ASD 187: 7TH APRIL 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ASD 187: 7TH APRIL 2013

ASD 187: 7TH APRIL 2013

Share This

অসমীয়া সুখ দুখৰ 


     ANDROID মবাইল বাবে apps 
------------------------------------------------------------


অসমীয়াৰ সুখ-দুখ
প্ৰথম বছৰঃ ১৮৭তম সংখ্যাঃ ৭ এপ্ৰিল ২০১৩
সামাজিক যোগসূত্ৰৰ মঞ্চত অসমীয়া জন-জীৱনৰ বাৰ্তাবাহক
(ইউনিকোডত অসমীয়া বাতৰি)

ভাল খবৰঃ
১. অৱশেষত সাৰ পালে প্রশাসনেঃ শুৱালকুচিত জব্দ হ’ল ১৫লাখ টকাৰ বেনাৰসী বস্ত্ৰ ৷

২. ইমান দিনে মাটিৰ বাবে চলি আছিল প্ৰশাসনেৰে অৰিয়াঅৰিঃ অ’এনজিচিয়ে ১০০কোটি টকাৰে শিৱসাগৰত স্থাপন কৰিবলৈ ওলোৱা উন্নত চিকিৎসালয়ৰ বাবে অৱশেষত ৰুদ্ৰ সাগৰৰ ১০ ব্যক্তিয়ে আগবঢ়ালে ৭৬ বিঘা মাটি ৷

৩. লুটি পুতি খোৱা ৰঙিয়াৰ শিক্ষা বিভাগৰ এজন অৱসৰ-প্ৰাপ্ত কৰ্মচাৰী হাৰেজ আলিক আদালতে পঠালে জেললৈঃ সশ্ৰম কাৰাদণ্ডৰ গতে বিহিলে ৫লাখ টকাৰ জৰিমনা ৷

৪. ৯৯.৪৫শতাংশ ধনৰ সদ-ব্যৱহাৰ কৰি এনৰেগা ৰূপায়ণৰ শীৰ্ষ স্থান অদিকাৰ কৰিলে নগাঁও জিলাই ৷

৫. মানস অভয়াৰণ্যত এটি গঁড়ৰ পোৱালিৰ জন্মৰ বতৰাই উচাহ আনিলে বন্যপ্ৰাণী প্ৰেমী তথা সচেতন ৰাইজলৈ ৷

৬. অহা ১৯মেত অসমলৈ ৰাষ্ট্ৰপতিঃ মৰণোত্তৰ ভাৱে মামণি ৰয়ছম গোস্বামীলৈ অসম ৰত্ন আৰু ২০০৮ চনৰ শংকৰদেৱ বঁটা অভিনেত্ৰী শৰ্মিলা ঠাকুৰক প্ৰদান কৰিব লগা অনুষ্ঠানত লব অংশ ৷লগতে পাণ্ডু মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি সমাৰোহতো থাকিব উপস্থিত ৷

৭. উত্তৰ পূৱৰ হজযাত্ৰীৰ সেৱাৰ বাবে সাজু হৈছে ব্যক্তিগত প্ৰতিস্থান নেচনেল ইনফৰমেশ্যন চেণ্টাৰেঃ ৫০জন হজযাত্ৰীলৈ সেৱা আগবঢ়োৱাৰ বাবে লৈছে সিদ্ধান্ত ৷

৮. অহা মে মাহত অনুষ্ঠিত হব উত্তৰ কাছাৰ আৰু সোনোৱাল কচাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনঃ অহা বাৰ এপ্ৰিলত দিন ঘোষণা কৰিব নিৰ্বাচনী আয়াগে৷

৯. জনসংযোগ অসমৰ উদ্যোগত অহা ৮,৯,১০ এপ্ৰিলত মাজুলী মহোৎসৱৰ আয়োজনঃ দৰিপাৰত চলিছে ব্যাপক প্ৰস্তুতি ৷

১০. ফেচবুকৰ জৰিয়তে চাৰি দশকৰ পাছত মাকক বিচাৰি পোৱা আমেৰিকাৰ ডিউক বিশ্ববিদ্যালয়ত কৰ্মৰত কিষাণ উপাধ্যায়ৰ আত্মজীৱনী "দ্য লাষ্ট অৰেঞ্জ"ৰ চলি আছে অসমীয়া অনুবাদঃ কবিতা দত্ত গোস্বামীৰ অনুবাদিত গ্ৰন্থখন ৰাইজৰ হাতত পৰিব অহা ৩০ এপ্ৰিলৰ ভিতৰত৷

