্তী ৰাউণ্ডত শিক্ষামন্ত্ৰীক উপস্থিত থকাৰ বাবে জনালে আমন্ত্ৰণ ৷

৫. "নাকে" পাতিলে কৰ্মশালাঃ নাকৰ পৰিদৰ্শন দল আহিলে কি দৰে আপ্যায়ন কৰিব, কি কি মেনু লাগিব, তাৰ বাবে দিলে বিশেষ খচৰা ৷

৬. কৰ্মচাৰী পৰিষদে আটাইতকৈ কম কাম কৰা কৰ্মচাৰীলৈ আগবঢ়াব বিশেষ পাৰদৰ্শীতাৰ বঁটাঃ তথাপিও চাকৰি অক্ষত ৰখাৰ কিটিপ সন্দৰ্ভত তেনে বিশেষজ্ঞৰ লেখনীৰে প্ৰকাশ কৰিব হাতপুথি ৷

৭. কইনাধৰাত ভূমি স্খলন হোৱাৰ আশংকা প্ৰকাশ হোৱাত নিচাদেউৰ বাবে বিশ্ব বেংকৰ ঋণেৰে আকাশত চাং পাতি ডাক বঙলা নিৰ্মাণৰ বাবে প্ৰস্তাৱ দিলে বিশেষ উদ্যোগ লোৱা মন্ত্ৰীয়ে ৷

৮. ৰাজহুৱা উদ্যোগ সমূহত তলা মাৰিবৰ বাবে তলা আমদানি কৰাৰ ক্ষেত্ৰত আদৰ্শনীয় ব্যৱস্থা লৈছে উদ্যোগী বৰদলৈয়েঃ বিদেশী কোম্পানীৰ পৰা কেতিয়াও খুলিব নোৱাৰা তলা বিচাৰি বিদেশ যাত্ৰালৈ যাবলৈ ভিচা বিছৰাৰ সুখৰ খবৰ ৷ চাবি চম্ভালিবলৈ লগত বাইদেউকো নিয়াৰ সু-ব্যৱস্থা গ্ৰহণৰ খবৰ ৷

৯. ৰামপুৰত চোৰক ৰাম পিটন দিয়াক লৈ সৰু-চোৰ সন্থাই প্ৰকাশ কৰিলে দোষঃ সৰু চোৰকে ৰাম পিটন দিলে, গঁড়ৰ খৰ্গ চোৰক ৰহিম পিটন দিবলৈ তুলিলে দাবী ৷

১০. এশ কোটিৰ কেলেংকাৰীৰ তলত বৰ্খাস্ত নহ’ব মন্ত্ৰী, আত্মীয়-স্বজনৰ কল্যান কৰাটো নহ’ব দোষণীয়ঃ ৰাজনৈতিক কৰ্মী পৰিষদে হাইকামাণ্ডলৈ দিলে বিশেষ আৰ্জি ৷
(অসমীয়াৰ সুখ দুখৰ দুশতম সংখ্যা উপলক্ষে প্ৰকাশিত বিশেষ ৰহঘৰা পঢ়িবলৈ ইয়াত ক্লিক কৰক )


(আপডেট চলি আছে)

No comments:

Post a Comment