ASD 191: 11 APRIL 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ASD 191: 11 APRIL 2013

ASD 191: 11 APRIL 2013

Share This


অসমীয়া সুখ দুখৰ 


     ANDROID মবাইল বাবে apps 
                     ------------------------------------------------------------
অসমীয়াৰ সুখ-দুখ
প্ৰথম বছৰঃ ১৯১তম সংখ্যাঃ ১১এপ্ৰিল ২০১৩
সামাজিক যোগসূত্ৰৰ মঞ্চত অসমীয়া জন-জীৱনৰ বাৰ্তাবাহক

(ইউনিকোডত অসমীয়া বাতৰি)


সুখৰ খবৰঃ

১. ৰাষ্ট্ৰীয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হব শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে পাঠ। ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱৰ আহ্বানৰ প্ৰতি ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ (এন. চি. ই. আৰ. টি.)ৰ সঁহাৰি।

২. নাগৰিকপঞ্জী নৱীকৰণত অহেতুক পলম কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে ভৎসনা কৰিলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক।

৩. ১২ বছৰৰ তলৰ শিশুৰ জটিল ৰোগৰ নিদানৰ বাবে স্নেহস্পৰ্শ সেৱা প্ৰৱৰ্তন। তেজৰ কৰ্কট ৰোগ, হাড়ৰ মজ্জা পুণৰ সংস্থাপন, যকৃত প্ৰতিষ্ঠাপন, ককলিয়াৰ শ্ৰৱণ যন্ত্ৰ সংস্থাপন আদিৰ বাবে চৰকাৰী সাহাৰ্যৰ প্ৰস্তাৱ।

৪. জাহ্নু বৰুৱা 'লিমকা বুক অব ৰেকৰ্ডচ'ৰ তৰফৰ পৰা নিৰ্বাচিত 'বছৰটোৰ ব্যক্তি'ৰ তালিকাত অন্তৰ্ভুক্ত।

৫. কোকৰাঝাৰৰ সমীপৰ চক্ৰশীলা অভয়াৰণ্যত পৰ্যটন বিকাশৰ লক্ষ্যৰে বাওখুংগ্ৰী মহোৎসৱ। দেশী-বিদেশী পৰ্যটকৰ অংশগ্ৰহন।

৬. ইন্টাৰনেটযোগে অসমৰ থলুৱা হস্তশিল্প কিনিব পৰা সঁতাৰ বিপণন জালস্থান (www.yourbazaar.com) মুকলি। 

৭.  বিহুৰ মঞ্চত হিন্দী গীত নাগাবলৈ নিষিদ্ধ সংগঠন আলফাৰ আহ্বান।

চিন্তাজনক খবৰঃ



১. কাজিৰঙাৰ চৌফালে বেদখল। উচ্চ ন্যায়ালয়ত স্বীকাৰ কৰিলে ৰাজ্য চৰকাৰে।

২. ভাৰত-বাংলাদেশ সীমান্তত দিনে-পোহৰে সীমাৰ কাঁইটীয়া তাঁৰ কাটি অবৈধ ব্যৱসায়ীৰ অসমত প্ৰৱেশ।


৩. ছিণ্ডিকেট ক'ত নাই ! এইবাৰ লঘু যানবাহনৰ ওপৰত দাদাগিৰি চলোৱা গোট গুৱাহাটীৰ আদাবাৰীত।


৪. অসমৰ ২২ টা ৰাজহুৱাখণ্ডৰ উদ্যোগে ২০১২ অৰ্থবৰ্ষত ৬৫৪ কোটিৰ লোকচান ভৰিছে।


৫. মহালেখা নিৰ্দেশক (কেগ)ৰ প্ৰতিবেদন অনুসৰি অসমৰ মীন বিভাগত কোটি কোটি টকাৰ অপচয়। মাত্ৰ কাগজে-পত্ৰইহে চলি আছে মীন গৱেষণা কেন্দ্ৰ।


৬. অসমত আকৌ বিদ্যুত মাচুল বঢ়াৰ সম্ভাৱনা। নিয়মীয়া যোগান সন্দৰ্ভত কিন্তু নিমাত।







No comments:

Post a Comment