১১. নগাঁও কলেজক ভাৰত চৰকাৰৰ জীৱ প্ৰযুক্তি বিভাগে কৰিলে ষ্টাৰ কলেজ আঁচনিৰ অন্তৰ্ভুক্ত, পিএইচডি গৱেষণাৰ বাবে উদ্ভিদ বিজ্ঞানৰ গৱেষণাগাৰক গুৱাহাটী বিশ্ববিদ্যালয়ে দিলে স্বীকৃতিঃ এইবাৰ নগাঁও কলেজত আৰম্ভ হ’ল ডুৱেল ডিগ্ৰীৰ সুবিধা ৷ 

১২. উদ্যোগী কৃষি পৰামশৰ্দাতাৰ উদ্যোগত ৰঙাপাৰাত অনুষ্ঠিত হ’ল জালুকৰ খেতি ৰোপণৰ কৰ্মশালাঃ মছলা জাতীয় শস্যৰে আত্ম-নিৰ্ভৰশীলতা গঢ়াৰ প্ৰদান কৰিলে পাঠ ৷
চিন্তাজনক খবৰঃ
১. পাঁচ শতাধিক শিক্ষকৰ হাহাঁকাৰঃ নলবাৰীৰ শিক্ষা বিভাগত ৩০ কোটিৰ কেলেংকাৰীৰ খবৰ আহিল পোহৰলৈ ৷

২. আজি আলফাৰ প্ৰতিষ্ঠা দিৱসঃ আলোচানাৰ সমান্তাৰালকৈ চলি আছে গেৰিলা যুদ্ধৰ আখৰা ৷

৩. দেশৰ ভিতৰতে প্ৰসূতিৰ মৃত্যু সৰ্বাধিক অসমত, ৰাজ্যৰ ৮০-৮৫% মহিলা ভুগি আছে ৰক্তহীনতাত ৷

৪. নীৰৱ ঘাতক নিমখঃ ২০২০চনলৈ দেশৰ এক তৃতীয়াংশৰ মৃত্যুৰ কাৰণ হবগৈ উচ্চ ৰক্তচাপ ৷

৫. কোকৰাঝাৰত অপহৃত হ’ল বড়োলেণ্ড গাৰ্জেন কাকতৰ সহকাৰী সম্পাদক ৷

৬. কপিলী উপত্যাকাত মাথাউৰি নিৰ্মাণত কেলেংকাৰীঃ কাম নকৰাকৈ ৯০লাখ সৰকোৱাৰ ফন্দী আহিল পোহৰলৈ ৷

৭. ডিফুৰ কেন্দ্ৰীয় বিদ্যালয়ত কনমানি ছাত্ৰীক অশালীন ব্যৱহাৰ কৰি শিক্ষক সোমাল ৰঙাঘৰত ৷

৮. চিন্তাবিদ ডঃ শিৱনাথ বৰ্মণদেৱে কুসুমতলাত ক’লে-"ইংৰাজী শিকিবলৈ ইংৰাজী মাধ্যমৰ স্কুলৰ প্ৰয়োজন নাই"৷

৯. অভয়াপুৰীৰ এজনে টেট পৰীক্ষাৰ ত্ৰিশ নম্বৰৰ ভিতৰত লাভ কৰিলে বত্ৰিশ নম্বৰঃ এনে বিভ্ৰাটে অৱতাৰণা কৰিছে নতুন প্ৰশ্নৰ ৷

১০. বিহু সমাগত, অথচ বঢ়া নাই ঢোলৰ সমাদৰঃ চাহিদা কমাত দুখ প্ৰকাশ কৰিলে ঢোল নিৰ্মাতাই ৷

ৰাজ্যৰ ৰাজনীতিঃ
১. সংবাদ মেলত ঘোষণা কৰিলে দিগবিজয় সিঙেঃ ২০১৬ চনলৈ সলনি নহয় ৰাজ্যৰ মুখ্যমন্ত্ৰীঃ উপমুখ্যমন্ত্ৰীৰ কোনো প্ৰস্তাৱ নাই ৷

২. মু্খ্যমন্ত্ৰী গগৈৰ মন্ত্ৰীসভা সালসলনিত হস্তক্ষেপ নকৰে এ আই চি চি য়ে ৷

৩. শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ দ্বায়িত্বত শৰৎ বৰকটকীকঃ শিক্ষা মন্ত্ৰীৰ পাখি কটা অভিযান আৰম্ভ হোৱা বুলি ৰাজনৈতিক জল্পনা কল্পনা ৷

