ASD 185: 5TH APRIL - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ASD 185: 5TH APRIL

ASD 185: 5TH APRIL

Share This

অসমীয়াৰ সুখ-দুখ

    সামাজিক যোগসূত্ৰৰ মঞ্চত বাৰ্তাবাহক এক পৃষ্ঠা 
                                                   Assamese MID-DAY on Social Media

          প্ৰথম বছৰ ১৮৫তম সংখ্যাঃ  ৫এপ্ৰিল ২০১৩

    (ইউনিকোডত অসমীয়া বাতৰি)

আজিৰ গুৰুত্বপূৰ্ণ খবৰ



সুখৰ খবৰঃ
১. সাংবাদিকৰ বাবে পেঞ্চন আঁচনি ঘোষণা, চিকিৎসা সাহাৰ্য পুঁজিৰ ধন ১০কোটিলৈ বৃদ্ধিঃ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে সংবাদিকৰ ল’গ’ ৷

২. অফ কেম্পাছত পি এইচ ডি লোৱা প্ৰৱক্তালৈ শ্ব’কজ দিব অসমৰ শিক্ষা বিভাগে ৷

৩. মুখ্যমন্ত্ৰীৰ কাঢ়া নিৰ্দেশত তৎপৰ হৈ পৰিল মহানগৰ আৰক্ষীঃ কুখ্যাত ছিণ্ডিকেট মাফিয়া নানকা, মাইনা পাল, ধ্ৰৱ ডেকাক গ্ৰেপ্তাৰ ৷

৪. নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ বাবে পৰ্যাপ্ত নথি মজুত থকাৰ কথা সদৰি কৰি আছুৱে দাঙি ধৰিলে বিস্তৃত তালিকাঃ এইবাৰ হেলা কৰিলে হব বৃহৎ আন্দোলন ৷

৫. সময় থাকোতেই খিলঞ্জীয়াক প্ৰতিৰোধ গঢ়ি তোলাৰ বাবে আহ্বান জনালে অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানেঃ নহ’লে ৭০ লাখ অবৈধ বিদেশীক নাগৰিকপঞ্জীত অন্তৰ্ভুক্তিৰে ২০১৬চনত মুখ্যমন্ত্ৰী হব আজমল!

৬. মুখ্যমন্ত্ৰী গগৈৰ নেতৃত্বতে চলি থাকিব চৰকাৰঃ দলৰ ক্ষতি কৰা সকলৰ ওপৰত হব অনুশাসনমূলক ব্যৱস্থা, ঘোষণা কৰিলে দিগবিজয় সিঙে ৷

৭. ৰাষ্ট্ৰপতিয়ে সকলো ক্ষমাদানৰ আবেদনৰ কৰিলে নিষ্পত্তিঃ ৭জন অপৰাধীলৈ ফাঁচি, দুজনৰ ফাঁচীক ৰূপান্তৰ কৰিলে আজীৱন কাৰাদণ্ডলৈ ৷

৮. বিশ্ব বক্সিং কাউন্সিলে দিলে নেলচন মেণ্ডেলালৈ "কিং অৱ হিউমেন ইকুৱেলিটি" পুৰস্কাৰ ৷

৯. লম্পটক বিদ্যুতপৃষ্ঠ কৰিবলৈ অভিযান্ত্ৰিক ছাত্ৰই কৰিলে অনন্য উদ্ভাৱনঃ সাজি উলিয়ালে ৱনাৰীৰ বাবে বৈদ্যুতিক অন্তৰ্বাস, দিল্লীত ৷

১০. নাৰীজনিত অপৰাধৰ বিৰুদ্ধে দিয়া যুঁজৰ বাবে আমেৰিকাত সন্মানিত হ’ল প্ৰৱাসী ভাৰতীয় ভাতৃত্ৰয়ঃ "ভাইটেল ভইচ গ্ল’ৱেল লীডাৰশ্বিপ" বঁটা প্ৰদান কৰিলে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জ’ বিডেনে ৷

চিন্তাজনক খবৰঃ

১. সোণাই-ৰূপাইত ঘৰ বান্ধ বহিল ২লাখকৈ বেদখলকাৰীয়েঃ ২০০৬চনৰ পৰা বন বিভাগৰ ৩০০কোটি টকা আত্মসাৎ, আজি আদালতত প্ৰতিবেদন ৷

