ASD 178_ 29TH MARCH - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ASD 178_ 29TH MARCH

ASD 178_ 29TH MARCH

Share This

অসমীয়াৰ সুখ-দুখ

    সামাজিক যোগসূত্ৰৰ মঞ্চত বাৰ্তাবাহক এক পৃষ্ঠা 
                                      Assamese MID-DAY on Social Media

প্ৰথম বছৰ ১৭৭তম সংখ্যাঃ ২৯মাৰ্চ ২০১৩

( ইউনিকোডত অসমীয়া বাতৰি)



আজিৰ গুৰুত্বপূৰ্ণ খবৰঃ



সুখৰ খবৰঃ




১. বৰষুণৰ খবৰে আনিলে উলাহঃ দেৰিকৈ হোৱা বৰষুণৰ ফলত অসমৰ নতুন কুঁহিপাতৰ চাহপাত উপাদন হ্ৰাস হোৱাৰ সম্ভাৱনাক লৈ চিন্তিত হোৱা দেশৰ চাহ উদ্যোগে পেলালে স্বস্তিৰ নিশ্বাস ৷

২. ৰসৰাজ বেজবৰুৱাৰ ডেৰশ বছৰীয়া জন্ম-জয়ন্তী উদযাপন নলবাৰীতোঃ লেখক শশী শৰ্মাৰ চোতালত উদযাপিত অনুষ্ঠানত বেজবৰুৱা সম্পৰ্কীয় শশী শৰ্মাৰ গৱেষণামূলক গ্ৰন্থ ভাৰতপন্থী বেজবৰুৱা আৰু পটন্তৰ মালাৰো কৰা হয় উন্মোচন ৷

৩. বটদ্ৰৱা থানত উলহমালহেৰে ফুৰালে গোসাঁইকঃ বৰপেটা মুখৰিত হল ৰঙৰ মাজত হোলি গীত মূৰ্ছনাৰে ৷




৪. হোলিৰ আনন্দোসৱ মাজতে ছিণ্ডিকেট উখাত কৰিবলৈ কাঢ়া নিৰ্দেশ জাৰি কৰিলে ডিজিপিয়েঃ ছিণ্ডিকেট কাণ্ডাৰীৰ মাজত হাহাকাৰ ৷গোপনে প্ৰস্তুত হল কেইবাজনো এছ পিৰ বদলিৰ ফাইলো ৷


৫. বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনে বজালে ৰণশিঙাঃ মহানগৰী গুৱাহাটীত গ্ৰেপ্তাৰ হ’ল ১৫ জনকৈ ভূ-মাফিয়া ৷


৬. বাংলাদেশৰ গৱেষিকা তথা নৃত্য পটীয়সী লুবনা মৰিয়মলৈ অসম সাহিত্য সভাৰ উদ্যোগত ২০১৩বৰ্ষৰ প্ৰথম বিশ্বৰত্ন ডঃ ভূপেন হাজৰিকা সমন্বয় বঁটা ৷


৭. প্ৰতিখন জিলাতে পাঁচটাকৈ নতুন মোবাইল মেডিকেল ইউনিটৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ দিবলৈ শিক্ষা বিভাগলৈ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়ে ৷  
চিন্তাজনক খবৰঃ

১. শিক্ষাৰ সংস্কাৰ মাত্ৰ হৰ্ডিং আৰু বিজ্ঞাপনতঃ শিৱসাগৰত শিক্ষা বিষয়াৰ কাৰ্যালয় উত্তাল কৰিলে ১৪৭৬জন প্ৰতিবাদী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে ৷


২. ইন্দিৰা আৱাস যোজনাৰ পৰা মনৰেগালৈকেঃ সৰ্বস্তৰৰ দুৰ্নীতিত বিধ্বস্ত হৈছে কল্যাণকামী আঁচনি ৷


৩. বিলাসীপাৰাৰ চাপৰত যুৱ ব্যৱসায়ীক অপহৰণ কৰিলে দুৰ্বৃত্তৰ দলেঃ সৰ্বত চাঞ্চল্যকৰ পৰিবেশ ৷


৪. চিপিআই(এম এল)ৰ আগশাৰীৰ শ্ৰমিক নেতা গংগাৰাম ক’লৰ হত্যাকাণ্ড সন্দৰ্ভত বিধায়ক ৰাজু চাহুসহ ছয়জনৰ বিৰুদ্ধে এজাহাৰ দাখিলঃ তদন্তৰ ভাৰ প্ৰদান কৰিলে চিআইডিক ৷
গুৱাহাটীত ৰঙৰ মেলা

৫. ফাকুৱাত মুঠতে ৯৯টা দুৰ্ঘটনাৰ খবৰঃ আহতৰ সংখ্যা ৩৪ ৷


৬. স্বাস্থ্য বিভাগৰ নিযুক্তিত সংখ্যালঘুক বঞ্চিত কৰাৰ অভিযোগে চিন্তিত কৰিলে ছোনিয়া-ৰাহুলকঃ স্বাস্থ্যমন্ত্ৰীয়ে বাহৰ পাতিলেগৈ দিল্লীত ৷

৭. গুৱাহাটী মহানগৰীতে ২৬ হাজাৰ গোচৰৰ অনুসন্ধান হৈ ৰৈছে অমীমাংসিতঃ প্ৰয়োজনীয় আন্তঃ গাঁথনিৰ অভাৱত জুৰুলা হৈছে আৰক্ষী বাহিনী ৷

৮. ৰঙিয়াৰ এপ’ল মিলত পুনৰ আন্দোলনঃ শ্ৰমিক কৰ্মচাৰীয়ে পিন্ধিলে ক’লা বেজ ৷

প্ৰেৰণাদায়ক খবৰঃ
১. জৈৱ-বৈচিত্ৰৰ প্ৰতি সচেতনতা বৃদ্ধিৰ বাবে নীলাচল এডুকেচনেল ৱেলফেয়াৰ চচাইটি আৰু অসম বিজ্ঞান সমিতিয়ে গুৱাহাটীৰ নীলাচল জাতীয় বিদ্যালয়ত আজি আয়োজন কৰিছে “সঞ্জীৱনী” শীৰ্ষক ঔষধি গছৰ প্ৰদৰ্শনীৰ ৷


২. অক্সফেম ইণ্ডিয়া আৰু “ষ্টেপ”য়ে নুনমাটিৰ বস্তি অঞ্চলৰ ৰাইজৰ বাবে বনাই দিলে ৰাজহুৱা গভীৰ নলীনাদ আৰু শৌচাগাৰঃ দুখীয়া মানুহখিনিয়ে ললে শলাগ ৷

2 comments:

  1. পুৱাই বাতৰিখিনি পঢ়ি ভাল লাগিল।

    ReplyDelete
  2. ধন্যবাদ দাদা

    ReplyDelete