৪. কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক আৰু বিধায়িনী দলৰ বৈঠকত সিদ্ধান্তঃ অনুশাসন ভংগৰ বিৰুদ্ধে লব দলীয় ব্যৱস্থা ৷
ৰাষ্ট্ৰীয়ঃ
১.অৰবিন্দ কেজৰিৱালে ভংগ কৰিলে এক পষেকজোৰা অনশনঃ পানী আৰু বিদ্যুতৰ মূল্যবৃ্দ্ধিয়ে কোঙা কৰি অনা হাজাৰ হাজাৰ শ্ৰমজীৱি মানুহে উদ্ধাৰকৰ্তাৰ ৰূপত গণ্য কৰিবলৈ লৈছে কেজৰিৱালক ৷

২. ভাৰতমাতাক মৌচাকৰ লগত তুলনা কৰা ৰাহল গান্ধীক সমালোচনা কৰিলে নৰেন্দ্ৰ মোদীয়েঃ আহমেদাবাদত বিজেপিৰ ৩৩তম প্ৰতিষ্ঠা দিৱসত ৷

৩. দিল্লী গণ-ধৰ্ষণৰ ঘটনাত অভিযুক্ত বিনয় শৰ্মাই ভঙা হাত দেখুৱাই আদালতত তিহাৰ জেললৈ পুনৰ নপঠাবলৈ কৰিলে কাকুতিঃ জেইলৰ নিৰাপত্তাৰক্ষীয়ে প্ৰহাৰ তথা হত্যাৰ ভাবুকি প্ৰদানৰ দিলে অভিযোগ ৷
৪. ট্ৰাইবেল মহিলাক যৌন নিৰ্যাতনঃ মহিলা আয়োগ তথা মানৱ অধিকাৰ আয়োগৰ হস্তক্ষেপত এমাহৰ পাছত গ্ৰেপ্তাৰ হ’ল পশ্চিম বংগৰ মিদিনাপুৰৰ তৃণমূল কংগ্ৰেছৰ নেতা আৰু তেওঁৰ চাৰিজনকৈ সহযোগী ৷

৫. গোগুল মেপত স্থানীয় তথ্য আপলোড প্ৰতিযোগিতা আইন বিৰুদ্ধ বুলি চাৰ্ভে অৱ ইণ্ডিয়াই তোলা অভিযোগৰ উত্তৰ পঠালে গুগোল কৰ্তৃপক্ষই ৷

৬. মুম্বাইৰ সমীপবৰ্তী চহৰ থানেৰ সাত মহলীয়া অট্টালিকা খহি পৰা ঘটনাত নিহতৰ সংখ্যা ৭২ জনলৈ বৃদ্ধিঃ দুজন বিল্ডাৰক প্ৰশাসনে কৰিলে গ্ৰেপ্তাৰ ৷ অবৈধ নিৰ্মাণৰ বিৰুদ্ধে থানে পৌৰ নিগমে চলাব বিশেষ অভিযান ৷

৭. ড্ৰাগছ সৰবৰাহ গোচৰত অভিযোগৰ আঙুলি উঠাৰ পাছত অলিম্পিক পদক বিজয়ী বিজেন্দৰ সিঙে নিজকে বিৰত ৰাখিলে পাটিয়ালাত হোৱা বক্সিঙৰ নিৰ্বাচনী ট্ৰায়েলৰ পৰা ৷

৮. উৰিষ্যাত পাৰা স্তম্ভই চুলে ৪২ ডিগ্ৰীৰ সীমাঃ এই গ্ৰীষ্ম প্ৰৱাহত নিহত হৈছে কেইবাজনো; ৰাজ্য চৰকাৰে তুলিলে ৰাষ্ট্ৰীয় দুৰ্যোগৰূপে ঘোষণাৰ দাবী ৷

৯. অহা ১২ এপ্ৰিলত জাফনা আৰু কলম্বো ভ্ৰমণ কৰি ভাৰত চৰকাৰৰ সাহাৰ্যত চলা পুনঃ সংস্থাপনৰ আঁচনিৰ সঠিক ৰূপায়ণৰ খবৰ লবলৈ শ্ৰীলংঙ্কালৈ যাব ছয় জনীয়া সংসদীয় প্ৰতিনিধিৰ দল ৷

১০. কৰ্ণাটক ৰাজ্যৰ বিধান সবাৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছে বাহিৰ কৰিলে প্ৰথম খন ১৭৭জনীয়া প্ৰাৰ্থী তালিকাঃ দলীয় টিকট বিক্ৰীৰ উঠিল অভিযোগ ৷

