ASD 189: 9TH APRIL 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ASD 189: 9TH APRIL 2013

ASD 189: 9TH APRIL 2013

Share This

অসমীয়া সুখ দুখৰ 


     ANDROID মবাইল বাবে apps 
ডাইনলোডৰ বাবে ইয়াতে ক্লিক কৰক ৷
------------------------------------------------------------
আজিৰ নতুন লেখাঃ
হাস্য ব্যংগ শিতানঃ মিচা ক’লে কি ডাল হব
পঞ্চায়তৰ সভাপতি
#দিগন্ত বৰাৰ কলমত
-----------------------------------------------
নিৰ্বাচিত ব্লগ আলোচনাত এইবাৰ

“আমি অসমীয়া”-মোৰ অসম মোৰ স্বাভিমানঃ
ফেচবুকৰ পৰা অসমৰ মাটিলৈঃ কৰ্মৰে তুলি ধৰিলে এক নতুন পৰিচয়

--------------------------------------------------------


অসমীয়াৰ সুখ-দুখ
প্ৰথম বছৰঃ ১৮৯তম সংখ্যাঃ ৯ এপ্ৰিল ২০১৩
সামাজিক যোগসূত্ৰৰ মঞ্চত অসমীয়া জন-জীৱনৰ বাৰ্তাবাহক

(ইউনিকোডত অসমীয়া বাতৰি)



সুখৰ খবৰঃ
১. ডেৰ কিল’মিটাৰ দৈৰ্ঘ্যৰ গামোচাৰে গীনিজ বুকত উজলিল অসমৰ নামঃ মুখ্যমন্ত্ৰী তথা ড’নাৰৰ মন্ত্ৰীৰ উপস্থিতিত ইণ্ডিয়া গেটত উল্লাসিত অসমীয়াই প্ৰদৰ্শণ কৰিলে এই অনুপম সৃষ্টি ৷

কাজিৰঙা বিশ্ববিদ্যালয়ৰ পৃষ্ঠপোষকতাত তথা যোৰহাটৰ অভিজিৎ বৰুৱাৰ পৰিকল্পনাক ছমাহ ধৰি এঘাৰগৰাকী শিপিনীয়ে ৰূপ দান কৰেঃ ১৮লাখ টকা ব্যয় সাপেক্ষ এই ১৪৫৫.৩ মিটাৰৰ এই গামোচাক গীনিজ বুকৰ পৰ্যবেক্ষক ফৰচুনা বাৰ্কে ৱৰ্ল্ড ৰেকৰ্ডছত স্থানপ্ৰাপ্তিৰ ঘোষণা কৰে ৷


২. চৰকাৰী পৃষ্ঠপোষকতাত ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰস্তাৱ বাতিল আৰু মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানৰ উন্নতিৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ বিভিন্ন অঞ্চলৰ শিক্ষা বিষয়াৰ মাধ্যমেৰে দিলে দাবীপত্ৰ্ ৷

৩. কাজিৰঙাত উৰিল প্ৰথমবাৰৰ বাবে মানৱ চালক বিহীন পৰ্যবেক্ষক উৰাজাহাজঃ চুইজাৰলেণ্ডৰ দ্ৰোৰ্ণ কোম্পানীৰ প্ৰযুক্তিৰে এইবাৰ গঁড় হত্যা ৰোধৰ বাবে চলিব প্ৰচেষ্টা ৷

৪. চৈধ্যটা সামাজিক সংগঠনৰ আবেদনৰ ভিত্তিত নলবাৰী জিলাৰ বিখ্যাত মুকালমুৱাৰ নাম সলনি কৰিলে  উচ্চ ন্যায়ালয়েঃ "নাৰায়ণপুৰ মুকালমুৱা"  নামেৰে ৷

৫. বকোত শিঙৰা নদীত উদ্ধাৰ দুশ বছৰীয়া পুৰণি সম্পদঃ তিনিখন গোটা নাওঁ, তিনিটা মাটিৰ কলহ, এখন দা আৰু সৰাপান কৰা প্ৰাতীন পাত্ৰ উদ্ধাৰ ৷ ৰাইজে সকলো গতাই দিলে ৰাভা হাচং সংগ্ৰাহালয় আৰু প্ৰত্নতাত্ত্বিক সমাজক ৷

৬. নগাঁৱত সাংস্কৃতিক সমাৰোহ ২০১৩ৰ সফল সামৰণিঃ অসমৰ চিৰ যুগমীয়া গীতৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিলে ১৬০ গৰাকীয়ে ৷

