ASD 180: 31ST MARCH - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ASD 180: 31ST MARCH

ASD 180: 31ST MARCH

Share This

অসমীয়াৰ সুখ-দুখ

    সামাজিক যোগসূত্ৰৰ মঞ্চত বাৰ্তাবাহক এক পৃষ্ঠা 
                                      Assamese MID-DAY on Social Media

প্ৰথম বছৰ ১৮০তম সংখ্যাঃ ৩১মাৰ্চ ২০১৩

( ইউনিকোডত অসমীয়া বাতৰি)


আজিৰ গুৰুত্বপূৰ্ণ খবৰঃ

সুখৰ খবৰঃ

১. মদন মোহন মালব্যৰ ১৫০বছৰীয়া জয়ন্তীত ৰিজাৰ্ভ বেংকে প্ৰবৰ্তন কৰিলে বিশেষ স্মাৰক স্বৰূপ নতুন পাঁচকীয়া মুদ্ৰাৰ ৷


২. এপ্ৰিলত আৰম্ভ হব অসম-ইটানগৰ ব্ৰডগজ ৰেল’সেৱাঃ সম্পূৰ্ণ হৈছে আশী শতাংশ কাম ৷

৩. হিৰণ্য ভট্টাচাৰ্যই গ্ৰহণ কৰিলে বাংলাদেশৰ ৰাষ্ট্ৰীয় সন্মান- মুক্তিযুদ্ধ মৈত্ৰী বঁটা ৷

৪. ছিণ্ডিকেটৰ লগত জড়িতৰ তালিকা প্ৰস্তুতিত ব্যস্ত গৃহ বিভাগঃ ডিচি, এছ পি লৈ ডিজিপিৰ নিৰ্দেশনা


চিন্তাজনক খবৰঃ

১. শুৱালকুছিত প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা, সান্ধ্য আইনঃ তেজেৰে ৰাঙলী পূৱৰ মানেচষ্টাৰ ৷ শতাধিক আহত, আৰক্ষীলৈ জনতাৰ শিলাবৰ্ষণ, ঘৰে ঘৰে তালাচী ৷ অসাধু ব্যৱসায়ীৰ পৰা বেনাৰসী পাটৰ কাপোৰ আনি দাহ কৰিলে ৰাইজে, আহ্বান কৰা অসম বন্ধৰ মাজতে ঘটিল অপ্ৰীতিকৰ ঘটনা ৷ সান্ধ্য আইনৰ কৱলত পৰিল শুৱালকুছি ৷

২. হোলিৰ সুঁৱেৰী উৎসৱৰ প্ৰসাদ খাই বিষক্ৰিয়া গোৱালপাৰাৰ শতাধিক ৰাইজৰঃ দুধনৈ চিকিৎসালয়ৰ মজিয়াতে ৰোগীক বেজী-চেলাইন ৷


৩. গভীৰ সংকটত শদিয়াৰ কৃষিখণ্ড আৰু কৃষখঃ খহনীয়া আৰু অৰুণাচলৰ আগ্ৰাসনে তিনিটা দশকত হ্ৰাস কৰিলে ৬৬৪ হেক্টৰতকৈ অধিক কৃষিভূমি ৷

৪. এইবাৰ ছিণ্ডিকেটক লৈও সৰৱ হ’ল অগপ সভাপতিঃ তিনিচুকীয়াৰ শ্ৰমিক নেতা হত্যাৰ গোচৰৰ দাবী কৰিলে চিবিআইৰ তদন্তৰ ৷
৫. সুৰাজনিত যকৃৎ ৰোগৰ হাবত পৰিণত অসমঃ চিন্তা ব্যক্ত কৰিলে দেশৰ আগশাৰীৰ চিকিৎসকে ৷

৬. থুলৰ অভাৱত গঠন নহ’ল বৰপেটাঃ আজমল চাহাবে তুলিলে অভিযোগ- “কংগ্ৰেছে চলাইছে জনপ্ৰতিনিধি ক্ৰয়-বিক্ৰয়ৰ ৰাজনীতি”

৭. দিল্লী, মুম্বাইলৈ সৰবৰাহ হয় অধক অসমীয়া নাৰীঃ ১২বছৰত অপহৰিত হোৱা ২২০৫০ গৰাকী নাৰীৰ ভিতৰত উদ্ধাৰ হ’ল মাত্ৰ ৩৪১গৰাকী ৷

৮. তিনি এপ্ৰিলত হব ৰায়দানঃ ৰঞ্জন দৈমাৰীৰ জামিনত চিবিআইয়ে দিলে ১২টাকৈ চৰ্ত ৷

৯. বিসম্বাদৰ উত্থান আৰু লোকসভাৰ নিৰ্বাচনকলৈ অহা ৬ এপ্ৰিলত প্ৰদেশ কংগ্ৰেছৰ জৰুৰী কাৰ্যনিৰ্বাহক ৷

১০. অগপ, বিজেপি, কৃষক মুক্তিয়ে দিলে শুৱালকুছিৰ ঘটনাক তীব্ৰ গৰিহণাঃ নাৰ্য্য দাবীৰ প্ৰতিবাদক মষিমূৰৰ বাবে চৰকাৰী ষড়যন্ত্ৰৰ তুলিলে অভিযোগ ৷

১১. এইবাৰ পুনৰ সংঘাত বিটিএডিতঃ অসমীয়া ভাষাক নিঃশেষ কৰি বড়ো ভাষাত চপালে ৰাজহ সংগ্ৰহৰ ৰছিদঃ এনে ভাষিক সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে অসমীয়া ভাষাত খাজানা ৰছিদ নোপোৱা পৰ্যন্ত ৰাইজক ৰাজহ নিদিবলৈ আহ্বান জনালে অবড়ো সুৰক্ষা সমিতিয়ে

No comments:

Post a Comment