১১. পাঞ্জাৱৰ প্ৰস্তাৱিত উদ্যোগিক বিনিয়োগ আৰু ৰিয়েল ইষ্টেট পলিচিৰ অদীনত প্ৰৱাসী সকলৰ বাবে থাকিব ১০শতাংশৰ সংৰক্ষণৰ ব্যৱস্থা ৷

১২. চিপিআই(এম এল-লিবাৰেচন)য়ে নিউক্লীয়াৰ শক্তি উদ্যোগৰ বিৰুদ্ধে তীক্ষ্ণ কৰিব আন্দোলন ৷

১৩, গোৰ্খা আৰু নগা ৰেজিমেণ্ট থাকিলে কমে বান্দৰ আৰু কুকুৰৰ সংখ্যাঃ হিমাচল প্ৰদেশৰ বিধান সভাত বিধায়কে তুলিলে বিধেয়কৰ প্ৰস্তাৱ ৷

১৪. আইডিয়া চেলুলাৰলৈ ৪০বিলিয়ন টকাৰ কেপিটেল গেইন টেক্সৰ জাননী দিলে কৰ বিভাগে ৷

১৫. জেললৈ যাব মুন্না ভাইঃ সঞ্জয় দত্তই অহা ১৮ এপ্ৰিলত ন্যায়ালয়ত কৰিব আত্মসমৰ্পণ ৷
প্ৰযুক্তিঃ
১. চীনৰ সৰ্ববৃহৎ চাৰ্চ ইঞ্জিন বাইডু ইনকেও বনাইছে গুগোল গ্লাছৰ দৰে ডিজিটেল চশমা ৷

২. টেলিকম বিভাগে লাইচেন্স নথকা অঞ্চলত 3G ৰোমিঙৰ অফাৰ বন্ধ কৰিবলৈ ক’লে ভ’ডাফোন আৰু আইডিয়া চেলুলাৰকঃদুয়োকে ক্ৰমে ৫৫০ কোটি আৰু ৩০০কোটি জৰিমনা ভৰাৰ বাবে দিলে নিৰ্দেশ ৷

আন্তঃৰাষ্ট্ৰীয়ঃ

১. ইৰাকত ৰাজনৈতিক ৰেলীত আত্মঘাটী বোমাৰুৰ আক্ৰমণঃ ২০জনতকৈ অধিক নিহত ৷

২. শ্ৰীনগৰত হাউচবোটত বৃটিছ মহিলাৰ মৃতদেহ উদ্ধাৰঃ হত্যাৰ ঘটনা বুলি সন্দেহ প্ৰকাশ কৰিলে আৰক্ষীয়ে ৷

৩. ইণ্ডোনেছিয়াত ৭.১ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ বাতৰি ৷

৪. ইজিপ্তৰ কাইৰো চহৰত খ্ৰীষ্টিয়ান আৰু ইছলাম ধৰ্মালম্বীৰ মাজত ভয়ানক সংঘৰ্ষঃ সাম্প্ৰদায়িক সংঘৰ্ষত পাঁচ জন নিহতৰ খবৰ৷

৫. আমেৰিকাৰ বাবে H1-B ভিজাৰ বাবে অত্যাধিক আবেদন পত্ৰঃ ২০০৮চনৰ পাছত এইবাৰ হব পুনৰ লটাৰীৰ ব্যৱস্থা ৷
বোল বচনঃ

১. লালকৃষ্ণ আদৱানিয়ে সোঁৱৰালে দলক-"মই এতিয়াও এটা সপোনৰ সতে সক্ৰিয় ৰাজনীতিত অংশ লৈ আছো ৷"

২. আন্না হাজাৰেই ক’লে-"বৃটিছকৈ দেশক বেছিকৈ লুতিছে ৰাজনীতিবিদ সকলে" ৷

৩. ৰিজাৰ্ভ বেংকৰ কৰ্তৃপক্ষই ক’লে-"গ্ৰাম্যাঞ্চলত উপাৰ্জন বৃদ্ধিয়ে মূল্যবৃদ্ধিত যোগাইছে অৰিহণা"৷

৪. চিবিআইৰ স্বৰ্ণজয়ন্তীত ৰাষ্ট্ৰপতি-"সুশাসনৰ অভাৱত উদ্বেগ প্ৰকাশ কৰিছো, বৰ্ধিত দুৰ্নীতিয়ে দৰিদ্ৰক আৰু বেছি বঞ্চিত কৰিছে"৷

No comments:

Post a Comment