৭. পূৰ্বে "কৰ্ণ-পৰ্ব" ভাওনাৰে সমাদৰ লাভ কৰা তেজপুৰত প্ৰগতিশীল চিকিৎসক শিল্পী সমাজৰ শলাগনীয় নাট্যকৰ্মঃ এইবাৰ বাণ থিয়েটাৰত সফল ভাৱে মঞ্চস্থ কৰিলে "তেজে ধোৱা জালিয়ানৱালাবাগ" ৷

৮. মহানগৰীৰ মাছখোৱা আৰু ডিব্ৰুগড়ত স্থাপন হব হস্ত-তাঁত শিল্পৰ বাণিজ্য কেন্দ্ৰঃ  নাহৰকটীয়াত ৯০ কোটি টকীয়া বস্ত্ৰ শিল্প উদ্যানৰ প্ৰস্তাৱ আৰু অসমত NIFT স্থাপনৰ বাবে দিছে ৫০০কোটি টকীয়া প্ৰস্তাৱ প্ৰেৰিত হ’ল কেন্দ্ৰীয় চৰকাৰলৈ ৷

৯. মাজুলী মহোৎসৱ আৰম্ভ হ’ল মহাপুৰুষ দুজনাৰ মনিকাঞ্চন সংযোগৰ স্থলী স্বৰূপ দৰিয়াডুবিতঃ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মৰ্যদাৰ পৰা বঞ্চিত হোৱা মাজুলীৰ সাংস্কৃতিক সম্পদৰ বিশ্ব দৰবাৰলৈ নিবলৈ প্ৰচেষ্টা হাতত লৈছে মাজুলী কালছাৰেল লেণ্ডছকেপ মেনেজমেণ্ট অথৰিটীয়ে ৷

১০. পৰবৰ্তী শিক্ষাবৰ্ষৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত আৰম্ভ হব বিহু বিষয়ক ছমহীয়া পাঠ্যক্ৰমঃ উত্তৰ পূৱ অধ্যয়ন কেন্দ্ৰ যোগে বিহু নাচ, বিহু নামৰ লগতে, ঢোল, পেঁপা, গগনা, সুতুলী আদি বাদ্যযন্ত্ৰ বাদনৰো প্ৰদান কৰা হব শিক্ষা ৷ বিহু বিশেষজ্ঞ প্ৰসন্ন গগৈ আৰু প্ৰদীপ নেওঁগৰ তত্বাৱধানত প্ৰস্তুত কৰা হৈছে পাঠ্যক্ৰম ৷

১১. মাৰ্ঘেৰিটাত ২.৬ কোটি টকাৰ ব্যয় সাপেক্ষ জনগোষ্ঠীয় সংগ্ৰাহালয়ৰ আধাৰশিলা স্থাপনঃ সেই অনুষ্ঠানতে সুৰেন্দ্ৰ নাথ বৰুৱাৰ "ট্ৰাইবজ অৱ ইণ্ডো-বাৰ্মা বৰ্ডাৰ" নামৰ গ্ৰন্থৰ পুনঃ মুদ্ৰিত সংস্কৰণ হয় উন্মোচিত ৷

১২. শিৱসাগৰত স্থাপন হোৱা ৰাজীৱ গান্ধী সমবায় বিশ্ব-বিদ্যালয়ত ব্যৱসায় ব্যৱস্থাপনাৰ ২০১৩-১৬বৰ্ষৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভঃ যোগাযোগ তথা অনলাইন প্ৰপত্ৰৰ বাবে www.argucom.org.in চাব পাৰে ৷

চিন্তাজনক খবৰঃ

১. গুৱাহাটীৰ জ্যোতি নগৰত লোমহৰ্ষক ডকাইতিঃ কন্যাৰ সমুখতে বৃ্দ্ধাক হত্যা কৰিল লুটি নিলে ধন অলংকাৰঃ অঞ্চলটোত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যই ৷

২.কামৰূপ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়তো চলিছে ছিণ্ডিকেটঃ মাটি ক্ৰয় বিক্ৰয় আৰু নামজাৰিৰ নামটো সংগ্ৰহিত হয় পাঁচ হাজাৰকৈ ৷

৩. শিক্ষা বিভাগে কৰা বিষয় শিক্ষক নিযুক্তিত উঠিল ব্যাপক অনিয়ম- খেলিমেলিৰ অভিযোগঃ বঞ্চিত প্ৰাৰ্থীয়ে টুকুৰিয়ালে উচ্চ ন্যায়ালয়ৰ দুৱাৰ ৷