২. অবৈধ বাংলাদেশীৰ ৰক্ষকৰ ৰূপত কাম কৰিছে বদৰুদ্দিন আজমলেঃ ক্ষোভিত আছুৱে দিলে ৰঙালী বিহুৰ পূৰ্হবেই ৰাজ্যজুৰি গণ আন্দোলনৰ হুংকাৰ 

৩. হাজোত ছাত্ৰ সন্থাই দাহ কৰিলে স্বাস্থ্য মন্ত্ৰীৰ প্ৰতিকৃতি ৷

৪. বৈঠালাংছ’ৰ মন্দিৰত চুৰি, মূল্যবান সামগ্ৰী লুট ৷

৫. প্ৰকৃতিৰ ভয়াবহ নিষ্ঠুৰতাত লাওখোৱা অভয়াৰণ্যত অঘটনঃ প্ৰচণ্ড শিলাবৃষ্টিত প্ৰাণ গ’ল শতাধিক বিৰল প্ৰজাতিৰ পক্ষীৰ ৷

৬. সাত এপ্ৰিলত আলফাৰ প্ৰতিষ্ঠা দিৱসঃ ডিব্ৰুগড়-তিনিচুকীয়াত সক্ৰিয় কূটাঘাতকাৰীৰ দল, সষ্টম হৈ আছে আৰক্ষীলৈ ৷

৭. লাজ ঢাকি সদনত ক’লে কৃষি মন্ত্ৰী নীলমণি সেন ডেকাইঃ ভুৱা বিত্তীয় প্ৰতিষ্ঠানে তেখেতৰ পৰাও সৰকালে ৯লাখকৈ টকা ৷

৮. সঘন বৈঠকত কংগ্ৰেছৰঃ দ্বিগবিজয় সিঙৰ সৈতে বেলেগে বেলেগ বহিল ভিন্ন জন ৷ বিসম্বাদ নাই, চৰকাৰৰ পক্ষত থিয় দিলে ৰাজীৱ ভৱনে!

৯. দিগবিজয় সিঙে নাজানে ছিণ্ডিকেট কিঃ সাংবাদিকক ওলোটাই সুধিলে প্ৰশ্ন!

১০. এইবাৰ সাহিত্যিক ৰংবং তেৰাঙক টেলিফোন যোগে ধনদাবী কৰিলে উগ্ৰপন্থীয়ে ৷

১১. নগাঁও-কাৰ্বি আংলং সীমান্তত বনৰীয়া হাতী গুলীয়াই নিধনঃ কাচি নিলে শুঁৰ, খৰ্গ ৷

১২. গুৱাহাটীত গাড়ীত ক’লা আইনাৰ বিৰুদ্ধে চলিছে অভিযানঃ গাড়ীৰ পৰা নামি ভি আই পিয়ে ধমক লোৱাৰ হাস্যকৰ ঘটনা ৷

আন্তঃৰাষ্ট্ৰীয়ঃ
১. ফেচবুকত স্তন প্ৰদৰ্শনৰ অপৰাধত মৌলবাদীয়ে শিল দলিয়াই হত্যাৰ নিৰ্দেশ দিয়া টিনিউছিয়াৰ আমিনা টেইলৰৰ সমৰ্থনত "ফিমেন" নামৰ সংস্থাই পালন কৰি "টপলেছ জেহাদ ডে" ৷

২. ৰাষ্ট্ৰৰ বাবে বেতনৰ এক অংশ দান কৰি প্ৰেৰণা দিলে বৰাক ওবামাইঃ এইবাৰ দান কৰিব আমেৰিকাৰ প্ৰতিৰক্ষা সচিবেও৷

৩. কাবুলত তালিবানী সহ ৫৩জন নিহতৰ খবৰ ৷

বোল বচনঃ
১. মুখ্যমন্ত্ৰী গগৈয়ে ক’লে- "ভগৱানেও সকলোকে সণ্টুষ্ট কৰিব নোৱাৰে" ৷
২. দিগবিজয় সিঙে ক’লে- "হিমন্ত বিশ্বৰ সৈতে গগৈৰ সম্পৰ্ক অতি মধুৰ!"

No comments:

Post a Comment