৪. বৰপেটাৰ জনিয়াত সিন্ধি খান্দি লৈ গ’ল ৭১টা চিলিণ্ডাৰঃ অৱশেশত চিলিণ্ডাৰ সহ আটক হ’ল দুজনকৈ অভিযুক্ত ৷
৫. উজনি অসমত পুনৰ সক্ৰিয় হৈ পৰিছে পৰেশ পন্থী আলফাৰ গোটঃ খোৱাঙত সেনাৰে সৈতে হোৱা সংঘৰ্ষত দুজন নিহত হোৱাৰ খবৰ ৷

৬. ৰঙিয়াত ট্ৰেইনৰ পৰা উদ্ধাৰ দিল্লীমুখী গুৱাহাটীৰ তিনি স্কুলীয়া কিশোৰীঃ ঘৰুৱা নিৰ্যাতনৰ পৰা হাত সাৰিবলৈকে এই পলায়ন বুলি প্ৰকাশ কৰিলেও নাৰী-সৰবৰাহ চক্ৰৰ হাতোৰাৰ সন্দেহ প্ৰকাশ ৰেলৱে আৰক্ষীৰ ৷

৭. নলবাৰীৰ ডি আৰ ডি এত কমিছনৰ বজাৰঃ বিলুপ্তি ঘটা আঁচনিৰ ধন মোকোলাই বিষয়া কৰ্মচাৰীৰ লুণ্ঠন, গ্ৰাম্য অঞ্চলৰ উন্নয়ন হৈছে স্থবিৰ, ৰাইজৰ মাজত প্ৰতিক্ৰিয়া ৷

৮. এনডিএফবিৰ আলোচনী বিৰোধী ছংবিজিত গোটৰ ধনদাবীত নিদ্ৰাহৰণঃ বালিপাৰা-ভালুকপুং পথত আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ গাড়ী চলাচল বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে স্থানীয় পৰিবহন সংস্থাই ৷

৯. বিশ্বনাথত আৰক্ষীয়ে খোদ চলাইছে মাফিয়াৰাজঃ মৰনাস্ত্ৰ দেখুৱাই ধন দাবীৰ অভিযোগে পালে বাতৰি কাকতৰ শিৰোনামত স্থান ৷

১০. ঢেকীয়জুলি, চতিয়া আদি ঠাইত সংহত শিশু উন্নয়ন প্ৰকল্পত সংঘটিত হৈছে অবাধ দুৰ্নীতিঃ শিশু খাদ্যৰ ধন হৈছে আত্মসাৎ, জিলা উপায়ুক্ত ৰাইজে দাবী কৰিলে তদন্তৰ ৷

১১. ঘোষণাতে থমকিল ধঁপাতমুক্ত আইনঃ গোবৰ্ধনা-আনন্দ বজাৰত চলি আছে গুটখাৰ মুক্ত বেহা ৷

ৰাজ্যৰ ৰাজনীতিঃ

১. দিল্লীত পুনৰ গোপন বৈঠকত বহিল মু্খ্যমন্ত্ৰী গগৈ আৰু দিগবিজয় সিঙঃ মন্ত্ৰী সভা সালসলনিক লৈ চলি আছে চৰ্চা ৷

২. কেন্দ্ৰীয় স্বাস্থ্য আৰু মানৱ সম্পদ মন্ত্ৰীৰ সতে মুখ্যমন্ত্ৰীয়ে কৰিলে বিভাগ কেইটাৰ কাম কাজ সন্দৰ্ভত পৰ্যালোচনাঃ কিমান পুঁজি আহিব বিভাগ দুটালৈ তাৰো খবৰ ল’লে মুখ্যমন্ত্ৰীয়ে ৷


৩. মৰিগাঁৱৰ স্বাস্থ্য সেৱাত অভাৱ পূৰণ নোহোৱাৰ প্ৰতিবাদত আমছুৱে কৰিলে স্বাস্থ্য মন্ত্ৰীৰ প্ৰতিকৃৰ্তি দাহ ৷

৪. প্ৰায় এশখন গাঁৱক লৈ চলি আছে বাদ-বিবাদ, সময়মতে নিৰ্বাচন হোৱাৰ আশা নাই ৰাভা-হাছঙত ৷

আন্তঃৰাষ্ট্ৰীয়ঃ
১. ইংলেণ্ডৰ এটা যুগৰ অন্তঃ লৌহ মহিলা মাৰ্গাৰেট থেচাৰৰ দেহাৱসান ৷

No comments:

Post a Comment